নলবাৰীৰ ঐতিহ্যমণ্ডিত বালিলেছা কালী দেৱালয়ৰ অতিথি গৃহৰ আধাৰশিলা স্থাপন

*নলবাৰীৰ ঐতিহ্যমণ্ডিত বালিলেছা কালী দেৱালয়ৰ অতিথি গৃহৰ আধাৰশিলা স্থাপন*


*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৩১ জানুৱাৰী*

নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত শক্তিপীঠ হিচাপে বিখ্যাত বালিলেছা শ্ৰীশ্ৰী কালী দেৱালয়ৰ ৰাজহুৱা অতিথি গৃহ নিৰ্মাণৰ বাবে আণ্টাইড পুঁজিৰ পৰা ২০১৮-১৯ বিত্তীয় বৰ্ষৰ অধীনত ২৫ লাখ টকা অসম চৰকাৰে আবণ্টন দিছিল। আজি শুকুৰবাৰে বিধায়ক অশোক শৰ্মাৰ হৈ অতিথি গৃহটোৰ আধাৰশিলা স্থাপন কৰে নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকাই ৷ বিশেষ চৰকাৰী কামত গুৱাহাটীলৈ যাব লগা হোৱাত বিধায়কগৰাকী উপস্থিত থাকিব নোৱাৰিলে । অনুষ্ঠানত উপস্থিত থাকে জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া কৃষ্ণা বৰুৱা, কালী মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক জিতুমণি ডেকা, দুই নং পঞ্চায়তৰ সভানেত্ৰী ৰীতা ডেকা, আঞ্চলিক সদস্য অঞ্জলি ডেকা আৰু শতাধিক গাঁওবাসী ৰাইজ । বালিলেছাৰ ঐতিহাসিক এই শক্তিপীঠখনৰ উন্নয়নৰ প্ৰতি  সহযোগিতা আগবঢ়োৱা বাবে সভাত নিতুল ডেকাই ভাষণ প্ৰসঙ্গত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, স্থানীয় বিধায়ক অশোক শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে আগন্তুক সময়ত আমি সকলোৱে মিলি সামাজিক অনুষ্ঠানৰ উন্নয়নৰ বাবে একেলগে কাম কৰি যাব লাগিব । বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে উন্নয়ন-বিকাশৰ বাবেই কাম-কাজ কৰি আছে । ৰাইজে চৰকাৰ, পঞ্চায়ত, জনপ্ৰতিনিধিক সহযোগ যিমানেই কৰিব উন্নয়নৰ দিশ আগবঢ়াই নিয়াত সিমানেই প্ৰেৰণা লাভ কৰা যায়  বুলি দোহাৰে ।

প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা