কৰ’নাৰ দ্ৰুত সংক্ৰমণ≈≈বেবেজীয়া ডেইলী মাৰ্কেট এলেকা এসপ্তাহৰ বাবে বন্ধ ঘোষণা প্ৰশাসনৰ#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৮ জুনঃ নগাঁও জিলাৰ বৃহত্তৰ বেবেজীয়া অঞ্চলত শেহতীয়াভাবে কৰ’নাৰ দ্ৰুত সংক্ৰমণ ঘটা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ চলিত সপ্তাহটোত অঞ্চলটোত ভয়াৱহভাবে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্তৰ সংখ্যা ৷ আনকি যোৱা দুটা দিনত অঞ্চলটোৰ মুঠ ১৬ জন লোকৰ দেহত মাৰাত্মক ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ লগতে আজিৰ দিনটোত চিনাক্ত কৰা হয় আন এজন কৰ’না ৰোগী ৷ ফলত অঞ্চলটোত কৰ’নাৰ এনে দ্ৰুত সংক্ৰমনে সকলোকে চিন্তিত কৰি তুলিছে। সেয়ে অঞ্চলটোত কাল কৰ’নাৰ এনে দ্ৰুত সংক্ৰমণ ৰুধ কৰাৰ উদ্দেশ্যে ইতিমধ্যে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে বেবেজীয়া চাৰিআলিৰ পংকজ হাৰ্ডওৱেৰৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণ দিশে শনি মন্দিৰলৈকে থকা বাসগৃহ কেইটাক সামৰি যোৱা ১৬ জুনৰ পৰা চৈধ্য দিনৰ বাবে কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে ৷ আচলতে, বৃহত্তৰ অঞ্চলটোৰ একাংশ অসচেতন নাগৰিকে কৰ’নাৰ প্ৰতি সচেতনতা অৱলম্বন নকৰি চৰকাৰে জাৰি কৰা নীতি-নিৰ্দ্দেশনা উলংঘাৰে জধে-মধে চলাফিৰা কৰি থকাৰ বাবেই অঞ্চলটোত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাই অহাত অৰিহনা যোগাইছে বুলি সচেতন মহলে মন্তব্য কৰিছে। ইফালে, অঞ্চলটোত দেখা দিয়া কৰ’নাৰ এনে ভয়াৱহ পৰিস্থিতিৰ বাবেই আজিৰে পৰা প্ৰযোজ্য হোৱাকৈ জিলা প্ৰশাসনে বেবেজীয়া দৈনিক বজাৰ এলেকা সাত দিনৰ বাবে সম্পূৰ্ণ বন্ধ ঘোষণা কৰিছে বুলি জানিব পৰা গৈছে ৷
====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা