মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ অনুদান সদৌ অসম বি এড কলেজ অধ্যক্ষ আৰু শিক্ষক সন্থাৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৪ জুনঃ ৰাজ্য চৰকাৰৰ ক’ভিড বিৰোধী যুঁজৰ প্রতি সঁহাৰি জনাই তথা ক’ভিড-১৯ৰ টিকাকৰণক জন আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি সদৌ অসম বি এড কলেজ অধ্যক্ষ ও শিক্ষক সন্থাৰ অধীনৰ শিক্ষণ প্ৰশিক্ষণৰ সৈতে জড়িত শৈক্ষিক প্ৰতিষ্ঠানসমূহে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ২.৬০ লাখ টকাৰ সাহাৰ্য্য আগবঢ়াইছে। সন্থাৰ অধীনৰ ২৬ খন কলেজৰ প্ৰতিখনে ১০ হেজাৰ টকাকৈ বৰঙণি আগবঢ়ায়। সন্থাৰ  সম্পাদক মুস্তাফিজুৰ ৰহমানে জনোৱা মতে শৈক্ষিক প্ৰতিষ্ঠানকেইখনৰ সমূহ শিক্ষক, কৰ্মচাৰী তথা পৰিচালনা সমিতিৰ সহযোগত এই ধনৰাশি আগবঢ়োৱা হৈছে। সাহাৰ্য্য পুঁজিলৈ বৰঙণি আগবঢ়োৱা শৈক্ষিক প্ৰতিষ্ঠানসমূহ হৈছে বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় (পাটাছাৰকুছি), গোঁসাইগাঁও বি এড কলেজ, কলিয়াবৰ কলেজ অৱ এডুকেশ্বন, কলেজ অৱ এডুকেশ্বন মৰিগাঁও, ৰঙিয়া টি টি কলেজ, কৃষ্ণবৰা বি এড কলেজ (লংকা), বৰপেটা বি টি কলেজ, পশ্চিম গুৱাহাটী কলেজ অৱ এডুকেশ্বন(পাণ্ডু), বঙাইগাঁও বি এড কলেজ, বিশ্বনাথ কলেজ অৱ এডুকেশ্বন, ধেমাজি পি জি টি কলেজ, বাইহাটা চাৰিআলি বি এড কলেজ, দেউমৰনৈ বি এড কলেজ, কলেজ অৱ এডুকেশ্বন গুৱাহাটী, ধুবুৰী পি জি টি টি কলেজ, কলেজ অৱ এডুকেশ্বন নগাঁও, কলেজ অৱ এডুকেশ্বন বকো, এছ ডি পি কলেজ অৱ টিচাৰ এডুকেশ্বন টিহু, দক্ষিণ গুৱাহাটী বি এড কলেজ, আটাউৰ ৰহমান কলেজ অৱ এডুকেশ্বন কলগাছিয়া, কে আৰ ডি কলেজ অৱ এডুকেশ্বন, ছয়গাঁও, বিহপুৰীয়া পি জি টি কলেজ, নামৰূপ কলেজ অৱ টিছাৰ এডুকেশ্বন, ছিপাঝাৰ বি এড কলেজ, সৰভোগৰ বৰনগৰ বি এড কলেজ আৰু কলেজ অৱ টিছাৰ এডুকেশ্বন তিনিচুকীয়া । সন্থাই অতি সোনকালে পৰিস্থিতি উন্নত হোৱাটো কামনা কৰাৰ লগতে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহি বিদ্যালয় সমূহ পুনৰাই আগৰ দৰে চলিব বুলি আশা প্ৰকাশ কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা