n

মাধ্যম বিতৰ্কক লৈ মুখ্যমন্ত্ৰীক কটাক্ষ অখিল গগৈৰ, ক’লে – ‘মোৰ কোৱাৰ অধিকাৰ আছে, মুখ্যমন্ত্ৰীৰ নাই’

মাধ্যম বিতৰ্কক লৈ এইবাৰ মুখ খুলিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি অখিল গগৈয়ে কয়, "মই মোৰ ল'ৰাক দশম শ্ৰেণীলৈ অসমীয়া মাধ্যমত পঢ়ুৱাইছোঁ। গতিকে মোৰ সংবাদমেল দিয়াৰ অধিকাৰ আছে। হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়া ভাষাৰ ওপৰত কথা কোৱাৰ কোনো নৈতিক, ৰাজনৈতিক অধিকাৰ নাই।’’
সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়োৱাৰ বাবেই যদি অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ অসমীয়া ভাষাৰ ওপৰত কথা কোৱাৰ অধিকাৰ নাই, তেন্তে সৰ্বকালৰ দীৰ্ঘ কাৰ্যকালৰ মন্ত্ৰীজনেও অসমীয়া ভাষাৰ ওপৰত কথা কোৱাৰ কোনো নৈতিক, ৰাজনৈতিক অধিকাৰ নাই বুলি বিদ্ৰুপ অখিল গগৈৰ।
মাধ্যমৰ বাবে অসমৰ শিক্ষানুষ্ঠান ধ্বংস হোৱা নাই। অসমৰ শিক্ষানুষ্ঠান ধ্বংস হোৱাৰ ৫টা কাৰণ দৰ্শালে অখিল গগৈয়ে-
২) অসম চৰকাৰে পাঠদানৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰা নাই শিক্ষকৰ বাবে।
৩) অসমৰ শিক্ষানুষ্ঠানৰ অৱস্থা লাওলোৱা।
৪) বেছিভাগ সময়তে পাঠদানৰ পৰিৱৰ্তে অন্য কামত বেছিকৈ ব্যৱহাৰ কৰে শিক্ষকসকলক।
৫) শিক্ষানুষ্ঠান সমূহত পৰিদৰ্শকৰ অভাৱ আৰু ৰাজনৈতিক প্ৰভাৱ।
চৰকাৰৰ এইসমূহ বিফলতা ঢাকি ৰাখিবলৈ এইবাৰ মুখ্যমন্ত্ৰীয়ে মাধ্যম বিতৰ্কৰ সৃষ্টি কৰাৰ অভিযোগ অখিল গগৈৰ। ইংৰাজী মাধ্যমৰ অসুবিধাৰ বিষয়েও সংবাদমেলত মন্তব্য কৰিলে অখিল গগৈয়ে। অখিল গগৈয়ে কয়, অসমত বিজেপিয়ে মাধ্যম সলাব বিচৰাৰ দুটা কাৰণ হ’ল –সৰ্বভাৰতীয় প্ৰেক্ষাপটত হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰতিষ্ঠা আৰু ধৰ্মীয় ৰাষ্ট্ৰীয়তাবাদ অসমীয়া মানুহৰ মনত সমুৱাই দিয়া।




কাইলৈ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা, পৰীক্ষা কেন্দ্ৰসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা
কাইলৈ অনুষ্ঠিত হ’ব চতুৰ্থ বৰ্গৰ পদৰ বাবে নিযুক্তি পৰীক্ষা। অসম চৰকাৰে ঘোষণা কৰা মুঠ ২৬ হাজাৰ পদৰ বাবে ২১ আৰু ২৮ আগষ্টত অনুষ্ঠিত হ’ব পৰীক্ষা। কাইলৈ চতুৰ্থ বৰ্গ আৰু ২৮ আগষ্টত তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ’ব। ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব পৰীক্ষাত।
বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰস্থিত চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়, চৰকাৰী মহাবিদ্যালয়, বিজ্ঞান মহাবিদ্যালয়সহ কোকৰাঝাৰ জিলাৰ ৭৬টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব এই পৰীক্ষা৷ পৰীক্ষাৰ বাবে ইতিমধ্যে কোকৰাঝাৰ জিলাত প্ৰায় আঠশ অসম আৰক্ষীৰ জোৱান সষ্টম কৰি ৰখা হৈছে আৰু জিলাখনত প্ৰায় চল্লিশ হাজাৰ পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হ’ব৷
আনহাতে, ৰঙিয়াতো কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ৰঙিয়া মহাবিদ্যালয়ত এহেজাৰ প্ৰাৰ্থীয়ে পৰীক্ষাত বহিব। তাক লৈ তৎপৰ হৈ পৰিছে কৰ্তৃপক্ষ। মহাবিদ্যালয়ত ২৫টা কোঠালীত এহেজাৰ ছাত্ৰ-ছাত্ৰীয়ে বহিব পাৰিব।


চৰকাৰে গণিত আৰু বিজ্ঞান বিষয়ক ইংৰাজী মাধ্যম কৰাৰ সিদ্ধান্ত লৈ সূত্ৰপাত হোৱা বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ মন্তব্য

শনিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত চৰকাৰৰ গণিত আৰু বিজ্ঞান বিষয়ক ইংৰাজী মাধ্যম কৰাৰ সিদ্ধান্তক লৈ সৃষ্টি হোৱা বিতৰ্কৰ বিষয়ে এক মন্তব্য কৰে। তেখেতে কয় যে, ‘মই মোৰ ল’ৰাক ইংৰাজী মাধ্যমত পঢ়াইছো, কুল শইকীয়াৰ ল’ৰাই গোটেই জীৱন ইংৰাজী মাধ্যমত পঢ়িছে। দুখীয়া মানুহৰ ওপৰত ইমান অন্যায় কৰিব নাপায়।’ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, যিয়ে অসম চৰকাৰে গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী মাধ্যম হোৱাৰ বিৰোধিতা কৰিব তেওঁলোকে নিজৰ সন্তানক ইংৰাজী মাধ্যমত নপঢ়াই বুলি এখন লিখিত পত্ৰ হস্তাক্ষৰ কৰি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব লাগিব। নিজৰ ল’ৰা–ছোৱালীক ইংৰাজী মাধ্যমত দি, ৰিক্সাৱালা–ঠেলাৱালাৰ ল’ৰা–ছোৱালীৰ ওপৰত অত্যাচাৰ কৰিব নাপায় বুলিও তেওঁ কয়।ইয়াৰ উপৰিও তেওঁ কয় যে, এনেকে মানুহে মুখা পিন্ধি থাকিলে অসমখন নচলিব। যিসকলে কয়– মোৰ দাদাৰ ল’ৰা–ছোৱালীয়ে ইংৰাজী মাধ্যমত নপঢ়ে, যি অবিবাহিত তেওঁলোকৰ কথা নিষ্ঠাৰে শুনিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। লগতে তেওঁ কয় যে অসম চৰকাৰে মাতৃভাষাৰ বিদ্যালয় বন্ধ কৰা নাই বৰঞ্চ গণিত আৰু বিজ্ঞান বিষয় অসমীয়াৰ ঠাইত ইংৰাজী কৰিছে।যিসকলে এই কথাটোতে লাগি থাকে তেওঁলোকলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান কৰে যে, তেওঁলোকে অসমৰ ৰাইজক নিজৰ ল’ৰা–ছোৱালীৰ, নিজৰ দাদাৰ ল’ৰা–ছোৱালীৰ বা নিজৰ বাইদেউৰ ল’ৰা–ছোৱালীক ইংৰাজী মাধ্যমত নপঢ়ে বুলি এখন এফিদেফিত দিয়ক। হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক কয় যে, অন্ধ্ৰপ্ৰদেশৰ সকলো বিদ্যালয় ইংৰাজী মাধ্যমলৈ ৰূপান্তৰ কৰা হৈছে, তেলেগু মাধ্যম বন্ধ কৰি দিছে তাৰ চৰকাৰে কেৱল তেলেগু বিষয় বাধ্যতামূলক কৰি দিছে। অসম চৰকাৰে কেৱল গণিত আৰু বিজ্ঞান বিষয় ইংৰাজীত কৰাৰ সিদ্ধান্তহে লৈছে যিহেতু পাছলৈ মহাবিদ্যালয়ত গৈ ছাত্ৰ–ছাত্ৰীয়ে ইংৰাজীতে পঢ়িব লাগে। গতিকে এইবোৰ সিদ্ধান্ত ল’ৰা–ছোৱালী আৰু মাক–দেউতাকৰ ওপৰত এৰি দিব লাগে বুলি কয়। অসমখনক এনেকে কৰি থাকিলে কেতিয়াও আগ নাবাঢ়ে বুলি মন্তব্য কৰে।




আজি বানত ক্ষতিগ্ৰস্ত লোকে লাভ কৰিব সাহায্য, দিনৰ ১২.৩০ বজাত একাউণ্টত সোমাব ধন

আজি বানত ক্ষতিগ্ৰস্ত লোকলৈ বানসাহায্য মোকলাই দিব ৰাজ্য চৰকাৰে। জনতা ভৱনত সংবাদ মেলযোগে এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰীয়ে কয়, ‘‘২ লাখ ৪৩ হাজাৰ ৪৮ গৰাকী লোকৰ বাসগৃহ সম্পূৰ্ণ বা প্ৰায় সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছিল। সাহায্যৰ বাবে ১০০ কোটি ১০ লাখ টকা মুকলি কৰি দিছে চৰকাৰে। কাছাৰ জিলাত সৰ্বাধিক ৮১,৫৩৮ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে। কৰিমগঞ্জত ২৮,৩৬৪ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে। ৫,১৮৫টা ঘৰ সম্পূৰ্ণ ৰূপে ক্ষতিগ্ৰস্ত হৈছে বানত। আজিৰ দিনটোতে চৰকাৰে এই ধন মুকলি কৰি দিব।’’
৩৪খন জিলাৰ বানাক্ৰান্তক সাহায্য দিব চৰকাৰে। আজি দিনৰ ১২:৩০ বজাত একাউণ্টত সোমাব ধন। DBTৰ জৰিয়তে একাউণ্টত সোমাব ধন। প্ৰতিটো একাউণ্টত এটকাকৈ দি ভেৰিফাই কৰা হৈছে, দুই তৃতীয়াংশই আজি লাভ কৰিব ধন। ১ লাখ ৩১ হাজাৰ ৯৮টা বেংক একাউণ্টত আজি সোমাব সাহায্যৰ ধন।কামৰূপত ২০,৬১৫জন লোকে পাব সাহায্য। দৰঙত ১০,১৯৫জন লোকে লাভ কৰিব সাহায্য। কাছাৰত ৮১,৫৩৮ নগাঁৱত ১৫,২০০জনে পাব সাহায্য।বানত সকলো হেৰুওৱা ৩০৯টা পৰিয়াললৈ বিশেষ সাহায্য প্ৰদান কৰা হ’ব। বৰ্তমান মথাউৰিত আশ্ৰয় লৈ আছে পৰিয়ালকেইটাই। ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দিয়া হ’ব ১ লাখকৈ টকা। ছেপ্টেম্বৰৰ পৰা পুনৰ দলং, মথাউৰি নিৰ্মাণ আৰম্ভ হ’ব। বানে ভঙা মথাউৰি, দলং নিৰ্মাণ কৰা হ’ব। সংবাদমেলত ক’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।



হিমাচল প্ৰদেশত বৰষুণে মাতি আনিছে বিভীষিকা, ৩ শিশুসহ ৮জনৰ মৃত্যু, ১২জন সন্ধানহীন

হিমাচল প্ৰদেশত বৰষুণে নমাই আনিছে বিভীষিকা। কাংগৰাত ইংৰাজৰ সময়ত নিৰ্মিত ৰে’লৱে দলং ভাঙি যোৱাৰ উপৰি মণ্ডী জিলাৰ গোহৰত ভূমিস্খলনৰ ফলত এটা ঘৰ বিধ্বস্ত হোৱাৰ লগতে ঘৰটোত শুই থকা পৰিয়ালটোৰ ৭জন সদস্য আবদ্ধ হৈ পৰে। এতিয়ালৈ তিনিজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মূষলধাৰ বৰষুণৰ বাবে মণ্ডী আৰু কুল্লু জিলাত বিদ্যালয় আৰু আন শিক্ষা প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰা হৈছে।
চম্বা জিলাত প্ৰচণ্ড বৰষুণৰ বাবে ঘৰৰ দেৱাল ভাঙি আৱৰ্জনা সোমাই পৰাৰ ফলত তিনিজন লোক সন্ধানহীন হৈছিল। গাঁওবাসী আৰু প্ৰশাসনৰ দলে সন্ধানহীন স্বামী, স্ত্ৰী আৰু সন্তানৰ মৃতদেহ উদ্ধাৰ কৰে।
মণ্ডী জিলাত সৰ্বাধিক ক্ষতি হৈছে এই বৰষুণৰ ফলত। কটৌলাত এজন ১০ বছৰীয়া কিশোৰৰ মৃতদেহ উদ্ধাৰ হৈছে। আৱৰ্জনাৰে ভৰি পৰিছে কটৌলা বজাৰ। মণ্ডীৰ কটৌল, গোহৰসহ কেইবাটাও অঞ্চলত মুঠ ১৫জন লোক ভূমিস্খলনৰ ফলত সন্ধানহীন হৈ পৰিছে। গোহৰত এটা পৰিয়ালৰ ঘৰৰ ওপৰত ভূমিস্খলন হোৱাৰ ফলত ৭জন লোক সন্ধানহীন হৈছে। দুপৰীয়ালৈ তিনিজনৰ মৃতদেহ উদ্ধাৰ হৈছে। হিমাচলৰ পাঠানকোটৰ পৰা কাংগৰা–যোগেন্দ্ৰনগৰ সংযোগী একমাত্ৰ ৰে’লে দলংখন ক্ষতিগ্ৰস্ত হয়। ইফালে, কাংগৰাত শ্বাহপুৰৰ গোৰডা পঞ্চায়তত প্ৰবল বৰষুণৰ ফলত এটা কেঁচা ঘৰ খহি পৰাৰ ফলত ৯ বছৰীয়া এটি শিশুৰ মৃত্যু হয়।





Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা