বাক্সাৰ কেইবাখনো নৈয়ে কঢ়িয়াই আনিছে বিপদৰ আগজাননী

বাক্সাৰ কেইবাখনো নৈয়ে কঢ়িয়াই আনিছে বিপদৰ আগজাননী 
#ৰূপায়িত নহ'ল খহনীয়া প্ৰতিৰোধৰ দীৰ্ঘম্যাদি আচঁনি# চপৰা-চপৰে খহিছে পাৰ

নাওকাটা,২৫জুনঃ

ৰাজ্যৰ নৱনিযুক্ত জলসম্পদ মন্ত্ৰী পিয়ুস হাজৰিকাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ভগ্ন মথাউৰি বাৰিষাৰ পূৰ্বে নিৰ্মাণ কৰাৰ হকে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি অহাৰ সময়তে বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তত দেখা গৈছে ইয়াৰ বিপৰীত প্ৰতিচ্ছবি।চুবুৰীয়া দেশ ভূটানৰ পৰা খৰস্ৰোতেৰে নামি অহা তথা জিলাখনৰ মাজেৰে বৈ যোৱা কেইবাখনো নৈয়ে এতিয়া বিপদ নমাই আনিছে অঞ্চলবাসীৰ মাজত। বিশেষকৈ বাৰিষাৰ সময়ছোৱাত চুবুৰীয়া দেশ ভূটানত হোৱা প্ৰৱল বৰষুণ তথা কেইবাটাও সৰু-বৰ বান্ধৰ পানী হুৰহুৰাই নামি জিলাখনৰ মাজেৰে বৈ যোৱা পুঠিমাৰী, শুক্লাই, নাওবান্ধা, চেওচুঙা আদিকে ধৰি কেইবাটাও সৰু-বৰ নৈ তথা ডোঙৰ জলস্তৰ তুলনামূলকভাৱে বৃদ্ধি পোৱাৰ সময়তে নৈ-পৰীয়া গঞাৰ মাটি -ভেঁটিৰ প্ৰতি ভাবুকি নামি আহিছে।বছৰ -বছৰ ধৰি বানৰ সময়ছোৱাত কালৰূপ ধাৰণ কৰি অহা পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে ২ নং বেটাগাঁৱৰ অৰ্ধ-শতাধিক পৰিয়ালক পথৰ ভিক্ষাৰীত পৰিণত কৰি পেলোৱাৰ সমান্তৰাল দিনে -নিশাই চিন্তাত দিন পাৰ কৰিব লগীয়া হৈছে দৰিদ্ৰ পৰিয়ালসমূহে।ইতিমধ্যে বিগত দুইবছৰৰ ভিতৰতে পুঠিমাৰী নৈয়ে গাঁৱখনৰ কুৰিতকৈ অধিক পৰিয়ালৰ বাসগৃহ -খেতিপথাৰত প্ৰৱল খহনীয়াৰ সৃষ্টি কৰি উচন কৰি পেলাইছে যদিও খবৰ ল'বলৈ আহৰি নাই চৰকাৰ কিম্বা প্ৰশাসনৰ। নৈখনক প্ৰতিৰোধ কৰাৰ বাবে সংশ্লিষ্ট বিভাগে এক কৌটি ছয় লাখ টকা ব্যয় সাপেক্ষে পাৰ্কুপাইনৰ ব্যৱস্থা কৰিছিল যদিও অৱশেষত সেয়াও বিভাগ তথা ঠিকাদাৰৰ বাবে 'খিৰতি গাই'তহে পৰিণত হ'ল।খৰস্ৰোতা পুঠিমাৰী নৈয়ে এই আঁচনি নৈৰ বুকুত সাবটি লোৱাৰ লগে লগে আতংকত দিন কটাবলগীয়া হৈছে নৈপৰীয়া ৰাইজে।আনপিনে ভূটানৰ পৰাই বৈ অহা দেওচুঙা নৈয়ে ঔবাৰীত প্ৰৱল খহনীয়াৰ সৃষ্টি কৰি 'বাইহাটা-বগামাটি গড়কাপ্তানি' পথলৈ ভাবুকি নমাই অনাৰ লগতে ঠায়ে-ঠায়ে চপৰা-চপৰে খহাইছে পাৰ।তদ্ৰুপ নাওবান্ধা আৰু শুক্লাই নৈয়ে ভোলাবটাবাৰী,মাদালবাৰী,নিজকুচলা আদি ঠাইলৈ সংশয় নমাই অনাৰ সময়তো গভীৰ নিদ্ৰাত আছে ৰাজ্য চৰকাৰ আৰু জলসম্পদ বিভাগ।বাৰিষাৰ আগমণৰ সময়তে ভূটান -পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা জাক -জাক বন্যহস্তীয়ে দৰিদ্ৰ কৃষকৰ উৎপাদিত ফচল তহিলং কৰি অহাৰ সময়তে জিলাখনৰ মাজেৰে বৈ যোৱা নৈকেইখনেও কালৰূপ ধাৰণ কৰি শ-শ বিঘা ভূমি, বাসগৃহ উচন কৰাৰ পিছত হা-হুমুনিয়াহ কাঢ়ি বহিব লগীয়া হৈছে সীমান্তৱৰ্তী লোকসকলে।অনিশ্চিত ভৱিষ্যতৰ কথা চিন্তা কৰি এইসকল লোকে দিন কটাই অহাৰ সময়তে মহামাৰী ক'ৰোনা আৰু সান্ধ্য আইনে একপ্ৰকাৰ দুৰ্বিসহ কৰি পেলাইছে নৈপৰীয়া লোকৰ জনজীৱন।নৱ নিৰ্বাচিত ৰাজ্য চৰকাৰ তথা প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰে নিৰ্বাচনৰ পূৰ্বে ঘোষনা কৰা বিভিন্ন পদক্ষেপক লৈ এইসকল লোকৰ মনত কিছু আশাৰ সঞ্চাৰ হৈছিল যদিও বাৰিষাৰ আগমন তথা বিগত কেইবাদিনো হৈ থকা নেৰা-নেপেৰা বৰষুণে এইসকল লোকৰ আশা ভংগ কৰি পেলালে।তেনে ক্ষেত্ৰত নিজৰ জীৱটো কোনোমতে বচাই জীয়াই থকাৰ স্বাৰ্থত এইসকল লোকে এতিয়া নিজৰ আপোন ঘৰ-বাৰী এৰি নিৰাপদ দুৰত্বত আশ্ৰয় লোৱাৰহে যো-জা চলাইছে।এই ক্ষেত্ৰত ডঃহিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু পৰিৱৰ্তনৰ শ্লোগান আওৰাই কোকৰাঝাৰ দখল কৰা বিটিআৰ চৰকাৰ ভূমিকা কি হ'ব সেয়াহে লক্ষ্যণীয় হৈ পৰিছে।


প্ৰেৰক -প্ৰকাশ পৌড়েল, নাওকাটা

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা