f

Tezpur : আৰক্ষীৰ জালত ৫ 'পৰিবহণ বিষয়া', নিশা যান-বাহনৰ পৰা আদায় কৰে কৰ, ট্ৰেফিক কন্ট্ৰ'ল কেম্পৰ নামত দিয়ে ৰচিদ

তেজপুৰ আৰক্ষীৰ জালত ৫ ভুৱা পৰিবহণ বিষয়া। নিশাৰ অন্ধকাৰত যান-বাহনৰ পৰা আদায় কৰে কৰ৷ ট্ৰেফিক কন্ট্ৰ'ল কেম্পৰ নামত ৰচিদ প্ৰদানেৰে এই ৫ ভুৱা পৰিবহন বিষয়াই আদায় কৰি আহিছিল ধন৷
প্ৰতিখন বাহনৰ পৰা ৩০০ টকা আদায় লৈ হাৰাশাস্তি কৰাৰ অভিযোগ তোলাৰ পিছত আৰক্ষীৰ নজৰত পৰে ভুৱা ৫ পৰিবহন বিষয়া। আৰক্ষীয়ে আটক কৰা ৫ ভুৱা পৰিবহণ বিষয়া হৈছে কাল্লু ৰাজা, দীপক কুমাৰ, পৱন কুমাৰ, কাচিম আৰু ৰিজম৷ গুৰুত্বপূৰ্ণ যে আটাইকেইজনৰে ঘৰ উত্তৰ প্ৰদেশত৷ প্ৰৱঞ্চককেইজনে বিভিন্ন জিলাত এনেদৰে চলাই আহিছে কৰ আদায় অভিযান৷ নিশা ভোমোৰাজুৰি দলঙৰ সমীপৰ পৰা আটাইকে আটক কৰে তেজপুৰ আৰক্ষীয়ে৷ দিনটো সোধা–পোছাৰ অন্তত ধৃত ৫ ব্যক্তি সন্দৰ্ভত সংবাদ মাধ্যমক জানিবলৈ দিয়ে আৰক্ষীয়ে৷



ৰাইজৰ প্ৰহাৰত প্ৰাণ গ’ল ম’ষ্ট ৱাণ্টেড অপৰাধী গেৰজাইৰ, চুৰি–ডকাইতি–ধৰ্ষণকে ধৰি বিভিন্ন গোচৰত আছিল অভিযুক্ত
ৰাইজৰ প্ৰহাৰত প্ৰাণ গ’ল ঢকুৱাখনাৰ কুখ্যাত পলাতক অপৰাধী ৰাজু বৰুৱা ওৰফে গেৰজাইৰ৷ আজি পুৱা ঢকুৱাখনা ঘুনাসুতি সংযোগী পথৰ এখন দলঙৰ তলত আত্মগোপন কৰি থকা অৱস্থাত ৰাইজৰ দৃষ্টিগোচৰ হয়৷ ৰাইজৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে গেৰজাইক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰিছিল যদিও পুনৰ পলাবলৈ যত্ন কৰোতেই ৰাইজৰ প্ৰহাৰত প্ৰাণবায়ু উৰি যায় গেৰজাইৰ৷
যোৱা ১৬ আগষ্টত ঢকুৱাখনা মহকুমা ন্যায়িক আদালতৰ চৌহদৰ পৰা আৰক্ষীৰ বেহু ফালি পলায়ন কৰিছিল গেৰজাইয়ে৷ আজি গেৰজাইক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা দুজন আৰক্ষীও আঘাতপ্ৰাপ্ত হয়।
ইয়াৰ পুৰ্ব্বে যোৱা ২২ জানুৱাৰীত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ কোভিড ৱাৰ্ডৰ পৰা পলায়ন কৰিছিল গেৰজাইয়ে৷ ইমানেই নহয়, ইয়াৰ পুৰ্বে আৰক্ষীৰ বেষ্টনীৰ পৰা পলাবলৈ যত্ন কৰোতে আৰক্ষীয়ে গুলী কৰিবলৈ বাধ্য হৈছিল গেৰজাইলৈ লক্ষ্য কৰি৷ এই এনকাউণ্টাৰত এখন ভৰিত বেয়াকৈ আঘাত পাইছিল এই কুখ্যাত অপৰাধীটোৱে৷ উল্লেখযোগ্য যে যোৱা প্ৰায় এটা দশক ধৰি ঢকুৱাখনাত আতংকৰ অন্য এটা নাম আছিল গেৰজাই ৷ চুৰি, ডকাইতি, ধৰ্ষণৰ দৰে বহুকেইটা অপৰাধত অভিযুক্ত গেৰজাই৷



‘বিজেপিলৈ আহিব বিভিন্ন দলৰ কেইবাজনো বিধায়ক, আহিব কেইবাটাও সংগঠনৰ নেতৃবৃন্দ’

‘‘বিজেপিলৈ আহিব বিভিন্ন দলৰ কেইবাজনো বিধায়ক। লগতে আহিব কেইবাটাও সংগঠনৰ নেতৃবৃন্দ। ছেপ্টেম্বৰত মহাযোগদান কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।’’ – ৰঙিয়াত বিস্ফোৰক মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ।
কংগ্ৰেছক কটাক্ষ কৰি ভৱেশ কলিতাই কয়, ‘‘দুৰ্নীতি-ভ্ৰষ্টাচাৰে শেষ কৰিলে কংগ্ৰেছ দলক। কংগ্ৰেছ এতিয়া পশ্চিম আকাশত। কংগ্ৰেছ দল অনাগত ২৫ বছৰলৈ বাহিৰত থাকিব লাগিব। লোকসভা নিৰ্বাচনত আটাইকেইটা সমষ্টিতে দলে প্ৰতিদ্বন্দ্বিতা কৰিব। ১২ প্লাছত জয়ী হ’ব মিত্ৰজোঁট।’’, ৰঙিয়াত যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰাৰ পিছত এই মন্তব্য সভাপতি ভৱেশ কলিতাৰ।



পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল এজন চৰকাৰী কৰ্মচাৰী, উৎকোচ লোৱাৰ সময়তে হাতে–লোটে ধৰিলে দুৰ্নীতি নিবাৰকে
পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল এজন চৰকাৰী কৰ্মচাৰী। ধুবুৰীৰ হাদুৰহাট ধৰ্মশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক যতীন্দ্ৰ নাথ ৰয়ক গ্ৰেপ্তাৰ। উৎকোচ লোৱাৰ সময়তে হাতে–লোতে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই।



কাবুলত সংঘটিত আত্মঘাতী বোমা বিস্ফোৰণত ২০ জন নিহত; গুৰত্বভাৱে আহত ৪০ জন

বুধবাৰে আফগানিস্থানৰ এটা মছজিদত সংঘটিত হোৱা এক বোমা বিস্ফোৰণে জোকাৰি গ’ল সমগ্ৰ বিশ্ববাসীক। জানিব পৰা মতে, আফগানিস্থানৰ ৰাজধানী কাবুলৰ খেইৰ খানা ঠাইৰ এটা মছজিদত সন্ধিয়াৰ নামাজ (প্ৰাথনা) পঢ়ি থকা সময়তে সংঘটিত হোৱা বোমা বিস্ফোৰণত ২০জন লোক নিহত হোৱাৰ উপৰিও ৪০ জন লোক আহত হয়। বৃহস্পতিবাৰে আফগানিস্থানৰ নিৰাপত্তা বিষয়াসকলৰ এক সূত্ৰই জনোৱা অনুসৰি এই বিস্ফোৰণত মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা আছে। কাবুলৰ তৎকালীন চিকিৎসালয়ে টুইটাৰত কয় যে, চিকিৎসালয়ত ২৭ জন আহত হোৱা ৰোগীক ভৰ্তি কৰোৱা হৈছে আৰু তাৰে ভিতৰত এটা সাত বছৰীয়া শিশুও আছে।
আৰক্ষী বিষয়া খালিদ জামানে বিশ্বৰ এক আগশাৰীৰ সংবাদ সংস্থাক জনোৱা অনুসৰি, বিস্ফোৰণটোত এটা মছজিদৰ ভিতৰত সংঘটিত হৈছিল আৰু বহুতো লোক ইয়াৰ কবলত পৰিছে, কিন্তু ইয়াৰ সঠিক সংখ্যা বৰ্তমানলৈ স্পষ্ট নহয়।
ঘটনাটোৰ এজন প্ৰত্যক্ষদৰ্শীৰ বৰ্ণনা মতে, উক্ত বোমা বিস্ফোৰণে খেইৰ খানা ঠাইৰ চিদ্দিকিয়া মছজিদত লক্ষ্য কৰি সংঘটিত হৈছিল। তেওঁ জনাই যে, বিস্ফোৰণটো এটা আত্মঘাতী বোমাৰুৱে আনিছিল আৰু এই বিস্ফোৰণত মছজিদটোৰ ইমাম মোল্লাহ আমিৰ মহম্মদ কাবুলিৰ মৃত্যু হয়।
ইতিমধ্যে, বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱা ঠাইত বিশেষজ্ঞৰ দল উপস্থিত হৈছে আৰু অনুসন্ধানকাৰী দলেও নিজৰ তদন্ত অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে, তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে টুইটাৰত এটা পোষ্ট কৰি উক্ত ঘটনাক গৰিহণা দিয়ে আৰু লগতে সাধাৰণ নাগৰিকৰ হত্যাকাৰী আৰু অপৰাধীক অতি সোনকালে ইহঁতৰ অপৰাধৰ বাবে শাস্তি দিব লাগে বুলিও কয়। উল্লেখনীয় যে, তালিবানে বিগত বৰ্ষৰ আগষ্ট মাহত NATO বাহিনীৰ প্ৰত্যাহাৰৰ পাছত যুদ্ধ বিধ্বস্ত দেশ আফগানিস্থান পুনৰ নিজৰ ক্ষমতালৈ আনিছিল। তালিবানে দাবী কৰে যে তেওঁলোকে আফগানিস্থানৰ বহু অংশক নিৰাপত্তা দিছে যদিও সঘনাই সশস্ত্ৰ গোট বিশেষকৈ ইছলামিক ষ্টেট ইন খৰাচান প্ৰভিঞ্চ চমুকৈ ISKP (ISIS-K) আৰু অন্য অনুমোদিত গোটৰ দ্বাৰা আক্ৰমণ সংঘটিত হৈ থাকে।
ইয়াৰ উপৰিও, বিগত সপ্তাহত তালিবানৰ এজন বিশিষ্ট ধৰ্মীয় নেতা শ্বেখ ৰহিমুল্লাহ হাক্কানিক ISKP য়ে কাবুলত হত্যা কৰে। জানিব পৰা মতে, ইয়াৰ আগতে কাবুলৰ কাৰ্তে পাৰৱান গুৰুদ্বাৰত হোৱা বোমা বিস্ফোৰণত দুজন ব্যক্তি মৃত্যুৰ হোৱাৰ লগতে বহু লোক আঘাতপ্ৰাপ্ত হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা