ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্ত০ মহাবিদ্যালয় যুৱ মহোতসৱ এইবাৰ গড়গাওঁ মহাবিদ্যালয়ত

ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্ত০ মহাবিদ্যালয় যুৱ মহোতসৱ এইবাৰ গড়গাওঁ মহাবিদ্যালয়ত
ফাষ্টনিউজ ৰিপৰ্ট, নাজিৰা, ২৯ জানুৱাৰী
ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্ত০ মহাবিদ্যালয় যুৱ মহোতসৱ এইবাৰ গড়গাওঁ মহাবিদ্যালয়ত অনুষ্ঠিত হব | গড়গাওঁ মহাবিদ্যালয়ৰ প্ৰাংগণত চাৰিদিনীয়াকৈ অনুষ্ঠিত হব লগা এই যুৱ মহোতসৱত বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সকলো মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সকলে নিজা নিজা ক্ষেত্ৰত শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবলৈ সক্ষম হব | অহা ১১ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হব লগা যুৱমহোতসৱত সুন্দৰৰ সাধনাৰে জগত জিলিকাবলৈ অহা যুৱ প্ৰজন্মক উপস্হিত থাকি উতসাহিত কৰিবলৈ ৰাইজক কৰযোৰে অনুৰোধ জনাইছে গড়গাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা উদযাপন সমিতিৰ সভাপতি সব্যসাচী মহন্ত আৰু যুটীয়া আহ্বায়ক ক্ৰমে দিলীপ কুমাৰ ডেকা আৰু জিতু শইকীয়াই |
নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা