n

মানকাচৰৰ ঝাওডাঙা কস্তুৰবা বালিকা বিদ্যালয়ত মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ আজব ঘটনা৷


বিদ্যালয় খনত ৯ জন শিক্ষকৰ বিপৰীতে ৮ জনী শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল মেট্ৰিক পৰীক্ষাত৷


দৈনিক আমাৰ প্ৰণাম সেৱা, হাটশিঙীমাৰী, ৯ জুনঃ- 
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ ঝাউডাঙা কস্তুৰবা বালিকা বিদ্যালয়ত সংঘটিত হৈছে এই আজৱ ঘটনাৰ৷ উক্ত বিদ্যালয় খনৰ পৰা এই বছৰ ৮ গৰাকী শিক্ষাৰ্থীয়ে অবতীৰ্ণ হৈছিল উচ্চ মাধ্যমিক পৰীক্ষাত৷ কিন্তু বৰ পৰিতাপৰ বিষয় হ’ল বিদ্যালয়ৰ খনৰ ৮ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত এজনীও উত্তীৰ্ণ হব নোৱাৰিলে উচ্চ মাধ্যমিক পৰীক্ষাত৷ 

মনকৰিবলগীয়া বিষয় য়ে, বিদ্যালয় খনত শিক্ষকৰ সংখ্যা ৯ জনৰ বিপৰীতে বিদ্যালয় খনৰ পৰা উচ্চ মাধ্যমিক পৰীক্ষাত ৮ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল৷ লক্ষণীয় বিষয় উক্ত বালিকা বিদ্যালয় খন কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা থকা খোৱাৰ পৰা আৰম্ভ কৰি সকলো প্ৰকাৰৰ সা সামগ্ৰী বিনামূলীয়া ভাবে যোগান ধৰা হয়৷ তথাপি বিদ্যালয় খনৰ উচ্চ মাধ্যমিক পৰীক্ষাৰ ফলাফল অতিকৈ বেয়া হোৱাৰ বাবে স্থানীয় ৰাইজৰ লগতে অভিভাৱক সকলে ওৱাৰ্ডেন গৰাকীক ধিক্কাৰ দিয়া পৰিলক্ষিত হয়৷ ইফালে ছাত্ৰী কেইজনী দুৰ্বল আছিল বাবেই তেওঁলোক উত্তীৰ্ণ হব পৰা নাই বুলি বিদ্যালয় খনৰ ওৱাৰ্ডেন ছাবিনা হুছেইনেে সাংবাদিকক জানিবলৈ দিয়ে। অবশ্য অনাগত দিনত যাতে এনে ফলাফল নহয় তাৰ বাবে পৰিকল্পনা কৰিব বুলি তেওঁ মত প্ৰকাশ কৰে৷ চৰকাৰী সকলো সুবিধা পোৱা এই আবাসিক বিদ্যালয় খনত বৰ্তমানে ৮০ জনী শিক্ষাৰ্থী অধ্যয়ন কৰি আছে বুলি জানিব পৰা গৈছে৷ লক্ষণীয় বিষয় এয়া যে মানকাচৰৰ হাটশিঙিমাৰী এলেকাত এইবাৰ উচ্চ মাধ্যমিক পৰীক্ষাত ৭ খন ব্যক্তিগত বিদ্যালয়ত ১০০ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে৷ অথচ মানকাচৰতে থকা এই চৰকাৰী বিদ্যালয়ৰ এনে ফলাফলে অভিভাৱক তথা স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আনহাতে কস্তুৰবা বালিকা বিদ্যালয়ৰ কাষতে থকা ঝাউডাঙ্গা হায়াৰ চেকেণ্ডাৰী চৰকাৰী বিদ্যালয় খনৰ মেট্ৰিকৰ ফলাফল সন্তোষজনক নহয়৷ বিদ্যালয় খনৰ পৰা ১১৫ জন শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰে মাত্ৰ ৩ জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। বিদ্যালয় খনত ৭ জন শিক্ষক থকাৰ লগতে ২ জন কৰ্মচাৰী আছে বুলি জানিব পৰা গৈছে৷ অসম চৰকাৰৰ শিক্ষা বিভাগে এই চৰকাৰী বিদ্যালয় সমূহৰ অধ্যক্ষৰ লগতে শিক্ষক সকলোৰ বিৰুদ্ধে অনাগত দিনত কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হব৷



# বৰপেটাৰোডত  সোণৰ নাওঁ উদ্ধাৰঃ দুজনক অাটক #

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,৮ জুনঃ বৰপেটা জিলাৰ অন্তৰ্গত ৰপেটাৰোডত সোণৰ নাও বিক্ৰী কৰিবলৈ অহা বুলি বৰপেটাৰোড আৰক্ষীয়ে এক গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰে।তাৰপিছত বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপুল চন্দ্ৰ কলিতাৰ নেতৃত্বত বৰপেটাৰোড আৰক্ষীৰ এটি দলে সামৰিক আৰু অসামৰিক পোচাকত অভিযান চলাই বৰপেটাৰোড ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ কলহভাঙ্গা চাইনবোৰ্ডৰ ওচৰৰ পৰা অাজি এটা সোণৰ নাওঁ সহ দুজন যুৱকক আটক কৰে ৷ আটকাধীন যুৱকদ্বয়ৰ ক্ৰমে উত্তৰ লক্ষিমপুৰৰ জিলাৰ নাওবৈচা থানাৰ অন্তৰ্গত বৰগোলা গাঁৱৰ মহম্মদ আহমেদ আলীৰ পুত্ৰ বাবুল হুছেইন আনজন হৈছে লক্ষিমপুৰ জিলাৰ বিহপুৰীয়া থানাৰ অন্তৰ্গত মৃত ছুৰমান আলীৰ পুত্ৰ ছিৰাজুল হক।আৰক্ষীয়ে উদ্ধাৰ কৰা নাওঁখনৰ ওজন আনুমানিক ১.৫ কিলোগ্ৰাম বুলি আৰক্ষীয়ে সংবাদ মাধ্যমক জানিব দিয়ে।সম্প্ৰতি যুৱকদ্বয়ক বৰপেটাৰোড থানাৰ অাৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ (ফটো অাছে)

বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ সৰকাৰৰ ৰিপৰ্ট।


# মন্দিয়াত চিপিআই এমৰ চৰ চাপৰিৰ সমস্যাকলৈ ৰাজ্যিক গণ অভিৱৰ্তনৰ যো-জা # 

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,৮ মেঃ বৰপেটা জিলাৰ ৪৫ নং বাঘবৰ বিধান সমষ্টিৰ ব্যৱসায়-বাণিজ্যৰ প্ৰাণকেন্দ্ৰ স্বৰূপ মন্দিয়াত অহা ১০ চেপ্তেম্বৰত চৰ-চাপৰিৰ সমস্যা সমূহকলৈ চিপিআইএম'ৰ উদ্যোগত ৰাজ্যিক গণ অভিৱৰ্তনৰ যো-জা অব্যাহত ৰাখিছে। তদুপলক্ষে আজি পুৱা ১১ বজাত  অৱসৰপ্ৰাপ্ত উপ-পঞ্জীয়ক বিল্লাল হোছেইনৰ মন্দিয়াস্থিত বাসভৱনত চিপিএম দলৰ কৰ্মী-সমৰ্থকৰ উপস্থিতিত এখন মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত চিপিআইএম দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে চৰ-চাপৰি অঞ্চলৰ শিক্ষা-স্বাস্থ্য যোগাযোগ আদিৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ নীতিক ক্ষুৰধাৰ সমালোচনা কৰি বক্তব্য আগবঢ়ায়। পিছত মত-বিনিময়ৰ অন্তত ৰাজ্যিক নেতাজনে এখন সংবাদমেল সম্বোধন কৰে। উক্ত অনুষ্ঠানত চিপিএমৰ কমৰেড আজিজুৰ ৰহমান, কমৰেড তফিজ উদ্দিন,অৱসৰপ্ৰাপ্ত প্ৰবক্তা ছোহৰাব আহমেদ,অৱসৰপ্ৰাপ্ত উপ- পঞ্জীয়ক  কমৰেড বিল্লাল হোছেইন আদি নেতৃবৃন্দ আৰু অৰ্ধ শতাধিক কৰ্মী-সমৰ্থক উপস্থিত থাকে। (ফটো অাছে)


*উপায়ুক্তৰ ঘোষণা অসাৰ, মধুপুৰ সত্ৰত অবৈধ নিৰ্মাণ কাৰ্য্য অব্যাহত - ঠিকাদাৰৰ দ্বাৰা ডেকা সত্ৰাধিকাৰ অপদস্থ*

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ৮ জুনঃ অসমীয়া জাতিৰ আবেক অনুভূতিৰ লগত একাত্ম হৈ থকা উত্তৰ বংগৰ কোচবিহাৰত অৱস্থিত ইতিহাস প্ৰসিদ্ধ মধুপুৰ সত্ৰত যোৱা কিছুদিন ধৰি চলি থকা কেটবৰ সত্ৰীয়া সংস্কৃতি বিৰোধী কাম কাজে সত্ৰ খনৰ লগত সংপৃত্ত হৈ থকা জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ অমূল্য জ্ঞান-গৰিমা বিঘ্নিত আৰু লাঘৱ কৰাৰ লগতে সমগ্ৰ মহাপুৰুষীয়া একশৰণ নামধৰ্মৰ প্ৰতি এক অশনি সংকেত কঢ়িয়াই আনিছে | এনেধৰণৰ কাৰ্য্যই মহাপুৰুষ গৰাকীৰ লগতে অতাপুৰুষ সকলৰ অৱদানক মষিমূৰ কৰিবলৈ বিচৰা হৈছে | মধুপুৰ সত্ৰ সমিতিৰ লগতে সমগ্ৰ অসমৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ, ভকত বৈষ্ণৱ উপৰিও উত্তৰ বংগৰ মহাপুৰুষ শংকৰদেৱৰ হেজাৰ হেজাৰ অনুগামীৰ প্ৰবল বিৰোধিতা সত্বেও সত্ৰ চৌহদত সত্ৰৰ সকলো ৰীতি নীতি আৰু পৰম্পৰাক ভেঙুচালি কৰাৰ লগতে সত্ৰ কীৰ্তন ঘৰৰ গুৰু আসনত মৰ্য্যদা হানি কৰি শংকৰদেৱৰ নীতি আৰু আদৰ্শক পদাঘাত কৰিবলৈ কুন্থবোধ নকৰা এক অসাধু চক্ৰই এক ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি তোলাৰ লক্ষ্য আগত ৰাখি এটা তিনি মহলীয়া ভৱনৰ নিৰ্মাণ কাৰ্য্য চলাই আছে | মধুপুৰ সত্ৰ সমিতিৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানীৰ সৈতে যোৱা ৩ জুন তাৰিখে ধুবুৰী জিলাৰ উপায়ুক্তৰ সৈতে হোৱা এক আলোচনাৰ সময়ত উপযুক্ত গৰাকীয়ে এই নিৰ্মাণ কাৰ্য্য বন্ধ কৰা হব বুলি গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছিল | কিন্তু উপায়ুক্ত গৰাকীৰ এনে সিদ্ধান্ত বৃদ্ধাংগুস্থ দেখুৱাই চুৰান্ত ময়মতালিৰে ফটিক নেওগ আৰু  সুনীল ভৰালী নামৰ দুজন ঠিকাদাৰ ৰ দ্বাৰা মহাপুৰুষ জনাৰ ঐতিহ্যক চৰম অপমান কৰি নিৰ্মাণ কাৰ্য্য চলাই আছে | প্ৰক্ত অভিযোগ মতে বৰ্তমানৰ বুঢ়া সত্ৰাধিকাৰ গৰাকীয়ে ঠিকাদাৰৰ এনে কাৰ্য্য উৎসাহিত কৰি আহিছে | ঠিকাদাৰ দুগৰাকীৰ উদ্যোগতে সত্ৰ চৌহদত মদক দ্ৰব্য জাতীয় বস্তু অবাধ ব্যৱহাৰেৰে এক অশুভ শক্তিৰ জন্ম দি সত্ৰ খনক এক বিনোদন থলীলৈ পৰিণত কৰাৰ বাবে এক পৰিবেশৰ সৃষ্টি কৰিছে | 
মধুপুৰ সত্ৰ সমিতিৰ উপ সভাপতি বনমালি পাঠক, সম্পাদক হৰিদেৱ দাস আৰু প্ৰচাৰ সম্পাদক যুগান্ত বায়নে প্ৰকাশ কৰা এক বিবৃতিত কয় যে আজি ৮ জুন তাৰিখে সত্ৰ খনত বৰ্তমানে বিৰাজ কৰা প্ৰতিকুল পৰিস্থিতি,পৰিবেশ আৰু তিনিমহলীয়া ভৱনৰ নিৰ্মাণ কাৰ্য্য ধুবুৰী জিলাৰ উপায়ুক্তৰ ঘোষণা মতে বন্ধ কৰা সন্দৰ্ভত ঠিকাদাৰ সুনীল ভৰালীৰ লগত একলোচনত মিলিত হোৱাৰ সময়ত সত্ৰ , ডেকা সত্ৰাধিকাৰ,পীতাম্বৰ ভকত আৰু স্থানীয় তদাৰক সমিতিৰ সম্পাদক ডা: কেশৱ দাসক ঠিকাদাৰ গৰাকীয়ে অশালীন ব্যবহাৰ কৰাৰ লগতে বিভিন্ন অশ্ৰাব্য বাক্য বানেৰে অপদস্থ কৰে মধুপুৰ সত্ৰ সমিতিয়ে মুনাফালোভি ঠীকাদাৰে মধুপুৰ সত্ৰৰ নিচিনা এক চিৰবন্দনীয় সত্ৰৰ সত্ৰাধিকাৰক অপমান আৰু অপদস্থ কৰা কাৰ্য্যক গভীৰ  গৰিহণা দিছে | এনেধৰণৰ কু-সংস্কাৰত মত্ব ঠিকাদাৰৰ সত্ৰ চৌহদত প্ৰবেশ নিযুক্ত কৰাৰ লগতে সত্ৰাধিকাৰকে ধৰি সকলো ভকত বৈষ্ণৱক পৰ্যাপ্ত নিৰাপত্তা প্ৰদান কৰিবলৈ কোচবিহাৰ আৰু ধুবুৰী জিলা প্ৰশাসনক আহ্বান জনাইছে | উল্লেখযোগ্য যে যোৱা ২৯ মে ত অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে সত্ৰ সমিতিৰ সাধাৰণ সম্পাদক কুমাৰ দীপক দাস আৰু প্ৰচাৰ সম্পাদক যুগান্ত বায়নৰ লগত হোৱা এক আলোচনা সময়ত মুখ্য মন্ত্ৰীয়ে অতি সোনকালে মধুপুৰ সত্ৰ ভ্ৰমন কৰি সত্ৰীয়া পৰম্পৰা ভঙ্গ বিষয়টোৰ সম্পৰ্কত মতবিনিময় কৰাৰ বাবে 
মত প্ৰকাশ কৰিছিল | কিন্তু মুখ্য মন্ত্ৰী গৰাকীৰ এনে তৎপৰতাৰ বিপৰীতে এটা চক্ৰই সত্ৰ খনৰ চৌহদত বৰ্তমানেও সত্ৰীয়া সংস্কৃতি বিৰোধী চলাই থকা কাৰ্য্যই সচেতন মহলক শংকিত কৰি তুলিছে |


এজোৰ ইউনিফৰ্ম এজোৰ চিগা জোতাৰে আঠ কিলোমিটাৰ খোজঁকাঢ়ি বিদ্যালয় অহা–যোৱা কৰিও উদ্যম নেহেৰুৱালে ধুবুৰীৰ এগৰাকী পৰীক্ষাৰ্থী–– নিজৰ উদ্যেমেৰে উজলি উঠিল মেট্ৰিকত


ধুবুৰী, ৮ জুন

ফটা জোতা, নিতৌ এজোৰ স্কুলৰ ইউনিফৰ্ম পিন্ধি স্কুললৈ গৈয়ে পাঁচটা বিষয়ত লেটাৰ মাৰ্কচেৰে প্ৰথম বিভাগত উত্তীৰ্ণ ধুবুৰী জিলাৰ মটেৰঝাৰৰ মনিন্দ্ৰ ৰায় । গোলকগঞ্জৰ জীৱেশ চন্দ্ৰ প্ৰধানী জাতীয় বিদ্যালয়লৈ প্ৰতিদিনে প্ৰায় ৮ কিলোমিটাৰ পথ চাইকেলেৰে অতিক্ৰম কৰি  স্কুললৈ অহা-যোৱা কৰিছিল মনিন্দ্ৰই। দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হব নোৱাৰে, তাকেই পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে ধুবুৰী জিলাৰ মটেৰঝাৰৰ মনিন্দ্ৰ ৰায় নামৰ ছাত্ৰজনে । অসমীয়া, ইংৰাজী, সমাজ বিজ্ঞান, গণিত, উড ক্ৰাফট মুঠ পাঁচটা বিষয়ত লেটাৰ মাৰ্কচেৰে প্ৰথম বিভাগত উত্তীৰ্ণ হয় মনিন্দ্ৰ ৰায়। মনিন্দ্ৰ ৰায়ক লৈ গৌৰৱান্বিত অঞ্চলবাসী । ধুবুৰী জিলাৰ মটেৰঝাৰ গাৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ পুত্ৰই অঞ্চললৈ সুনাম কঢ়িয়াই অনাৰ বাবে উৎফল্লিত অঞ্চলবাসী, স্থানীয় ৰাইজে সম্বৰ্ধনা জনাইছে মনিন্দ্ৰক । পিতৃ প্ৰদীপ কুমাৰ ৰায়ে নিতৌ ই-ৰিক্সা চলাই পৰিয়াল পোহপাল দিয়াৰ উপৰিও পুত্ৰ মনিন্দ্ৰ ৰায়ৰ শিক্ষাৰ যাৱতীয় খৰচ বহন কৰাৰ চেষ্টা চলাই আহিছে। কিন্তু মনিন্দ্ৰৰ মন মেলিছে চিকিৎসক হ'বলৈ । অসহায় পিতৃ মাতৃয়ে চৰকাৰ তথা বিভিন্ন দল সংগঠন লৈ আহ্বান শিক্ষাৰ ক্ষেত্ৰত সহায় কৰিবলৈ।মনিন্দ্ৰই নিতৌ ৮ কিলোমিটাৰ পথ চাইকেলেৰে বিদ্যালয় লৈ অহা-যোৱা কৰাৰ উপৰিও ফটা জোতা, এজোৰ স্কুল ড্ৰেছ পিন্ধি স্কুল লৈ গৈছিল মনিন্দ্ৰই। আনন্দতে সুখৰ চকুলো বোৱাই সাংবাদিকৰ সন্মুখত মাতৃ যমুনা বালা ৰায়ে জনালে এই কথা।

প্ৰেৰক- জিতু মণি দাস, ধুবুৰী


# জনিয়াৰ ঘুগুবাৰিত Free Fire গেম খেলত বাধা দিয়াৰ বাবে দশম শ্ৰেণীৰ ছাত্ৰৰ চিপ লৈ আত্মহত্যাঃ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য #

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,৮ জুনঃ বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত জনিয়াৰ ঘুগুবাৰী  গাঁওৰ আনচেৰ আলীৰ ১৭ বছৰীয়া পুত্ৰ ছানিদুল ইছলাম নিজ ঘৰৰ সন্মুখত থকা গছৰ ডালত যোৱা নিশা চীপ লৈ আত্মহত্যা কৰা ঘটণাই  অঞ্চলজুৰি এক চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে ১৭ বছৰীয়া দশম শ্ৰেণীৰ ছাত্ৰ ছানিদুল ইছলামৰ অনলাইন Free Fire গেমৰ প্ৰতি আছিল ব্যাপক নিচা। পিছে ছানিদুলে দিন ৰাতি একাকাৰ কৰি free fire গেম খেলি থকা পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰে। অানকি লিখা পঢ়াত মনোনিবেশ নকৰি সকলো সময়তে গেম খেলি থকাৰ বাবে পৰিয়ালৰ লোকে বাধা দিয়াত ছানিদুলে এনে চৰম সিদ্ধান্ত লোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। অৱশেষত আজি ৰাতিপুৱা ঘৰৰ সন্মুখত থকা গছৰ ডালত  চীপ লৈ থকা অৱস্থাত  মাতৃয়ে প্ৰত্যক্ষ কৰে। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ছানিদুলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা বাবে বৰপেটা ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰিবলৈ পঠায় অাৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি ছানিদুলৰ মৃতদেহ নিজ ঘৰত লৈ অহা বুলি জানিব পৰা গৈছে।



# জনিয়াৰ দক্ষিণ তিতাপানী প্ৰাথমিক বিদ্যালয়ৰ বাকৰিত জল জীৱল মিছন আঁচনিৰ কামত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ ৰাইজৰ #

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,৮ জুনঃ বৰপেটা জিলাৰ ৪৪ নং জনিয়া বিধানসভা সমষ্টিৰ ৰূপসী  শিক্ষা খণ্ডৰ  অন্তৰ্গত  দক্ষিণ তিতাপানী প্ৰাথমিক বিদ্যালয় চৌহদত সম্প্ৰতি  জল জীৱন মিছন আঁচনিৰ ৰূপায়ন কৰাত বিদ্যালয়খনৰ ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে। জানিব পৰা মতে বিদ্যালয়খনৰ নামত থকা ১ বিঘা ভূমিত বিদ্যালয় গৃহ আৰু ছাত্ৰ-ছাত্ৰীৰ খেল ধেমালিৰ বাবে খেলপথাৰ আছিল। কিন্তু বিদ্যালয় চৌহদত ছাত্ৰ-ছাত্ৰীৰ খেল ধেমালিৰ বাবে থকা অৱশিষ্ট অংশত  জল জীৱন মিছন আঁচনিৰ নিৰ্মাণ কাৰ্য চলি থকাত কন কন ছাত্ৰ-ছাত্ৰীৰ খেল ধেমালিৰ ক্ষেত্ৰত ব্যাঘাত জন্মিছে বুলি বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে অভিযোগ উত্থাপন কৰিছে। উল্লেখ্য যে, বিদ্যালয়ৰ চৌহদত গাঁও প্ৰধান, ৰাইজ আৰু ফজল হক নামৰ ঠিকাদাৰজনে জলজীৱন মিছন আঁচনি ৰূপায়ন কৰাৰ বাবে জিঅ টেগ কৰি নির্মাণকার্য  আৰম্ভ কৰে যদিও ঠিকাদৰে অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু ৰাইজে। এই ক্ষেত্ৰত জল জীৱন মিছন আঁচনিখন দক্ষিণ তিতাপানী প্ৰাথমিক বিদ্যালয়ৰ স্বাৰ্থত বিদ্যালয় চৌহদৰ পৰিৱৰ্তে গাঁওখনৰ অইন ঠাইত স্থানান্তৰ কৰাৰ বাবে দাবী উত্থাপন কৰিছে প্ৰধান শিক্ষক, পৰিচালনা সমিতিৰ সভাপতি আৰু স্থানীয় ৰাইজে। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হব লক্ষণীয়। (ফটো অাছে)



তামুলপুৰত ৰাভা ভাষাৰ অনলাইন  অভিধান এপ "ৰাভা খুৰাং''  মুকলি।


নয়নজ্যোতি দাস, তামুলপুৰ, ৮ জুন

ৰাভা ভাষা বিশ্বৰ দৰবাৰত চিনাকী কৰি দিয়াৰ লক্ষ্যেৰে আজি তামুলপুৰ প্ৰেছ ক্লাৱত  এটি ৰাভা ভাষাৰ অনলাইন  অভিধান এপচ মুকলি কৰা হয় ৷  "ৰাভা খুৰাং'' নামৰ এপচটো আনুস্থানিক ভাৱে মুকলি কৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ উপ সভাপতি দীপাংকৰ ৰাভাই। এপচটো মুকলি কৰি ৰাভা ছাত্ৰ সন্থাৰ উপ সভাপতি দিপাংকৰ ৰাভাই কয়, ওদালগুৰী জিলাৰ ছফ্টওৱেৰ অভিযন্তা ডিম্বেশ্বৰ ৰাভাৰ বিশেষ উদ্যোগত বিশিষ্ট ৰাভা সাহিত্যিক বিশ্বনাথ ৰাভা তাৰা আৰু তথ্য সহায়ক জোনালী ৰাভা, কৈলাশ ৰাভাৰ সহাযোগত তিনিবছৰ যোৰা প্ৰচেষ্টাত ৰাভা ভাষা আৰু ইংৰাজী  ভাষাৰ অভিধানৰ এপটো মুকলি কৰা হয় ৷ এই এপচটোৰ জড়িয়তে ডিজেটেল মাধ্যমেৰে ৰাভা ভাষাক বিশ্বৰ বুকুত চিনাকী কৰাই দিবৰ বাবে  প্ৰচেষ্টা গ্ৰহন কৰা হৈছে। এপচটো মোবাইলৰ প্লেষ্টৰত সহজতে  উপলব্ধ হ'ব  বুলি নিখিল ৰাভা ছাত্র সন্থাৰ উপ সভাপতি দীপাংকৰ ৰাভাই পুনৰ কয় 
"ৰাভা খুৰাং" নামৰ এই এপটোৰ জৰিয়তে ৰাভা ভাষা শিকিবলৈ অতি সহজ হৈ পৰাৰ লগতে কোনো লোকে ৰাভা  সমাজৰ প্ৰচলিত প্ৰাচীন শব্দ অৰ্থও সন্নিবিষ্ট কৰিব পাৰিব ৷ প্ৰাথমিক অৱস্থাত ৰাভা খুৰাং এপচত ইংৰাজীৰ পৰা ৰাভালৈ অনুবাদৰ ব্যৱস্থা কৰা হৈছে যদিও অচিৰে অসমীয়া ভাষাতো অনুবাদ কৰা হ'ব বুলি সদৰি কৰে ৰাভা ছাত্ৰ সন্থাৰ উপ সভাপতি গৰাকীয়ে৷ আজি "ৰাভা খুৰাং" এপচ মুকলি অনুস্থানত  এপচটোৰ মুল পৰিকল্পনাকাৰী অভিযন্তা ডিম্বেশ্বৰ ৰাভা, বাক্সা জিলা ৰাভা ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক ভদ্ৰেশ্বৰ ৰাভা, সহকাৰী সম্পাদক বিকাশ ৰাভা, তামুলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ৰাজু ৰাভা, সম্পাদক ৰাহুল ৰাভা, বেতনা-দেফেলী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক মনোজ ৰাভাৰ লগতে আন কেবাজনো সদস্য উপস্থিত থাকে ৷



#   ৰঙিয়াত নৱ নিৰ্মিত তিনিটা সাধাৰণ সেৱা কেন্দ্ৰ মুকলি # 
# বিধায়ক ভৱেশ কলিতাৰ দ্ধাৰা শুভ উদ্ধোধন #
দৈনিক আমাৰ প্ৰণাম,৮ জুন :- ৰঙিয়া উন্নয়ণ খণ্ড বিষয়াৰ কাৰ্যালয়ৰ অধিনৰ মধ্য পাণ্ডুৰী পঞ্চায়ত, চেপ্তি-নকুল পঞ্চায়ত আৰু মৰাণজানা পঞ্চায়ত কাৰ্যালয় প্ৰাংগণত তিনিটাকৈ সাধাৰণ সেৱা কেন্দ্ৰ মুকলি কৰা হয় । ৰাষ্ট্ৰীয় গ্রাম্য স্বৰাজ অভিযান ২০২০-২১ বর্ষৰ অধীনত ৪ লাখ টকা ব্যয় সাপেক্ষে নৱ নিৰ্মিত তিনিটা সাধাৰণ সেৱা কেন্দ্ৰ(community service Centre) ৰাইজৰ বাবে শুভ উদ্বোধন কৰে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । এক মাঙ্গলীক কাৰ্য্যসূচীৰে সেৱা কেন্দ্ৰ কেইটা মুকলি কৰি বিধায়ক কলিতাই কয় যে কেন্দ্ৰ কেইটাত তিনিখন পঞ্চায়তৰ ৰাইজৰ বিভিন্ন চৰকাৰী কাম-কাজ সমূহ সফল ভাৱে ডিজিটেল মাধ্যমেৰে কৰাৰ বাবে সহায়ক হব। চৰকাৰে কৰিদিয়া এনেধৰণৰ সুবিধা সমুহৰ পৰা ৰাইজ নিশ্চয় উপকৃত হব বুলি জানিব দিয়ে বিধায়ক কলিতা । ৰাইজৰ সুবিধাৰ বাবে এনেদৰে ৰাজ্য চৰকাৰে মুকলি কৰিদিয়া কেন্দ্ৰ সমুহ উচিত ব্যৱহাৰ হলে নিশ্চয় আঁচনি সমুহ সফল ৰূপায়ন হোৱা বুলি ধৰিব পাৰি বুলি বিধায়ক গৰাকীয়ে উল্লেখ কৰে । ইফালে উক্ত কার্যসূচীত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি  সুৰেশ ৰাহুল জাৱিৰ , ৰঙিয়া খণ্ড উন্নয়ন বিষয়া  ধনজিৎ দত্ত ,পাণ্ডুৰী জিলা পৰিষদৰ সদস্য  লিটন কলিতা, ৰঙিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী  শিপ্ৰা দাস , তিনিখন পঞ্চায়তৰ প্ৰতিনিধি সকলদ  উপস্থিত থাকাৰ লগতে বিজেপিৰ উত্তৰ কামৰূপ জিলাৰ সভাপতি সুৱল পাল উপস্থিত থাকে । 
ৰঙিয়াৰ পৰা নছিউৰ ৰহমানৰ ৰিপৰ্ট, দৈনিক আমাৰ প্ৰণাম ।।




Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা