Modi@8 | CM Himanta Biswa Sarma: মোদী চৰকাৰৰ অষ্টম বৰ্ষপূৰ্তিত কাম–কাজৰ খতিয়ান মুখ্যমন্ত্ৰীৰ, সংবাদমেলত ক'লে- ''পৰিয়ালতন্ত্ৰৰ পৰা ভাৰতত গণতন্ত্ৰ স্থাপন''

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ ৮ বছৰ পূৰ্তি উপলক্ষে আজি ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সভাপতি ভৱেশ কলিতাৰ সৈতে সংবাদমেল সম্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে ২০১৪ পৰা ২০২২ চনলৈ মোদী চৰকাৰৰ কাম–কাজৰ খতিয়ান দাঙি ধৰে (Eight years of Modi Govt)।

ভাৰতৰ লগতে উত্তৰ–পূব তথা অসমক ৮ বছৰীয়া মোদী চৰকাৰখনে বিকাশৰ নতুন দিশত অগ্ৰসৰ কৰোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়– ''ভাৰতে নতুন দিশত গতি লৈছে, পৰিয়াল তন্ত্ৰৰ পৰা ভাৰতত গণতন্ত্ৰ স্থাপন হ'ল, এই ৮ বছৰ আছিল প্ৰাপ্তিৰ বছৰ, অসমে মোদীৰ পৰা ভাবিব নোৱৰাকৈ উপহাৰ পাইছে। কাৰ্বি চুক্তি, বড়ো চুক্তিৰ জৰিয়তে শান্তি আনিছে, আফচাক লৈ হোৱা চৰ্চাৰ পিছত AFSPA আঁতৰ কৰিছে। অৰুণাচল, অসম আৰু মণিপুৰত দ্বিতীয়বাৰলৈ বিজেপি চৰকাৰ জয়ী হোৱাৰ মূল কাৰণ মোদী নীতি।''

মুখ্যমন্ত্ৰীয়ে (CM Himanta Biswa Sarma) ৰাজ্যখনে পিএমএৱাইৰ পৰা ১ কোটি ২ লাখ বাসগৃহ নিৰ্মাণ, উত্তৰ–পূবত ৰে'ল যোগাযোগৰ ব্যাপক উন্নতি, ৬.২০ লোকে বিশুদ্ধ খোৱাপানী লাভ কৰা, ৪ কোটি লোকে বিনামূলীয়া ভেকচিন পোৱাকে ধৰি ভিন্ন দিশত মোদী চৰকাৰে আঠটা বছৰত কৰা কামৰ খতিয়ান দাঙি ধৰে। আনহাতে সুধাকণ্ঠ ভূপেন হাজৰিকাক (Bhupen Hazarica) ভাৰতৰত্ন দিয়াৰ বাবেও প্ৰধানমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।


ইউক্ৰেইনৰ পৰা দেশলৈ ভাৰতীয় শিক্ষাৰ্থীক ওভতাই অনাৰ ক্ষেত্ৰত মোদীৰ (PM Narendra Modi) উদ্যোগৰ প্ৰশংসা কৰে। দেশৰ বিকাশৰ ক্ষেত্ৰতো নৰেন্দ্ৰ মোদী চৰকাৰে কৰা কামৰ খতিয়ান দাঙি ধৰি মোদীৰ যুগজয়ী নেতৃত্বৰ বাবেই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতে স্থায়ী সদস্যতা পোৱাৰ পথত বুলি উল্লেখ কৰে।

তেওঁ ২০১৪ৰ পৰা ভাৰতে বহুখিনি পোৱাৰ সমান্তৰালভাৱে বিশ্বৰ আসনত ভাৰতে মোদীৰ বাবেই বিশেষ স্থান পোৱা বুলি সদৰী কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে প্ৰধানমন্ত্ৰীৰ প্ৰতি দেশবাসীৰ আস্থা আছে। উল্লেখ্য, নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষে এমাহ ধৰি বিজেপিয়ে কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা