বঙাইগাঁৱত বিচিএফ, আকমা, আনলা, এচটিএফ আৰু আপাকে ধৰি পাঁচ আদিবাসী যুদ্ধ বিৰত সংগঠনৰ বৈঠক- সংবাদমেল

বঙাইগাঁৱত বিচিএফ, আকমা, আনলা, এচটিএফ আৰু আপাকে ধৰি পাঁচ আদিবাসী যুদ্ধ বিৰত সংগঠনৰ বৈঠক- সংবাদমেল 

শান্তি আলোচনাৰ বাবে চৰকাৰক বান্ধি দিলে ১৫ দিনৰ চৰম সময় সীমা 

অন্যথা হাতত পুনৰ অস্ত্ৰ তুলি লোৱাৰ হুংকাৰ 


বঙাইগাঁওঃ ২৯ জানুৱাৰীঃ চৰকাৰে যুদ্ধ বিৰতিত থকা পাঁচটাকৈ সশস্ত্ৰ আদিবাসী বিদ্ৰোহী সংগঠনক শান্তি আলোচনাৰ নামত প্ৰতাৰণা কৰি অহাত ক্ষুদ্ধ হৈ পৰিছে বিদ্ৰোহী সংগঠনকেইটা ৷ আজি বঙাইগাঁও চহৰত চৰকাৰৰ এনে বঞ্চনাৰ বিৰুদ্ধে যুদ্ধ বিৰতিত থকা সশস্ত্ৰ সংগঠনকেইটাই এখন বৈঠকত মিলিত হৈ অহা ১৫ দিনৰ ভিতৰত সংগঠনকেইটাৰ সৈতে এখন আদিবাসী শান্তি চুক্তি কৰিবলৈ চৰকাৰক চৰম সীমা বান্ধি দিছে ৷ মূল দাবী জনজাতিকৰণকে ধৰি সংগঠনকেইটাৰ সন্মিলীত দাবী চনদকলৈ আলোচনাৰ জৰিয়তে এই শান্তি চুক্তি কৰিবলৈকো দাবী জনাইছে ৷ অন্যথা সংগঠনকেইটাই পুনৰ হাতত অস্ত্ৰ তুলি ল'বলৈ বাধ্য হ'ব বুলি চৰকাৰক স্পষ্ট কৰি দিছে ৷ উল্লেখ্য যে আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি বিভিন্ন সাংবিধানিক অধিকাৰৰ দাবীত গঠন হোৱা সশস্ত্ৰ সংগঠন বিচিএফ , আকমা, আনলা, এচটিএফ আৰু আপা এই পাঁচটা সংগঠন মিলি গঠিত সংযুক্ত আদিবাসী শান্তি আলোচনাপন্থী সংগঠনটোৰ এখন বৈঠক বঙাইগাঁৱত অনুষ্ঠিত হয় ৷ হোটেল শিৱমত অনুষ্ঠিত বৈঠকত আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি সংগঠনকেইটাৰ সন্মিলীত দাবী চনদসহ আৰু চৰকাৰে যুদ্ধ বিৰত তথা শান্তি আলোচনাত থকা সংগঠনকেইটাৰ প্ৰতি থকা চৰকাৰৰ দৃষ্টিভংগী, সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপ আদিৰ ওপৰত বিতংভাৱে আলোচনা হয় ৷ লগতে পৰৱৰ্তী সময়ত কি পদক্ষেপ গ্ৰহণ কৰিব সেই সম্পৰ্কে সংগঠনকেইটাই সিদ্ধান্ত গ্ৰহণ কৰে ৷ বৈঠকত বিশেষকৈ ২৭ জানুৱাৰীত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগত এনডিএফবিৰ শান্তি চুক্তি সম্পাদন হ'ল যদিও বিগত ২০ বছৰ ধৰি চৰকাৰৰ লগত শান্তি আলোচনাত থকাৰ পিছতো পাঁচটাকৈ আদিবাসী সশস্ত্ৰ সংগঠনক কোনো গুৰুত্ব প্ৰদান নকৰাত ক্ষোভ প্ৰকাশ কৰে ৷ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কেৱল বড়ো জাতীয় সংগঠনৰ লগত বাৰম্বাৰ শান্তি চুক্তি কৰি বড়ো সকলৰ সমস্যাৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰি আহি আদিবাসী সংগঠনসমূহক আলোচনাৰ নামত প্ৰতাৰণা কৰি অহা বুলি চৰকাৰক ধিক্কাৰ দিয়ে ৷ বৈঠকত উপস্থিত থকা পাঁচটা সংগঠনৰ নেতৃত্বই  চৰকাৰক যুদ্ধ বিৰতিত থকা আদিবাসী সংগঠনকেইটাৰ সৈতে অহা ১৫ দিনৰ ভিতৰত এনডিএফবিৰ সৈতে কৰা শান্তি আলোচনাৰ দৰে আদিবাসী সংগঠনকেইটাৰ সৈতেও এখন আদিবাসী শান্তি চুক্তি কৰিবলৈ চৰম সময়সীমা বান্ধি দিয়ে ৷ লগতে যদি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে আদিবাসী যুদ্ধ বিৰক্ত থকা সংগঠনকেইটাৰ মূল দাবী জনজাতিকৰণৰ লগতে সন্মিলীত দাবী চনদসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰি শান্তি চুক্তিৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহলে পৰৱৰ্তী সময়ত সংগঠনকেইটাই পুনৰ হাতত অস্ত্ৰ তুলিবলৈ বাধ্য হ'ব বলিও চৰকাৰক সকিয়াই দিছে ৷ ইয়াৰ ফলত যি কোনো উত্তপ্ত তথা অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হলে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ জগৰীয়া হ'ব বুলিও সংগঠনকেইটাই স্পষ্ট কৰি দিছে ৷ বৈঠকৰ পিছতে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত সংযুক্ত আদিবাসী শান্তি আলোচনাপন্থী সংগঠনৰ তৰফৰ পৰা এখন সংবাদ মেলৰো আয়োজন কৰে ৷ সংবাদ মেলত সংগঠনটোৰ মুখ্য আহ্বায়ক তথা বিচিএফৰ মুখ্য সেনাধ্যক্ষ বীৰসিং মুণ্ডাই কয় যে আমি দেখি আহিছো যে অধিক সশস্ত্ৰ সংগ্ৰাম কৰিলে অধিক সোনকালে দাবীসমূহ সমাধন হয় আৰু তেনে সংগঠনক গুৰুত্বও দিয়ে ৷ চৰকাৰে আমাক তেনে কৰিবলৈ বাধ্য কৰিব খুজিছে নেকি ? যদি চৰকাৰে বিচাৰে তেতিয়াহলে অধিক শক্তিশালী ৰূপত সংগ্ৰাম গঢ়ি তোলাত আমাৰ আপত্তি নাই ৷ আমি তাৰ কাৰণে সাজু আছো ৷ আমাৰ ভাৰতীয় সংবিধান আৰু গণতন্ত্ৰৰ ওপৰত বিশ্বাস আছে ৷ কিন্তু যদি বাৰে বাৰে আমাক চৰকাৰে বঞ্চিত কৰি থাকে, তেতিয়াহলে কিন্তু আমি পুনৰ বিভিন্ন পন্থা ল'বলৈ বাধ্য হ'ম ৷ কাৰণ আমাৰ বিভিন্ন যি দাবী আছে সেই দাবীসমূহৰ ভিতৰত তেনে কোনো দাবী নাই যি দাবীৰ বাবে অসমখনক দ্বিখণ্ডিত কৰিব লাগিব ৷ ঠিক একেদৰে ভাৰতৰ সংবিধান বিৰোধীও নহয় ৷ আজি অসমত সংবিধান বিৰোধী দাবী ,অসমক দ্বিখণ্ডিত কৰাৰ দাবী উত্থাপন কৰি আহিছে আৰু পিছত নিজৰ দাবী তথা অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ চৰকাৰেও তেনে সংগঠনকে বাৰে বাৰে গুৰুত্ব দিয়া দেখিবলৈ পাইছো ৷ আমাৰ আদিবাসীসকলৰ সমস্যাৰ ক্ষেত্ৰত কিন্তু চৰকাৰে সদায় আমাক মাহী আইৰ দৃষ্টিৰে চাই আহিছে ৷ আদিবাসী চাহ শ্ৰমিকসকলৰ অসমৰ ইতিহাসত উল্লেখনীয় অৱদান আছে ৷ চাহ বাগিছাৰ জৰিয়তে অসমৰ অৰ্থনৈতিক উন্নয়ন হৈছে ৷ সেইদৰে অসম নিৰ্মাণৰ ক্ষেত্ৰত আদিবাসীসকল সক্ৰিয় অংশীদাৰ ৷ অসমীয়া ভাষাৰ ক্ষেত্ৰত অৱদান আছে ৷ তেনেক্ষেত্ৰত অসমত কেৱল নিৰ্দিষ্ট আদিবাসীসকলক সকলো সাংবিধানিক প্ৰাপ্ৰ দাবীৰ পৰা বঞ্চিত কৰি অহা কাৰ্যক আমি যুদ্ধ বিৰতিত থকা আদিবাসী সংগঠনকেইটাই চাই থাকিব নোৱাৰো ৷ আমাৰ চৰকাৰৰ প্ৰতি আস্থা আছে ৷ সেয়ে আমি চৰকাৰক আহ্বান জনাইছো যে চৰকাৰে যিদৰে সশস্ত্ৰ সংগ্ৰামীসকলক তেওঁলোকে সংস্থাপন কৰিছে আৰু শান্তি চুক্তি স্বাক্ষৰিত কৰিছে ,সেইদৰে আদিবাসী সংগঠনসমূহৰ লগতো শীঘ্ৰে শান্তি চুক্তি কৰক ৷
ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিচৰে পৰা আদিবাসীসকলে সকলো সাংবিধানিক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছে ৷ কিন্তু সেই বিষয়ত কংগ্ৰেছেই হওক বা বৰ্তমানৰ শাসনত থকা বিজেপি চৰকাৰেই হওক কোনো এখন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান কৰা আমি দেখা পোৱা নাই ৷ শেহতীয়াভাৱে তৃতীয় বাৰৰ বাবে বড়ো চুক্তি স্বাক্ষৰিত কৰি বিটিচিক উন্নীত কৰি তথা অধিক ক্ষমতা প্ৰদান কৰি বিটিআৰ কৰা হ'ল ৷ ভাৰত চৰকাৰে এনডিএফবিৰে যিদৰে যি শান্তি চুক্তি কৰলে ঠিক একেদৰে অতিশীঘ্ৰে আদিবাসী সংগঠনসমূহৰ লগতো শান্তি চুক্তি কৰক আৰু স্থায়ীভাৱে নামনি অসম তথা বিটিচি অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰক ৷ কিন্তু চৰকাৰে যদি ইয়াকে নকৰি কেৱল বড়ো চুক্তিৰ জৰিয়তেই এই অঞ্চললৈ স্থায়ী শান্তি আহিব বুলি ভাৱিছে ,তেতিয়াহ'লে সেয়া তেওঁলোকে ভুল ভাৱিছে ৷ চৰকাৰে ১৯৯৬,১৯৯৮ চনকে ধৰি বিভিন্ন সময়ত এই অঞ্চলসমূহত অশান্তিৰ সৃষ্টি কৰা সশস্ত্ৰ সংগঠনসমূহক আদৰি নি যি শান্তি চুক্তিত স্বাক্ষৰ কৰাইছে সেয়া অতি সুন্দৰ কথা ৷ আমিও ভাৱিছো যে এনডিএফবিয়ে শান্তি চুক্তি কৰিছে যেতিয়া শান্তি আহিব ৷ আমিও আদৰণি জনাইছো ৷ কিন্তু সেই একেই অঞ্চলত সৃষ্টি হোৱা অশান্তিৰ ফলত গঠন হোৱা তথা পিছলৈ যুদ্ধ বিৰতিত থকা আদিবাসী সংগঠনসমূহৰ দাবীৰ ক্ষেত্ৰত চৰকাৰে আওকাণ কৰা দেখিবলৈ পাইছো ৷ তাৰ বাবে আমি যৌথভাৱে জনজাতিকৰণৰ দাবীৰ লগতে আমাৰ যি দাবী চনদ আছে সেই সন্দৰ্ভত অহা ১৫ দিনৰ ভিতৰত চৰকাৰে এখন আদিবাসী শান্তি চুক্তি কৰক ৷ লগতে চৰকাৰৰ যি নামনি অসমত স্থায়ীভাৱে শান্তি প্ৰতিষ্ঠা কৰাৰ যি লক্ষ্য তথা উদ্দেশ্য তাক সফল কৰক ৷ কাৰণ এই বিষয়সমূহকলৈয়ে আলোচনা কৰাৰ বাবে আমাৰ পাঁচটাকৈ যুদ্ধ বিৰতিত থকা সংগঠনৰ এখন বৈঠক অনুষ্ঠিত কৰা হয় ৷ বৈঠকত আগন্তুক দিনবোৰত আমি যৌথভাৱে যুদ্ধ বিৰতিত থকা সংগঠনসমূহে বাকী জনগোষ্ঠীটোৰ জাতীয় আৰু সামাজিক সংগঠনসমূহক একত্ৰিত কৰি এটা বিকল্প চিন্তা কৰিবলৈ বাধ্য হ'ম ৷ সেয়েহে ৪ ফেব্ৰুৱাৰীত আমি যুদ্ধ বিৰতিত থকা সংগঠনলমূহৰ লগতে আদিবাসী সমাজৰ অস্তিত্ব ৰক্ষাৰ হকে তথা জাতিটোৰ হকে কাম কৰি অহা সংগঠন আৰু জাতীয় সংগঠনসমূহক একত্ৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি এখন সভা অুষ্ঠিত কৰিভ বুলি কয় ৷ সভালৈ আদিবাসী ছাত্ৰ সন্থাকে ধৰি সকলো সংগঠনকে আমন্ত্ৰণ কৰা হ'ব ৷ সভাত জনজাতিকৰণকে ধৰি জনগোষ্ঠীটোৰ অস্তিত্ব ৰক্ষাৰ দাবীসমূহৰ ক্ষেত্ৰত একেলগে সংগ্ৰাম কৰাৰ সংকল্প গ্ৰহণ কৰিম ৷ এই ক্ষেত্ৰত গণতান্ত্ৰিকভাৱে তথা ৰাইজে বিচাৰিলে সশস্ত্ৰ পন্থাও গ্ৰহণ কৰা হ'ব ৷ কাৰণ চৰকাৰে আদিবাসীসকলক গুৰুত্ব প্ৰদান নকৰিলে বিশেষ পন্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম ৷ সংবাদ মেলত উপস্থিত থকা আকমাৰ উপ মুখ্য সেনাধ্যক্ষ ৰতন টুডুৱে কয় যে আদিবাসীসকলৰ পাঁচটাকৈ সশস্ত্ৰ সংগঠনে ২০০১ চনৰ পৰ চৰকাৰেৰে শান্তি আলোচনাৰ স্বাৰ্থত যুদ্ধ বিৰতিত থকাৰ পিছতো কোনো গুৰুত্বাৰোপ নকৰি কেৱল বড়ো জনগোষ্ঠীৰ এনডিএফবিক সন্তুষ্ট কৰাৰ কাৰণে কৰা চুক্তিক আমি সঠিক হোৱা বুলি মানি ল'ব পৰা নাই ৷ কাৰণ এই চুক্তিৰ দ্বাৰা আদিবাসী জনগোষ্ঠীৰ বহুত ক্ষতি  হ'ব আৰু চুক্তিখনক আমি বিশ্বাসত ল'ব পৰা নাই ৷ যদি চৰকাৰে সকলো জাতি- জনগোষ্ঠীৰ সম উন্নয়নৰ কথা চিন্তা কৰিছে তেতিয়াহ'লে আদিবাসীসকলৰ লগত শীঘ্ৰে আন্ত্ৰিক চুক্তি কৰিব লাগে ৷ তেতিয়াহে বিচিটি তথা অসমত উন্নয়ন হ'ব ৷ যদিহে কেৱল বড়ো জনগোষ্ঠীৰ লগত শান্তি চুক্তি কপি উন্নয়ন কৰিব বিচাৰিছে, তেতিয়াহলে চৰকাৰে ভুল কৰিছে ৷ লগতে ইয়াৰ ফলত এনে আন বহুতো সশস্ত্ৰ সংগঠন ওলাই থাকিব যদিহে জাতি- জনগোষ্ঠীসকলৰ সমস্যাসমূহ সমাধান নকৰে ৷ যুদ্ধ বিৰত সংগঠনটোৰ নেতাগৰাকীয়ে চৰকাৰক সকিয়াই দি কষ্ট যে চৰকাৰৰ যদিহে সঁচাকৈ আন জাতি- জনগোষ্ঠীসকলোৰ প্ৰতি লগ ভাৱ আছে, তেতিয়াহলে আদিবাসীসকলৰ যি পাঁচটা সংগঠন যুদ্ধ বিৰতিত আছে তেওঁলোকলৰ লগত অতি সোনকালে শান্তি চুক্তি কৰক ৷ তেতিয়া এই অঞ্চললৈ নিশ্চয় শান্তি ঘূৰি আহিব ৷ চৰকাৰক  আমি ১৫ দিন সময় সীমা দিছো ৷ যদি এই সময়ৰ ভিতৰত শান্তি চুক্তি কৰে, তেতিয়াহলে আমি সন্তুষ্ট হ'ম আৰু যদি পলম কৰে তেতিয়াহলে আমি হাতত পুনৰ অস্ত্ৰ তুলি লবলৈ বাধ্য হ'ম৷ চৰকাৰলৈ আৰু বাট চাই থাকিব নোৱাৰো ৷ এনডিএফবিৰ ক্ষেত্ৰত চৰকাৰে তৎক্ষণাত আলোচনাৰ ব্যৱস্থা কৰিলে ৷ চাৰিদিনৰ ভিতৰত ম্যানমাৰৰ পৰা অহাৰ পিচতে চুক্তি কৰিলে ৷ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাত দোষী সাব্যস্ত হোৱা ৰঞ্জন দৈমাৰীক জেলৰ পৰা উলিয়াই লৈ গৈ শান্তি আলোচনাত বহাইছে ৷ বি বিদায় আদি আদিবাসীক ধাৰাবাহিকভাৱে হত্যা কৰা ঘটনাৰ সৈতে নাম সাঙুৰ খাই আছে ৷ এইসকলোকো শান্তি চুক্তিত চামিল কৰিছে ৷ কিন্তু আমাৰ ওপৰত কোনো গোচৰ নাই আৰু দোষী সাব্যস্ত হোৱা নাই ৷ গতিকে আমাৰ ক্ষেত্ৰত কোনো জটিলতা নাই ৷ কিন্তু চৰকাৰে তাকে নকৰিলে আমি হাতত অস্ত্ৰ তুলি ল'ম ৷ কাৰণ চৰকাৰে অস্ত্ৰ ভাষাহে বুজি পায় ৷ আনহাতে আকমাৰ সভাপতি জাব্ৰিয়াচ খাখাই কয় যে যি বড়ো শান্তি চুক্তি হৈছে তাত আমাৰ বিশেষ ক'বলগীয়া নাই ৷ কিন্তু প্ৰস্তাৱিত যি বিটিআৰ তাত যাতে আদিবাসী জনসাধাৰণৰ সাংবিধানিক ৰক্ষা কবচ অক্ষুন্ন থাকে আৰু বিঘ্নিত নহয় তাৰ প্ৰতি চৰকাৰক দাবী জনাইছো ৷ কাৰণ ইতিমধ্যে আদিবাসী জনসাধাৰণে নিজৰ অস্তিত্বকলৈ শংকিত হৈ পৰিছে ৷ লগতে সংগঠনটোৰ সভাপতিগৰাকীয়ে এনডিএফবিৰ দৰে পাঁচ আদিবাসী সংগঠনৰ সৈতেও চৰকাৰক অতিশীঘ্ৰে শান্তি আলোচনা অনুষ্ঠিত কৰি আদিবাসী জনগোষ্ঠীৰ যি দীৰ্ঘদিনীয়া জনজাতিকৰণৰ দাবী সেয়া সমাধান কৰিবলৈ দাবী জনায় ৷ লগতে জনগোষ্ঠীটোৰ ভৱিষ্যতৰ স্বাৰ্থত জনগোষ্ঠীটোৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, শৈক্ষিক আদি দিশসমূহৰ বিকাশৰ বাবে সমগ্ৰ ৰাজ্যখনৰ আদিবাসীসকলক সাঙুৰি এখন উপগ্ৰহীয় স্বায়ত্ত শাসন গঠনৰো দাবী জনায় আৰু তাৰ বাবে পুঁজি আৱণ্টনৰ ব্যৱস্থা কৰিবলৈকো দাবী জনায় ৷ সংবাদ মেলত বিভিন্ন আদিবাসী সংগঠনৰ কেইবাগৰাকীও নেতা উপস্থিত আছিল ৷ উল্লেখ্য যুদ্ধ বিৰতিত থকা  সংগঠনসমূহৰ ভিতৰত বিচিএফৰ ৬৪৪ জন, এচটিএফৰ ১৮৩ জন, আকমাৰ ১০০০ জন,আনলাৰ ২৫০ জন আৰু আপাৰ ২০০ জন সদস্য আছে ৷ 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা