নলবাৰীৰ মুলাৰকুছিত গৰখীয়া সেৱা আৰু সভা মহোৎসৱ

*নলবাৰীৰ মুলাৰকুছিত গৰখীয়া সেৱা আৰু সভা মহোৎসৱ*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৩০ জানুৱাৰী*

নলবাৰী জিলাৰ পশ্চিম প্ৰান্তৰ এখনি গাঁও মুলাৰকুছি ৷ এই গাঁৱখনি ৰাইজৰ সদিচ্ছাৰে প্ৰায়ে নাম-প্ৰসঙ্গৰে মুখৰিত হৈ থাকে ৷ অইন বেলিৰ দৰে এইবেলিও অহা ৮, ৯ আৰু ১০ ফেব্ৰুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে মুলাৰকুছি ৰাজহুৱা শ্ৰীশ্ৰী গৰখীয়া থানত একবিংশতিতম্ গৰখীয়া সেৱা আৰু সভা মহোৎসৱ অনুষ্ঠিত হ'ব ৷ হৰমোহন বৰ্মণক সভাপতি, মৃদুল কুমাৰ বৰ্মণক কাৰ্যকৰী সভাপতি আৰু অনিল কুমাৰ বৰ্মণক প্ৰধান সম্পাদক হিচাপে লৈ মূল সভা উদযাপন সমিত এখন গঠন কৰা হৈছে ৷ সভা মহোৎসৱৰ প্ৰথম দিনা আন আন কাৰ্যসূচীৰ লগতে নিশা ৯ বজাত নষ্ট ভ্ৰষ্ট প্ৰেতসভা নামৰ নাট এখনো মঞ্চস্থ কৰা হ'ব ৷ দ্বিতীয় দিনা গৰখীয়া সেৱাকে আদি কৰি বিভিন্ন কাৰ্যসূচীৰ লগতে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা প্ৰমুখ্যে আন বহুকেইগৰাকী বিশিষ্ট ব্যক্তি তথা মুলাৰকুছিৰ ভিতৰত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চত্তৰ মাধ্যমিক শেষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত দুগৰাকী ছাত্ৰীকো সম্বৰ্ধনা জনোৱা হ'ব ৷ নিশা ৯ বজাত সুৰৰ এসন্ধ্যা কাৰ্যসূচীৰে দৰ্শক ৰাইজক গীতেৰে আপ্লুত কৰিব পাৰ্থ প্ৰীয়ম আৰু হিয়া মেধিয়ে ৷ ৯ জানুৱাৰীৰ দিনা অকনিৰ মেল অনুষ্ঠান আৰু আয়তীৰ নাম, ভেশচন, বক্তৃতা, চিত্ৰাঙ্কন, কবিতা আবৃত্তি আৰু দিহানাম প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা