n

জ্যো তিকুছি এল.পি. স্কুলত ৩য় পৰ্য্যায়ৰ গুণোতসৱ পালন।
আজি ১/০৬/২০২২ বুধবাৰ; জ্যোতি কুচি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৩য় পৰ্য্যায়ৰ  গুনোৎসব পালন কৰাৰ উদ্দেশ্যে ২২ নং ৱাৰ্ডৰ পাৰিষদ তথা উপ মেয়ৰ স্মিতা ৰায় ডাঙৰিয়ানী আৰু ২২ নং ৱাৰ্ডৰ ২০৬ নং বুথ সভানেত্রী সর্ব্বানী মল্লিক সৰকাৰ ভাঙৰীয়ানীক বিদ্যালয়লৈ আমন্ত্ৰণ জনায়।
        আজি ৩য় পৰ্য্যায়ৰ গুনোৎসব ৩ ২২ নং যাউষ পাষিষদ তথা উপ মেয়ৰ স্মিতা ৰায় জঙৰীয়ানী য়ে জনায় যে তেঁও এই গুনোৎসবত উপস্থিত হৈ নথৈ আনন্দিত হৈছে অাৰু শিক্ষা বিভাগৰ এই পদক্ষেপক আদৰণি জনাইছে।লগতে সকলো ছাত্ৰ ছাত্ৰীৰ উজ্জল ভৱিষ্যত কামনা কৰিলে । গুনোৎসবত ভাল ফল কৰাৰ বাবে বুথ সভানেত্ৰী (সৰ্বানি মল্লিক সৰকাৰ )ছাত্ৰ ছাত্ৰী সকলক আহ্বান জনায়।লগতে, পৰিষদে প্ৰধান শিক্ষয়িত্ৰী আৰু অন্যান্য শিক্ষয়িত্ৰী ক ও ধন্যবাদ জ্ঞাপন কৰিলে। এই উৎসৱত শ্ৰী মতি কবিতা ভৰালী, আৰু অগপ ৰ সম্পাদক মনেশ্বৰ কলিতা , বিজন দাস , নকুল কলিতা উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলক শুভেচ্ছা জ্ঞাপন কৰে ।



# জনিয়াৰ অবৈধ এ আই বি ইটাৰ  ভাটা ছীল  প্ৰশাসনৰ # 


প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ১জুনঃ বৰপেটা জিলাৰ ৪৪ নং জনিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত জনিয়া বজাৰ সমীপত থকা অবৈধ এ আই বি ইটাৰ ভাটা কালি জিলা প্ৰশাসনে বন্ধ কৰি দিয়ে। জানিব পৰা মতে বহু দিনৰ পৰা কোনো ধৰণৰ নথি পত্ৰ নোহোৱাকৈ অবৈধ ভাবে চলাই থকা বুলি ইটাৰ ভাটাখনৰ বিৰুদ্ধে  ৰাইজে অভিযোগ উত্থাপন কৰি অাহিছিল। পিছে এই অভিযোগৰ বিত্তিত বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সোনবৰ চুতীয়াই জনিয়াৰ সালেকুৰাস্থিত এ আই বি ইটাৰ ভাটাখনত উপস্থিত হৈ ছীল কৰি দিয়ে । উল্লেখ্য যে, কাৰ আশীৰ্বাদত  ইটাৰভাটাখনৰ স্বত্বাধিকাৰী ইছমাইল হুছেইনে কোনো প্ৰ-পত্ৰ অথবা নথি-পত্ৰ  নোহোৱাকৈ চলাই এই ইটা ভাটাখন চলাই অাছিল বুলি ৰাইজৰ মাজত এক প্ৰশ্নৰ উদয় হৈছে। উল্লেখ্য যে, বায়ু প্ৰদূষণ হৈ বৃহত্তৰ অঞ্চলটোৰ বিষম অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছিল এই ভাটাখনে। পিছে সেয়েহে অাজি বৃহত্তৰ অঞ্চলৰ প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি উক্ত ইটাৰ ভাটা বন্ধ কৰিলে বুলি বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সোনবৰ চুতীয়াই জানিবলৈ দিয়াত জিলা প্ৰশাসনৰ এনে কাৰ্যক ভূয়ঁসী প্ৰশংসা কৰে ৰাইজে। (ফটো অাছে)



# বৰপেটা জিলাৰ নেতৃস্থানীয় জ্যেষ্ঠ নাগৰিক সমিতিৰ প্ৰথম খন বৈঠক সম্পন্ন #

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,১জুনঃ সম্প্ৰতি মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে নতুনকৈ গঠন হোৱা বৰপেটা জিলাৰ নেতৃস্থানীয় জ্যেষ্ঠ নাগৰিক সমিতিৰ প্ৰথম খন বৈঠক কালি জিলা উপায়ুক্তৰ সভা কক্ষত উপায়ুক্ত তেজ প্ৰসাদ ভুষালৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। কালি  আবেলি অনুষ্ঠিত বৈঠকত কমিটিখনৰ চেয়াৰমেন তেজ প্ৰসাদ ভুষাল (উপায়ুক্ত, বৰপেটা), লাচিত কুমাৰ দাস, অতিৰিক্ত উপায়ুক্তক আহ্বায়ক হিচাপে নিযুক্তি দিয়াৰ উপৰিও আন নিযুক্তি প্ৰাপ্ত সদস্য সকল হৈছে ক্ৰমে মনোৰঞ্জন কাকতী(স্কুল পৰিদৰ্শক), মনোৰঞ্জন কাকতী (ডিইইও),বিকাশ শৰ্মা( জিলা তথ্য আৰু জনসংযোগ বিষয়া),প্ৰাণজিৎ কুমাৰ পাঠক  ( জিলা সাংস্কৃতিক বিষয়া), ধীৰাজ দেউৰী(ৰাজনীতিক তথা সভাপতি,ব্যৱসায়িক সংস্হা), দ্বিজেন দাস (সাংবাদিক, অসমীয়া খবৰ) কিৰণ শংকৰ দাস (অধিবক্তা) তথা অক্ষয় কুমাৰ মিশ্ৰ (সাহিত্যিক) অাদি সমিতিৰ সকলো বিষয় ববীয়াকে ধৰি আটাইকেইজন বিশিষ্ট সদস্য উপস্থিত থাকে । বৈঠকত জিলাখনৰ বিভিন্ন বিষয়ৰ ওপৰত দখল থকা সচেতন জ্যেষ্ঠ নাগৰিক বাছনি কৰাৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয় আৰু এই বাছনি প্ৰক্ৰিয়া যাতে নিখুঁতভাৱে হয় তাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয় বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, বিশিষ্ট ব্যক্তিৰ ভিতৰত একমাত্ৰ সংবাদ-মাধ্যমৰ  'অসমীয়া খবৰ' কাকতৰ বৰপেটাৰ ষ্টাফ ৰিপ'ৰ্টাৰ দ্বিজেন দাসে এই বৈঠকত সদস্য হিচাপে অন্তৰ্ভূক্ত হোৱাত  সংবাদ-মাধ্যমৰ কৰ্মকৰ্তাসকলে সন্তুষ্টি প্ৰকাশ কৰিছে। (ফটো অাছে)


# বৰপেটা আৰক্ষীৰ বৃহৎ সাফল্যঃ ঈশান উদয় জলপানি কেলেংকাৰীৰ মূল নায়ক মিনহাজুল হকক গ্ৰেপ্তাৰ #

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,১জুনঃ বৰপেটা আৰক্ষীৰ বৃহৎ সাফল্য। ঈশান উদয় জলপানি কেলেংকাৰীৰ মূল নায়ক মিনহাজুল হকক  অাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বৰপেটাৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে মিনহাজুল হক নামৰ মুল অভিযুক্তক। পিছে কেলেংকাৰীৰ মাষ্টৰমাইণ্ড মিনহাজুল হকৰ ঘৰ বৰপেটাৰ দামালজাৰত বুলি জানিব পৰা গৈছে। সম্প্ৰতি ভূৱা শিক্ষাৰ্থীৰে জলপানিৰ নামত মিনহাজুলে লাখ লাখ টকা আত্মসাৎ কৰিছিল। উল্লেখ্য যে,আৰক্ষীয়ে ধৃত মিনহাজুলৰ পৰা ২৮ টা বেংক পাচবুক, ছয় খন চেকবুক, পানকাৰ্ড, ভোটাৰ কাৰ্ড সহ দুটি মোবাইল উদ্ধাৰ কৰে। ইতিমধ্যে এই কেলেংকাৰীত জড়িত মুঠ ৪ গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বৰপেটা আৰক্ষীয়ে। কেলেংকাৰীৰ মাষ্টৰ মাইণ্ড মিনহাজুলে  ৰাজ্যজুৰি এই কেলেংকাৰীৰ জাল পাতিছে। ইপিনে শিৱসাগৰ, ধেমাজি আদি জিলাতো এই কেলেংকাৰী সংঘটিত কৰিছে। এই কেলেংকাৰীত বহু কেইগৰাকী লোক জড়িত আছে বুলি অাৰক্ষীয়ে সদৰী কৰিছে। বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ লগতে আন বিদ্যালয়তো এই কেলেংকাৰী সংঘটিত কৰিছে। কালি বৰপেটা সদৰ থানাত এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক ডা০ প্ৰদীপ শইকীয়াই। (ফটো অাছে)



# সৰুক্ষেত্ৰীৰ কপাহৰটাৰী-কমলপুৰত  সৌৰ চালিত আৰু বিদ্যুৎ চালিত অগভীৰ নলী নাদ আঁচনিৰ শুভ উদ্বোধন-বিধায়ক জাকিৰ শিকদাৰৰ #

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,৩১মেঃ বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টি তথা বৰপেটা  ৰাজহ চক্ৰৰ অন্তৰ্গত কপাহৰটাৰী আৰু কমলপুৰত জলসিঞ্চন বিভাগৰ সৰুক্ষেত্ৰী চেঙা সংমণ্ডলৰ দ্বাৰা প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনাৰ অধীনত নিৰ্মাণ কৰা দুটাকৈ অগভীৰ নলী নাদ আঁচনিৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয় । উক্ত শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ , ২০নং পাকাবেতবাৰী জিলা পৰিষদৰ সদস্যা আতিফা আখতাৰ ,জলসিঞ্চন বিভাগৰ বৰপেটা চক্রৰ অধীক্ষক অভিযন্তা কমল লোচন বায়ন, সৰুক্ষেত্ৰী চেঙা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা মানিক দত্ত, সহকাৰী কাৰ্যবাহী অভিযন্তা দীপ মনি দাস , কনিষ্ঠ অভিযন্তা আঃ  জলিল খান আদি কৰি বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া সকলৰ লগতে স্থানীয় ব্যক্তি সকল। ইপিনে উক্ত আঁচনি সন্দৰ্ভত কমলপুৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাত অগভীৰ নলী নাদ আঁচনিৰ জৰিয়তে কৃষক সকলে কেনেকৈ সুফল লাভ কৰিব পাৰি সেই বিষয়ে বিতংকৈ আলোচনা কৰা হয় । উল্লেখ্য যে,  কপাহৰটাৰীত সৌৰ চালিত অগভীৰ নলী নাদ আঁচনি আৰু কমলপুৰত বিদ্যুৎ চালিত অগভীৰ নলী নাদ আঁচনিৰ জৰিয়তে কৃষক সকলে অতি কম খৰচতে অধিক শস্য উৎপাদন কৰিব বুলি ধাৰণা কৰা হৈছে । অসম চৰকাৰৰ জলসিঞ্চন বিভাগে এনে আঁচনি নিৰ্মাণ কৰাৰ বাবে কৃষক সকলে অতিকৈ আনন্দিত হয় আৰু চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে । (ফটো অাছে)


# বৰপেটাৰ সৰভোগৰ ঐতিহ্যমণ্ডিত মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোসাঁই থানত আজিৰে পৰা জাগৰণ উৎসৱ আৰম্ভ #



প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ৩১ মেঃ বৰপেটা জিলাৰ ইতিহাস প্ৰসিদ্ধ বৰনগৰৰ প্ৰাণকেন্দ্ৰ সৰভোগস্থিত মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোসাঁই থানত আজিৰে পৰা আৰম্ভ হৈছে জাগৰণ উৎসৱ। যোৱা দুটা দশক ধৰি দেশত কোভিড-১৯ ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ বাবে শ্ৰীশ্ৰী গৰখীয়া গোসাঁই থানত পালন হোৱা নাছিল জাগৰণ উৎসৱ। বৃহত্তৰ বৰনগৰ অঞ্চলৰ আধ্যাত্মিক দাপোন স্বৰূপ মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া থানত প্ৰচলিত প্ৰথা অনুযায়ী প্ৰতি ১৬ জেঠৰ পৰা ২২ জেঠলৈ জাগৰণ উৎসৱ পালন কৰা হয়। থানৰ জাগৰণ উৎসৱৰ সময়ত প্ৰভুৰ এলেকাভুক্ত ২২ খন পাৰাৰ ৰাইজে গাঁৱৰ আলিবাটৰ ঘাঁহ-বন কাটি, পাকঘৰ, কাপোৰ-কানি ধুই পৰিষ্কাৰ কৰে। ইয়াৰ উপৰি এই সময়ত অঞ্চলটোত বিবাহ, মাঙ্গলিক কাৰ্য আৰু হোম-যজ্ঞ আদিও বন্ধ থাকে। ১৬ জেঠৰ পৰা ২১ জেঠলৈ প্ৰত্যেক নিশাই ২২ টা চুবুৰীৰ প্ৰত্যেক পাৰাৰ ভক্তই পালপাতি ৰাইজ থানলৈ আহি উজাগৰে থাকে। ইয়াক বৰনগৰীয়া ভাষাত "জাগৰ ৰখা" বা জাগৰণ বুলি কোৱা হয়। জেঠৰ ২১ তাৰিখে ৰাতিপুৱাই ভক্তসকলে প্ৰভুক এলাকাভুক্ত অঞ্চল পৰিভ্ৰমণত ওলায় নিয়ে আৰু নিশা প্ৰায় ১২ মান বজাত থানলৈ উভতি আহে। এই ভ্ৰমণৰ সময়ত প্ৰভুৰ এলেকাৰ বিভিন্ন নামঘৰ, ব্যক্তিগত পদূলিত জিৰণি লয়। সকলো স্থানতে প্ৰভুৰ কৃপাদৃষ্টি পৰাটো আৰু ইয়াৰ ফলত ৰাইজে সৎ জীৱন যাপন কৰিব পৰাটো এই ভ্ৰমণৰ মূল উদ্দেশ্য। ২২ তাৰিখে দুপৰীয়া হোম আৰু নাম-প্ৰসঙ্গ কৰি উৎসৱৰ সামৰণি মৰা হয়। জাগৰণ উৎসৱ সম্পৰ্কে প্ৰবাদ আছে যে এসময়ত গোটেই বৰনগৰ অঞ্চলত কলেৰা মহামাৰীয়ে দেখা দিয়াত ৰাইজে আতংকগ্ৰস্থ হৈ প্ৰভুৰ শৰণাপন্ন হয়। তেতিয়া হেনো প্ৰভুই তেওঁৰ প্ৰকৃত ভক্ত সকলক ৰক্ষা কৰাৰ বাবে মাজৰাতি বগা ঘোঁৰাত উঠি গাঁৱৰ পদূলিয়ে পদূলিয়ে ঘূৰি ফুৰিছিল। ইয়াৰ পাছতেই মহামাৰীৰ প্ৰভাৱ কমি যায়।


বিজনীত CPIM ৰ 
তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট ।

দৈনিক আমাৰ প্ৰণাম ,৩১ মে  চিৰাং 

চিৰাঙৰ বিজনী চহৰস্থিত শঙ্কৰদেৱ শিশু উদ্যানৰ সন্মুখত মঙলবাৰে বামপন্থী দলৰ যৌথ আহ্বানত এক প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন হয়। CPI(M) ৰ বিজনী লোকেল কমিটী আৰু নিখিল ভাৰত কৃষক সভাৰ বিজনী আঞ্চলিক কমিটীৰ যৌথ উদ্যোগত  পুৱা ১১ বজাৰ পৰা তিনিঘন্টীয়াকৈ ৰূপায়িত হয় এই অৱস্থান কাৰ্যসূচী। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস, নিবনুৱা সমস্যা সমাধান, পেট্ৰ'লজাত সামগ্ৰীৰ ওপৰত থকা আবকাৰী কৰ আৰু উপ কৰ প্ৰত্যাহাৰৰ দাবীত  ৰূপায়িত হয় এই প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী।
শেষত এখন স্মাৰক পত্ৰ বিজনী মহকুমাধিপতিক প্ৰদান কৰে।


◼️বিহালীত শামুকযুক্ত বৰফ প্ৰস্তুত অঞ্জলী আইচ্ ক্ৰীম উদ্যোগৰ…
◼️ নীৰৱ, নিৰ্বিকাৰ জিলা প্ৰশাসন; টেলেঙনীয়া গাওঁৰক্ষী বাহিনীৰ সম্পাদকৰ ভূমিকা সন্দেহজনক…

◼️ আমাৰ প্ৰণাম বিশেষ সেৱা, বিশ্বনাথ চাৰিআলি -৩১ মে:-

বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালীৰ বৰগাঙৰ অঞ্জলী আইচ্ ক্ৰীম নামৰ উদ্যোগটোৱে প্ৰস্তুত কৰা বৰফৰ মাজত শামুক ওলোৱাকলৈ চাঞ্চল্য অব্যাহত আছে৷ অভিযোগমতে যোৱা ২৬ মে তাৰিখে বৰগাঙৰ অঞ্জলী আইচ্ ক্ৰীম উদ্যোগটোৰ পৰা এজন খুচুৰা বৰফ বিক্ৰেতাই বৰফ কিনি বিহালীৰ টেলেঙণীয়া গাওঁত বিক্ৰি কৰিৱলৈ নিয়াৰ সময়ত গ্ৰাহকে বৰফ ক্ৰয় কৰি সেৱন কৰীৰ সময়ত বৰফৰ মাজত ওলাই শামুক৷ বৰফৰ মাজত শামুক ওলোৱাৰ লগে-লগে অঞ্চলটোত চাঞ্চল্য সৃষ্টি হয়৷ আনহাতে বৰফৰ মাজত শামুক ওলোৱাৰ খবৰটো বিয়পি পৰাৰ লগে-লগে অঞ্চলটোৰ সচেতনলোক বৰফ বিক্ৰিতাক ঘেৰি ধৰাত বৰগাঙস্থিত অঞ্জলী আইচ্ ক্ৰীম উদ্যোগৰ পৰা বৰফ ক্ৰয় কৰি নিয়া বুলি সদৰি কৰে৷ তাৰ কিছু ঘন্টাৰ পিছতেই অঞ্জলী আইচ্ ক্ৰীম উদ্যোগৰ স্বত্বাধিকাৰী সম্ভূ পাৰমনী অঞ্চলটোলৈ গৈ সমস্ত ঘটনা গাঁপ দিৱলৈ উঠি পৰি লগাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে৷ ইমানেই নহয় ঘটনা সংঘটিত হোৱাৰ পিচদিনা টেলেঙণীয়া গাওঁৰক্ষী বাহিনীৰ সম্পাদক গৰাকীয়ে এটা সঁজাতি দললৈ বিষয়টো প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিৱলৈ উঠি পৰি লাগিছিল যদিও পিচলৈ সম্পাদক জনে ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিলে যাৰবাবে টেলেঙণী গাওঁৰক্ষী বাহিনীৰ সম্পাদক জনৰ ওপৰত স্থানীয় সচেতনলোকৰ সন্দেহ উপজিছে৷ বিহালীৰ সচেতনলোকৰ প্ৰশ্ন-বৰফৰ মাজত শামুক ওলোৱাৰ দৰে জনস্বাস্থ্য জড়িত বিষয়ত হৰ্ঠাৎ সক্ৰিয় ভূমিকা গ্ৰহণ কৰিও কিয় কাৰণত ৰহস্যজনকভাৱে নিশাটোৰ ভিতৰতে শুই পৰিল টেলেঙণীয়া গাওঁৰক্ষী বাহিনীৰ সম্পাদকজন৷ তদুপৰি , বিহালীৰ বৰগাঙস্থিত অঞ্জলী আইচ্ ক্ৰীম নামৰ বৰফ উদ্যোগটোৱে ভাৰত চৰকাৰৰ খাদ্য নিৰাপত্তা আৰু মানদণ্ড আইন-২০০৬ চূড়ান্তভাৱে উলঙ্ঘা কৰি অহাৰ তথ্য পোহৰলৈ অহাৰ পিছতো বিশ্বনাথ জিলা প্ৰশাসনে নিৰ্লিপ্ততা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে, বিহালীত জনস্বাস্থ্য ক্ষতিকাৰ বৰফ প্ৰস্তুতৰে ৰমৰমীয়া বেপাৰ চলাই অহা অঞ্জলী আইচ্ ক্ৰীম নামৰ উদ্যোগ শ্বীল কৰাৰ ওপৰিও মানৱজাতিৰ স্বাস্থ্যৰ স'তে ল'ৰা ধেমালী কৰা উদ্যোগটোৰ স্বত্বাধিকাৰীৰ বিৰূদ্ধে দৃষ্টান্তমুলক শাস্থিৰ দাবী তুলিছে বিহালীৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিহালী আঞ্চলিক সমিতি(আছা) , সংগ্ৰামী যুৱ-পৰিষদ অসমৰ বিশ্বনাথ জিলা সমিতিয়ে৷


ধুবুৰীত গৰ্ভৱতী মহিলাক ৰক্তহীনতাৰ পৰা ৰক্ষা কৰাৰ বিশেষ পদক্ষেপ জিলা প্ৰশাসনৰ


সকলো স্বাস্থ্যকেন্দ্ৰ, চিকিৎসালয়ক ডিজিটেল হিম'গ্ল'বিন মিটাৰ প্ৰদান


ধুবুৰী, ৩১ মে'

গৰ্ভৱতী মহিলাসকলক এনিমিয়া অৰ্থাৎ ৰক্তহীনতাৰ পৰা ৰক্ষা কৰাৰ উদেশ্যৰে প্ৰতিৰোধমূলক পদক্ষেপ হিচাপে ধুবুৰী জিলা প্ৰশাসনে বিশেষ উদ্যোগ লৈছে৷ জিলাখনৰ প্ৰতিটো স্বাস্থ্যকেন্দ্ৰ আৰু প্ৰতিখন চৰকাৰী চিকিৎসালয়ত গৰ্ভৱতী মহিলাৰ তৎক্ষণাত হিম'গ্ল'বিন জোখাৰ বাবে একোটাকৈ ডিজিটেল হিম'গ্ল'বিন মিটাৰ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে৷ আজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত উপায়ুক্ত অন্বামুথন এম পিয়ে কেবাটাও স্বাস্থ্যকেন্দ্ৰক আনুষ্ঠানিকভাৱে এই মিটাৰ বিতৰণ কৰে৷ মুঠ ২৫০ টা এনে মিটাৰ ধুবুৰীৰ সকলো স্বাস্থ্য কেন্দ্ৰ আৰু চৰকাৰী চিকিৎসালয়ত বিতৰণ কৰা হ'ব৷ আকাংক্ষিত জিলা কাৰ্যসূচীৰ অধীনত  ৰূপান্তৰ আৰু উন্নয়ণ বিভাগে ২০২১-২২ বৰ্ষৰ ৰাজ্যৰ নিজা অগ্ৰাধিকাৰ উন্নয়ণ পূজিৰ অধীনত  যোগান ধৰা ধনেৰে এনিমিয়া পৰীক্ষাৰ বাবে ২৫০ টা ডিজিটেল হিম'গ্লবিন মিটাৰ আৰু ৭৭৫ পেকেট ষ্ট্ৰীপ ক্ৰয় কৰিছে জিলা প্ৰশাসনে৷ একেটা শিতানতে জিলাখনৰ  বিভিন্ন চিকিৎসালয়ৰ বাবে  ৩০ খন প্ৰসৱৰ সময়ত ব্যৱহৃত লেবাৰ টেবল ক্ৰয় কৰা হৈছে৷ আজি লেবাৰ টেবলবোৰো আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়৷ কাৰ্যসূচীত ভাষণ প্ৰদান কৰি জিলা উপায়ুক্ত অন্বামুথন এম পিয়ে কয়,'গৰ্ভৱতী মহিলাৰ প্ৰসৱপূৰ্বৰ পৰীক্ষাৰ সময়ত এ এন এম সকলে ডিজিটেল হিম'গ্ল'বিন মিটাৰ ব্যৱহাৰ কৰিব৷ ইয়াৰ জৰিয়তে আমি আগতীয়াকৈ ৰক্তহীনতাত ভোগা গৰ্ভৱতী মহিলা চিনাক্ত কৰি প্ৰসূতিৰ মৃত্যৰ হাৰ কমাব পাৰিম৷' আজিৰ অনুষ্ঠানত জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস, সহকাৰী আয়ুক্ত অমৃতা দত্ত, জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক প্ৰমুখ্যে স্বাস্থ্য বিভাগৰ কেবাজনো বিষয়া আৰু স্বাস্থ্য কৰ্মী উপস্থিত থাকে৷

প্ৰেৰক- জিতু মণি দাস, ধুবুৰী


ধুবুৰীত ভাৰ্চুৱেল মাধ্যমেৰে   'গৰীৱ কল্যাণ সন্মিলন'ত অংশগ্ৰহণ হিতাধিকাৰীৰ

প্ৰধানমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ ধুবুৰীৰ হিতাধিকাৰীৰ

উপস্থিত থাকে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা


ধুবুৰী, ৩১ মেঃ 


আজাদী কা অমৃত মহোৎসৱ উপলক্ষে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছিমলাৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰা দেশৰ বিভিন্ন স্থানৰ হিতাধিকাৰীৰ সৈতে   মতবিনিময় কৰা , তেওঁলোকক উদেশ্যি ভাষণ প্ৰদান আৰু আনুষ্ঠানিকভাৱে  কৃষক সন্মান নিধিৰ একাদশ কিস্তি মুকলাই দিয়াৰ  অনুষ্ঠান 'গৰীৱ কল্যাণ সন্মিলন'ত  ভাৰ্চুৱেল মাধ্যমেৰে ধুবুৰী জিলা পুথিভড়াল প্ৰেক্ষাগৃহত পাঁচ শতাধিক হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে৷ ধুবুৰী জিলা প্ৰশাসনে দেশৰ আন জিলা সমূহৰ দৰে প্ৰধানমন্ত্ৰীৰ মত বিনিময় অনুষ্ঠান অনলাইনযোগে পোনপতীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰে৷ প্ৰধান মন্ত্ৰী আৱাস যোজনা, প্ৰধানমন্ত্ৰী উজ্বলা যোজনা, প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা, জলজীৱন মিছন, প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আদি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰী ৰাইজে প্ৰধানমন্ত্ৰীৰ ভাষণ মনোযোগেৰে শুনে আৰু অনায়াসে আঁচনিসমূহৰ সুবিধা পোৱা বাবে কৃতজ্ঞতা প্ৰকাশ কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণ আৰম্ভ হোৱাৰ পূৰ্বে পুৱা ৯.৩০ বজাত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, ধুবুৰী জিলা উপায়ুক্ত অন্বামুথন এম পি, ধুবুৰী পৌৰসভাৰ সভাপতি ডাঃ দেৱময় সান্যাল, প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহী, জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামী প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এক চমু অনুষ্ঠানৰ আয়োজন কৰা হয়৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে পূৰ্বতে আৱাস যোজনা, বৃদ্ধ পেন্সন, বিধৱা পেন্সন সকলোতে মধ্যভোগী আছিল আৰু হিতাধিকাৰীৰ অধিকাংশ ধন হৰলুকি হৈছিল৷ কিন্তু কেন্দ্ৰত নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা পৰিস্থিতিৰ সলনি হ'ল৷ এতিয়া হিতাধিকাৰীৰ একাউন্টত পোনপতীয়াকৈ ধন সোমাই, কোনো মধ্যভোগী নাথাকে৷ তেওঁ কোভিড সংকটৰ সময়ত ৰাইজক সকাহ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে লোৱা বলিষ্ট পদক্ষেপৰ প্ৰসংগ উল্লেখ কৰে৷ তেওঁ কয়,'কোভিড আৰম্ভ হোৱাৰ সময়ত আমাৰ পিপিই কিটৰ অভাৱ হৈছিল৷ কিন্তু সময়ৰ লগে লগে মোডী ডাঙৰীয়ৰ বলিষ্ঠ নেতৃত্ব আৰু দূৰদৰ্শিতাৰ বাবে আজি ভাৰত পিপিই কীট উৎপাদনত বিশ্বৰ আগশাৰীৰ দেশ হৈ পৰিল৷ আজি বিশ্বৰ বহু দেশ কোভিড ভেকচিনৰ বাবে ভাৰতৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে৷' যোগ দিৱসৰ জৰিয়তে ভাৰতীয় সংস্কৃতিৰ বৈভৱ যোগক বিশ্বৰ দেশে দেশে জনপ্ৰিয় কৰি তুলাকে ধৰি বিশ্বত ভাৰতৰ বৃদ্ধি পোৱা প্ৰভাৱৰ কথাও সাংসদগৰাকীয়ে উল্লেখ কৰে৷ জিলা উপায়ুক্তই আদৰণি ভাষণ দিয়া অনুষ্ঠান অন্ত পৰাৰ লগে লগে আৰু প্ৰধানমন্ত্ৰীৰ মত বিনিময় অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকা অনুষ্ঠান আৰু তেখেতৰ ভাষণ জিলা পুথিভড়াল প্ৰেক্ষাগৃহত উপস্থিত থকা ৰাইজক পোনপতীয়াকৈ দেখুওৱা হয়৷

প্ৰেৰক- জিতু মণি দাস, ধুবুৰী



ধুবুৰীত আৰক্ষীৰ তীৰ বিৰোধী অভিযানত ধৃত দুজনকৈ তীৰৰ বুকি

ধুবুৰী, ৩১ মে'

আজি ধুবুৰী আৰক্ষীৰ অভিযানত তীৰ খেলৰ টিকট আৰু  নগদ ধনসহ দুজন ব্যক্তিক কৰায়ত্ব হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে, গোপন তথ্যৰ ভিত্তিত আজি ধুবুৰী আৰক্ষীৰ এটি দলে চহৰখনৰ পাৰ্শ্বৱৰ্তী ফলিমাৰী অঞ্চলত তীৰ বিৰোধী এক অভিযান চলাইছিল। উক্ত অভিযানত আৰক্ষীৰ দলটো নগদ ধন আৰু তীৰৰ টিকটসহ দুজনকৈ তীৰৰ বুকি কৰায়ত্ব কৰা বুলি প্ৰকাশ। ধৃত দ্বয় জনৈক ৰেজ্জাক আলী আৰু ৰফিক ইছলাম বুলি জানিব পৰা গৈছে। ইয়াতে উল্লেখনীয় যে, মুখ্যমন্ত্ৰীগৰাকীৰ কঠোৰ নিৰ্দেশৰ পিছত বিগত ৯ জানুৱাৰীৰ নিশা সমগ্ৰ ৰাজ্যৰ ল’গতে ধুবুৰীতো চলিছিল আৰক্ষীৰ তীৰ বিৰোধী এক অভিযান। সেই অভিযানত ধুবুৰীকে ধৰি সমগ্ৰ জিলাখনৰ পৰা তীৰৰ জুৱাৰ সৈতে জড়িত ২২ গৰাকীকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। আৰক্ষীৰ তীৰ বিৰোধী সেই অভিযানৰ পিছত প্ৰায়  এমাহ–ডেৰমাহমান  জুৱাবিধ ধুবুৰীত সম্পূৰ্ণৰূপে বন্ধ আছিল।  কিন্তু সময় বাগৰাৰ ল’গে ল’গে আৰক্ষীৰ তীৰ বিৰোধী স্থিতি ক্ৰমশঃ শিথিল হৈ পৰাৰ সুযোগ লৈ  ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত তীৰৰ সৈতে জড়িত চক্ৰবোৰ পুনৰায় সক্ৰীয় হৈ পৰা বুলিয়েই  চৰ্চিত হ’বলৈ লোৱা পোৱা গৈছে।

প্ৰেৰক- জিতু মণি দাস, ধুবুৰী



## নলবাৰী শ্বহীদ ভৱন বাকৰিত বিশ্ব ধঁপাত বিৰোধী দিৱস উদযাপন ## 
 দৈনিক  আমাৰ প্ৰণাম সেৱা :: নলবাৰী :: ৩১ মে :: 
 সমগ্ৰ  বিশ্ব , দেশ,ৰাজ্যৰ লগতে নলবাৰীতো  " বিশ্ব ধপাত বিৰোধী দিৱস" পালন কৰা হয়।   নলবাৰী  বিভিন্ন ঠাইৰ লগতে চহৰখনৰ পি.এন.চি ৰোডস্থিত শ্বহীদ  ভৱন বাকৰিত নৰ্থ ইষ্ট কেন্সাৰ হাস্পতালৰ উদ্যোগত আৰু নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন কৰা হয়।  বিশ্ব ধপাত বিৰোধী দিৱস  উপলক্ষে ৰাতিপুৱা  শ্বহীদ ভৱন বাকৰিত অনুষ্ঠিত সজাগতা সভাখন আত ধৰে  নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল বৰ্মনে  । উক্ত  ধঁপাতবিৰোধী সজাগতা সভাত উপস্থিত থাকে নৰ্থ ইষ্ট কেন্সাৰ হাস্পতালৰ অধ্যক্ষ গণেশ তামুলী, সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা,সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ  সাধাৰণ  সম্পাদক অক্ষয় ডেকা,  সদৌ অসম ছাত্র সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰিয়াজ উদ্দিন আহমেদ, নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা হৰিহৰ শৰ্মা, সম্পাদক নৱ কুমাৰ ডেকাকে ধৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল,জ্যেষ্ঠ সাংবাদিক ব্ৰজেন তালুকদাৰ,নকুল তালুকদাৰ বিশিষ্ট শিল্পী কুমুদ মালাকৰৰ লগতে প্ৰায় দুই শতাধিক ছাত্র-ছাত্ৰী। সজাগতা  সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই।অনুষ্ঠানটোত নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিতালৰ অধ্যক্ষ গণেশ তামুলী ধঁপাত সেৱনৰ ফলত আমাৰ সমাজত কিমান ভয়ানক ভাবে কৰ্কট ৰোগত আক্রান্ত হৈ বহু পৰিয়ালৰ কি অবস্থা হৈছে তাৰে ওপৰত গভীৰ আলোকপাত কৰে।ভাষণ প্ৰসংগত আটাইকেইজন বক্তাই নিজৰ লগতে পৰিয়ালৰ কথা ভাৱি ধঁপাতৰ পৰা নিজক মুক্ত কৰি পৰিবেশ সংৰক্ষণত গুৰুত্ব প্ৰদানৰ বাবে আহ্বান জনায়।সজাগতা সভাৰ  শেষত  ধঁপাতমুক্ত অসম গঢ়াৰ বাবে  হাতে হাতে বিভিন্ন শ্ল'গান লিখা ফেষ্টুন লৈ  চহৰৰ মাজেৰে এটা সমদল  উলিওৱা হয় ।




# সৰভোগত অঘটনঃ নিশা শাহুৱেকক আক্ৰমণ কৰিলে ঘৰ জোৱাইৱেকে #

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,৩১ মেঃ বৰপেটা জিলাৰ সৰভোগত যোৱা নিশা সংঘটিত হয় এক আক্ৰমণৰ ঘটনা। নিজ শাহুৱেকক চোকা অস্ত্ৰৰে আক্ৰমণ জোৱাৱেকৰ। সৰভোগৰ ৯ নং ৱাৰ্ডৰ প্ৰতিমা দাস নামৰ বৃদ্ধা এগৰাকীক আক্ৰমণ কৰে তেওঁৰে জোৱাই ভাস্কৰ দাসে। নিশা প্ৰায় ১০ মান বজাত সংঘটিত হয় উক্ত ঘটনাটো। জানিব পৰা মতে প্ৰতিমা দাসৰ ঘৰত ঘৰজোৱাই হিচাপে থকা ভাস্কৰ দাসে যোৱা নিশা সুৰাৰ ৰাগীত মাতাল হৈ নিজৰ শাহুৱেক প্ৰতিমা দাসক আক্ৰমণ কৰে। প্ৰতিমা দাসে জানিবলৈ দিয়া মতে ভাস্কৰ দাসে টকা-সম্পত্তি বিচাৰি শাহুৱেক দাৰে আক্ৰমণ কৰে। পূৰ্বতেও ভালেকেইবাৰ শাহুৱেক, আইতাকৰ লগতে পত্নীকো আক্ৰমণ কৰিছিল। ইপিনে আহত মহিলা গৰাকীক স্থানীয় ৰাইজে নিশায়ে সৰভোগ থানাৰ সহযোগত চিকিৎসালয়লৈ লৈ যায়। সৰভোগ আৰক্ষীয়ে নিশায়ে প্ৰতিমা দাসৰ বাসগৃহত উপস্থিত হৈ আক্ৰমণ কাৰী ভাস্কৰ দাসক বিচাৰে যদিও এতিয়াও পলাতক হৈ আছে। স্থানীয় ৰাইজে ভাস্কৰ দাসক উচিত শিক্ষা প্ৰদানৰ বাবে আৰক্ষীক দাবী জনাইছে ৷ (ফটো অাছে)

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা