অভিনেতা নয়ন নিৰ্বান বৰুৱাৰ পিতৃৰ বিয়োগ

নগাঁৱৰ জয়ন্ত মুদৈ, ১৬ জুনঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ কিছু নিলগৰ ঐতিহ্যমণ্ডিত উপৰ ডুমডুমীয়া সত্ৰ নিৱাসী শিক্ষাবিদ, বিশিষ্ট সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষক তথা অসমৰ অন্যতম জনপ্ৰিয় অভিনেতা নয়ন নিৰ্বান বৰুৱাৰ পিতৃ প্ৰফুল্ল বৰুৱাৰ কালি নিশা প্ৰায় ২ বজাত বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে ৷ ডুমডুমীয়া-বালিসত্ৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহন কৰা বৰুৱাই স্থানীয় অঞ্চলত এক সুস্থিৰ শৈক্ষিক পৰিবেশ গঢ়ি তোলাত যথেষ্ট অৰিহনা যোগাই আহিছিল ৷ তেওঁ শিক্ষকতাৰ সমান্তৰালকৈ স্থানীয় বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠানৰ লগত সক্ৰিয়ভাবে জড়িত থাকি সমাজৰ হকে সেৱা আগবঢ়াই বৃহত্তৰ অঞ্চলৰ সমাজ জীৱনৰ লগত সাঙুৰ খাই পৰিছিল ৷ সৎ, অমায়িক আৰু সৰবৰহী বৰুৱাৰ মৃত্যুত উপৰ ডুমডুমীয়া সত্ৰ, বালিসত্ৰৰ ভকত-বৈষ্ণৱৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷ মৃত্যুৰ সময়ত অভিনেতা পুত্ৰ নয়ন নিৰ্বানসহ তিনিজন পুত্ৰ, বোৱাৰী, এগৰাকী জীয়ৰী, জোৱাই, নাতি-নাতিনীকে ধৰি অনেক ইষ্ট-কুটুম্বক ইহসংসাৰত এৰি থৈ যোৱা প্ৰফুল্ল বৰুৱাৰ মৃত্যুত স্থানীয় অঞ্চলজুৰি শোকৰ ছাঁ বিয়পি পৰিছে ৷
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা