দুৰ্ভগীয়া বিধবা মহিলালৈ বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সহায়

একমাত্ৰ নাতিনীয়েকক লগত লৈ জীৱননিৰ্বাহ থানপাতকুছিৰ বিধবা মহিলা খাদেজা বিবি৷

কোনো চৰকাৰী আচনিয়ে ঢুকি পোৱা নাই খাদেজাক৷

নলবাৰী সমষ্টিৰ ১২ নং দতৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত থানপাতকুছি গাৱঁৰ অতিপাত দৰিদ্ৰ বিধৱা মহিলা খাদেজা বিবিই  দীৰ্ঘদিন ধৰি কতাই আছে দুৰ্বিষহ জীৱন৷অৰুনোদয়,প্ৰধানমন্ত্ৰী আৱাস যোজনা.বিনামূলীয়া শৌচালয় আনকি খোৱাপানী টুপিৰ পৰাও বঞ্চিত এইগৰাকী মহিলা৷স্বামী খলিল আলিৰ মৃত্যুৰ পিচত একমাত্ৰ বিবাহিত পুত্ৰ  তাজনুৰ আলিৰো মৃত্যু হয়৷পুত্ৰৰ মৃত্যুৰ পিচত বোৱাৰিয়েকে এমাদিমা কন্যা সন্তানটিক এৰি অইনৰ লগত বিয়া হৈ গুচি যায়৷তেতিয়াৰে পৰা খাদেজাই নাতিনী জুনুকাক বুকুত সাৱতি কতাই আছে দুৰ্বিষহ জীৱন৷থাকিৱলৈ এখন টিনৰ জৰাজীৰ্ণ চালি৷জুনুকা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰী৷কৰ’না মহামাৰীৰ মিনি লক্‌ডাউনৰ ফলত যথেষ্ট কষ্টকৰ ভাবে কতাইছে দিনকেইটা৷আজি এই দুজনীয়া পৰিয়ালটোক বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি আকাশ বৰুৱা,ভাৰপ্ৰাপ্ত সম্পাদক মইনুল হক আৰু নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাংগাঠনিক সম্পাদক বিকি শৰ্মাৰ নেতৃত্বত যোৱা এটি প্ৰতিনিধি দলে আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটি খাদ্য সম্ভাৰৰ টোপোলা অৰ্পণ কৰে৷খাদ্য সম্ভাৰৰ টোপোলা গ্ৰহণ কৰি মহিলা গৰাকীয়ে ছাত্ৰ সন্থাক ভূয়সী প্ৰশংসা কৰে৷
নলবাৰী পৰা শংকৰ দাস ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা