front

দক্ষিণ শালমাৰাৰ মাজেৰ আলগা ৪ৰ্থ খণ্ড এল পি স্কুলত অঘটন৷

মধ্যাহ্ন ভোজনৰ খাদ্যত পৰি শিশু অগ্নিদগ্ধ৷



দৈনিক আমাৰ প্ৰণাম সেৱা, হাটশিঙীমাৰী, ১ জুনঃ- দক্ষিণ শালমাৰা সমষ্টিৰ গৌৰিপুৰ শিক্ষা খন্ডৰ অন্তৰ্গত মাজেৰ আলগা ৪ৰ্থ খণ্ড এল পি স্কুলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাৰ৷ বিদ্যালয়খনত শিশুৰ দুপুৰীয়াৰ আহাৰৰ গৰম তৰকাৰীত এটি শিশু পৰি গৈ বেয়াকৈ অগ্নিদগ্ধ হয়৷ এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ মাজেৰ আলগা ৪ৰ্থ খণ্ড গাওঁৰ হজৰত আলীৰ লৰা মিজানুৰ ৰহমানৰ আট বছৰীয়া শিশুটিয়ে দুপুৰীয়াৰ আহাৰ খাবলৈ ৰান্ধনি ঘৰত গৈ শিশুৰ ঠেলা হেঁচাত পৰি গৰম তৰকাৰীত পৰি এনে ঘটনা সংঘটিত হৈছে৷ এই  ক্ষেত্ৰত পৰিয়ালৰ লোকে প্রধান শিক্ষক আব্দুল কৰিমৰ গাফিলতিত সংঘটিত হৈছে বুলি অভিযোগ উত্থাপিত কৰিছে৷ পিছে পৰিয়ালৰ লোকে ততাতৈয়াকৈ ধুবুৰী অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও শিশুটোৰ অবস্থা বৰ সংকট জনক। 

মনকৰিবলগীয়া কথা হৈছে যে স্কুল খনত ১৩০ ছাত্র ছাত্রীয়ে মধ্যেনহ্ন ভোজন আহাৰ গ্ৰহণ কৰাৰ বাবে মাত্র ৩০ টা মান কাঁহি বা (থালী) আছে আৰু এটা গিলাছ আৰু এটা জঘেৰে চলাই আহিছে মধ্যাহ্ন ভোজনৰ কাম৷ এই বাৰ আপোলোকেই ভাবক ১৩০ জন লৰা ছোৱালীক ৩০ টা থালিৰে খুৱাবলৈ হলে এনে ঘটনা কিয় সংঘটিত নহব ? এইজন প্রধান শিক্ষকে স্কুলত আহি পাঠ দান নকৰি বহি বহি টোপনি মাৰি থাকে বুলি ছাত্ৰছাত্ৰী সকলে জানিবলৈ দিয়ে। স্থানীয় ৰাইজৰ লগতে অভিভাৱক সকলে প্ৰশ্ন উত্থাপন কৰিছে ছি আৰ ছিৰ লগতে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াই কি কৰি আছে৷ এই বিষয়া সকলে বিদ্যালয় সমূহ পৰিদৰ্শন কৰে নে ? এনেই চৰকাৰী দৰমহা কেইটা ভক্ষণ কৰি আছে৷ অভিভাৱক সকলে জনোৱা মতে এই বিদ্যালয় খনৰ ছাত্ৰছাত্ৰী সকলোক দুপুৰীয়াৰ আহাৰ খুৱাবৰ বাবে বাচনবৰ্তন যোগান ধৰিছিল নে ? শিক্ষক জনে বাচনবৰ্তন সমূহ বিক্ৰী কৰিছে নেকি ? অভিভাৱকৰ লগতে স্থানীয় ৰাইজে এই দুৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষক আব্দুল কৰিমৰ বিৰুদ্ধে চৰকাৰৰ শিক্ষা বিভাগ তথা জিলা উপায়ুক্তক তদন্তৰ দাবী জনাইছে৷ চৰকাৰ তথা জিলা উপায়ুক্তই এই প্ৰধান শিক্ষক জনৰ বিৰুদ্ধে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া হব পৰবৰ্তী সময়ত লক্ষণীয় বিষয়৷


*শিৱসাগৰত উপস্থিত বিধায়ক ৰকিবুল হুছেইন*
*একালৰ বন্ধু মুখ্যমন্ত্ৰীক ক্ষোৰধাৰ সমালোচনা ৰকিবুল হুছেইনৰ*
আমাৰ প্ৰণাম সংবাদদাতা শিৱসাগৰ: চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুচেইন আজি শিৱসাগৰত উপস্থিত হয় ।বিধায়কজন উপস্থিত হৈয়ে সাংবাদিকৰ আগত একালৰ বন্ধু তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীক ক্ষোৰধাৰ সমালোচনা কৰে। মুখ্যমন্ত্ৰীক যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ যোৱা পথেৰে অহাযোৱা কৰিবলৈ অনুৰোধ কৰে। তেওঁ আৰু কয় যে টোল গেট টোল টেস্ক বনাইছে আৰু  সেই টেক্সৰে জনসাধাৰণৰ বাবে পথ সুচল কৰিবলৈ  আহ্বান জনায়। গুৱাহাটীৰ উন্নয়নে জকাইচুকৰ উন্নয়ন নুবুজাই।মানুহৰ মন বেয়া , মূল্যবৃদ্ধিয়ে জলাকলা খুৱাইছে , চৰকাৰে ৮০০ টকা ১০০০টকা দিছে কিন্ত দাইল তেল আৰু টেস্ক আদিৰ নামত সেই পৰিয়ালৰ পৰাইয়ে ৫০০০-৬০০০ টকা লৈ গৈছে। ইয়াৰ উপৰিও সমগুৰি সমষ্টিৰ বিধায়ক জনে আৰু কয় যে ২৫ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি ১ লাখৰ হিচাপ দিয়াত ব্যস্ত , ১ লাখ যোগ নে বিয়োগ ভাবিম বুলি  মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে। অনুদান দিছে ৰাইজে লৈছে উৎস কৰ , ৰাইজক ধাৰুৱা কৰিছে, উৎস ৰাইজক জনাব লাগে। উন্নয়নৰ বুজ লবলৈ মুখ্যমন্ত্ৰী চদ্মবেশত ৰাইজৰ ঘৰত যাঁওকঃ- ৰকিবুল হুছেইন। ইয়াৰ উপৰিও বটদ্রুৱা প্ৰসংগ সম্পৰ্কত আছিকুল ENCOUNTRE , হাইকৰ্ট ন্যয়ধীশৰ দ্বাৰা তদন্ত দাবী , বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰ মাইণ্ড আছিকূলৰ দূৰ্ঘটনাত মৃত্যু ঘটনাৰ হাইকৰ্টৰ ন্যায়াধীশৰ দ্বাৰা তদন্ত দাবী ৰকিবুলৰ । ইফালে এনকাউন্টাৰ সম্পৰ্কতো বিস্ফোৰক মন্তব্য হুছেইনৰ । বৰ্তমানৰ মূখ্যমন্ত্ৰীয়ে এসময়ত কৈছিল পাপ কৰিলে হেৰী হয় বুলি । এতিয়া যদি এইবোৰ পাপ হৈছে তেন্তে হেৰিৰ নিচিনা কিবা হ'ব নে ? এনকাউন্টাৰ সম্পৰ্কত ৰকিবুল । শিক্ষক নিযুক্তি কেলেংকাৰী সন্দৰ্ভত বিধায়কজনে  শিৱসাগৰত কংগ্ৰেছ আমোলত হোৱা শিক্ষক নিযুক্তি কেলেংকাৰী সম্পৰ্কতো কেলেংকাৰীৰ প্ৰসংগ এৰাই চলি ৰকিবুলৰ বক্ৰোক্তি । এতিয়া কেলেংকাৰীৰ কথা কোৱা সকলে নিজৰ গাট চিকূটি চাওঁক ।  APSC কেলেংকাৰীৰ সময়তো এখন তালিকা ওলাইছিল । তালিকাখন কাৰ আছিল সকলোৱে জানে । এতিয়া সেইসকলেই চিকাৰী দেখি উট পক্ষী হৈছে । বালিত মূৰ গুজি নিজক বচাব খুজিছে। কবিতা প্ৰসংগত বিধায়কজনে কয় যে মুখ্যমন্ত্ৰী গৰাকী নিজে সকলো হ'ব পাৰে । ধৰ্মগুৰু ,সাহিত্যিক, অৰ্থশাস্ত্ৰজ্ঞ সকলো হ'ব পাৰে তেওঁ । কিন্তু ভূপেন বৰা"বা মই কবিতা এটা লিখিলে অপৰাধ।


Money Laundering Case: ইডিৰ ডাঙৰ পদক্ষেপ, ছোনিয়া আৰু ৰাহুল গান্ধীলৈ পঠিয়ালে জাননী, সোধা–পোছাৰ বাবে ৮ জুনত আহিবলৈ ক'লে কাৰ্যালয়লৈ

বুধবাৰে প্ৰৱৰ্তন সঞ্চালকালয় (ED)ৰ দ্বাৰা এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হয়। ইডিয়ে নেচনেল হেৰাল্ড গোচৰত কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীলৈ চমন প্ৰেৰণ কৰিছে।
কংগ্ৰেছ নেতা অভিষেক মনু সিংভিয়ে কয়– ''প্ৰতিশোধৰ ভাৱনাত চৰকাৰ অন্ধ হৈ পৰিছে। এইটো আমাক ভয় খুৱাবলৈ কৰা হৈছে, কিন্তু আমি ভয় নকৰোঁ।'' কংগ্ৰেছ নেতা অভিষেক মনু সিংভি আৰু ৰণদীপ সুৰজেৱালাই এখন সংবাদমেলত কৈছিল যে ইডিয়ে ৮ জুনত ছোনিয়া গান্ধীক সোধা-পোছাৰ বাবে মাতি পঠিয়াইছে।
প্ৰৱৰ্তন সঞ্চালকালয়ৰ বিষয়াসকলে কয় যে ছোনিয়া গান্ধী (Sonia Gandhi) আৰু ৰাহুল গান্ধী (Rahul Gandhi)ক মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ অপৰাধমূলক ধাৰাৰ অধীনত তেওঁলোকৰ বিবৃতি লিপিবদ্ধ কৰিবলৈ জাননী জাৰি কৰা হৈছে। ইয়াৰ পূৰ্বে, সংস্থাটোৱে কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে আৰু পৱন বানচালকো প্ৰশ্ন কৰিছিল।
মই আপোনাক কওঁ যে নেচনেল হেৰাল্ড (National Herald ) বাতৰি কাকতখন কংগ্ৰেছ দলৰ মালিকানাধীন আৰু তেওঁলোকে ইয়াক চলায়। ১৯৩৭ চনত পণ্ডিত জৱাহৰলাল নেহৰুৱে এছ'চিয়েটেড জাৰ্নেল লিমিটেড সৃষ্টি কৰে, যিয়ে তিনিখন বাতৰি কাকত উলিয়াবলৈ আৰম্ভ কৰে। হিন্দীত নৱজীৱন, উৰ্দুত কৌমি আৱাজ আৰু ইংৰাজীত নেচনেল হেৰাল্ড। ২০০৮ চনত এছ'চিয়েটেড জাৰ্নেল লিমিটেডে (AJL) সিদ্ধান্ত লয় যে তেওঁলোকে আৰু বাতৰি কাকত প্ৰকাশ নকৰে। এছ'চিয়েটেড জাৰ্নেল লিমিটেডৰ ৯০ কোটি টকাৰ ঋণ আছিল।
অভিযোগ কৰা হৈছে যে ২০১০ চনত কংগ্ৰেছে ৫০ লাখ টকাৰ বিনিয়োগেৰে ইয়ং ইণ্ডিয়ান প্ৰাইভেট লিমিটেড নামৰ এটা অলাভজনক কোম্পানী গঠন কৰিছিল, য'ত ৭৬% অংশ ৰাহুল গান্ধী আৰু তেওঁৰ মাতৃ ছোনিয়া গান্ধীৰ মালিকানাধীন আছিল। বাকী ২৪% মতিলাল ভোৰা আৰু অস্কাৰ ফাৰ্ণাণ্ডেজৰ মালিকানাধীন আছিল, যি এতিয়া এই পৃথিৱীত নাই। বিত্তীয় প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাত এই এছ'চিয়েটেড জাৰ্নেল লিমিটেড ইয়ং ইণ্ডিয়ান প্ৰাইভেট লিমিটেডে (Young Indian Pvt Ltd) অধিগ্ৰহণ কৰে।
২০১২ চনত বিজেপি নেতা সুব্ৰমনিয়াম স্বামীয়ে আদালতত এখন পিআইএল দাখিল কৰে, কংগ্ৰেছৰ বিৰুদ্ধে নেচনেল হেৰাল্ড প্ৰকাশ কৰা কোম্পানী এছ'চিয়েটেড জাৰ্নেল লিমিটেডৰ অধিগ্ৰহণত প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰে। সুব্ৰমনিয়াম স্বামীয়ে পিআইএলত দাবী কৰিছিল যে মাত্ৰ ৫০ লাখ টকা খৰচ কৰি ৯০ কোটি টকা উদ্ধাৰ কৰা হৈছিল।
স্বামীয়ে আদালতক কৈছিল যে কংগ্ৰেছে প্ৰথমে ইয়ং ইণ্ডিয়া প্ৰাইভেট লিমিটেডক ৯০ কোটি টকাৰ ঋণ দিছিল, যি ধনৰ পৰা কোম্পানীটোৱে এজেএল অধিগ্ৰহণ কৰিছিল, তাৰ পিছত একাউণ্ট নথিবোৰ নষ্ট কৰিছিল আৰু দেখুৱাইছিল যে সেই পৰিমাণ ৫০ লাখ টকা অৰ্থাৎ ৮৯.৫০ কোটি টকা ৰেহাই দিয়া হৈছিল।


Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা