articke

জাতীয় অস্তিত্ব ৰক্ষাত আমাৰ দায়িত্ব আৰু কৰ্ত্তব্য 
 
=> জাতীয় অস্তিত্ব ৰক্ষাত আমাৰ দায়িত্ব আৰু কৰ্ত্তব্য কি হোৱা উচিত,বৰ্ত্তমান ই এটা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। সুদীৰ্ঘ দিন ধৰি অসমত অসমীয়া জাতীয়তাবাদেই মতাদৰ্শ হিচাপে প্ৰভুত্বকাৰী অৱস্থানত আছে। সময়ে-সময়ে এই জাতীয়তাবাদে প্ৰগতিশীলতাৰ দিশত গতি কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালা,বিষ্ণুপ্ৰসাদ ৰাভা আদি ব্যক্তিসকলৰ কৰ্মৰাজি আছিল প্ৰগতিশীল জাতীয়তাবাদৰ লক্ষণ। জনগোষ্ঠীয় উত্থানৰ পাছতো অসমীয়া জাতীয়তাবাদ শক্তিশালী ৰূপতে আছিল।বৰ্ত্তমান অসমীয়া জাতীয়তাবাদৰ এই প্ৰভুত্বশালী অৱস্থানৰ প্ৰতি প্ৰত্যাহ্বান আহি পৰিছে ,অন্য এটা দিশৰপৰা সাম্প্ৰদায়িক,মৌলবাদী ৰাষ্ট্ৰীয়তাবাদৰপৰা। গতিকে এনে সংকটৰ সময়ত আমাৰ দায়িত্ব আৰু কৰ্ত্তব্য হ'ব জাতীয়তাবাদ প্ৰতিষ্ঠা কৰা।
     আমি সকলোৱে জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ,মনকৰিবলগীয়া কথাবোৰ হ'ল-ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি সাধন কৰা,শিক্ষা ব্যৱস্থাৰ উন্নতি সাধন কৰা,জনসাধাৰণৰ ইচ্ছা আকাংক্ষাৰ প্ৰতি মনোনিৱেশ কৰা,গাওঁসমূহৰ সবাংগীন বিকাশ সাধন কৰা,জনজাতিকৰণৰ ব্যৱস্থা কৰা,নিৱনুৱা সমস্যা সমাধানৰ পৰিকল্পনা কৰা,ৰাজ্যখনৰ বৌদ্ধিক সমাজৰ আশা-আকাংক্ষা পূৰণ কৰা লগতে যুৱ সমাজৰ প্ৰতি গুৰুত্ব,যুৱ উচ্ছৃংখলতা নিয়ন্ত্ৰণ কৰা। জাতি,মাটি,ভেটি ৰক্ষাৰ লগতে ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰা কামত আত্মনিয়োগ কৰিব লাগিব। মূলতঃ আমি এখন ৰাজ্যৰ সবাংগীন দিশৰ উন্নতি সাধনৰ চেষ্টাই আমাৰ দায়িত্ব হোৱা উচিত।
    অৰ্থনৈতিক অৱস্থাৰ ওপৰত ৰাজ্যখনৰ উন্নতি বহু পৰিমাণে নিৰ্ভৰ কৰে। অৰ্থনৈতিক অৱস্থা সূচল হৈ থাকিলে ৰাজ্যখনৰ কৰ নিয়ন্ত্ৰিত অৱস্থাত থাকে। গতিকে ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থাৰ বিকাশ সাধনত গুৰুত্ব দিব লাগে।
    গণতন্ত্ৰৰ অতি প্ৰয়োজনীয় চৰ্ত হ'ল শিক্ষা। শিক্ষাৰ প্ৰয়োজন হয় জনগণৰ মাজত ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰিবৰ বাবে। এখন সু-শৃংখল,সু-সংঘবদ্ধ সমাজ গঠনত বিশেষ ভূমিকা পালন কৰে। সেয়ে শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলক সৰ্বভাৰতীয় স্তৰৰ পৰীক্ষাসমূহৰ বাবে আমি প্ৰস্তত কৰি অসমৰ শিক্ষিত নৱ-প্ৰজন্মক মানৱ-সম্পদলৈ পৰিণত কৰিব লাগিব। শিক্ষাই একমাত্ৰ মাধ্যম যি এখন সমাজক অন্ধকাৰৰ পৰা পোহৰলৈ গতি কৰাব পাৰে। জনসাধাৰণৰ ইচ্ছা আকাংক্ষাৰ প্ৰতি প্ৰতিজন জাতীয় নায়কে সচেতন হ'ব লাগিব।
   চলিত যুগটো হ'ল-ইলেকট্ৰ'নিক মাধ্যমৰ যুগ,এই বিষয়টোত গুৰুত্ব দিয়াটোও সকলোৰে প্ৰয়োজন। ইয়াৰ বাবে সম্ভৱপৰ তৎকালে ৰাজ্যখনৰ বিদ্যুতৰ চাহিদা পূৰণ কৰাৰ দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব লাগে। কেৱল জলবিদ্যুৎ উৎপাদনৰ কথাকে নাভাবি জৈৱিক গেছ আৰু সৌৰশক্তিৰ সহায়ত বিদ্যুৎ উৎপাদন কৰি শক্তিৰ নাটনি হ্ৰাস কৰাৰ চেষ্টা কৰিব লাগিব।মহাত্মা গান্ধীয়ে আমাৰ গাওঁসমূহৰ সবাংগীন উন্নতি সাধনৰ যি প্ৰয়াস কৰিছিল সেই প্ৰয়াস বৰ্ত্তমানেও চলি আছে। গাওঁসমূহৰ বিভিন্ন সমস্যা,অন্ধবিশ্বাস,ডাইনীহত্যা,নিচাযুক্ত দ্ৰব্য সেৱন,শিক্ষাৰ অভাৱ,যাতায়তৰ দুৰৱস্থা,উন্নত কৃষি পদ্ধতিৰ প্ৰয়োগৰ অভাৱ আজিও বিৰাজমান। গতিকে গাঁওসমূহৰ শিক্ষা প্ৰসাৰ ঘটাই,অন্ধবিশ্বাসমুক্ত কৰি,নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ নাশ কৰি,যাতায়তৰ সুচল ব্যৱস্থা কৰি,উন্নত কৃষি পদ্ধতিৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। অসমীয়াৰ অস্তিত্ব ৰক্ষা,মূল্যবোধৰ ৰক্ষা কৰাৰ চেষ্টা কৰিব লাগিব। জনজাতিকৰণৰ জৰিয়তে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ অস্তিত্ব ৰক্ষা কৰা লগতে গণ প্ৰতিনিধিত্বৰ সংৰক্ষণ কৰাটোও আমাৰ কৰ্ত্তব্য ও দায়িত্ব। এই খিলঞ্জীয়া লোকসকলৰ জনজাতিকৰণৰ জৰিয়তে মৰ্যদা প্ৰদান কৰি ৰাজ্যখনৰ ৭০ শতাংশ খিলঞ্জীয়া লোকৰ জনজাতীয় মৰ্যদা প্ৰদানৰ চেষ্টা প্ৰশাসনেও কৰিব লাগিব।
     অসমীয়া জাতিৰ আত্মনিয়ন্ত্ৰণৰ সংগ্ৰামৰ দুটা ধাৰা আছে-এটা সাৰ্বভৌম অসমৰ বাবে আন্দোলন আৰু আনটো হ'ল-সংবিধান সংশোধনৰ দ্বাৰা বা সংশোধন নকৰাকৈ অসমীয়া জাতিৰ বাবে বিশেষ সুকীয়া ব্যৱস্থাৰ দাবী। দ্বিতীয় ধাৰাই পূৰ্ণ স্বায়ত্ব শাসন,দ্বি নাগৰিকত্ব বা সম্পদৰ ওপৰত অধিকাৰ আদি প্ৰশ্নবোৰ উত্থাপন কৰে। জনগোষ্ঠীসমূহে স্বায়ত্ব শাসনৰ দাবী জনোৱাৰ উপৰি সংবিধান সন্মত স্বশাসন বা ষষ্ঠ অনুসূচীৰো দাবী জনাই আহিছে। অসমৰ বিছিন্নতাবাদী বা সাৰ্বভৌমত্বৰ দাবী কৰা ধাৰাটোৱে ইতিহাসৰ পাতত ৰাজ্যখনৰ স্বাধীন অৱস্থিতিৰ প্ৰসংগ টানি আনে আৰু ভাৰতীয় শাসক শ্ৰেণীৰ এক চেতিয়া শাসন-শোষন,লুণ্ঠনৰ পৰা চিৰমুক্তি বিচাৰে। 
    অসমৰ জাতীয় সমস্যা অতি জটিল আৰু সংঘাতপূৰ্ণ বিষয়। প্ৰায় আটাইবোৰ জাতিসত্তাৰ আন্দোলনৰ ক্ষেত্ৰতে সংকীৰ্ণ আৰু বহু সময়ত প্ৰতিক্ৰিয়াশীল গোষ্ঠীদ্বন্দ্বৰ বীজ দেখা গৈছে। সেয়ে আমি এইটো সকলোৱে হৃদয়ংগম কৰিব লাগিব যে যি জাতিয়ে আন জাতিক নিপীড়ন কৰে সি নিজে কেতিয়াও মুক্ত হ'ব নোৱাৰে। আমাৰ জাতীয় সংগ্ৰামবোৰক অধিক গণতান্ত্ৰিকীকৰণৰ দিশত লৈ যোৱাটো অতিকৈ প্ৰয়োজনীয় কথা। এইটো নিশ্চিত যে ইটো-সিটো জাতি-জনগোষ্ঠীৰ পাৰস্পৰিক সদ্ভাৱ,সংগ্ৰামী ঐক্য আৰু ঐক্যবদ্ধ সংগ্ৰামেৰেহে প্ৰকৃত জাতীয় মুক্তি লাভ কৰাটো সম্বৱ। অসমে সংবিধানৰ ৩৭০ আৰু ৩৭১(ক)ৰ দৰে এক সংবিধান স্বীকৃত বিশেষ শ্ৰেণীৰ ৰাজ্যৰ মৰ্যদা দাবী কৰিব পাৰে। ইয়ে ভাৰতৰ সংবিধানে ৰাজ্যখনক দিব পৰা সবোৰ্চ্চ স্বীকৃতি। গতিকে অসমীয়া জাতিৰ জাতীয় আত্মনিয়ন্ত্ৰণ আৰু ৰাজ্যখনৰ অন্যান্য জাতি-জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰণ লাভৰ বাবে আমি ভাৰতৰ ৰাষ্ট্ৰ গাঁ‌থনি পৰিৱৰ্ত্তনৰ সংগ্ৰামৰ লগত যেনেকৈ জড়িত হ'ব লাগিব,তেনেকৈ এখন সমাজতান্ত্ৰিক দেশ প্ৰতিষ্ঠাৰ সামগ্ৰিক সংগ্ৰামৰো অংশীদাৰ হ'ব লাগিব।
    শিক্ষিত যুৱক-যুৱতীসকল শিক্ষিত নিবনুৱাত পৰিণত হৈছে। উন্নত মানৰ কৃষিপদ্ধতিৰ প্ৰয়োগৰ অভাৱত বহুতো কৃষক ঋতুগত নিবনুবাত পৰিণত হৈছে। গতিকে উন্নত কৃষি পদ্ধতিৰ প্ৰয়োগ আৰু নিয়োগৰ দ্বাৰা এই সমস্যা দূৰ কৰিব লাগিব। ৰাজ্যত বিভিন্ন কাৰণত গঢ় লৈ উঠা সন্ত্ৰাসবাদী সংগঠন সমূহৰ উদ্দেশ্য আৰু লক্ষ্যসমূহৰ উৎসসমূহ চিনাক্তকৰণ কৰি তাক নিৰাময় কৰাৰ চেষ্টা প্ৰশাসনেও কৰিব লাগিব। বৰ্ত্তমান যুৱ সমাজ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগৰ যুৱ সমাজ। আজিৰ সমাজখনৰ ভৱিষ্যৎ এই যুৱ সমাজৰ ওপৰত নিৰ্ভৰ কৰে। এই যুৱ সমাজত দেখা দিয়া যুৱ উচ্ছৃংখলতাই বৰ্ত্তমান সমাজৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। এই যুৱ উচ্ছৃংখলতাৰ কাৰকসমূহ চিনাক্ত কৰি সেইসমূহ নিৰাময় কৰি লগতে যুৱ সমাজক উৎসাহিত কৰিব লাগিব। ড্ৰাগছৰ দৰে নিচাযুক্ত দ্ৰব্যৰ প্ৰভাৱত পৰিও যুৱ সমাজ বিপথে যোৱা পৰিলক্ষিত হয়। চৰকাৰ,শাসক গোষ্ঠীয় সেই নিৰ্মূল কৰি কৰ্ম সংস্থানৰ বাবে চেষ্টা কৰিব লাগিব। ৰাজ্যখনত অবৈধ অনুপ্ৰৱেশকাৰী বন্ধ কৰিব লাগিব। এন,আৰ,চি অৰ্থাৎ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণ কৰি ৰাজ্যত পূৰ্বৰেপৰা থকা অবৈধ প্ৰব্ৰজন কাৰীক  নিজ ৰাজ্যলৈ ঘূৰাই পঠাই খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা কৰিব লাগিব। অসমত শিল্প উদ্যোগ গঢ়ি উঠিবৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁ‌থনিৰ অভাৱ। স্থানীয় লোকৰ মাজত শিল্প স্থাপনৰ উদ্যম বৃদ্ধিৰ জৰিয়তে নিৱনুৱাক কৰ্মসংস্থাপন দিব লাগিব। জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণৰ দ্বাৰা ৰাজ্যখনক পৰ্যটকৰ আৰ্কষণৰ কেন্দ্ৰবিন্দু কৰি গঢ়ি তুলিব লাগিব। পুৰণি কীৰ্তিচিহ্নবোৰ সংৰক্ষণ কৰি পৰ্যটকৰ আৰ্কষণ হোৱাকৈ গঢ়ি তুলি সেইবোৰত নিবনুৱাক কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশ,ন্যায়-শৃংখলা অটুট ৰখা আৰু সাহিত্য-সংস্কৃতি বিকাশৰ বাবে এটা সুষ্ট বাতাৱৰণ সৃষ্টি কৰাত গুৰুত্ব প্ৰদান কৰিব লাগিব। দুৰ্নীতিমুক্ত। বৈজ্ঞানিক মানসিকতাপূৰ্ণ অসম গঢ়ি তোলাৰ চেষ্টা কৰিব লাগিব। সকলোৱে লগ হৈ অসমৰ ক্ষুদ্ৰৰপৰা ক্ষুদ্ৰতম সমস্যাৰ সমাধানৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি মানৱ সম্পদৰ উন্নতি সাধনত ব্ৰতী থাকিব লাগিব। তেতিয়াহে জাতীয় অস্তিত্ব ৰক্ষাত সহায়ক হ'ব।



প্ৰিয়তম
বিনা মজিন্দাৰ বৰুৱা 

মোৰ বাৰীৰ ৰজনীগন্ধাৰ সুবাসে
কাৰোবাৰ হেনো হৃদয় 
ব্যাকুল কৰে ।
কৱৰী ঘনে ঘনে খোলখাই পৰে 
ৰজনীগন্ধাৰ স্পৰ্শবিহীন বেদনাত ।
খিড়িকীত চকু থৈ উন্মনা মনে 
জোনক সোধে প্ৰিয়তমৰ খবৰ ।
কেতিয়ানো আহিব বাৰু কৱৰীত ৰজনীগন্ধাৰ 
ফুল সজাবলৈ  ?
হেঙুলীয়া কিৰণৰ ৰেঘা টানি বিষাদৰ 
আৱৰণ ফালি লৈ যাব কাষলৈ 
মধুমিলনৰ এটি মিঠা গীত গাই কাহানিও 
নজহা - নপমা সম্পৰ্কৰ মাজলৈ টানি ,
তেওঁৰ উকা হৃদয় সাম্ৰাজ্যখন 
শুৱনি কৰি পাতিবলৈ 
ৰাজৰাণী।




-বানপানী 

ভানু পাঠক 
                               

           নিশাৰ ভিতৰতে ভূটানে এৰি দিয়া পানী আহি হঠাতে কৃত্ৰিম বানপানীৰ সৃষ্টি কৰিলে।খাৰিজাহঁতৰ  গাঁওখনৰ লগতে আন আন বহু গাঁও পানীৰে বুৰাই পেলালে ।খাৰিজাই বহু আশাৰে মেট্ৰিক পৰীক্ষা দিব বুলি কিতাপবোৰ ওপৰত তুলি ৰাখিছিল। সিঁহতৰ ঘৰৰ মুধচলৈকে পানী উঠিল। কোনে জানে সকলোবোৰ কিতাপ তাইৰ পানীত জাহ যাব বুলি ।তাই দুখ -বেজাৰত কান্দি কান্দি ঘৰৰ পোহনীয়া জীৱ-জন্তুবোৰ লৈ ঘৰৰ মুধত উঠি 
গোটেই ৰাতি নোখোৱাকৈ উজাগৰী ৰাতি কটালে। তাইৰ মনৰ আশা মনতে ৰ‌'ল ।সপোনবোৰ   মৰহি গ'ল।তাইৰ হৃদয়ৰ পথাৰখন জীপাল নহ'ল।



"প্ৰকৃতি আৰু মানব জাতি"
সবিতা মুদৈ 
--------------------------------------------------
কি হ'ল তহঁতৰ ! সৰাপাতৰ বিননি শুনা নাই তহঁতে
তহঁতে ভাব নেকি বৃক্ষৰ  জীৱন নাই বুলি ।,
 ভাব নেকি উদ্ভিদৰে আমাৰ কোনো সম্পৰ্ক নাই।
ৰক্তৰ সম্পৰ্কতেই জানো সীমাবদ্ধ হয় সম্পৰ্কৰ
উদ্ভিদ আৰু আমাৰ সম্পৰ্ক  যুগ যুগান্তৰৰ।
পলে পলে জীয়াই আছো আমি সিহতৰ কৰুনাতে
তথাপিও কিয় নুবুজ তহঁতে ।
সুখৰ অট্টালিকা সজাৰ বাবেই তহিলং কৰ
উদ্ভিদ বোৰ?
তহঁতৰ পেটৰ ভোক নুগুচে কিয় ?
পৃথিবীৰ আধা খিনি খাই পেলালেও ভোক নমৰেনে?
যেন অৰ্ধাংশ বাকিয়েই  থাকিব  ।
লালসাৰ লালতিৰ নিজৰা  ইমানেই  দ্ৰুত যে
থমকি ৰোৱাৰ কোনো সংকল্পই নাই ।
গছ বোৰৰোতো দুখ আছে
বেদনা সিহঁতৰো  আছে ।
কেবল আমি জীব শ্ৰেষ্ঠই বুজিহে নাপাও ।।
নিজৰ স্বাৰ্থৰ কাৰনে সকলো শেষ কৰিলি।।
সুখৰ অট্টালিকা সাজিবলৈ গৈ ।
গোটেই বোৰ  কাটি তহিলং কৰিলি ।
আমি নিজেই নিজৰ জীবনৰ শত্ৰু ।
বিপদ ঘণ্টা নিজেই বজাইছোঁ ।
অক্সিজেনৰ অভাৱত জীবৰ হাঁহাকাৰ ।
শব্দ প্ৰদুষণ , বায়ু প্ৰদুষণ  আৰু যে কি।
পলে পলে ধ্বংস কৰে গছ বিৰিখ ।
পশুকুল ধ্বংসৰ মুলতে বাৰু কোণ  ?
প্লাষ্ট্ৰিক নামৰ  মাৰাত্মক বৰবিহ।
প্ৰকৃতি ধ্বংসৰ ইও এক মহৌষধ ।
ইয়াৰ স্ৰজনো আমিয়েই । 
জানি  বুজিয়ে  আমি ভূুল  কৰিছো ।
এচাটি মৃদু বতাহৰ অভাব নুবুজনে ।
সুশোভিত পাহাৰবোৰো নোহোৱা হ'ল ।
পশু পক্ষীৰ বিলাই নোহোৱা হ'ল ।
কেতিয়া জ্ঞানৰ পোহৰ পাবি ।
নিজৰ সন্তান বোৰ যেনেকৈ মৰমৰ ।
গছ-লতাও প্ৰকৃতিৰ মৰমৰ  ।
হে মহান মানৱ জাতি  প্ৰকৃতিক ৰক্ষা কৰ ।
নিজক আৰু লজ্জানত নকৰিবি।
প্ৰকৃতি ৰুষ্ট হৈছে  ,স্বাৰ্থ ত্যাগ কৰ ।
গছ বিৰিখ নাকাটিবি প্ৰকৃতিক ৰক্ষা  কৰ।
পাৰিলে এজোপা গছ ৰুই প্ৰকৃতিক সুন্দৰ  কৰ।




____চিনাকি নামটো___
    মেঘালী দত্ত 

চিকমিকোৱা উকা কাগজখনৰ বুকুত
বিয়পি পৰিছে এটি চিনাকি নাম,
দুচকুত খোপনি পোতা নতুন সপোনবোৰ আজি
উলাহতে দূৰ দিগন্তলৈ ঢাপলি মেলিছে
বাধাহীন উৰ্ম্মিমালা হৈ।
এইয়াই হয়তো ভালপোৱা,
যি ভালপোৱা অনুভৱবোৰ আজি
হৃদয়ৰ গোপন কোঠাৰ পৰা নিৰ্গত হৈছে
এক সুমধুৰ সংগীতৰ তৰঙ্গ হৈ.....  
জোনাকৰ শীতলতাই দৰেই
আলফুলে মেৰিয়াই পেলাইছে মোক
তেওঁৰ সেই নীলাভ চকুৰ চাৱনীয়ে,
উফ্....... নাচাব না এনেকৈ
হৃদয়খনটো বিক্ৰী কৰিলোৱেই 
আপোনাৰ নামত।।





*লুকা-ভাকু* 
নিজৰা গগৈ

তেনেই সৰুতেই  খেলা খেল  
মনত পৰেনে তোমাৰ ?
এই যে  -----------
""অ'  তুলতুল  অ'  বুল বুল  
 অ' সেউতী  তৰা  
লুকা-ভাকু  ভাল নালাগে  
খেলো  ক'ইনা দৰা " ।
দৰা - ক'ইনা  নেখেলো  নেখেলো কৈ চোন 
খেলিয়েই  পেলালো  ।
ৰঙীন ৰঙীন  অলেখ  মাদকতা ভৰা  
মায়াই  যে আমাক  অহৰ্নিষে  
খেদিয়েই  ফুৰিছিল ------
আমি  দৌৰিছিলো  ---------
এটা  মূৰৰ পৰা  আনটো  মূৰলৈ  ------ ।
সপোনৰ  পম  খেদি  খদি  গৈছিলো  বাস্তৱলৈ ---
বাস্তৱৰ  পৰা  অনাগত  লৈ  ।
সময়বোৰে  আবিৰ সানিছিল  আমাৰ 
গালে - মুখে  ৰঙীন  কৰি  ।
হাঁহিছিলা  তুমি  , হাঁহিছিলো মই ,  আমি  ।
দিনবোৰ থমকি থমকি  ধীৰে ধীৰে  গৈ  থাকিল । 
ফুলিছিল  পল -অণুপল  বোৰ  এপাহি - দুপাহি  ।
সুগন্ধিৰে  আত্মহাৰা  চৌদিশ  ।
এতিয়াও  বিচাৰি  পাওঁ  তোমাৰ  হাঁহিটো 
বকুল জোপাৰ তলত  , নদীৰ  ঘাটত  
আৰু   সৰা শেৱালীৰ  সুবাসত ।
এতিয়াও  ওভতি চাওঁ 
এৰাপলীয়া স্মৃতি বিজৰিত  দিনবোৰলৈ  -----
নাচে - গায়  সুৰ  সুমধুৰ  ৰঞ্জিত মন্দিত  ।
" লুকা - ভাকু ভাল নালাগে  
খেলো  ক'ইনা দৰা " ।
সেই বোৰ এতিয়া পুৰণি  কথা  ।
তথাপি  সেই অনুভৱে   দৌৰি ফুৰে ;
বুকুৰ  ভিতৰত  এতিয়াও  উকুলি মুকলি খেলে  ----------- ।





প্ৰকৃত শিক্ষাৰ ভেটি

                  বীৰেশ্বৰ ৰাভা
              ফোনঃ ৯৮৬৪০-১৬৯৯৮
          সভ্যতাৰ বুৰঞ্জীত ভাৰতৰ অৱদান অতি গৌৰৱেৰে স্মৰণ কৰিবলগীয়া। গভীৰ মননশীলতাৰ ফলত প্ৰাচীন ভাৰতবৰ্ষই জীৱনৰ ৰহস্য সম্পৰ্কে বহু ধৰণৰ সম্ভেদ দি থৈ গৈছে। যি জাতিৰ চিন্তাশক্তি ইমান উন্নত আছিল, তাৰ শিক্ষানীতিও যে অতি উচ্চ আছিল সেই কথা সহজে অনুমান কৰিব পাৰি। শিক্ষা সম্পৰ্কে ভাৰতবৰ্ষৰ একমাত্ৰ লক্ষ্য আছিল প্ৰত্যেক ব্যক্তিকে অনুসন্ধানৰ কাৰণে উপযুক্ত কৰি তোলা , প্ৰত্যেকৰে নিজ নিজ প্ৰতিভা আৰু সামৰ্থ্য অনুসৰি বিকাশৰ সম্পূৰ্ণ সুযোগ দান কৰা।
          ইয়াৰ কাৰণে আমি আমাৰ মনক প্ৰথমে সংঘৱদ্ধ আৰু আত্ম সচেতন কৰি তুলিব লাগিব। তেতিয়াহে আমাৰ দেশত শাক্ষাই ফল ধৰিব। ছাত্ৰ-ছাত্ৰীৰ মনৰ কৌতুহল নাথাকিলে শিক্ষকৰ লগত কোনো সম্পৰ্কও স্থাপন নহয় আৰু শিক্ষকৰ ভাবসমূহৰ প্ৰতি কোনো বিশেষ অনুৰাগ নজন্মে। জ্ঞানৰ প্ৰতি আগ্ৰহ থাকিলেহে শিক্ষাৰ্থীৰ মন শিক্ষকৰ প্ৰতি আকৃষ্ট হয় আৰু শিক্ষকৰ উপদেশ-বাণীৰ তাৎপৰ্য গ্ৰহণ কৰি নিজৰ সৃজনী প্ৰতিভাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিব পাৰে। নিজৰ হাতৰ আঙুলিবোৰ ফাঁককৰি ৰাখিলে সেই হাতেৰে একো দিবও নোৱাৰি আৰু ল'বও নোৱাৰি। মনৰ বিক্ষিপ্ত ভাবসমূহক যেতিয়া সু-সংলগ্ন কৰি তুলিব পৰা যায় তেতিয়াহে অধিক ভাবাস্পদ আহৰণৰ কাৰণে আৰু ভাব বিতৰণৰ কাৰণে মানুহৰ মন উপযুক্ত হৈ উঠে আৰু তেতিয়াহে জ্ঞানৰ ৰস মনৰ ফাঁকে ফাঁকে নিজৰি নোযোৱাকৈ হৃদয়ৰ গভীৰতম প্ৰদেশ স্পৰ্শ কৰি কোমলাই তুলিব পাৰে।
          সৃজনী প্ৰতিভা বিকাশ সাধনাৰ কাৰণে উপযোগী পৰিৱেশ তৈয়াৰ কৰাই শিক্ষা দানৰ প্ৰধান কাম। মানুহৰ মনোজগতৰ লগত বহিৰ্জগতৰ নিবিড় সম্পৰ্ক আছে। পাৰিপাৰ্শ্বিকতাৰ সংশোধন নহ'লে মানুহৰ ভাব-চিন্তাবোৰ ঠন ধৰি উঠিব নোৱাৰে। জাতীয় সংস্কৃতিৰ পটভূমিতহে জাতীয় চিন্তাধাৰাই ৰূপ লয়। জাতীয় সংস্কৃতিৰ নিৰবিচ্ছিন্ন স্ফটিক ধাৰাৰ পৰা স্বাভাবিকভাবে অপৰিহাৰ্য গতিত যি জলধাৰা নিগৰি আহে,সেয়াই প্ৰকৃত শিক্ষা। এনে শিক্ষাইহে জাতীয় জীৱনৰ জীৱন্ত আৰু বৰ্দ্ধিষ্ণু ৰূপৰ প্ৰকৃত পৰিচয় দিব পাৰে। এই শিক্ষাৰ গতি স্বাভাৱিক আৰু ইয়াৰ ফল অতিশয় হিতকাৰী। তদুপৰি, আমাৰ শিক্ষা ব্যৱস্থাৰ সৈতে পুৰ্ণতৰ জীৱনৰ ঘনিষ্ঠ সংস্পৰ্শ থকা উচিত। সামাজিক, অৰ্থনৈতিক, মানসিক,আনুভৌতিক আৰু পাৰমাৰ্থিক--এই সকলো ধৰণৰ ভাব গ্ৰহণৰ বাবে শিক্ষাৰ্থীসকলৰ মন উপযুক্ত হৈ থাকিব লাগে। আমাৰ শিক্ষাৰ কেন্দ্ৰ স্থানবৰৰ লগত সমাজৰ অঙ্গাঙ্গি সম্বন্ধ থকাটো উচিত। শিক্ষানুষ্ঠানবোৰে যেতিয়া সামাজিক জীৱনৰ প্ৰতিটো অঙ্গৰ লগতে সহযোগ স্থাপন কৰে, তেতিয়া সমাজৰো ৰূপ পৰিৱৰ্তন হয় আৰু প্ৰকৃত জ্ঞান আহৰণৰ বাটো সুগম হৈ উঠে।
_____০৩/০৬/২০২২ ইং






:: সুৰক্ষা ::

         মনোহৰে ফোন কৰি জলিলক ক’লে যে গছজোপা কাটিবলৈ এতিয়া আহিব নালাগে, লক্‌ডাউন খুলিলেহে কাটিব পৰা যাব৷
         মাজনিশা এক প্ৰচণ্ড শব্দত মনোহৰৰ পৰিয়ালৰ আটাইবোৰৰ টোপনি ভাঙিল৷ একো বুজিব নোৱাৰি, লৰালৰিকৈ সকলোৱে ঘৰৰ বাহিৰলৈ দৌৰ দিলে৷ হাইৱেৰ প্ৰকাণ্ড ট্ৰাক এখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰি গছজোপাত খুন্দামাৰি ৰৈ গৈছে৷ চুবুৰীয়াই আহি ড্ৰাইভাৰ আৰু হেণ্ডিমেনক উলিয়াবলৈ হেতাওপৰা লগালে৷ মনোহৰে মানুহবোৰক কৈ থকা শুনিলে যে গছজোপা নোহোৱা হ’লে আজি মনোহৰৰ ঘৰটো ট্ৰাকখনে মহটিয়াই নিয়াৰ লগতে পৰিয়ালৰ মানুহৰো অনিষ্ট সাধন হ’লহেঁতেন৷ গছজোপাইহে সিহঁতক ৰক্ষা কৰিলে!
         ৰাতিপুৱা মনোহৰে গছজোপাৰ ওচৰলৈ গৈ আৱেগিক হৈ পৰিল আৰু জলিলক ফোন কৰি জনালে "যি জোপা গছে সিহঁতক সুৰক্ষা দি আছে সেই জোপা গছ সিহঁতে কেতিয়াও নাকাটে"! 
         ভাল বতৰ চাই এদিন আহি কেইজোপামান গছ ৰাস্তাৰ কাষে কাষে ৰুই দি যাবলৈ মনোহৰে জলিলক খাটনি ধৰিলে৷

 গৌতম মালাকাৰ
           কৰিমগঞ্জ



##প্রতীক্ষা
বিথীকা দত্ত। 

স্রোতস্বিনীৰ দুৰ্বাৰ প্রতীক্ষাত 
মই আজি ----
কিহৰ নিদ্রাত ব্যাকুল 
নাজানো এক ছন্দোময় লয়লায়ৰ
 পৰিণামেৰে মাথো 
           উতলি উঠিছে 
                  উতলি উঠিছে
মোৰ পদ-মৰ্য্যাদাত প্রৱঞ্চনা চলাৰে---!!

মোৰ সৃষ্টি, স্থিতি বিনাশ
ঘটিছে নিজতেই কলুষিত ঝংকাৰ,
তথাপিও---
        নিক্ষত্রিয় প্রতীক্ষাত থাকিও 
             সাগৰৰ সমুদ্রত 
                    নিমজ্জমান হৈ যাওঁ
এপলক নিবীৰ্য মানসিকতাৰে---!! 

তপচিল ভাৱে সাঁচি ৰাখো 
বুকূৰ উমত কবিতাৰ ছন্দ 
      নিদ্রাহীনতাত শেষ নহয় 
             জীৱনৰ জিজ্ঞাসা
                  এয়েই মোৰ কব্জাৰ মালা 
আদিম নাৰীৰ সংকেত প্রেমৰ ---!!

হৃদয়ৰ ৰঙা তেজ ঢালি 
       জ্বলাও চাকি দুটি নয়নৰ
মোৰ মৰমৰ পাৰ ভাঙি আজি 
         কিহৰ ধুমুহা বয় 
কিহৰ ধুমুহা বয়
              যুগৰ বতৰা লৈ --!!

ক্রন্দন বৰষাই
এন্ধাৰৰ ফাঁকে ফাঁকে
         সাজো আছো মই 
                     প্ৰগতিৰ ৰথ,
পোহৰ আদৰিবলৈ মনস্বিতা হৈ 
       দুৰ্ব্বাৰ প্ৰতীক্ষাত স্রোতস্বিণী ৰূপত --।।




বিজনীৰ বান্ধৱ 
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱত উপস্থিত চিৰাং জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ ।

দৈনিক আমাৰ প্ৰণাম,৪ জুন 
 চিৰাং 
---------------------------------------


 চিৰাঙৰ বিজনীৰ আগশাৰীৰ শিক্ষানুষ্ঠান বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। বিদ্যালয় চৌহদত উখল-মাখল পৰিবেশ।

 শিক্ষাৰ্থীৰ সৰ্বাংগীন উৎকৰ্ষ সাধনৰ বাবে চলিত মাহৰ ১ তাৰিখৰ পৰা ৰাজ্যত আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ।   এই গুণোৎসৱৰ শনিবাৰে অন্তিম দিনটোত চিৰাং জিলাৰ বিজনীৰ আগশাৰী শিক্ষানুষ্ঠান বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। বিদ্যালয়খনত অনুষ্ঠিত হোৱা এই গুণোৎসৱত পুৱা চিৰাঙৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ উপস্থিত হৈ ছাত্ৰ ছাত্ৰীৰ প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰাৰ লগতে বিদ্যালয়খন পৰিদৰ্শন কৰে। এই গুণোৎসৱত External Evaluator হিচাপে উপস্থিত থাকে কোকৰাঝাৰ মহাবিদ্যালয়ৰ অধ্যাপিকা Dr.Sikna Jone Owary,অধ্যাপিকা Dr.Roseline Basumatary আৰু তুলুঙীয়াৰ দীনদয়াল মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ছয়নিকা দেবী। ইফালে গুণোৎসৱ উপলক্ষে বিদ্যালয়খনৰ চৌহদত গছপুলি ৰোপণ কৰা হয়। এই গুণোৎসৱত বিজনী মহকুমাধিপতি ৰাহুল গুপ্তা, বিদ্যালয় পৰিদৰ্শক বিজয় বৈষ্ণৱ, বিজনী মহকুমা প্ৰাথমিক বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শক গৌৰাংগ চন্দ্ৰ বৰ্মনৰ ওপৰিও জিলা শিক্ষা বিভাগৰ বহু উৰ্দ্ধতম কতৃপক্ষ উপস্থিত থাকে।




"বিশ্ব পৰিৱেশ দিৱস 
              সেউজ বিশ্ব "


       বিশ্ব পৰিৱেশ দিৱস ১৯৭৩ চনৰ পৰাই ৫ জুনৰ দিনটো পালন কৰি অহা হৈছে। ইংৰাজীত  বিশ্ব পৰিৱেশ দিৱসক World Environment Day বুলি কোৱা হয় | প্ৰতি বছৰে বিশ্বব্যাপী এই পৰিৱেশ দিৱস সচেতনতা  লক্ষ্য ৰাখি পালন কৰা হৈছে | 
এই বিশ্ব পৰিৱেশ দিৱসৰ  আন এটা নাম হৈছে Eco Day |
       সকলো মানুহহে  সেউজীয়া আৰু সু- সাস্থ্য পৰিৱেশৰ ওপৰত গুৰুত্ব দিয়াটো অতি জৰুৰী |বিশ্বজুৰি পৰিৱেশ সজাগতা সৃষ্টিয়ে এই দিৱসৰ মূল উদ্দেশ্য | এই দিৱসটি প্ৰথম পালন কৰা হয় ১৯৭৩ খৃষ্টাব্দত। প্ৰতি বছৰে এই দিৱসটি বেলেগ বেলেগ  প্ৰতিপাদ্য (Slogan) লৈ পালন কৰি আহিছে |
আমাৰ চাৰিওফালে আমাক আৱৰি থকা ৰ'দ, বতাহ , নৈ , গছ- গছনি , জীৱ- জন্তু , চৰাই- চিৰিকতি , ঘৰ- দুৱাৰ , আলি- পদূলি , গাওঁ , চহৰ,আদি উপাদানবোৰ লগ লাগি যি এক অৱস্থাৰ সৃষ্টি কৰিছে সেয়াই পৰিৱেশ ।সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশ বিচাৰি পোৱাতো বৰ কঠিন, আৰু পৰিস্থিতি অনুযায়ী প্ৰাকৃতিকতাৰ পাৰ্থক্য পৰিলক্ষিত হয়।পৰিৱেশ ক'বলৈ গলে দুই প্ৰকাৰৰ । প্ৰাকৃতিক পৰিৱেশ ,আৰু মানৱ সৃষ্ট পৰিৱেশ । যেনে পৰ্বত পাহাৰ , সমভূমি , মালভূমি, ৰ'দ ,বতাহ , মাটি , প্ৰাণী প্ৰাকৃতিক পৰিৱেশ আৰু ঘৰ – দুৱাৰ , যান- বাহন , দলং , ৰাস্তা- ঘাট , টেলিথোন , কল- কাৰখানা ।কিন্তু বিজ্ঞানীসকলে পৰিৱেশ শব্দটোক বেলেগ অৰ্থত ব্যৱহাৰ কৰিছে। বিজ্ঞানীসকলৰ ভাষাত পৰিৱেশ হ'ল পাঁচটা উপাদানৰ উপযুক্ত সমন্বয়। এই পাঁচটা উপাদান হ'ল: মাটি, পানী, বায়ু, উদ্ভিদ আৰু প্ৰাণী | এই সকলোবোৰ মিলি পৰিৱেশ গঠন হয় |
 বিশ্বত বহুত সংখ্যক লোক বায়ু প্রদূষণৰ পৰা মৃত্যু ঘটে, পৰিষ্কাৰ পানী খাবলৈ নেপাই মৃত্যু হয়  কিন্ত সমাজ খনে জানো এই বিষয়ে গুৰুত্ব প্ৰদান কৰিছে অকল পৰিৱেশ দিৱস দিনে সচেতনৰ বিষয়ে আলোচনা কৰিলে নহব । আমি এই সচেতনতা সদয় অৱলম্বন কৰিব লাগিব | কাৰখানা পৰা ওলোৱা বায়ুয়ে প্ৰদূষণ সৃষ্টি কৰি বহুতো হানি কৰে | ব্যৱহৃত যন্ত্ৰৰ ধোঁৱা, ৰেলৰ ধোঁৱা আদিৰ দৰে বিভিন্ন কাৰণত বায়ু দূষিত হোৱা প্ৰৰিলক্ষ্যত কৰিবলৈ আমি পাইছো| এই সকলোবোৰ দূৰ কৰিব হ'লে আমি এই ভৰতক বা বিশ্বক সেউজ বিশ্ব (Green world)  বনাব লাগিব |সকলোৱে যদি এটাকৈ ও গছ পুলি লগাই  নিশ্চয় বিশ্বযোৰি কিছু প্ৰদূষণও হ্ৰাস পাবলৈ সক্ষম হম |
প্লাষ্টিক প্ৰদূষণেও আমাৰ বহুত হানি কৰে আমি সকলোৱে জানো | গতিকে এই বেগবোৰ আমি পেলাই নিদি জ্বলাই দিলে ৰাস্তা- পথৰ পানী যোৱা বাট বোৰ মুকলি হ'ব |গতিকে প্লাষ্টিকৰ বিৰুদ্ধে যুঁজিবলৈ ভাল বিকল্প অন্বেষণ কৰিবলৈ আহ্বান জনাই সমাজক সচেতন কৰিব লাগে | প্লাষ্টিকৰ ব্যৱহাৰে স্বাস্থ্যৰ বিপদ ঘটাই আৰু সাগৰ, নদ,  নদী,  হ্ৰদকো প্ৰদূষিত কৰে | পানীত বাস কৰা জীৱবোৰৰ বাবে অতি ক্ষতিকাৰক। গছবোৰ কাটি কাৰখানা নিৰ্মান কৰাৰ পৰা পৰিবেশ দুষিত হৈছে |  এই পৰিৱেশ যদি আমি নিকা হোৱাটো বিচাৰো আমি বহুত পৰিমাণে গছ,  ফুল বা ওষধ জাতীয় গছ লগাব লাগে |এই পৰিবেশে  সাস্থ্যৰ লগতে খাদ্য প্রদান কৰে  |ঘৰৰ সাৰ দিয়া বস্তু খাৱ পাৰিম আৰু পৰিৱেশ ও পৰিস্কাৰ হৈ থাকিব | কেতিয়াবা আমি খোৱা বস্তু বহুত নষ্ট কৰো আৰু ঘৰৰ নল - নৰৰ্দমা বোৰ ভেটি পেলাও আমি তাকে নকৰি পেলনীয় বস্তুখিনি গোটাই এটা পাত্রত জমা কৰি পচিব দিব লাগে | তেতেতিয়া এই পচাখিনি উওম সাৰ হয় আৰু আমি  গছ গছনিত ব্যৱহাৰ কৰিব পাৰো,  এইখিনি কৰিলে পৰিবেশ দুষিত হোৱাৰ পৰা অলপ হ'লে ও বচাব পাৰি |ঘৰৰলৈ বজাৰ কৰিব গ'লে সদয় মোনা এটা লৈ যাব লাগে যিহেতু প্লাষ্টিক জাতীয় সামগ্রীবোৰ মাটীৰ লগত পচি নেযায়। গতিকে যিমান পাৰি এই প্লাষ্টিক ব্যৱহাৰ নকৰাই ভাল |
            আজিৰ পৰত ঘৰৰ চুক কোণবোৰ চকু দি অলপ চাফ চিকুন ৰাখিলে নিজৰ মনটোও ভাল লাগে আৰু লগতে পৰিৱেশৰ সচেতনতাৰ ওপৰতো গুৰুত্ব দিয়া হয় | আটাইতকৈ ভাল কথা হৈছে আমি সকলোৱে  ছচিয়েল নেটৱর্ক ব্যৱহাৰ কৰো, কেতিয়াবা নিজৰ বন্ধু বান্ধবৰ লগতো আমি এই বিষয়ে চৰ্চা কৰি কিবা অনুষ্ঠান পৰিকল্পনা কৰিবলৈ চেষ্টা কৰিব লাগে | এই দৰে কৰিলে সজাগতাৰ সৃষ্টি হ'ব বুলি মোৰ ব্যক্তিগত মত | এই সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি পাব হ'লে প্ৰতিজন নাগৰিকে তেওঁৰ পৰিৱেশ সংৰক্ষণ কৰাটো অতি প্ৰয়োজনীয় | এই কামৰ বাবে কোনো বিশেষ ব্যক্তি বা অনুষ্ঠানৰ মুখলৈ আমি চাই থকা উচিত নহয় কাৰণ সজাগতা মূল উদ্দেশ্য হৈছে মানুহৰ মাজলৈ লৈ সচেতনতা  আনিবলৈ |
        বিশ্ব পৰিৱেশ দিৱস মানে হ'ব লাগে সেউজ আৰু পৰিস্কাৰ পৰিৱেশ | 


ৰাজশ্ৰী সেনাপতি গগৈ 
          ডিব্ৰুগড়

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা