n-2

### নানকাৰভয়ৰাত  জনতাৰ  সদনত বিধায়ক   তথা মূখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা  ### 

চহী কৰোতে পইচা নিবিচাৰিব    , লাগিলে পইচা মোৰ পৰা লৈ যাওক    জনতাৰ পৰা পইচা  নিবিচাৰিব জেললৈ গলে মই বচাব নোৱাৰিম   পঞ্চায়ত সভাপতি , সচিব , গাওবুঢ়া  পঞ্চায়ত প্ৰতিনিধি আৰু বিষয়াক  সকীয়নী বিধায়ক বৰুৱাৰ   
 
দৈনিক আমাৰ প্ৰণাম সেৱা :::  নলবাৰী :: ১ জুন :::::                  
ৰাজ‍্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন বিজেপি চৰকাৰৰ  প্ৰথম বৰ্ষপূৰ্তি  উপলক্ষে প্ৰতিখন পঞ্চায়ত জনতাৰ সদন  অনুষ্ঠিত কৰা হৈছে ।      মংগলবাৰে  নলবাৰী জিলাৰ ৫৯ নং নলবাৰী বিধান সভা সমষ্টিৰ    ১ নং খাতা গাঁও পঞ্চায়তৰ নানকাৰভয়ৰা ঘূলিসত্রত আবেলি ৪ বজাত  আধাৰশিলা স্থাপন , শুভ উদ্ধোধন  আৰু জনতাৰ সদন কাৰ্যসূচী  অনুষ্ঠিত হৈ যায় ।  বিজেপি নেতা কৰ্মী আৰু ৰাইজে  বিধায়ক তথা মূখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব  গৰাকীক  বড়ো নৃত্য , ঢোল খোল , দিহানাম আদিৰে আদৰনী আনে । ইয়াৰ পিছতে বিধায়ক গৰাকীয়ে  ঘূলিসত্রত সেৱা লয়  আৰু জনতাৰ সদন কাৰ্যসূচীত অংশগ্ৰহন কৰে ।                 পূৱ নলবাৰী মণ্ডল বিজেপি ৰ সম্পাদক  প্ৰণৱ শৰ্মাই আঁত ধৰা  জনতাৰ সদন  অনুষ্ঠান ত  উপস্থিত থাকে নলবাৰী সমষ্টিৰ  জনপ্ৰিয় বিধায়ক তথা মূখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব  জয়ন্ত মল বৰুৱা, নলবাৰী   জিলা বিজেপি সভাপতি  ডা • মৃগাংক তালুকদাৰ , নলবাৰী জিলা বিজেপি  প্ৰভাৰী বিজুলী কলিতা মেধি ,  সহ প্ৰভাৰী বিতুপন ৰাইদঙীয়া , পূৱ নলবাৰী মণ্ডল বিজেপি সভাপতি প্ৰতুল কলিতা , বিজেপি নেতা দিলজিত বৰ্মন , ১ নং খাটা গাও পঞ্চায়তৰ সভাপতি  লাৱেণ্য নাথ , আঞ্চলিক সদস্য ৰাজীৱ দাস ,  গ্ৰামীন জীৱিকা অভিযানৰ জিলা প্ৰৱন্ধক চন্দন   তালুকদাৰ , বিভিন্ন  বিভাগৰ বিষয়া -কৰ্মচাৰীকে ধৰি পঞ্চায়ত খনৰ গাঁও সভাৰ সদস্য-সদস‍্যা, বুথ বিজেপিৰ সভাপতি- সম্পাদক  প্ৰমুখ্য কৰি প্ৰায় তিনি সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে।
উক্ত সভাত বিধায়ক জয়ন্ত মল্ল বৰুৱাই পোনপতীয়াকৈ ৰাইজে আঁচনি সমূহ লাভ কৰিছে নে নাই লগতে বিভিন্ন সমস্যাৰ বুজ লয়।ৰাইজেও পোনপতীয়াকৈ বিধায়কক নিজৰ-নিজৰ অভাৱ-অভিযোগৰ বিষয়ে অৱগত কৰায় । বিধায়ক জয়ন্ত মল্ল বৰুৱাই  কয়  বিভিন্ন বিভাগৰ বিষয়াক লৈ সমষ্টিৰ  বিভিন্ন পঞ্চায়ত জনতাৰ সদন  কাৰ্যসূচীত অংশগ্ৰহন কৰ জনতাৰ অভাৱ অভিযোগ খিনি শুনিবলৈ বুজিবলৈ চেষ্টা কৰিছো । বিভাগীয় বিষয়াই তেওলোকৰ আবেদন খিনি লৈছে ।   চৰকাৰে দিয়া আচনী সমূহ মাজত কেনেকৈ মধ্যভোগী নহোৱাকৈ ৰাইজক সহজ কৰি দিব পাৰে  তাৰ পৰিকল্পনা আৰু চেষ্টা  কৰিছে ।  সাধাৰণ দুখীয়া দৰিদ্ৰ সঠিক হিতাধীকাৰী যাতে আচনী সমূহত অন্তভূক্ত হব পাৰে সেই লক্ষ্যৰে  জনতাৰ সদন অনুষ্ঠিত কৰিছো বুলি  বিধায়ক গৰাকী মন্তব্য কৰে  ।  ভাষণত বিধায়ক গৰাকীয়ে চৰকাৰী  বিষয়া কৰ্মচাৰী ,  পঞ্চায়ত সভাপতি  , সচিব  , সদস্য সদস্যা আৰু গাও প্ৰধানক সকিয়নী দি কয় চাৰ্টিফিকেট আৰু  চহীৰ ৰ নামত টকা বিচাৰিলে জেললৈ যাব লাগিব । চাৰ্টিফিকেট চপাবলৈ টকা লাগিলে মোৰ পৰা লব ৰাইজৰ পৰা টকা নলব । টকা ললে জেললৈ যাব তেতিয়া মই বচাৱ নোৱাৰিম ।  আমাৰ দলৰ নেতা কৰ্মী , প্ৰতিনিধি হলেও জেললৈ যাব লাগিব মই কাকো বচাব নোৱাৰিম ।  চহী দিয়াৰ নামত কোনো মানুহক নৰখাব চহী লগে লগে কৰি দিব বুলি কোৱাৰ লগতে ৰাইজক সজাগ হবলৈ আহ্বান জনায়  কয় তালিকাত যাৰ নাম আছে , দুখীয়া পৰিয়াল তেওলোকৰ ঘৰ পাব  ,   ঘৰৰ নামত  কাকো এটকা নিদিবলৈ কয় ।   উক্ত  অনুষ্ঠানটোত  বিধায়ক তথা মূখ্যমন্ত্রীৰ  ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই  নানকাৰভয়ৰা পশু  চিকিৎসালয়ৰ নৱ নিৰ্মিত ভৱন , ঘূলিসত্রৰ দৰ্শনাৰ্থীৰ জিৰণী গৃহ , শৌচাগাৰ , স্নানাগাৰ শুভ উদ্ধোধন ,  অসম দৰ্শন আচনী ২০২১- ২২ বৰ্ষৰ দক্ষিণ পূৱ চুবুৰী নামঘৰ বৰখানাজান ,  জাজিয়াবাৰী বাৰগোপাল নামঘৰ , বিধায়ক উন্নয়ন পূজি ২০২১ - ২২ বৰ্ষৰ অনুদানেৰে নিৰ্মান হবলগীয়া নানকাৰভয়ৰা তালিয়াতোলা চুবুৰী নামঘৰৰ আধাৰশিলা স্থাপন আৰু জলজীৱন মিছনৰ জৰিয়তে সম্পূৰ্ণ কৰা  বিষ্টুপুৰ খোৱাপানী যোগান আচনী  শুভ উদ্ধোধন কৰে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা