ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, বিজেপিৰ বুথ কমিটিৰ সভাপতি সহ আটক ৫

প্ৰতিবেদক , ৰঙিয়া ১২ জুনঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিয়েই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰে। মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা সেউজ সংকেত পোৱাৰ লগে লগে অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যজুৰি ড্ৰাগছ  বিৰোধী অভিযান আৰম্ভ কৰিছে। কামৰূপ আৰক্ষীয়েও এই ক্ষেত্ৰত তৎপৰ হৈ উঠা পৰিলক্ষিত হৈছে। কামৰূপ আৰক্ষীয়েও সমগ্ৰ জিলাত অভিযান তীব্ৰতৰ কৰি  তোলাত ব্যপক সফলতা অৰ্জন কৰিছে। যোৱা নিশা কামৰূপ আৰক্ষীয়ে ৰঙিয়া আৰক্ষীৰ সহযোগত দহৰা, উদিয়ানা আৰু পীতাম্বৰ হাটবজালীৰ পৰা মুঠ পাঁচ জনক ড্ৰাগছৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰিছে। আটকাধীন সকলৰ মাজত বিজেপিৰ জয়ন্তীপুৰ বুথ কমিটিৰ সভাপতিও আছে বুলি জনা গৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি এক নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আটক কৰা যুৱক  কেইজন হ'ল প্ৰদীপ চৌধুৰী, ৰুবুল আলী, আপচাৰ আলী, জেহৰুল হক আৰু চায়েদুৰ ৰহমান। তেওঁলোকক আজি আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰোৱাই আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁলোকক নলবাৰী জেল হাজোতলৈ প্ৰেৰণ কৰে। ইপিনে আজি পুৱাৰ ভাগত আটকাধীন যুৱক কেইজনক স্বাস্থ্য পৰীক্ষা কৰাবলৈ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱাৰ সময়ত আটকাধীন  যুৱক কেইজনৰ পৰিয়ালৰ লোকে থানাৰ সন্মুখত আৰক্ষীৰ বাহনক আগভেটা দি এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে। ফলত ইয়াকে কেন্দ্ৰ কৰি কিছুসময়ৰ  বাবে থানাৰ সন্মুখত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।  অৱশ্যে পিছত আৰক্ষীয়ে কৌশলেৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি যুৱক কেইজনক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত ৰঙিয়া আদালতত হাজিৰ কৰোৱায়। আৰক্ষীৰ ভাষ্য অনুসৰি এক  নিৰ্দিষ্ট তথ্যৰ ভিত্তিত পাঁচ জনক আনা হৈছে যদিও তদন্তৰ স্বাৰ্থত সকলো কথা বিতংকৈ কোৱাৰ পৰা আৰক্ষীয়ে বিৰত থাকে। উল্লেখ্য আজি কিছুদিন ধৰি ৰঙিয়া মহকুমাৰ বিভিন্ন ঠাইত অভিযান চলাই আৰক্ষীয়ে ইতিমধ্যে  কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে। উদ্ধাৰ কৰিছে ব্ৰাউন চুগাৰ সহ বিভিন্ন নিচাযুক্ত দ্ৰব্য। এই ড্ৰাগছ বিৰোধী অভিযানৰ অংশ হিচাপে আজি  আৰক্ষীয়ে অভিযান চলাই পাঁচ জন যুৱকক আটক কৰে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা