ৰাজ্যজুৰি স্বাক্ষৰ সংগ্ৰহ অভিযান চলাব ঋণগ্ৰস্ত মহিলাই

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৬ জুনঃ ৰাজ্য চৰকাৰৰ কেবিনেটত যোৱা ২৩ জুনত মাইক্ৰ'ফাইনেন্সৰ ক্ষুদ্ৰ ঋণ ৰেহাই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহনৰ বিপৰীতে ৰেজ্যু'লেচন লৈছে বুলি অসম চৰকাৰৰ মুখপাত্ৰ তথা মন্ত্ৰী পীয়ুষ হাজৰিকাই প্ৰকাশ কৰা মন্তব্যত আশ্চৰ্য প্ৰকাশ কৰিছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই ৷ এক প্ৰেছ বিবৃতিৰ জৰিয়তে সন্থাৰ ৰাজ্যিক সমিতিৰ সভাপতি শুভ্ৰজ্যোতি বৰ্ধন আৰু সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই কয় যে-- অসম চৰকাৰে ঋণমুক্তিৰ বাবে গঠন কৰা সিংঘল কমিটিৰ প্ৰতিবেদন কেবিনেটত উত্থাপন তথা ৰাজহুৱা নকৰাকৈ আৰু বিধানসভাৰ মজিয়াত আলোচনা, সমালোচনা তথা পৰামৰ্শক আওকাণ কৰি মুখ্যমন্ত্ৰীৰ মৌখিক ঘোষণাকে নীতি হিচাপে গ্ৰহণ কৰাটো দৰাচলতে গণতান্ত্ৰিক ৰীতি-নীতিক মোহাৰি দিয়াৰ কুচ-কাৱাজৰ বাহিৰে আন একো নহয় । প্ৰকৃততে চৰকাৰে ঋণমুক্তিৰ প্ৰসংগত স্বচ্ছতা বৰ্তাই ৰাখিবলৈ এটা ৱেবছাইট খুলিব লাগে যাতে সকলো নাগৰিকে কোন জিলাৰ কোন মাইক্ৰ'ফাইনেন্স কোম্পানীৰ কোন ঋণগ্ৰস্ত মহিলাৰ কিমান টকাৰ ঋণ আৰু সুদ মাফ হ'ব বা হ'ল তাক জানিব পাৰে ৷ সন্থাই ঋণ ৰেহাই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটি বৰ্গৰ ঋণগ্ৰস্ত মহিলাৰ ঋণ এনপিএ হ'ব বুলি কোৱাৰ বিপৰীতে কোনো মহিলাৰ একাউণ্ট কোনো কাৰণতেই এনপিএ যাতে হ'ব নোৱাৰে সেয়া চৰকাৰে নিশ্চিত কৰিব লাগে বুলি দাবী জনোৱাৰ লগতে ঋণমুক্তিৰ নামত মুখ্যমন্ত্ৰীৰ বক্তব্যত ঋণগ্ৰস্ত মহিলা সকলক তিনিটা ভাগত ভাগ কৰি ব্যাপক শ্ৰমজীৱী দুখীয়া পৰিয়ালৰ একাউণ্ট এনপিএ কৰাৰ আৰু স্বচ্ছল পৰিয়াল সমূহৰ ঋণমুক্তিৰ নামত নগদ ধনৰ উপঢৌকন দিয়াৰ নীতিকো সন্থাই তীব্ৰ ভাষাত গৰিহণা দিয়ে। ইফালে, আগন্তুক ১২ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া বিধানসভাৰ অধিবেশনত উক্ত বিষয়টো চৰ্চা হোৱাৰ অৰ্থে ঋণগ্ৰস্ত মহিলাই ৰাজ্যজুৰি স্বাক্ষৰ সংগ্ৰহ অভিযান ৰাজ্যত আৰম্ভ কৰিব বুলি উল্লেখ কৰি মহাজোঁটৰ সকলো বিধায়ক, বিৰোধী দলৰ দলপতি আৰু বিধানসভাৰ অধ্যক্ষলৈ গণ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি শ্ৰমিক নেতাদ্বয়ে বিবৃতিত লগতে জানিবলৈ দিছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা