news

ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত প্ৰাচীৰ পত্ৰিকা উন্মোচন আৰু সাহিত্য পাঠ অনুষ্ঠান

 ধুবুৰী , ১ জুন

ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ ভাষা-সাহিত্য ঢ'ৰা অসমীয়া বিভাগৰ উদ্যোগত আজি অসমীয়া বিভাগৰ প্ৰাচীৰ পত্ৰিকা সৃষ্টিৰ বসন্ত সংখ্যাটো উন্মোচনৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত সাহিত্য পাঠৰ এক ব্যতিক্ৰমধৰ্মী অনুষ্ঠানৰ আয়োজন কৰা হয় । অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত সেই সভাখনত আৰম্ভণি গীত পৰিৱেশন কৰে অসমীয়া বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰী বৃন্দই । আদৰণী ভাষণ প্ৰদান কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹. ধ্ৰুৱ চক্ৰৱৰ্তীয়ে অসমীয়া বিভাগৰ এনেধৰণৰ সৃষ্টিশীল অনুষ্ঠানৰ শলাগ কৰি। আজিৰ সভাখনত  মুখ্য অতিথিৰূপে উপস্থিত থকা বিশিষ্ট সাহিত্যিক তথা গৌৰীপুৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ড৹ গীতা সৰকাৰে অসমীয়া কাব্য সাহিত্যৰ গতিধাৰা সম্পৰ্কে বিশদভাৱে আলোচনা কৰে। সভাখনত   যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে স্বৰচিত কবিতা,গল্প আদি পাঠ কৰে।  সভাখনত  বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা বিজনী মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ তথা বিশিষ্ট সাহিত্যিক ড. প্ৰমথেশ বায়নে নিজৰ ভাষণত  যে ছাত্ৰ-ছাত্ৰীৰ এই ধৰণৰ সৃষ্টিশীল সাহিত্যৰ কছৰৎ আৰু মহাবিদ্যালয়ৰ প্ৰচেষ্টাই তেওঁলোকক সাহিত্যৰ পথাৰখনত আগবাঢ়ি যোৱাত সহায় কৰিব বুলি  উল্লেখ কৰে। ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ড৹ অলকা শৰ্মাই অনুষ্ঠানটোত স্বৰচিত কবিতা পাঠ কৰে। সভাখনত মহাবিদ্যালয়ৰ উপাধ্যক্ষা ৰীতা বৰা, সহযোগী অধ্যাপক ড৹ কৰুণা কান্ত দাস, সহকাৰী অধ্যাপক ড৹ পলী বেজবৰুৱা, ছাইফুল হাচান, দেৱশ্ৰী ৰায়কে ধৰি  দুই শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল। অন্তত  জাতীয় সংগীত পৰিবেশনেৰে আজিৰ সেই সভাখনৰ সামৰণি পৰে ।

প্ৰেৰক- জিতু মণি দাস, ধুবুৰী


এক নতুন ইতিহাসৰ আৰম্ভণী – আজিৰ পৰা আৰম্ভ হ’ল ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ বহিঃ বিভাগ –আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি আজিৰ দিনটোক এক ঐতিহাসিক দিন বুলি অভিহিত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

ধুবুৰী, ১ জুন:

 নতুন এক ইতিহাসৰ আৰম্ভণি ঘটাই আজি ধুবুৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ বহিঃ বিভাগৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে  ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।  মন্ত্ৰীগৰাকীয়ে আজিৰ দিনটো এক ঐতিহাসিক দিন বুলি অভিহিত কৰে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গতিশীল নেতৃত্বৰ ফলস্বৰূপে খুৱ সোনকালে  ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ বহিঃ বিভাগ আৰম্ভ কৰিব পাৰিলে বুলি উল্লেখ কৰে। আজিৰ পৰা  ধুবুৰী অসামৰিক চিকিৎসালয়খন  ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ সৈতে চামিল হ’ল বুলিও জনায় তেওঁ।অহা ছেপ্টেম্বৰ মাহৰ পৰা ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত পাঠদান প্ৰক্ৰিয়া আৰম্ভ হব বুলি আশ্বাস প্ৰদান কৰাৰ ল’গতে ইতিমধ্যে এই  চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰায়ভাগ কাম সম্পন্ন হোৱা বুলিও মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।  জানিব পৰা মতে, আজিৰ পৰা আৰম্ভ হোৱা  ধুবুৰীৰ এই চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়খনত মুঠ ১১ টা বিভাগৰ বহিঃ বিভাগৰ চিকিৎসা সেৱা লাভ কৰিব ৰোগীয়ে। বহিঃ বিভাগৰ আনুষ্ঠানিক উদ্বোধনৰ পিছত  স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে নবনিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ বিভিন্ন বিভাগ পৰিদৰ্শন কৰে। ধুবুৰী চিকিৎসা মহাবিদ্যায়  কৰ্তৃপক্ষ আৰু চিকিৎসকৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকতো মিলিত হয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।

প্ৰেৰক- জিতু মণি দাস, ধুবুৰী




# বৰপেটাৰোড আৰক্ষীৰ এক বৃহৎ সফলতাঃ ছিন্তাই বলেৰো উদ্ধাৰ,৫ জনক অাটক #

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,১ জুনঃ বৰপেটা জিলাৰ বৰপেটাৰোড আৰক্ষীৰ এক বৃহৎ সফলতা। যোৱানিশা এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বৰপেটাৰোড থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপুল চন্দ্ৰ কলিতাৰ নেতৃত্বত বৰপেটাৰোড আৰক্ষীৰ এটি দলে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই কোকৰাঝাৰৰ পৰা ছিন্তাই হোৱা ব'লেৰো পিকাপখন জব্দ কৰাৰ লগতে দুজন ছিন্তাইকাৰীক আটক কৰিবলৈ সক্ষম হয়। পিছে আটকাধীন যুৱকদ্বয়ক বৰপেটাৰোড আৰক্ষী থানাত লৈ আহি শোধপোছ কৰাৰ লগতে তেওঁলোকৰ তথ্যৰ ভিত্তিত বৰপেটাৰোডৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই আন তিনিজনক আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে,আৰক্ষীয়ে ছিন্তাইকাৰী সকলৰ পৰা ৬ টা মোবাইল ফোনৰ লগতে এখন বাজাজ ডিস্কোভাৰ বাইক জব্দ কৰে। পিছে আটকাধীন যুৱককেইজন ক্ৰমে ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত মহম্মদ ইন্তাজ আলীৰ পুত্ৰ মহিবুল ইছলাম,মৃত ৰসিদ আলীৰ পুত্ৰ মোফিজুল ইছলাম,মহম্মদ ছায়েদ আলী শেখৰ পুত্ৰ ইমৰাণ আলী শেখ,বৰপেটা জিলাৰ বৰপেটাৰোড থানাৰ অন্তৰ্গত মহম্মদ খবৰ আলীৰ পুত্ৰ সাগৰ আলী অাৰু আনজন হল বৰপেটা জিলাৰ হাউলী থানাৰ অন্তৰ্গত বৰবালা গাঁৱৰ মহম্মদ সুলতান আলী খানৰ পুত্ৰ বাহাৰুল ইছলাম বুলি জানিব পৰা গৈছে। (ফটো অাছে)



নিউ তিনিচুকীয়া ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ সহ ২ যুৱতী  মহিলা আটক।


দৈনিক আমাৰ প্ৰণাম  তিনিচুকীয়া ০১ জুনঃআজি নিউ তিনিচুকীয়া ৰে’লৱে ষ্টেচনত ৰেল আৰক্ষীয়ে এক গোপন সূত্ৰ পমখেদি অভিযান চলাই বৃহৎ পৰিমাণৰ সন্দেহজনক ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয়। ৰেল আৰক্ষীয়ে 15603 নম্বৰৰ কামাখ্যা লিডু এক্সপ্ৰেছত ব্ৰাউন চুগাৰখিনি কঢ়িয়াই অনা সন্দেহত দুগৰাকী মহিলাকো আটক কৰিবলৈ সক্ষম হয়।জব্দ কৰা ব্ৰাউন চুগাৰখিনি আনুমানিক বজাৰ মূল্য প্ৰায় ৩.৫০ কোটি টকাৰ হব ৷মহিলা দুগৰাকীয়ে ব্ৰাউন চুগাৰখিনি ডিমাপুৰৰ পৰা দুলীয়াজানলৈ বুলি ৰে’লেৰে কঢ়িয়াই অনাৰ সময়তে বিশেষ খৱৰৰ ভিত্তিত ৰে’লৱে আৰক্ষীয়ে জব্দ কৰে ব্ৰাউন চুগাৰখিনি ৷ইতিমধ্যে দুয়োগৰাকী যুৱতী মহিলাক  তিনিচুকীয়া ৰে’লৱে আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে ৷(ফটোসহ) 

তিনিচুকীয়া পৰা পুষ্পা শৰ্মা  বৰুৱা

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা