front

Rupjyoti Kurmi | মৰিয়নীত দুৰ্নীতি নিবাৰকৰ তদন্তক লৈ প্ৰতিক্ৰিয়া ৰূপজ্যোতি কুৰ্মীৰ, ক’লে – ২০১১ৰ পৰা কিয়, ২০০৬ৰ পৰা তদন্ত কৰক

মৰিয়নীত দুৰ্নীতি নিবাৰক শাখাই চলোৱা তদন্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। বুধবাৰে দুৰ্নীতি নিবাৰক শাখাই মৰিয়নীত বিধায়ক পুঁজি ব্যৱহাৰত অনিয়মৰ অভিযোগ সন্দৰ্ভত চলাইছিল তদন্ত।
উল্লেখযোগ্য যে ২০১১ৰ পৰা ২০১৭ বৰ্ষলৈ বিধায়ক পুঁজিৰ ব্যৱহাৰত ব্যাপক অনিয়ম হোৱা বুলি ২০১৭ চনত এগৰাকী বিজেপি নেতাই মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাত অভিযোগ উত্থাপন কৰিছিল। সেই অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মৰিয়নী আৰু যোৰহাট উপায়ুক্ত কাৰ্যালয়ত অনুসন্ধান চলাইছিল। কিন্তু বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে চতুৰ্থবাৰৰ বাবে কংগ্ৰেছী বিধায়কৰূপে ২০২১ চনৰ বিধান সভা নিৰ্বাচনত জয়ী হোৱাৰ কেইমাহমান পাছতে বিজেপিত যোগদান কৰে। ইয়াৰ পিছতে বিধায়কগৰাকীৰ বিৰুদ্ধে চলা মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ তদন্তও একপ্ৰকাৰ স্তব্ধ হৈ পৰে। কিন্তু বুধবাৰে দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে মৰিয়নীত চলালে তদন্ত।

এই সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰূপজ্যোতি কুৰ্মীয়ে কয়, ‘‘বিধায়ক পুঁজিৰ সন্দৰ্ভত তদন্ত ২০১১ৰ পৰায়েই কিয়? মই ২০০৬ চনৰ পৰা বিধায়ক হৈ আছো। ২০০৬ৰ পৰা তদন্ত কৰক। চাৰিজনীয়া কিয়, বিশজনীয়া তদন্ত কমিটী দিয়ক।’’
মই আৰু পাঁচবাৰ বিধায়ক হ’ম, মোক কোনেও ৰখাব নোৱাৰে বুলিও মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে।



Assam Cabinet Expansion: বিধায়কৰ পৰা মন্ত্ৰীলৈ নন্দিতা গাৰ্লোছা আৰু জয়ন্ত মল্ল বৰুৱা, ৰাজ্যপালে পাঠ কৰালে শপতবাক্য
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্ত দুই বিধায়ক ক্ৰমে জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোছাই আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শপত গ্ৰহণ কৰে। মুখ্য সচিব জিষ্ণু বৰুৱাই আঁত ধৰা অনুষ্ঠানত মন্ত্ৰী ৰূপে শপতবাক্য পাঠ কৰায় ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে।

মুখ্যমন্ত্ৰীকে ধৰি প্ৰায়সংখ্যক মন্ত্ৰী-বিধায়কৰ উপস্থিতিত মন্ত্ৰী হিচাপে নন্দিতা গাৰ্লোছাই ইংৰাজীত শপতগ্ৰহণ কৰে আৰু জয়ন্ত মল্ল বৰুৱাই শপতবাক্য পাঠ কৰে অসমীয়াত।

উল্লেখ্য, কালি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত দুয়োগৰাকী বিধায়ককে অন্তৰ্ভুক্ত কৰিব বুলি ঘোষণা কৰা হৈছিল। সেই মৰ্মে আজি প্ৰায় ৩ বজাত আৰম্ভ হোৱা শপতগ্ৰহণ অনুষ্ঠানত তেওঁলোকে মন্ত্ৰীৰূপে শপত লয় (Nandita Garlosa and Jayanta Malla Baruah take oath as ministers)।

হিমন্ত বিশ্ব শৰ্মা (Chief Minister Himanta Biswa Sarma) মন্ত্ৰীসভাৰ ক্ষুদ্ৰ সম্প্ৰসাৰণত স্থান পোৱা এই দুয়োগৰাকী বিধায়কে বিজেপিৰ আছিল। মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে দায়িত্ব পালন কৰি আছিল নলবাৰী সমষ্টিৰ দুবাৰৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই (Jayanta Malla Baruah)। আনহাতে হাফলঙৰ জয়ী হৈছিল নন্দিতা গাৰ্লোছাই।

উল্লেখ্য, কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা কৈছিল। ইয়াকে লৈ নতুন মন্ত্ৰীসভাত কোনে স্থান পাব তাকে লৈ ব্যাপক চৰ্চা হৈছিল। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এই মন্ত্ৰীসভাত স্থান পাব বুলিও চৰ্চা হৈছিল। আনহাতে ধাৰণা কৰা হৈছিল হৈছে মিত্ৰজোঁট চৰকাৰখনত বিজেপিৰ বাহিৰে এগৰাকী হ'লেও ইউপিপিএল বা অগপৰ বিধায়কে স্থান পাব।

ইফালে, নতুন মন্ত্ৰী নন্দিতা গাৰ্লোছাক শক্তি, কৰ্পাৰেশ্যন, খনি আৰু খনিজাত সম্পদৰ দায়িত্ব দিয়াৰ লগতে জয়ন্ত মল্ল বৰুৱাক দিয়া হৈছে জনস্বাস্থ্য, দক্ষতা বিকাশ আৰু পৰ্যটন।


Corruption in MGNREGA: এনেৰেগা আঁচনিত দুৰ্নীতি, হোজাইত যোগীজান উন্নয়ন খণ্ডৰ অভিযন্তাক নিলম্বন

হোজাইত যোগীজান উন্নয়ন খণ্ডৰ অভিযন্তাক নিলম্বন। নিলম্বিত অভিযন্তাগৰাকী হৈছে গাইলিছন ক্ৰনিহাং। দুৰ্নীতিত জড়িত থকাৰ অভিযোগত তেওঁক নিলম্বন কৰা হৈছে (Suspension for Corruption in MGNREGA)।
ইয়াৰ লগতে গ্ৰাম ৰোজগাৰ  সহায়ক সুদীপ্ত মেধি আৰু সম্পাদক প্ৰদীপ শৰ্মাক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰে।
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কমিছনাৰ বিক্ৰম কৈৰীয়ে প্ৰেৰণ কৰিছে নিলম্বন আৰু কাৰন দৰ্শোৱাৰ নিৰ্দেশনা। যোগীজান উন্নয়ন খণ্ডৰ কান্দুলীমাৰী পঞ্চায়তত এনেৰেগা আঁচনিত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
উল্লেখ্য, কিছুদিন পূৰ্বে নিলম্বন কৰা হৈছিল যোগীজান ব্লকৰ ভাৰপ্ৰাপ্ত বিডিঅ' আৰু সম্পাদককো।



দক্ষিণ কামৰূপত ভূমিকেন্দ্ৰীক বিবাদৰ ভয়ংকৰ পৰিণতি, থিতাতে নিহত দুজন লোক

দক্ষিণ কামৰূপৰ সোণতলীত ভূমিকেন্দ্ৰীক সংঘাত৷ সংঘাতত থিতাতে প্ৰাণ গ'ল দুজন লোকৰ৷ মৃত লোকদুজনৰ নাম নুৰ মহম্মদ আৰু আৰু আলী আকবৰ৷ সোণতলীৰ নিজকাঠমিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা৷
এডোখৰ ভূমিক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত সংঘটিত হৈছিল তুমুল সংঘৰ্ষ৷ সংঘৰ্ষত লোৰ ৰডেৰে মৰিয়াই মৰিয়াই হত্যা কৰে দুজন লোকক৷ এই মাৰপিটৰ ঘটনাত আহত হৈছে ২২ জনকৈ লোক৷ কিছমত কাঠমি গাঁৱৰ দুটা ফৈদৰ মাজত এডোখৰ ভূমিক লৈ সৃষ্টি হৈছিল সংঘাত৷
আজি পুৱাৰ ভাগত সেই সংঘাতে লৈছিল চূড়ান্ত ৰূপ৷ দুটা পক্ষৰ দুৰ্বাদল কাজিয়াত আহত হয় ২২জন লোকক সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও ১৭ জনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ এই ঘটনাক লৈ সমগ্ৰ সোণতলী অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷



ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এইবাৰ আটক হৈছে তিনি বাঘ চিকাৰী, দুজনৰ পলায়ন

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এইবাৰ আটক হৈছে তিনিটাকৈ বাঘ চিকাৰী। দুজন বাঘ চিকাৰী এতিয়াও পলাতক। ৰাষ্ট্ৰীয় উদ্যানখনত বাঘ চিকাৰৰ উদ্দেশ্যৰে প্ৰৱেশ কৰিছিল ৫ জনকৈ চিকাৰী। তাৰে ভিতৰত তিনিজন চিকাৰীক বনকৰ্মীয়ে আটক কৰিবলৈ সক্ষম হয়। বাকী দুজন সম্প্ৰতি পলাতক।
আটকাধীন চিকাৰী কেইটা ঢেকীয়াজুলিৰ আজিবুৰ ৰহমান, হাছমত আলী আৰু মহম্মদ এম এল বুলি জানিব পৰা গৈছে। পলাতক দুজনৰ নাম ছাদিকুল আৰু আহাম্মদ।
উল্লেখযোগ্য যে, যোৱা চাৰি তাৰিখে বনকৰ্মীয়ে উদ্যানখনৰ দাঁতিকাষৰীয়া গাঁও ২নং বচা শিমলু গাঁৱৰ আজিবুৰ ৰহমান নামৰ লোক এজনৰ ঘৰৰ সমীপত পুতি থোৱা অৱস্থাত বাঘৰ অৱশিষ্ট উদ্ধাৰ কৰিছিল, তাৰ পিছতে আটক কৰা হৈছে সন্দেহযুক্ত চিকাৰী কেইজনক৷



বিজনীত নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতনকাৰী প্ৰাক্তন শিক্ষক সঞ্জীৱ কুমাৰ ৰ‌য়ক ৬ মাহ কাৰাদণ্ড বিহে -বিজনীৰ অতিৰিক্ত  জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত 

দৈনিক আমাৰ প্ৰণাম , ০৯ জুন, চিৰাং 

চিৰাঙৰ বিজনীত নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতনকাৰী প্ৰাক্তন শিক্ষক  সঞ্জীৱ কুমাৰ ৰয়ক ৬ বছৰৰ সশ্ৰম কাৰাদণ্ড । ১০ হেজাৰ টকাৰ জৰিমনা । জৰিমনা আদায় নিদিলে কাৰাবাস ৬ মাহলৈ বৃদ্ধি । বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ন্যায়াধীশ ইউছুফ আজাজৰ এই ৰায়দান । বিগত ফেব্ৰুৱাৰী মাহত এখন ব্যক্তিগত খণ্ডৰ  বিদ্যালয়ৰ প্ৰাক্তন  শিক্ষক তথা SSD ফাউণ্ডেশ্যনৰ প্ৰাক্তন  উপ- সভাপতি সঞ্জীৱ কুমাৰ ৰয়ৰ বিৰুদ্ধে নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল। ছাত্ৰী গৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত বিজনীৰ আৰক্ষীয়ে সঞ্জীৱ কুমাৰ ৰয়ক গ্ৰেপ্তাৰ কৰি ২৩/২০২২ নং গোচৰ ৰুজু কৰিছিল।



**কুৰিবছৰীয়া  আশা প্ৰত‍্যাশা পুৰণ নলবাৰী সমষ্টিবাসীৰ* 
*জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰীত্ব প্ৰদানত  উল্লাস*
*ঘগ্ৰাপাৰতো দলীয় কৰ্মী উৎফুল্লিত**

 দৈনিক আমাৰ প্ৰণাম সেৱা : নলবাৰী ,৮ জুনঃ

 বহু প্ৰত‍্যাশিত আশা-আকাংক্ষাৰ অন্তত আজি নলবাৰী সমষ্টিত হৰ্ষোল্লাৰ সৃষ্টি হয়।আজি মুখ্যমন্ত্ৰী  ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে নতুনকৈ দুজন মন্ত্ৰী সভাৰ তালিকাত নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ নাম অন্তৰ্ভুক্তি কৰাত সমষ্টিটোৰ লগতে বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলতো  আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়।উল্লেখ‍্য যে বিগত প্ৰায় বিশ বছৰ ধৰি নলবাৰী সমষ্টিৰ পৰা কোনো এজন বিধায়কৰ নাম অসম মন্ত্ৰীসভাত অন্তৰ্ভুক্তি হোৱা নাই। তদানীন্তন অগপ চৰকাৰৰ  প্ৰয়াত মন্ত্ৰী নগেন শৰ্মাৰ পিছৰে পৰা  নলবাৰী সমষ্টিৰ পৰা অসম মন্ত্ৰী সভাত কোনো মন্ত্ৰী নাছিল।বিগত বিছ  বছৰৰ কাৰ্যকালত সমষ্টিটোত কংগ্ৰেছ-বিজেপিকে ধৰি  কেইবাগৰাকীও বিধায়ক হ'ল যদিও কোনো এগৰাকীয়ে মন্ত্ৰিত্ব লাভ কৰা নাছিল। বৰ্তমানৰ ড০  হিমন্ত বিশ্ব  শৰ্মা চৰকাৰৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ  কাৰ্যকালৰ প্ৰথম অৱস্থাতে নলবাৰী সমষ্টিৰ বিধায়কগৰাকীয়ে   অসম মন্ত্ৰীসভাত মন্ত্ৰিত্ব পাব বুলি সমষ্টিবাসীয়ে আশা প্ৰকাশ কৰিছিল।কিন্তু পৰিশেষত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পদতে  বিধায়কগৰাকী ক্ষান্ত থাকিব লগীয়া হয়৷কিন্তু বিধায়ক গৰাকীয়ে নিজৰ পাৰদৰ্শিতা আৰু কৰ্তদক্ষতাৰ ভিত্তিত মুখ্যমন্ত্ৰী গৰাকীয়ে নিজৰ মন্ত্ৰী সভাখনত জয়ন্ত মল্ল বৰুৱাক অন্তৰ্ভুক্তি কৰাত সমষ্টিবাসীৰ লগতে ঘগ্ৰাপাৰ অঞ্চলৰ বিজেপিৰ দলীয় কাৰ্যকৰ্তাসকল উৎফুল্লিত হৈ পৰিছে। উল্লেখ‍্য যে  আজি বিধায়কগৰাকীৰ মন্ত্ৰিত্ব লাভৰ খৱৰ পোৱাৰ পিছতে ঘগ্ৰাপাৰস্থিত বিজেপিৰ মণ্ডল সমিতিৰ কাৰ্যলয়ৰ সন্মুখত একাংশ দলীয় কৰ্মীয়ে ফটকা আৰু আতবাজীৰে আনন্দ প্ৰকাশ কৰি বিধায়কগৰাকীক শুভেচ্ছা প্ৰকাশ প্ৰদান কৰে।ইফালে বিধায়কগৰাকীৰ এই শুভেচ্ছা বাৰ্তা লাভ কৰাৰ পিছতে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,মণ্ডল অ'বি চি মৰ্চা সভাপতি ৰঞ্জিত দাস,উপসভাপতি দ্বিজেন দাসৰ নেতৃত্বত এটা বৃহৎ দলে নৱস্থানপ্ৰাপ্ত মন্ত্ৰীগৰাকীক দিছপুৰৰ আৱাস গৃহত অভিনন্দন জনায়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা