এনচিচিৰ উত্তৰ পূৱ মণ্ডলৰ এডিজিৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ ; পাৰদৰ্শিতাৰ ভিত্তিত ৰাজ্যৰ এন চি চি কেডেটক নিযুক্তি দিয়াৰ ঘোষণা

গুৱাহাটী , ১৬ জুন :  ৰাজ্যৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ( এন চি চি ) কেডেট সকলক তেওঁলোকৰ পাৰদৰ্শিতাৰ ওপৰত নিৰ্ভৰ কৰি ৰাজ্য প্ৰশাসনৰ বিভিন্ন পদবীত নিযুক্তি দিয়া হব । তেনেদৰে বিশ্ববিদ্যালয় অনুদান আয়োগৰ ( ইউ জি চি ) এন চি চি সন্দৰ্ভত যি নিৰ্দেশনা আছে তাক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সহায় আগবঢ়োৱা হব । এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । আজি বিয়লি এন চি চি ৰ উত্তৰ পূৱ মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান ( এ ডি জি )  মেজৰ জেনেৰেল অনন্ত ভুঞাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক দিছপুৰ সচিবালয়ৰ কাৰ্যালয় কক্ষত সাক্ষাৎ কৰাৰ সময়ত  এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । ডঃ শৰ্মাই কয় ৰাজ্যৰ মহাবিদ্যালয় সমূহত এন চি চি ৰ ক্ষেত্ৰত ইউ জি চি য়ে দিয়া নিৰ্দেশনাবলী যাতে কাৰ্য্যকৰী হয় তাৰ ওপৰত ৰাজ্য চৰকাৰে গুৰুত্ব দিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰে । সাক্ষাৎ কালত এন চি চি ৰ গুৱাহাটী গ্রুপৰ গ্রুপৰ গ্রুপ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ জে চি তালুকদাৰ উপস্থিত থাকে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা