ৰঙিয়াত পথ দুৰ্ঘটনা নিহত ১, আহত ২০

*ৰঙিয়াত পথ দুৰ্ঘটনা নিহত ১, আহত ২০* 

প্ৰতিবেদক, ৰঙিয়া, ২৯ জানুৱাৰীঃ
কামৰূপ জিলাৰ ৰঙিয়াত আজি আবেলি সংঘটিত দুটা পৃথক পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আহত হয় আন ২০ জন কন কন ছাত্ৰ। আৰক্ষীৰ সূত্ৰ অনুসৰি ৰঙিয়া মৰানজানাৰ কামৰূপ পেকেজিঙত কৰ্মৰত সিদ্ধেশ্বৰ তালুকদাৰ (৩২) নামৰ লোকজনে মৰানজানাৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি সশস্ত্ৰ সীমা বলৰ কাষত থকা এটিএমৰ পৰা টকা আনিবলৈ যাওঁতে গুৱাহাটী অভিমুখী আল্টা বাছ এখনে তীব্ৰ বেগে খুন্দা মৰাত তেওঁৰ থিতাতে মৃত্যু হয়।নিহত তালুকদাৰৰ ঘৰ নলবাৰী জিলাৰ বাহাৰঘাট সমীপৰ বৰগাছাত। দুৰ্ঘটনাৰ পিছত চালকজনে এএছ ১৪ চি ৫৫০১ গাড়ীখন লৈ উধাও হয় যদিও কেন্দুকোনাত গাড়ী এৰি চালকজনে পলায়ন কৰে। নিহত তালুকদাৰক দুৰ্ঘটনাস্থলীৰ পৰা এছ এছ বি জোৱানে উদ্ধাৰ কৰি ৰঙিয়া অসামৰিক চিকিৎসালয়লৈ অনাৰ পিছত বৰ্তমান ৰঙিয়া সদৰ থানাৰ মৰ্গত ৰখাৰ হৈছে। আনহাতে ৰঙিয়া-কনিহা শিমলুৱাত মিনি ট্ৰাক এখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰাত ২০ জন কন কন ছাত্ৰ আহত হয়। আহত সকলৰ ভিতৰত ৪জন ছাত্ৰ গুৰুতৰ। তেওঁলোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে। উল্লেখ্য ইছাদঘৰীয়া শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ সকলে সৰস্বতী পূজাৰ প্ৰতিমা আনিবলৈ যাওঁতে দুৰ্ঘটনাটো সংঘটিত হয়।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা