লখিমপুৰত দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিবস উদযাপন

লখিমপুৰত দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিবস উদযাপন ঃ 
নতুন স্বদেশ সেৱা, লখিমপুৰ , ১৬ আগষ্ট : সমগ্ৰ দেশৰ লগতে লখিমপুৰতো দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উলহ-মালহেৰে উদ্‌যাপন কৰা হয়। লখিমপুৰত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা পার্বত্য অঞ্চল উন্নয়ন মন্ত্রী যোগেন মোহনে। পতাকা উত্তোলন কৰি দিয়া ভাষণত মন্ত্ৰী গৰাকীয়ে দেশৰ স্বাধীনতা সংগ্রামী মুক্তি যোজাক ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰি কয় এই স্বাধীনতা আমাৰ পূৰ্ব প্ৰজন্মৰ কঠোৰ সাধনা আৰু ত্যাগৰ ফল। দেশৰ স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰা মুহুৰ্তত দেশৰ লগতে লখিমপুৰতো আজাদী বা অমৃত মুহোৎসৱ মহা ধুম-ধামেৰে পালন কৰাৰ সমান্তৰালকৈ ১৩ আগষ্টৰ পৰা হব ঘৰ ত্ৰিৰংগা কার্যসূচী সফল ৰূপায়নে দেশ বাসীয়ে গভীৰ দেশ প্ৰেমৰ চানেকি দাঙি ধৰিলে। ভাষণ প্ৰসঙ্গত মন্ত্ৰী গৰাকীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৰাইজৰ বাবে কৰা বিভিন্ন কল্যাণ মূলক আঁচনিৰ খটিয়ান দাঙি ধৰে। উল্লেখ্য যে মন্ত্ৰী গৰাকীয়ে কালি উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত উপস্থিত হৈ প্রথমে আৰক্ষী গৃহৰক্ষী বাহিনী এন. চি.চি. আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা প্ৰদৰ্শণ কৰা কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে আৰু ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ইয়াৰ পূৰ্বে মন্ত্ৰী গৰাকীয়ে গান্ধী মৈদানত জাতিৰ পিতা মাহাত্মা গান্ধীর প্রতিমূর্তিত মাল্যাৰ্পণ কৰে। দিবস উপলক্ষত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ৰোগী, জিলা কাৰাগাৰৰ কয়দী সকলৰ মাজত ফল-মূল বিতৰণ কৰে। আনহাতে কালি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱতো বাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ক্লাৱৰ সভাপতি কুমুদ বৰুৱাই । ইফালে লখিমপুৰ জিলা পৰিবহন বিষয়া কাৰ্যালয়ত স্বাধীনতা দিবস উপলক্ষত কাৰ্ণিল শহীদ পৰিয়াল সহ অন্যান্য ২১ জন পাক্তন সৈনিকক সম্বর্ধনা জনোৱা হয়। লখিমপুৰ জিলা পৰিবহন বিষয়া সত্যকাম গগৈ যান-বাহন পৰিদর্শক সঞ্জীৱ চুতীয়াৰ উপস্থিতিত তেলাহী ভূৱাৰাম নাথ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক দিব্যজ্যোতি নাথে আঁতৰা অনুষ্ঠানত পাক্তন সৈনিক সকলক সম্বর্থনা পত্ৰ চেলেং চাদৰ গামোচা আদিৰে সম্বৰ্দ্ধনা জনোৱা হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা