সদৌ অসম মইনা পাৰিজাতৰ ঘুগুল মিতৰ যোগেদি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ আগৰৱালাৰ জন্ম জয়ন্তী পালন

বৰহোলা - ১৮ জুনঃ
১৭ জুনৰ বিশ্ব বৰণ্য শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম শতবাৰ্ষিকী দিৱসটি সদৌ অসম মইনা পাৰিজাতে ঘুগুল মিতৰ যোগেদি এক মনোজ্ঞ অনুষ্ঠানেৰে পালন কৰে।বিয়লি দুই বজাৰ পৰা অনুষ্ঠিত হোৱা অনুষ্ঠানটিৰ আৰম্ভণিতে জ্যোতি প্ৰসাদ আগৰৱালাৰ তামুলবাৰী চাহ বাগিছাৰ বাসগৃহত থকা প্ৰতিমূৰ্তিত মাল্যৰ্পন কৰে সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য অমৃত ফুকনে ।সদৌ অসম মইনা পাৰিজাতৰ কাৰ্যকৰী সভাপতি ড০ মন্টু মনি দত্তই উদ্ধোধন কৰা অনুষ্ঠানত আগৰৱালা দেৱৰ জেষ্ঠা কন্যা  জয়শ্ৰী চলিহাই পিতৃৰ পৰা আহৰণ কৰা অভিজ্ঞতা বাখ্যা দাঙি ধৰি বক্তব্য প্ৰদান কৰে। ২২ খন জিলাৰ পৰা ৬১জন মইনাই জ্যোতি প্ৰসাদৰ কবিতা আবৃত্তি, জ্যোতি সংগীত আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা সম্পৰ্কে বক্তৃতা প্ৰদান কৰে। সদৌ অসম মইনা পাৰিজাতৰ সাধাৰণ সম্পাদক ৰাতুল বৰা আৰু সম্পাদক বিৰেণ কলিতাৰ লগতে বিভিন্ন জিলাৰ সভাপতি, সম্পাদক সকল উপস্থিত থকা অনুষ্ঠানৰ মইনা সকলৰ অনুষ্ঠান প্ৰদৰ্শন অতি উচ্চ মানৰ আছিল।সদৌ অসম মইনা পাৰিজাতৰ সাংস্কৃতিক কোষৰ আহ্বায়ক মোহন দত্ত আৰু পিংকু বৰাই পৰিচালনা কৰা অনুষ্ঠানটিতৰ শেষত সাধাৰণ সম্পাদক ৰাতুল বৰা, সাংস্কৃতিক কোষৰ সদস্য ৰবীন মহন্ত, ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ সদস্যা দ্বয় পাপৰি শইকীয়া,তিলোত্তমা গোস্বামী মহন্তৰ লগতে কেইবাজনো বক্তাই বক্তব্য প্ৰদান কৰে।
ৰবীন মহন্ত ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা