front

Hagrama Vs Pramod Bodo: প্ৰমোদ বড়োক কামাখ্যা মন্দিৰলৈ মাতিলে হাগ্ৰামা মহিলাৰীয়ে, কিয়?

বিটিচি (ঊণ)ৰ উপ নিৰ্বাচনক কেন্দ্ৰ কৰি অব্যাহত আছে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো (Hagrama Mohilary Vs Pramod Bodo) ৰাজনৈতিক বাকযুঁজ ৷ আজি পুনৰ প্ৰমোদ বড়োক প্ৰত্যাহ্বান হাগ্ৰামা মহিলাৰীৰ ৷ "প্ৰমোদ বড়োৱে মোক দিল্লীলৈ মাতি নিছিল আলোচনা কৰিবলৈ ৷ মোৰ লগত অডিও ৰেকৰ্ডিং আছে প্ৰমোদ বড়োৰ ৷ BTRৰ পৰা বিজেপি (BJP)ক উৎখাট কৰিবলৈ মোক লগ ধৰিছিল প্ৰমোদ বড়োৱে ৷" আজি কোকলাবাৰী সমষ্টিৰ উপ নিৰ্বাচনত বিপিএফৰ প্ৰাৰ্থী শংকৰ বসুমতাৰীৰ হৈ প্ৰচাৰ চলাবলৈ আহি পুনৰ বিস্ফোৰক মন্তব্য কৰে বিপিএফ (BPF)ৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৷

হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োক প্ৰত্যাহ্বান জনাই পুনৰ কয় যে "প্ৰমোদ বড়োৰ যদি সাহস আছে কামাখ্যালৈ আহক ৷ গীতা, ভাগৱতত ধৰি শপত খাওক ৷ মই মিছা কৈছোঁ বুলি পাৰে যদি প্ৰমাণ কৰক।"

উল্লেখ্য যে বিটিআৰৰ পৰা বিজেপিক উৎখাট কৰাৰ বাবে তেওঁক প্ৰমোদ বড়োই দিল্লী (Delhi)লৈ আলোচনাৰ বাবে মতা বুলি কিছুদিন পূৰ্বে সংবাদ মাধ্যমক জানিব দিছিল বিপিএফৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য  কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে ৷ পিছে এই কথা অস্বীকাৰ কৰিছিল বিটিচিৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷ কিন্তু আজি পুনৰ প্ৰমোদ বড়োৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ লগতে আজি পুনৰ প্ৰমোদ বড়োক মিছা কথা কোৱা হেডমাষ্টাৰ বুলি অভিযোগ কৰে ৷


আনহাতে নিদৰ্লীয় প্ৰাৰ্থী এগৰাকী নিৰুদ্দিষ্ট হোৱা বিষয়ক লৈও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি মহিলাৰীয়ে কোকলাবাৰী পৰিষদীয় সমষ্টিত ভগৱানে সহায় কৰিলে বিপিএফৰ প্ৰাৰ্থী বিজয়ী হ'ব বুলি জানিব দিয়ে ৷ মহিলাৰীয়ে কয় যে এইবাৰ সমষ্টিটোত বড়ো ভাষী ভোটাৰ বিপিএফৰ দিশে আকৰ্ষিত হৈছে ৷ সেয়ে কোকলাবাৰী সমষ্টিটোৰ পৰা বিপিএফৰ প্ৰাৰ্থী শংকৰ বসুমতাৰী বিজয়ী হ'ব ৷



অতিথিক বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ! কামৰূপ মেট্ৰ'ৰ সহকাৰী আয়ুক্ত বাৰ্বি হাজৰিকাক চাকৰিৰ পৰা নিলম্বন

  • কামৰূপ মেট্ৰৰ সহকাৰী আয়ুক্ত বাৰ্বি হাজৰিকাক চাকৰিৰ পৰা নিলম্বন ৷
  • হাজৰিকা ছেকেণ্ডাৰী এডুকেশ্বনৰ OSD হিচাপে কৰ্মৰত  আছিল ৷
  • এক্ট ইষ্ট পলিচিৰ ছিংগাপুৰৰ ডেলিগেছন আৰু ASEAN ডেলিগেছনে হাজৰিকাৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰ কৰাৰ কৰাৰ অভিযোগ উত্থাপিত কৰিছিল।
  • ২০১৬ বৰ্ষৰ ACS বিষয়া হাজৰিকা ২০১৬ বেটছৰ ৬ নং ৰেংক হ'ল্ডাৰ ৷
  • ASEAN আৰু ছিংগাৰপুৰ ডেলিগেছনক বেয়া ব্যৱহাৰ কৰাৰ বাবে ৰাজ্যৰ ভাবমূৰ্তি ASEAN দেশসমূহত আৰু ছিংগাপুৰত বেয়া হোৱাৰ কথা সদৰি কৰিছে ৰাজ্য চৰকাৰে ৷




ভাল থানালৈ বদলি লাগে, উৎকোচ দি হাতে-লোটে গ্ৰেপ্তাৰ নগাঁৱৰ সহকাৰী উপ-পৰিদৰ্শক
ভাল থানালৈ বদলি বিচাৰি ১০ হাজাৰ টকা উৎকোচ দিবলৈ গৈ হাতে-লোটে গ্ৰেপ্তাৰ হ'ল নগাঁৱৰ এগৰাকী সহকাৰী উপ-পৰিদৰ্শক। নগাঁও আৰক্ষী ছাউনীত কৰ্মৰত আব্দুল মতলিব নামৰ সহকাৰী উপ-পৰিদৰ্শক গৰাকীয়ে নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক (সদৰ) ত্ৰিদিৱ কুমবাঙক আজি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ১০ হাজাৰ টকা উৎকোছ দিবলৈ বিচাৰে। কিন্তু উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে এই বিষয়ে লগে লগে নগাঁও আৰক্ষী অধীক্ষক লীনা দলেক অৱগত কৰাত তেওঁ আব্দুল মতলিবক আটক কৰে।
ইতিমধ্যে আব্দুল মতলিবৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে উপ-আৰক্ষী অধীক্ষক ত্ৰিদিৱ কুমবাঙে। এই সংক্ৰান্তত নগাঁও আৰক্ষী অধীক্ষক লীনা দলেই নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি আব্দুল মতলিবৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি ঘোষণা কৰে। উল্লেখযোগ্য যে, থানালৈ বদলিৰ বাবে শীৰ্ষ বিষয়াক উৎকোচ দিয়া কাৰ্যই বৰ্তমানেও আৰক্ষী থানাসমূহত চলি থকা দুৰ্নীতিৰ কথাকেই পুনৰ প্ৰমাণ কৰিলে।

Guwahati Rape Case | মহানগৰীত পুনৰ জঘন্য ঘটনা, বলপূৰ্বক ঘৰত প্ৰৱেশ কৰি এগৰাকী যুৱতীক বলাৎকাৰ
মহানগৰীত পুনৰ বলাৎকাৰৰ ঘটনা। বলপূৰ্বকভাৱে ঘৰত প্ৰৱেশ কৰি ধৰ্ষণ এগৰাকী যুৱতীক৷ গুৱাহাটীৰ হেঙেৰাবাৰীৰ ৰূপকোঁৱৰ পথত সংঘটিত হৈছে এই ঘটনা। ভাড়াঘৰত অকলশৰে থকা যুৱতীৰ কোঠাত সংঘটিত হৈছে এই ঘটনা৷ বুধবাৰে দিনৰ ১১ বজাত সংঘটিত হৈছে এই জঘন্য ঘটনা।
ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱতীগৰাকীয়ে দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে টেনজিং দৰ্জী নামৰ যুৱকজনক৷ ভুক্তভোগী যুৱতীগৰাকী অৰুণাচলৰ টাৱাঙৰ বুলি জানিব পৰা গৈছে৷





কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অভিলেখঃ ২০২২ বৰ্ষত ৬কোটিতকৈও অধিক ৰাজহ সংগ্ৰহ…

ডিজিটেল সংবাদ, বোকাখাতঃ সংৰক্ষণৰ দিশত সফলতাৰে শতবর্ষ গৰকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এইবাৰ পৰ্যটকৰ আগমনে ইতিহাস ভংগ কৰিলে। বুধবাৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পর্যটকৰ বাবে উদ্যান কর্তৃপক্ষই বন্ধ ঘোষণা কৰি জানিবলৈ দিয়া মতে,

২০২১-২২ বৰ্ষত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি মুঠ ২, ৫৫, ৬৭৬ জন দেশ বিদেশৰ পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছে। ইয়াৰে ১,৬৭৮জন বিদেশী পর্যটকে ৰাষ্ট্ৰীয় উদ্যানখন ভ্রমণ কৰাৰ লগতে ২,৫৩,৯৯৮জন দেশীয় পর্যটকে উদ্যান ভ্রমণ কৰাত বন বিভাগে মুঠ ৬, ২৪, ৮, ৬৫৪ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া ৰমেশ কুমাৰ গগৈয়ে সাংবাদিকক জানিবলৈ দিয়া মতে, এইবাৰৰ পৰ্যটন বৰ্ষৰ প্রধান আকর্ষণ আছিল ভাৰতৰ ৰাষ্ট্ৰপ্ৰধানৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন। ইয়াৰ উপৰিও দেশৰ বহুসংখ্যক ভি ভি আই পি তথা বিশেষ লোকৰ ৰাষ্ট্ৰীয় উদ্যান ভ্রমণ।

ইফালে কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে বলিউডৰ তাৰকা অক্ষয় কুমাৰে এক কোটি অনুদান আগবঢ়োৱা বাতৰিয়েও পর্যটকৰ দৃষ্টি আকর্ষণ বৃদ্ধি কৰে। উল্লেখ্য, ২০২১-২২ পর্যটন বর্ষৰ মুঠ পৰ্যটকৰ ভিতৰত সর্বাধিক ডিচেম্বৰ মাহত ৫৫, ৭৭৩জন পর্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছে।

ইফালে বছৰৰ মে’ মাহত বাৰিষা অর্থাৎ বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱাৰ কাৰণে পৰ্যটকৰ বাবে উদ্যান বন্ধ ৰখা হয় যদিও এইবাৰ সম্পূৰ্ণ মে মাহটো অতিৰিক্তভাৱে খোলা ৰখাত কেৱল মৌ মাহতেই ১৫, ৯৮৯ জন পর্যটকে উদ্যান ভ্রমণ কৰে। বৰ্তমান সামাজিক মাধ্যমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভৰ কথা বহুলভাৱে প্ৰচাৰ হোৱাত দিনকদিনে কাজিৰঙালৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে বুলি উদ্যান কর্তৃপক্ষই মত প্রকাশ কৰে।

অন্যহাতে, মহামাৰী ক’ভিডৰ কিছু বাধ্য বাধকতাৰ বাবে এইবাৰ কাজিৰঙালে বিদেশী পৰ্যটকৰ আগমন কমিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ বিদেশৰ পৰ্যটকৰ আগমন বৃদ্ধি পালে ৰাজহো আৰু বৃদ্ধি পাব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰিবলৈ যোৱা কোনো পর্যটকেই বিমুখ হ’বলগা নহয়।

গড়, হাতী, ঢেঁকীয়াপতীয়া বাঘ, এছীয় ম’হ, পাঁচ শতাধিকতকৈও অধিক প্ৰজাতিৰ পক্ষী খাল, বিলকে ধৰি জীব বৈচিত্র্যৰে ভৰপূৰ এই ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শন কৰিবলৈ অহা সকলোধৰণৰ পৰ্যটকে আনন্দ লাভ কৰিবলৈ সক্ষম হয় বুলি পর্যটন ব্যবসায়ীয়ে মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে, এইবাৰ কাজিৰঙালৈ পৰিয়ালৰ সৈতে ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কবিন্দে দৰ্শন কৰাৰ ফলতো কাজিৰঙাৰ প্ৰতি পর্যটকৰ আকর্ষণ বৃদ্ধি পাইছে বুলি পর্যটন ব্যৱসায়ীয়ে জানিবলৈ দিয়ে।

এটা গুৰুত্বপূৰ্ণ কথা যে ১৯০৫ চনত কাজিৰঙাক প্রস্তাবিত সংৰক্ষিত বনাঞ্চল ঘোষণা কৰাৰ পাছত ১৯৩৮ চনত উদ্যানখন পর্যটকৰ বাবে মুকলি কৰা হৈছিল। বিগত ৯৪ বছৰীয়া ইতিহাস ভংগ কৰি এইবাৰ সৰ্বাধিক পর্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান উদ্যান ভ্রমণ কৰি অভিলেখ সৃষ্টি কৰাটো পর্যটন ব্যৱসায়ীৰ বাবে এক শুভলক্ষণ বুলি পৰ্যটনৰ সৈতে জড়িত লোকে জানিবলৈ দিয়ে।




ধুবুৰীত বগা সাৰৰ কলা বজাৰ


ধুবুৰী, ২ জুন:


ধুবুৰীত গঢ়ি উঠিছে চুবুৰীয়া পশ্চিমবংগৰ ইউৰিয়া সাৰৰ অবৈধ বেহা। এটা বিশেষ চক্ৰই ধুবুৰীকে ধৰি বিভিন্ন চৰাঞ্চললৈ নদীপথেদি প্ৰেৰণ কৰিব লৈছে বস্তায় বস্তায় সাৰ। এই ভয়ংকৰ ঘটনাটো উন্মোচিত হৈছে যোৱাকালি। ধুবুৰীৰ পাৰ্শ্বৱৰ্তী চৰ ভাষাণী অঞ্চলৰ পৰা নদীপথেদি দক্ষিণ শালমাৰালৈ নাওঁ এখনেৰে নিয়াৰ পথত বিএছএফে জব্দ কৰিছে নাওঁভৰ্তি ইউৰিয়া সাৰৰ বস্তা; লগতে কৰায়ত্ব কৰিছে তিনিগৰাকীকৈ লোকক। ধুবুৰীৰ পাৰ্শ্বৱৰ্তী তথা ব্ৰহ্মপুত্ৰ পাৰৰ বংশীৰ চৰত নিয়োজিত থকা বিএছএফৰ  ৪৯ নং বেটেলিয়নৰ এটি দলে জব্দ কৰা  নাওঁখনকে ধৰি সেইখনত থকা ৮৫ বস্তা ইউৰিয়া সাৰ আৰু ধৃত লোক তিনিজনক ধুবুৰী থানাত জমা দিয়ে আজি। ধৃত শ্বাহ আলম, চান্দ মিঞাঁ আৰু আব্দুচ চাদামক জেৰা চলাই আছে আৰক্ষীয়ে। উল্লেখ্য যে, কেইদিন মান পূৰ্বে ধুবুৰীৰ এম কো ৰোড আৰক্ষী চকীৰ অভিযানত পশ্চিমবংগৰ ৩৮ বস্তা ইউৰিয়া সাৰ জব্দ হৈছিল। পিছে তাৎপৰ্যপূৰ্ণ বিষয়টো হ’ল যে, ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত ৰমৰমীয়াকৈ চলি থকা সাৰৰ অৱৈধ বেহা ৰোধ কৰাৰ কিন্ত আহৰি পোৱা দেখা পোৱা যোৱা নাই  কৃষি বিভাগৰ স্থানীয় বিষয়া–কৰ্মচাৰীৰ।


প্ৰেৰক- জিতু মণি দাস, ধুবুৰী



◼️বিহালীৰ নিজ বাঘমাৰীত প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনাৰ বৃহৎ চাউল কেলেংকাৰী…

◼️ বিশ্বনাথ খাদ্য অসমাৰিক বিভাগৰ দুই কৰ্মচাৰী আৰু সমবায় এজেন্টৰ বিৰুদ্ধে  চাউল আত্মসাৎৰ অভিযোগ…

-------------------------------------

◼️ দৈনিক আমাৰ প্ৰণাম বিশেষ সেৱা, বিশ্বনাথ, ২ জুন :-  মুখ্যমন্ত্ৰী ড• হিমন্তবিশ্ব শৰ্মাৰ উন্নয়নকামী শূণ্য সহনশীল দূৰ্নীতি বিৰোধী চৰকাৰৰ দিনত বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত নিজ বাঘমাৰীত সংঘতিত হৈছে  '"প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনা'"ৰ ভয়ংকৰ চাউল কেলেংকাৰী৷ উত্থাপিত অভিযোগমতে, বিশ্বনাথ জিলা খাদ্য অসামৰিক যোগান বিভাগৰ অধীনৰ বিহালীৰ নিজ বাঘমাৰী ব্ৰহ্মপুত্ৰ চাপৰিৰ প্ৰায় ২৪২ টা দৰিদ্ৰ পৰিয়ালৰ বাবে আৱন্টিত প্ৰধানমন্ত্ৰী গৰীৱী কল্যাণ যোজনা আৰু লক্ ডাউনৰ সময়ৰে পৰা ৰাজ্য চৰকাৰে দুখীয়া-দৰিদ্ৰ পৰিয়ালৰ বাবে যোগান ধৰা বিনামুলীয়া চাউল বিগত ৪ মাহে আত্মসাৎ কৰিছে নিজ বাঘমাৰী গেটৰ সমবায় এজেন্ট হিৰণ্য প্ৰভা ভূঞাঁয়ে৷
আনহাতে, অঞ্চলটোৰ দৰিদ্ৰ হিতাধিকাৰী সকলে যেৱা ইংৰাজী ১ জুন তাৰিখে লিখিতভাৱে বিশ্বনাথ জিলা উপায়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰি উত্থাপন কৰিছে এক চাঞ্চল্যকৰ অভিযোগ৷ অভিযোগমতে, বিশ্বনাথ খাদ্য অসামৰিক যোগান বিভাগৰ দিলীপ বৰা, দীপক লস্কৰ নামৰ দুই যোগান বিভাগৰ বিষয়াই বিহালীৰ নিজ বাঘমাৰীৰ দুই গৰাকীমান দুষ্ট প্ৰকৃতিৰ লোকৰ সৈতে মিতিৰালি কৰি পূৰ্বৰ সমবায় এজেন্টৰ পৰা অনুজ্ঞা পত্ৰ কৰ্তন কৰি নিজ বাঘমাৰী গেটৰ হিৰণ্য প্ৰভা ভুঞাঁক ব্ৰহ্মপুত্ৰ চাপৰি সমবায় দোকান চলোৱাৰ ব্যৱস্থা কৰি দি লুন্ঠনৰ ৰমৰমীয়া বেহা চলায়৷ তদুপৰি উত্থাপিত অভিযোগমতে, বিশ্বনাথ খাদ্য অসামৰিক যোগান বিভাগৰ দুই বিষয়াৰ সহযোগত নিজ বাঘমাৰীৰ ব্যৱসায়ী তথা সমবায় এজেন্ট হিৰণ্য প্ৰভা ভূঞাঁই অঞ্চলটোৰ দুখীয়া দৰিদ্ৰ লোকৰ নামে আৱন্টিত প্ৰতি পষেকৰ চাউল বিতৰণত ব্যাপক অনিয়ম কেলেংকাৰী সংঘটিত কৰাৰ আঁৰত আছে যেগান বিভাগৰ দুই বিষয়া৷ ইমানেই নহয়, ব্ৰহ্মপুত্ৰ চাপৰিৰ হিতাধিকাৰী সকলে অভিযোগ কৰামতে,ব্ৰহ্মপুত্ৰ  চাপৰিৰ দুখীয়া-দৰিদ্ৰ হিতাধিকাৰী সকলে নিদ প্ৰাপ্য চাউল মুঠি দোকানৰ পৰা আনিবলৈ গ'লে সমবায় এজেন্ট হিৰণ্য প্ৰভা ভুঞাঁৰ পুত্ৰ প্ৰিন্স ভূঞাঁই বিভিন্ন কথা-বতৰাৰে গালি-গালাজ পৰাৰ ওপৰিও কুট-কৌশলৰে আজি নহয় কালি, কালি নহয় পুৰহিলৈ আহি চাউল লৈ যাৱ বুলি ফান্দি ৰচি চাউল আত্মসাৎ কৰিছে৷উল্লেখ যে,-যিসময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড•হিমন্তবিশ্ব শৰ্মাই দূৰ্নীতিৰ বিৰূদ্ধে কঠোৰ নীতি গ্ৰহণ কৰিছে সেইসময়তে বিহালীত পোহৰলৈ আহিছে সমবায় এজেন্ট আৰু যোগান বিভাগৰ বিষয়া দূৰ্নীতিত লিপ্ত হোৱাৰ চাঞ্চল্যলকৰ অভিযোগ৷ তেনেক্ষেত্ৰত দুখীয়া দৰিদ্ৰৰ চাউল লুণ্ঠনৰ লগত জড়িতহৈ পৰা বিষয়াদ্বয়ৰ লগতে সমবায় এজেন্ট জনৰ বিৰূদ্ধে কি পদেক্ষেপ গ্ৰহণ কৰে সেইয়া সময়ত হে স্পষ্ট হ'ব৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা