গোৱালপাৰা জিলা উপায়ুক্ত মিনাক্ষী দাস নাথে পৰিদৰ্শন কৰিলে ভেলাখামাৰ জাগৰণ আলংকাৰিক মৎস্য প্ৰতিপালন কেন্দ্ৰ

গোৱালপাৰা জিলা উপায়ুক্ত মিনাক্ষী দাস নাথে আজি পৰিদৰ্শন কৰে জাগৰণ অৰ্নামেন্টেল ফিচাৰী ডেভেলপমেন্ট ছ’চাইটি ৷ জিলাখনৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত ভেলাখামাৰ গাঁৱত প্ৰতিষ্ঠিত জাগৰণ ছ’চাইটি হৈছে এটা আলংকাৰিক মাছ প্ৰতিপালনৰ কেন্দ্ৰ ৷ স্থানীয় যুৱক বিমল ৰায়ৰ তত্বাবধানত তথা এন এফ বি ডিৰ অধীনত প্ৰতিষ্ঠিত এই ছ’চাইটিটোৰ কামকাজ পৰিদৰ্শন কৰিবলৈ আজি পুৱাৰ ভাগতে ভেলাখামাৰত উপস্থিত হয় উপায়ুক্ত গৰাকী ৷ আলংকাৰিক মৎস্য প্ৰতিপালনৰ কেন্দ্ৰটো পৰিদৰ্শন কৰাৰ অন্তত উপায়ুক্ত মিনাক্ষী দাস নাথে ছ’চাইটিৰ সৈতে জড়িত মহিলা সকলৰ সৈতে মত বিনিময় কৰে ৷ তেওঁ কয়-- নামনি অসমত সততে দেখিবলৈ নোপোৱা এনে ধৰণৰ মৎস্য প্ৰতিপালন কেন্দ্ৰটোৱে তেঁৱক আকৰ্ষিত কৰিছে ৷ ভৱিষ্যতে জিলা প্ৰশাসনৰ তৰফৰ পৰা অনুষ্ঠান খনিৰ শ্ৰীবৃদ্ধিৰ বাবে সহযোগিতা আগবঢ়োৱাৰো আগ্ৰহ প্ৰকাশ কৰে জিলা উপায়ুক্ত গৰাকীয়ে ৷ উল্লেখ্য যে,

আজিৰ পৰিদৰ্শন কালত জিলা উপায়ুক্তৰ সৈতে জিলা মীন বিষয়া জনো উপস্থিত থাকে ৷ 


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা