বাইহাটা চাৰিআলিত চলিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান। ড্ৰাগছ সহ এজন যুৱকক আটক

পঙ্কজ নাথ, চাংসাৰি, ৬ জুন :

নিচাযুক্ত দ্ৰব্য (ড্ৰাগছ)ৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে বাইহাটা চাৰিআলি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপম হাজৰিকাই। হাজৰিকাৰ নেতৃত্বত প্ৰতিদিন চলিছে ড্ৰাগছ বিৰোধী তীব্ৰ অভিযান। আজি এই অভিযানত এক বিশেষ সূত্ৰৰ পমখেদি বিহদিয়াৰপৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰে এজন ড্ৰাগছ সৰবৰাহকাৰী। বিহদিয়া এলেকাৰ গ্ৰাহক এজনক বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ হস্তান্তৰ কৰাৰ সম্ভেদ লাভ কৰি চলোৱা অভিযানত আৰক্ষীয়ে হাতে-লোটে কৰায়ত্ত কৰে ধ্ৰুৱ নাৰয়ণ বৰুৱা নামৰ সৰবৰাহকাৰীজনক ৷

ধ্ৰুৱ নাৰায়ণ বৰুৱা নামৰ ধৃত ড্ৰাগছ সৰবৰাহকাৰী জনে নিজৰ হাৰ্ডৱেৰ দোকানৰ পৰা চলাই আছিল ড্ৰাগছৰ ব্যৱসায়। ব্যৱসায়ী জনৰ জিম্মাৰ পৰা AS 01 DY 0948 নম্বৰৰ এখন বাইকসহ প্ৰায় ৮ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয় বাইহাটা চাৰিআলি আৰক্ষীয়ে ৷ ব্ৰাউন চুগাৰখিনিৰ মূল্য প্ৰায় ডেৰ লক্ষাধিক টকা বুলি আৰক্ষীয়ে সদৰি কৰিছে ৷

ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ২৩২ /২১ গোছৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ড্ৰাগছ সৰবৰাহকাৰী ধ্ৰুৱ নাৰায়ণ বৰুৱাক ৷

 পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা