ন্যায় ব্যৱস্থা দ্ৰুততৰ কৰাৰ বাবে বিচক্ষণ আৰক্ষী ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ মুখ্যমন্ত্ৰীৰ
ন্যায় ব্যৱস্থা দ্ৰুততৰ কৰাৰ বাবে বিচক্ষণ আৰক্ষী ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ মুখ্যমন্ত্ৰীৰ
কাজিৰঙাৰ পৰা পলিমা বি চেতিয়া ০৯ জুন ঃ ‘এক বিচক্ষণ আৰক্ষী ব্যৱস্থাপনা সু-প্ৰশাসনৰ ৰাজহাড় স্বৰূপ। এই ব্যৱস্থাই উন্নয়নৰ গতি দ্রুত কৰাৰ দিশত বিশেষ ভূমিকা পালন কৰে।” আজি দিনজোৰা কাৰ্যসূচীৰে কাজিৰঙাত অনুষ্ঠিত ৰাজ্যৰ আৰক্ষী অধীক্ষকসকলৰ সন্মিলন সম্বোধন কৰি প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। যিকোনো অপৰাধ জনিত ঘটনাৰ গভীৰতালৈ গৈ ইয়াক নির্মূল কৰাৰ দিশত আৰক্ষীয়ে নিজেৰ বুদ্ধিমত্তা আৰু বিচক্ষণতাৰ পৰিচয় দাঙি ধৰি ন্যায় প্রদান দ্রুত কৰাৰ দিশত বিশেষভাৱে সক্রিয় হ’ব লাগিব বুলিও তেওঁ কয় ৷
ৰাজ্যখনৰ শান্তি আৰু সমৃদ্ধি অটুট ৰখাৰ দিশত আইন শৃংখলাজনিত পৰিস্থিতি আৰু আভ্যন্তৰীণ সুৰক্ষা জৰুৰী বুলি উল্লেখ কৰি ইয়াৰ বাবে এক দক্ষ আৰু বৃত্তিগতভাৱে সক্ষম সক্রিয় চোৰাংচোৱা ব্যৱস্থাৰ ওপৰতো মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। অপৰাধজনিত ঘটনা ৰোধ কৰাৰ বাবে আৰক্ষীয়ে গৱেষণাৰ দিশত গুৰুত্ব, কাৰ্যব্যৱস্থাত সক্রিয়তা আৰু অপৰাধৰ অনুসন্ধানৰ দিশত বুদ্ধিমত্তাৰ পৰিচয় দাঙি ধৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।
আজিৰ এই সন্মিলনত আৰক্ষী বাহিনীৰ আধুনিকীকৰণ আৰু আৰক্ষী ব্যৱস্থাপনাক এক নতুন গতি প্ৰদানৰ ওপৰতো বিতং আলোচনা কৰা হয়। আজিৰ এই সন্মিলনত বিভিন্ন স্পর্শকাতৰ অঞ্চলত নিয়োজিত কৰাৰ বাবে অত্যন্ত সক্রিয় ১০ টা কোমাণ্ডো বেটিলিয়ান গঠন কৰাৰ বাবেও সিদ্ধান্ত লোৱা হয়। এই কমাণ্ডো বাহিনীক এন এছ জি কমাণ্ডোৰ লেখীয়াকৈ প্ৰশিক্ষণ প্রদান কৰা হ'ব। তদুপৰি, আৰক্ষীৰ কামৰ হেঁচা তথা চাপ হ্রাস কৰাৰ বাবে সমগ্ৰ ৰাজ্যজুৰি থকা আৰক্ষী থানাসমূহত দুটা ছিফ্টত কৰ্তব্যৰ আৱণ্টন কৰাৰ বাবেও সিদ্ধান্ত লোৱা হয়। বৈঠকত আৰক্ষীৰ আৱাসগৃহ নির্মাণকে ধৰি বিভিন্ন কল্যাণকামী দিশসমূহৰ বিষয়ওে বিতং আলোচনা কৰা হয়। বিভিন্ন বেটেলিয়নত নিয়োজিত হৈ থকা আৰক্ষী বাহিনীৰ লোকসকলক নিজৰ পৰিয়ালৰ সৈতে সময় কটোৱাৰ বাবে এক মাহৰ বিশেষ ছুটী প্ৰদান কৰা হ'ব। ইয়াৰ বাবে এক মান সম্পন্ন পৰিচালনা বিধি অতি সোনকালে প্রস্তুত কৰা হ'ব। তদুপৰি, বছৰত এবাৰকৈ বিনামূলীয়া বাধ্যতামূলক স্বাস্থ্য পৰীক্ষাৰ সা সুবিধা আৰক্ষী বাহিনীত আৰম্ভ কৰা হ'ব।
বৈঠকত মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বিভিন্ন প্রশাসনিক গুৰুত্ব থকা বিষয়সমূহ আলোচনা কৰাৰ বাবে বছৰেকত পৃথকে পৃথকে দুখন আৰক্ষী অধীক্ষক আৰু উপায়ুক্তসকলৰ সন্মিলন অনুষ্ঠিত হ’ব। প্ৰথমখন উপায়ুক্তসকলৰ সন্মিলন এই বছৰৰ আগষ্টত ডিফুত অনুষ্ঠিত হ’ব। তদুপৰি, ৰাজ্যখনত অচিৰেই ৭ টা ফৰেন্সিক বিজ্ঞান গৱেষণাগাৰ স্থাপন কৰা হ’ব। আজিৰ সন্মিলনে গৰু তথা ড্ৰাগছৰ অবৈধ বেহাৰ দিশত শূন্য সহনশীলতা নীতি গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়। এই দিশত সকলোবোৰ আৰক্ষী অধীক্ষকক তেওঁলোকৰ জিলাসমূহৰ মাজেৰে যাতে এনে অবৈধ সৰবৰাহ হ’ব নোৱাৰে সেইটো সুনিশ্চিত কৰাৰ বাবে নির্দেশ দিয়া হয়। আন্তঃৰাজ্যিক সীমান্তৰ ওপৰত আলোকপাত কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে অসমে যিকোনো মূল্যৰ বিনিময়ত ইয়াৰ নিজৰ সীমান্ত সুৰক্ষিত কৰিব। অৱশ্যে ৰাজ্যখনে সম-উন্নয়ন অটুট ৰখাৰ বাবে সাত ভনী ৰাজ্যৰ মাজত থকা ভাতৃত্ববোধৰ বান্ধোনক সুদৃঢ় কৰাৰ দিশত নিজৰ ভূমিকা পালন কৰি যাব বুলিও তেওঁ কয়।
আজিৰ এই সন্মিলনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, কৃষি মন্ত্ৰী অতুল বৰা, বিত্তমন্ত্রী অজন্তা নেওগ, স্বাস্থ্য বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, গৃহ বিভাগৰ প্ৰধান সচিব নিজ বাৰ্মাৰ লগতে অসম আৰক্ষীৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে।
Comments
Post a Comment