*বৰপেটাৰ অস্বাস্থ্যকৰ মাংসৰ বজাৰত প্ৰশাসনৰ অভিযান, *১৬০০০ টকাৰ জৰিমণা, ৭ দোকান বন্ধ*

বৰপেটা, ১৭ জুন : বৰপেটা  জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ নিৰ্দেশ মৰ্মে প্ৰশাসনৰ তৰফৰ পৰা বিধি বৰ্হিভূতভাবে মাংস বিক্ৰী কৰা দোকান সমূহৰ বিৰুদ্ধে কালি আৰু পৰহি অভিযান চলাই  ১৬ হাজাৰ টকাৰ জৰিমনা সংগ্ৰহ কৰাৰ লগতে ৭ খন দোকান বন্ধ কৰি দিয়া হয়। পথৰ দাতিঁতে যধে-মধে মাছ-মাংস বিক্ৰি কৰা বুলি পোৱা অভিযোগৰ ভিত্তিত আৰু স্বাস্থ্য সন্মতভাবে মাংস বিক্ৰী কৰাটো নিশ্চিত কৰিবলৈ জিলা উপায়ুক্ত‌ই জিলা পশুপালন তথা পশু চিকিৎসা বিভাগ আৰু পৌৰ সভাৰ কাৰ্য্যবাহী বিষয়া সকলক দিয়া নিৰ্দেশ ক্ৰমে কালি আৰু পৰহি বৰপেটা চহৰ আৰু ইয়াৰ দাতিঁ কাষৰীয়া অঞ্চল সমূহত এই অভিযান চলোৱা হয়। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, এই অভিযান কালত সৰহভাগ দোকানৰে কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নথকাৰ উপৰি কোনো স্বাস্থ্য বিধি মানি চলা পৰিলক্ষিত নহল। তদুপৰি কোভিড বিধি উলংঘা কৰি মাস্ক পৰিধান নকৰা বাবেও বৰপেটা চহৰৰ মূল বজাৰ, মুছলিমপট্টি, মেটুৱাকুছী আৰু ভেৰাগাওঁত প্ৰায় কুৰিখন দোকানত অভিযান চলোৱা হয়। ইয়াৰে ১৫ খন দোকানৰ পৰা ১৬ হাজাৰ টকা জৰিমনা বিহাৰ লগতে আন ৭ খন দোকান সম্পূৰ্ণ বন্ধ কৰাৰ নিৰ্দেশ দিয়া হয়। তদুপৰি প্ৰায় সকলো দোকানকে প্ৰয়োজনীয় স্বাস্থ্য বিধি, পৰিচ্ছন্নতা আৰু পৌৰ সভাৰ নিয়মৰ বিষয়ে অৱগত কৰি সেই সমূহ মানি চলিবলৈ সকীয়াই দিয়া হয়। সহকাৰী আয়ুক্ত নিমাশ্ৰী ডাউকা আৰু জিলা পশুপালন বিষয়া ডা: প্ৰবীণ কুমাৰ দাসৰ নেতৃত্বত যোৱা দলটোত কেইবাগৰাকীও পশুপালন বিষয়া, বৰপেটা পৌৰসভাৰ বিষয়া আৰু আৰক্ষী বিষয়াই সহযোগ আগবঢ়ায়। এই অভিযান নিয়মীয়াকৈ চলাই ৰাখিবলৈ আৰু জিলাখনৰ অন্যান্য চহৰ সমূহতো আৰম্ভ কৰিবলৈ জিলা উপায়ুক্ত‌ই নিৰ্দেশ দিছে। উল্লেখযোগ্য যে মাছ-মাংসৰ দৰে সহজে বীজাণু আকৰ্ষণ কৰিব পৰা খাদ্য সমূহ অতি পৰিস্কাৰ-পৰিচ্ছন্নতাৰে, উপযুক্ত ঢাকনিৰে আঁৰি প্ৰশাসনৰ অনুমতি সাপেক্ষেহে বিক্ৰী কৰিব লাগে যদিও প্ৰায়বোৰ ক্ষেত্ৰতে তেনে নিয়ম-উলংঘন কৰাৰ ফলত জন-সাধাৰণৰ মাজত ৰোগৰ সংক্ৰমণ বৃদ্ধি পায়। কিন্তু সৰহভাগ ক্ষেত্ৰতে ক্ৰেতা-বিক্ৰেতা উভয়ৰে মাজত এই ক্ষেত্ৰত সজাগতাৰ অভাৱ পৰিলক্ষিত হয়। সেয়েহে মাংসৰ বিক্ৰেতা সকলক ইয়াৰ বাবে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ তৰফৰ পৰা অচিৰেই বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি জনসংযোগ বিষয়াই জনাইছে।

বৰপেটাৰ পৰা কঞ্জল দাসৰ ৰিপ'ৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা