কোভিডৰ সময়ত চৰকাৰী নিৰিখত খাদ্য সামগ্ৰী বিক্ৰীত ডিমু-ডোবক ব্যৱসায়ী সন্থাক সম্বৰ্ধনা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

মুল্যবৃদ্ধি নিয়ন্ত্ৰণত মহকুমাধিপতি স্বপ্নীল পালৰ প্ৰচেষ্টাক শলাগ মন্ত্ৰী দাসৰ

প্ৰতিবেদক, ৰঙিয়া,২ জুন: অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত ৰঞ্জিৎ‌ কুমাৰ দাসে আজি ক'ভিডৰ এই দুৰ্যোগৰ সময়ত চৰকাৰী নিৰিখত খাদ্য সামগ্ৰী বিক্ৰীৰ সিদ্ধান্ত গ্ৰহণ কৰা ৰঙিয়া মহকুমাৰ অন্তৰ্গত ডিমু-ডোবক ব্যৱসায়ী সন্থাক সম্বৰ্ধনা জ্ঞাপন কৰে।উল্লেখ্য যে, ক'ৰণা মহামাৰীৰ এই জটিল সন্ধিক্ষণত সান্ধ্য আইনৰ গইনা লৈ ৰাজ্যখনত বহু অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰা পৰিলক্ষিত হৈছে।কিন্তু ইয়াৰ বিপৰীতে ডিমু ডোবকৰ গেলামাল ব্যৱসায়ী সন্থাই ৰাইজৰ হিত চিন্তা কৰি চৰকাৰী নিৰিষত খাদ্য সামগ্ৰী বিক্ৰীৰ সিদ্ধান্ত লয়। তেখেত সকলৰ এই ইতিবাচক পদক্ষেপক আদৰণি জনোৱাৰ উদ্দেশ্যে আজি যোগান মন্ত্ৰী ৰঞ্জিৎ‌ কুমাৰ দাসে ডিমু ডোবক অঞ্চল ভ্ৰমণ কৰি তেখেত সকলক উৎসাহিত কৰাৰ নিমিত্তে এই সম্বৰ্ধনা জনায়। প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ উপস্থিতিত অনুষ্ঠিত এই সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানত  অসমৰ আন আন ব্যৱসায়ীকো এনে দুৰ্যোগৰ সময়ত নিজৰ মুনাফাৰ বাবে মুল্যবৃদ্ধি নকৰি সকলো ব্যৱসায়ীকে সাধাৰণ ৰাইজৰ হিতৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা ‌নিৰিখত সকলো সামগ্ৰী বিক্ৰী কৰিবলৈ তেখেতে আহ্বান জনায়।লক্ষণীয় যে, মুল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ৰঙিয়া মহকুমা প্ৰশাসনে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সৈতে এটি টাস্ক ফ'ৰ্চ গঠন কৰি মহকুমাটোৰ সমূহ ব্যৱসায়ীক চৰকাৰৰ নিৰিখ মতে গেলামালৰ সামগ্ৰী বিক্ৰীৰ বাবে জনোৱা আহ্বানত পূৰ্ণ সহাৰি জনাইছে ব্যৱসায়িক সন্থা সমূহে। এই ক্ষেত্ৰত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পালৰ প্ৰচেষ্টা আৰু উদ্যোগক আজি বিশেষ ভাৱে শলাগ লয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ডিমু পৰিদৰ্শন বাংলাত আজি পুৱা অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত কামৰূপৰ অতিৰিক্ত উপায়ুক্ত প্ৰণৱ গোস্বামী, ৰঙিয়া মহকুমাৰ  মহকুমাধিপতি  স্বপ্নীল পাল, ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দন বৰগোহাঁই, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ভাৰপ্ৰাপ্ত উপ- সঞ্চালক মতিনুৰ ৰহমান, ৰঙিয়া মহকুমা প্ৰশাসনৰ কেইবাখনো বিষয়া-কৰ্মচাৰী, ডিমু ডোবক ব্যৱসায়ী সন্থাৰ বিষয়ববীয়া সকল আৰু কিছু স্থানীয় ৰাইজ উপস্থিত থাকে। সম্বৰ্ধনা অনুষ্ঠানটিৰ আত ধৰে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ভাৰপ্ৰাপ্ত সহকাৰী সঞ্চালক হৰগোবিন্দ দাসে ।

প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা