জাতীয় অস্তিত্ব ৰক্ষাত আমাৰ দায়িত্ব আৰু কৰ্ত্তব্য => জাতীয় অস্তিত্ব ৰক্ষাত আমাৰ দায়িত্ব আৰু কৰ্ত্তব্য কি হোৱা উচিত,বৰ্ত্তমান ই এটা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। সুদীৰ্ঘ দিন ধৰি অসমত অসমীয়া জাতীয়তাবাদেই মতাদৰ্শ হিচাপে প্ৰভুত্বকাৰী অৱস্থানত আছে। সময়ে-সময়ে এই জাতীয়তাবাদে প্ৰগতিশীলতাৰ দিশত গতি কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালা,বিষ্ণুপ্ৰসাদ ৰাভা আদি ব্যক্তিসকলৰ কৰ্মৰাজি আছিল প্ৰগতিশীল জাতীয়তাবাদৰ লক্ষণ। জনগোষ্ঠীয় উত্থানৰ পাছতো অসমীয়া জাতীয়তাবাদ শক্তিশালী ৰূপতে আছিল।বৰ্ত্তমান অসমীয়া জাতীয়তাবাদৰ এই প্ৰভুত্বশালী অৱস্থানৰ প্ৰতি প্ৰত্যাহ্বান আহি পৰিছে ,অন্য এটা দিশৰপৰা সাম্প্ৰদায়িক,মৌলবাদী ৰাষ্ট্ৰীয়তাবাদৰপৰা। গতিকে এনে সংকটৰ সময়ত আমাৰ দায়িত্ব আৰু কৰ্ত্তব্য হ'ব জাতীয়তাবাদ প্ৰতিষ্ঠা কৰা। আমি সকলোৱে জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ,মনকৰিবলগীয়া কথাবোৰ হ'ল-ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি সাধন কৰা,শিক্ষা ব্যৱস্থাৰ উন্নতি সাধন কৰা,জনসাধাৰণৰ ইচ্ছা আকাংক্ষাৰ প্ৰতি মনোনিৱেশ কৰা,গাওঁসমূহৰ সবাংগীন বিকাশ সাধন কৰা,জনজাতিকৰণৰ ব্যৱস্থা কৰা,নিৱনুৱা সমস্যা সমাধানৰ পৰিকল্পনা কৰা...