সুদীর্ঘ ৩৩ বছৰে পৰিত্যক্ত হৈ ৰোৱা ধিং চেক ক্ৰাফট কাগজ প্ৰকল্পস্থলীত ঔদ্যোগিক পাম≈≈নিবনুৱাৰ বাবে আশাৰ বতৰা

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১০ জুনঃ নগাঁও জিলাৰ ধিং আৰু বটদ্ৰৱা বাসীৰ বাবে এক সূখবৰ । সুদীৰ্ঘ ৩৩ বছৰে পৰিত্যক্ত হৈ ৰোৱা ধিং চেক ক্ৰাফট কাগজ প্ৰকল্প স্থলীত বিজেপি চৰকাৰে স্থাপন কৰিছে এটা ঔদ্যোগিক পাম । এই ঔদ্যোগিক পামে যেন এতিয়া আশাৰ বতৰা কঢ়িয়াই আনিছে বৃহত্তৰ অঞ্চলটোৰ নিবনুৱা যুৱক-যুৱতী তথা কৃষক ৰাইজলৈ । আচলতে ভাৰত চৰকাৰৰ MSME আৰু আসম চৰকাৰৰ AIDC ৰ অৰ্থ সাহায্যত নিৰ্মাণ হৈছে এই ঔদ্যোগিক পাম । পৰিত্যক্ত কাগজ প্ৰকল্পটোৰ এটা অংশৰ ৮০ বিঘা মাটি সামৰি নিৰ্মাণ কৰা হৈছে এই পামটো । যোৱা বৰ্ষত বিজেপি চৰকাৰে আৰম্ভ কৰা এই ঔদ্যোগিক পামটোৰ নিৰ্মাণ কাৰ্য্য এতিয়া প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত । জানিব পৰা মতে, এই পামত স্থাপন হব ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগ । উদ্যোগ সমূহ স্থাপন হ’লেই স্থানীয় নিবনুৱা যুৱক-যুৱতী সকলে পাব কৰ্ম সংস্থাপনৰ সুবিধা । কিয়নো বহিঃৰাজ্যৰ কেইবাটাও সংস্থাই উদ্যোগ স্থাপন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে ধিঙৰ এই ঔদ্যোগিক পামটোত। স্মৰ্তব্য যে, তদানীন্তন মুখ্যমন্ত্রী প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰথমটো কাৰ্যকালতে প্ৰায় দুশ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা লোৱা প্ৰকল্প টোৰ বিপৰীতে তেতিয়াই প্ৰাকলন ১৮০ কোটি অনুমোদন জনাই ১৩.২২ কোটি প্ৰথম কিস্তিত মোকলাই দিছিল। ধিং আঠগাঁও চাপৰি ৰিজাৰ্ভত ৪৫৬ বিঘা মাটি সাঙুৰি লৈ উদ্যোগ স্থাপনৰ প্ৰচেষ্টা হাতত লৈছিল মহন্ত মন্ত্রী সভাৰ উদ্যোগ মন্ত্রী তথা স্থানীয় বিধায়ক দীগেন চন্দ্র বৰাই। আনকি সেই আধাৰশিলা অনুষ্ঠানত মহন্ত মন্ত্রী সভাৰ প্ৰায় এক ডজন মন্ত্রী আৰু বিধায়ক উপস্থিত থাকি এক প্ৰকাৰ চমক সৃষ্টি কৰিছিল। প্ৰথমাৱস্থাত ক্ষীপ্ৰতাৰে কাম আগবঢ়া প্ৰকল্পটোৰ বাবে ক্ৰয় কৰা হৈছিল কোটি কোটি টকাৰ মেচিন। নিৰ্মাণ কৰা হৈছিল বিল্ডিং। কিন্তু ১৯৯০ চনত অতি ৰহস্য জনক ভাবে বন্ধ হৈ পৰিছিল ইয়াৰ কাম। ফলত দীৰ্ঘদিনে এইটো এনেদৰে পৰি থকাত প্ৰকল্পস্থলী অসামাজিক কাৰ্য-কলাপৰ ঘাটিত পৰিণত হৈ পৰিছিল ৷ বিগত সময়ছোৱাত এই বৃহৎ প্ৰকল্পটো জীৱিত কৰি তুলিবৰ বাবে ধিং আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি স্থানীয় বহু দল-সংগঠনে চৰকাৰক দাবী জনাই আহিছিল যদিও কোনো ফল ধৰা নাছিল। কিন্তু বিগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে বিষয়টোৰ গুৰুত্ব বুজি এইদৰে প্ৰকল্পস্থলীত ঔদ্যোগিক পাম নিৰ্মাণৰ ব্যৱস্থা গ্ৰহন কৰাত স্বাভাবিকতেই উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী ৷
=================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা