দুস্প্ৰাপ্য সোণালী বান্দৰৰ বিচৰণস্থলী হৈ পৰিছে বঙাইগাঁৱৰ নাককাটি পাহাৰ

দুস্প্ৰাপ্য সোণালী বান্দৰৰ বিচৰণস্থলী হৈ পৰিছে বঙাইগাঁৱৰ নাককাটি পাহাৰ 


বঙাইগাওঁ জিলাত বিৰাজমান নাককাটি পাহাৰৰ এটা অংশ বৰ্তমান দুস্প্ৰাপ্য সোণালী বান্দৰৰ বিচৰণস্থলী হৈ পৰিছে । বইটামাৰী অঞ্চলৰ দেৱানগাওঁ হৈ পাহাৰখনত উঠা বহুলোকে বৰ্তমান পাহাৰখনত সোণালী বান্দৰে জাক পাতি বিচৰণ কৰা দেখিবলৈ পায় । পাহাৰখনত দুস্প্ৰাপ্য সোণালী বান্দৰে এনেদৰে বিচৰণ কৰা দেখি আনন্দিত হৈ পৰিছে লোকসকল । উল্লেখ্য যে নাককাটি পাহাৰৰ পৰা কিছু দূৰৈত থকা কাকৈজানা সংৰক্ষিত বনাঞ্চল সোণালী বান্দৰৰ বাসস্থান তথা বিচৰণস্থলী । তাৰ পৰাই নাককাটি পাহাৰতো এই সোণালী বান্দৰ অহা বুলি সন্দেহ কৰা হৈছে । উল্লেখ্য যে এটা সময়ত বন বিভাগৰ ছত্ৰছায়াত মুকলি কৈ নাককাটি পাহাৰত বন ধ্বংসযজ্ঞ চলাৰ বাবে পাহাৰখনৰ বেছিভাগ ঠাইতে গছ-গছনি নোহোৱা হৈছিল । কিন্তু আজিৰ পৰা কেইবছৰমান আগৰে পৰা নৰ্থ বইটামাৰীৰ দেৱানগাৱঁৰ এদল যুৱকে পাহাৰখনত হোৱা এই বনধ্বংস প্ৰতিহত কৰাৰ বাবে প্ৰচেষ্টা বহন কৰে । পাহাৰখনৰ এটা অংশত খৰিৰ বাবে গছ কটাও বন্ধ কৰে । লগতে পহৰা দিবলৈ লয় । সমান্তৰালভাৱে নাককাটি পাহাৰত থকা শিখৰৰ এচটা শিলৰ লগত আমেৰিকা আৰু নৰৱেৰ দুচটা শিলাখণ্ডৰ সাদৃশ্য পোহৰলৈ অহাত নাককাটি পাহাৰৰ শিখৰৰ উক্ত মনোমোহা দৃশ্য উপভোগ কৰিবলৈ প্ৰতিদিনে বিভিন্ন ঠাইৰ পৰা পৰ্যটক আহিবলৈ ধৰে । এনেবোৰ কাৰণত পাহাৰত গছ- গছনি কটা কাৰ্য কমি যায় আৰু পাহাৰত গছ-গছনি বৃদ্ধি পায় । গছ- গছনি বৃদ্ধি পোৱাত বিভিন্ন প্ৰজাতিৰ বান্দৰৰ লগতে সোণালী বান্দৰৰো পাহাৰখনত আগমন ঘটে । কিন্তু এনেকুৱা বিশ্বত বিৰল এই সোণালী বান্দৰৰ বিচৰণস্থলী নাককাটি পাহাৰৰ সংৰক্ষণৰ ক্ষেত্ৰত বৰ্তমানেও বিশেষ ব্যৱস্থা গ্ৰহন কৰা নাই বন বিভাগে । পাহাৰখনত সুৰক্ষিত নহয় সোণালী বান্দৰ । সোণালী বান্দৰৰ বিচৰণস্থলী নাককাটি পাহাৰক বিশেষ ভাৱে সংৰক্ষণ কৰাৰ প্ৰয়োজন আছে । প্ৰকৃতিপ্ৰেমী সংগঠন সমূহৰো নিশ্চয়কৈ দায়িত্ব আছে । পাহাৰখনত বন বিভাগে অধিক ফল -মূলৰ গছ ৰোপণ কৰি প্ৰতিপালন কৰিলে সোণালী বান্দৰৰ বাবে ভৱিষ্যতে খাদ্যৰ অভাৱ নহ'ব । পাহাৰখনৰ উপকণ্ঠ অঞ্চলবিলাকৰ ৰাইজৰো দায়িত্ব আছে । যিহেতু বেছি হুলস্থুলীয়া পৰিৱেশত সোণালী বান্দৰ থাকিব নিবিচাৰে , তেনেক্ষেত্ৰত সেই দিশতো লক্ষ্য ৰাখিব লাগিব । নাককাটি পাহাৰৰ শিখৰৰ শিলচটাত উঠিবলৈ দূৰ-দূৰণিৰ পৰা অহা লোকসকলকো স্থানীয় লোকসকলে সোণালী বান্দৰৰ বিচৰণস্থলী বুলি অৱগত কৰিব লাগিব । সকলোৰে প্ৰচেষ্টাত নাককাটি পাহাৰ সোণালী বান্দৰৰ এক সুৰক্ষিত বাসস্থান হ'ব লাগে । এইক্ষেত্ৰত বন বিভাগ তথা চৰকাৰৰ ভূমিকা লক্ষণীয় হ'ব ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা