n

নতুন স্বদেশ সেৱাঃ8
জাগীৰোডঃ ১৬ আগষ্ট
যুগল বৰা 

জাগীৰোডৰ মায়ং ব্লকৰ কাষৰ পুখুৰীত মঙ্গলবাৰে এজন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷ স্ক’লাৰ একাডেমীৰ কাষত উদ্ধাৰ হোৱা মৃতদেহটো এজন মানসিক ৰোগীৰ বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ প্ৰায় ৪৫/৪৬ বছৰীয়া লোকজনে দুদিন পূৰ্বে অনাইবনাই ঘুৰি ফুৰিছিল অঞ্চলটোত ৷ অৱশেষত মঙ্গলবাৰে পুখুৰীটোত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ ঘটনাস্থলীত জাগীৰোড আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৰনোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও তিলক-হেমৰাম-গুণাভিৰাম অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ  কৰে ।


স্বাধীনতা দিৱসত লখিমপুৰৰ বগীনদীত উৰিল আলফাৰ পতাকা #
নতুন স্বদেশ লখিমপুৰ, ১৬ আগষ্ট : দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতে লখিমপুৰৰ বগীনদীত উৰিল আলফাৰ পতাকা। নিষিদ্ধ ঘোষিত সংগঠনটোৰ উদিত সূর্য প্রতীক চিহ্নৰ এই পতাকাখন পুৱা বগীনদী ৰেলৱে ষ্টেচনৰ ফুট ব্ৰীজত উৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত বগীনদী থানাৰ আৰক্ষীয়ে পতাকাখন জব্দ কৰি থানালৈ লৈ আহে। স্বাধীনতা দিৱসৰ দিনাই বগীনদীত আলফা পতাকা উৰা কাৰ্যই তীব্ৰ  চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৱশ্যে উক্ত পতাকাখনত আলফাৰ সাত দণ্ডৰ পৰিবৰ্তে ৮ ডাল দণ্ড অংকন কৰা পৰিলক্ষিত হয়। ইতিপূর্বে বগীনদীত উৰুৱা আলফাৰ এই পতাকাখনৰ ভিডিঅ অৰণ্য অসম নামৰ ফেচবুক পেজত ভাইৰেল হৈ পৰা পৰিলক্ষিত হয়। ইতিমধ্যে বগীনদী আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত জোৰ  তদন্ত অব্যাহত ৰাখিছে যদিও এই পর্যন্ত কাকো আটক কৰা হোৱা নাই ।



স্বাধীনতা দিৱস উপলক্ষে কমলপুৰত প্ৰীতি ফুটবল ।
এম এল এ - এম পি বনাম সাংবাদিক একাদশ ।
নতুন স্বদেশ সেৱা , বাইহাটা চাৰিআলি ১৬ আগষ্ট : আজাদী কা অমৃত মহোৎসৱত অমৃত দিৱসৰ কাৰনে খেল পথাৰত নামিল এগৰাকী সাংসদ আৰু এগৰাকী বিধায়ক । সাংসদ আৰু বিধায়ক দুগৰাকীয়ে ভৰিৰ যাদু প্ৰদৰ্শনৰ কৰিলে বাইহাটা চাৰিআলিৰ কমলপুৰ মিনি ষ্টেডিয়ামত । ১৫ আগষ্ট উপলক্ষে কমলপুৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত হয় সাংসদ বিধায়ক একাদশ আৰু সাংবাদিক একাদশৰ মাজত এখনি প্ৰীতি  ফুটবল খেল । খেলখনত দুয়োগৰাকী সাংসদ আৰু বিধায়কে আৰম্ভণিৰ পৰা শেষলৈকে সুন্দৰ খেল প্ৰদৰ্শন কৰে । খেল পথাৰৰ পৰাই আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ঘৰে ঘৰে ত্ৰিৰঙ্গা অভিযান অসমত ৯৯ শতাংশ সফল কৰি তোলা বুলি উল্লেখ কৰে সাংসদ দিলীপ শইকীয়াই । সাংসদ গৰাকীয়ে সাংসদ- বিধায়ক একাদশ শূণ্য গলত জয়ী হোৱাৰ বিপৰীতে সাংবাদিক একাদশ ৩ গলত জয়ী হয় । উক্ত খেলখন উদ্বোধন কৰে জিলা উপায়ুক্ত কীৰ্তি জলীয়ে । উল্লেখযোগ্য যে উপায়ুক্ত গৰাকীৰ সৈতে উপস্থিত থাকে কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায় ।
(ফটো দিয়া হৈছে)

 নীলমণি দাস ।



*নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন* 

নাজিৰা, ১৬আগষ্ট: সমগ্ৰ দেশৰ লগতে আজি নাজিৰা মহকুমাতো দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। নাজিৰা মহকুমা  প্ৰশাসনৰ উদ্যোগত নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি অতিৰিক্ত উপায়ুক্ত তথা নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি সব্যসাচী কাশ্যপে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। 

পতাকা উত্তোলনৰ পূৰ্বে মহকুমাধিপতি গৰাকীয়ে দেশৰ স্বাধীনতাৰ হকে হেলাৰঙে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলক স্মৰণ কৰি নাজিৰা গান্ধী ময়দানত অনুষ্ঠিত শ্বহীদ তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। 

ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছত কুচ-কাৱাজত অংশগ্ৰহণ কৰা আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ অভিবাদন গ্ৰহণ কৰে। তদুপৰি এই কুচ - কাৱাজ কাৰ্যসূচীত নাজিৰা মহকুমাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সকলেও অংশ গ্ৰহণ কৰে । অংশগ্ৰহণ কৰা দল সমূহ হৈছে নাজিৰা মহাবিদ্যালয় এন.চি.চি দল, নাজিৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, নাজিৰা ল' ৰা উ.মা. ব বিদ্যালয় জ্যেষ্ঠ এন.চি.চি দল, নাজিৰা ল' ৰা উ.মা. ব বিদ্যালয় কণিষ্ঠ এন.চি.চি দল, জৱাহৰ নৱোদয় বিদ্যালয় গাইড দল,নাজিৰা, শংকৰদেৱ বিদ্যা নিকেতন,নাজিৰা , জৱাহৰ নৱোদয় বিদ্যালয় ছোৱালী এন.চি.চি দল ,জৱাহৰ নৱোদয় বিদ্যালয় স্কাউট দল, নাজিৰা বৰতলা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জৱাহৰ নৱোদয় বিদ্যালয় লৰা এন.চি.চি দল । 

নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ উপস্থিতিত মুখ্য অতিথি ৰূপে প্ৰদান কৰা ভাষণত মহকুমাধিপতি গৰাকীয়ে দেশৰ বীৰ শ্বহীদ, মুক্তি-যুঁজাৰু সকলৰ চৰম ত্যাগ আৰু আত্মবলিদানৰ বিষয়ে শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে দেশৰ সীমান্ত আৰু আভ্যন্তৰীণ সুৰক্ষাত নিয়োজিত নিৰাপত্তা বাহিনী সমূহৰ সাহস আৰু পৰাক্ৰমৰ কথা কৃতজ্ঞতাৰে স্মৰণ কৰে ।  নিজ ভাষণত তেওঁ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে মহকুমাতোৰ সৰ্বোত্তম উন্নতিৰ লক্ষ্যৰে গ্ৰহণ কৰা জনকল্যানকামী আঁচনি সমূহৰ বিষয়ে উল্লেখ কৰি এই সমূহৰ সফল ৰূপায়ণৰ বাবে জনসাধাৰণৰ পূৰ্ণ সহযোগিতা কামনা কৰে।  তেওঁ মহকুমাতোৰ শিক্ষা, স্বাস্থ্য, গ্ৰামোন্নয়ণ, কৃষি তথা ইয়াৰ সহযোগী খণ্ড, উদ্যোগ- বাণিজ্য,  শক্তি, পথ- যোগাযোগ, জনস্বাস্থ্য কাৰিকৰী, পৰিবহন আদি বিভাগৰ অধীনস্থ আঁচনি সমূহৰ দ্ৰুত আৰু ফলপ্ৰসূ ৰূপায়ণৰ ক্ষেত্ৰত মহকুমা প্ৰশাসনে অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে বুলি উল্লেখ কৰে। 

ইয়াৰ পাছতে প্ৰশাসনৰ তৰফৰ পৰা শিমলুগুৰি বৃদ্ধাশ্ৰম, গেলেকীস্থিত "জ্যোতি গৃহ"ত অত্যাৱশ্যকীয় সামগ্ৰী আৰু লিগিৰী পুখুৰীস্থিত।কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহকুমা চিকিৎসালয়ত ফল - মূল বিতৰণ কৰা হয়। 

স্বাধীনতা দিৱস উপলক্ষে আয়োজিত পেৰেডত  নাজিৰা বৰতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে প্ৰথম, নাজিৰা মহাবিদ্যালয় এন.চি.চি দলে দ্বিতীয় আৰু জৱাহৰ নবোদয় বিদ্যালয় লৰা এন চি.চি দলে তৃতীয় পুৰস্কাৰ লাভ কৰে । 

উল্লেখ্যযোগ্য যে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি  অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত নাজিৰাৰ ভালে সংখ্যক ছাত্ৰ - ছাত্ৰীয়ে দলীয় নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে।
  
স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচীত মহকুমা প্ৰশাসনৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া সকল, কৰ্মচাৰী সকল, আৰক্ষী প্ৰশাসন, সাধাৰণ নাগৰিক তথা নাজিৰাৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদ কৰ্মীসকল উপস্থিত থাকে। অনুষ্ঠানৰ অন্তত মহকুমাবাসী ৰাইজে যি ধৰণে প্ৰশাসনক সঁহাৰি জনালে তাৰ বাবে সমূহ ৰাইজক মহকুমাধিপতি সব্যাসাচী কাশ্যপে কৃতজ্ঞতা জ্ঞাপন কৰে। 

নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া




গোৰেশ্বৰত ৭৬ সংখ্যক স্বাধীনতা দিৱস আৰু শ্বহীদ দিৱস পালন

    আজি ১৫ আগষ্ট,২০২২ ইং  তাৰিখ সোমবাৰে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আই গোৰেশ্বৰ আঞ্চলিক কমিটিৰ উদ্যোগত আৰু গোৰেশ্বৰ অঞ্চলৰ বিভিন্ন বাওঁপন্থী সংগঠন সমূহৰ সহযোগত দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস আৰু শ্বহীদ কমৰেড গৌৰাংগ পালৰ  ৪১ সংখ্যক শ্বহীদ দিৱস পালন কৰে। 
  প্ৰথমে দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি বাঁ‌ওপন্থী নেতা কৰুণা ভূঞাই  স্বাধীনতা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি বক্তব্য ৰাখে। ইয়াৰ পাছতে বি ডেকাই আঁ‌ত ধৰা অনুষ্ঠানত সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰি  অনুষ্ঠানত উপস্থিত থকা  সকলোৱে শপত লয়।ৰাষ্ট্ৰীয় পতাকা উত্তোলন কাৰ্যসূচী শেষ হোৱাৰ পাছত শ্বহীদ দিৱসৰ কাৰ্যসূচী আৰম্ভ হয়। ডি ৱাই এফ আইৰ তামুলপুৰ জিলাৰ সভাপতি দিলীপ দাসে সংগঠনৰ পতাকা উত্তোলন কৰাৰ মাজেৰে কাৰ্যসূচী আৰম্ভ হয়। কমৰেড গৌৰাংগ পালৰ প্ৰতিছৱিত মাল্যদান কৰে ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাসে। এছ এফ আইৰ ৰাজ্যিক সম্পাদক নিৰংকুশ নাথ, মহিলা নেত্ৰী নিকুঞ্জ বড়ো, এছ এফ আই নেতা সঞ্জীৱ বৈশ্য, ডি ৱাই এফ আইৰ দিলীপ দাস, গণতান্ত্ৰিক আন্দোলনৰ নেতা বাপু বড়ো আদিকে ধৰি উপস্থিত থকা সকলোৱে শ্বহীদৰ প্ৰতিছৱিত পুষ্পাঞ্জলি অৰ্পণ কৰে।
গণতান্ত্ৰিক আন্দোলনৰ নেতা শচীন ডেকাৰ সঞ্চালনাত শ্বহীদ দিৱসৰ মূল কাৰ্যসূচী আলোচনা চক্ৰ আৰম্ভ হয়। 
  আলোচনা সভাত মুখ্য আলোচক হিচাপে আলোচনা আগবঢ়াই ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাস আৰু এছ এফ আইৰ ৰাজ্যিক সম্পাদক নিৰংকুশ নাথে।



এন এইচ পি চিত ভয়ংকৰ দুৰ্ঘটনাঃ ২০০ মিটাৰ উচ্চতাৰ পাহাৰৰ পৰা পৰিল শিল-বালি কঢ়িওৱা বাহনঃ দুজন থিতাতে নিহতঃ 
 নতুন স্বদেশ সেৱা ,লখিমপুৰ,  ১৪ আগষ্টঃ  নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত আজি সংঘটিত হয় এক ভয়ংকৰ ঘটনা ।  আজি দুপৰীয়া সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাত  দুজন শ্ৰমিক থিতাতে নিহত হৈছে ৷ ঘটনাৰ বিৱৰণি মতে গোগামুখ মহৰিকেম্প নিৱাসী সুৰেশ নেৱাৰ(৩৪) আৰু মিংমাং ওখমাটি নিৱাসী কৰণ পায়েঙে(৩৩ এন এইচ পি চিৰ অধীনৰ ঠিকাদাৰী সংস্হা পাটেল ইঞ্জিনীয়াৰিঙত পূৰ্বৰ দৰে কাম কৰিবলৈ গৈছিল আৰু গেৰুকামুখৰ প্ৰায় ২০০ মিটাৰ ওখ পাহাৰেদি এখন ডাম্পাৰেৰে মূল বান্ধলৈ শিল-বালি অনা-নিয়া কৰি আছিল ৷ কিন্তু হঠাতে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ ২০০ মিটাৰ তলত বাগৰি পৰে আৰু দুয়োগৰাকী শ্ৰমিক থিতাতে নিহত হয় ৷ প্ৰাপ্ত অভিযোগ মতে এন এন এইচ পি চিৰ ঠিকাদাৰী সংস্হা পাটেল ইঞ্জিনীয়াৰিঙে তেওঁলোকৰ অধীনত কৰ্মৰত শ্ৰমিক সকল নানা অত্যাচাৰ-উৎপীড়ণ, শোষণ চলাই অহাৰ লগতে শ্ৰমিক সকলৰ জীৱনৰ নিৰাপত্তাৰ দিশটো কোনো গুৰুত্ব দিয়া নাই ৷ ফলত পাটেলৰ অধীনত কৰ্মৰত বহু শ্ৰমিক দুৰ্ঘটনাত পতিত হৈ আহিছে আৰু বহুতৰ জীৱন বিকলাংগ হৈ পৰাৰ অভিযোগ দীৰ্ঘদিনীয়া ৷




নিৰ্মাণ আৰম্ভ হ'ব চেলেক-ধুনাগুৰি দলং । যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ #গুৱাহাটীলৈ পোনপটীয়া থলপথ যোগাযোগৰ  দূৰত্ব আধালৈ কমিব :- দলং নিৰ্মাণ  সমিতিৰ দাবী :

 নতুন স্বদেশ সেৱা ,লখিমপুৰ, ১৪ আগষ্ট ; উত্তৰ পাৰৰ  মাজুলীৰ উত্তৰ- পশ্চিম দুৱাৰ মুকলি কৰি পোনপটীয়া পথ সংযোগ ঘটাবলৈ নিৰ্মাণ হ'বলগীয়া লোহিত আৰু সোৱণশিৰিৰ ওপৰত দুখনকৈ দলংৰ নিৰ্মাণ কাম অহা খৰালিৰ লগে লগেই আৰম্ভ হ'ব বুলি    চেলেক- ধুনাগুৰি দলং নিৰ্মাণ দাবী সমিতিয়ে প্ৰকাশ কৰিছে। মাজুলীৰ উন্নয়ণত বৈপ্লৱিক পৰিৱৰ্তনৰ সম্ভাৱনা বহন কৰা দলং দুখনে প্ৰথমেই মাজুলী আৰু গুৱাহাটীৰ মাজৰ পোনপটীয়া পথ যোগাযোগৰ দুৰত্ব প্ৰায় আধালৈ হ্ৰাস কৰিব। বৰ্তমান মাজুলীৰ পৰা ঢকুৱাখনা-গোগামুখ হৈ বিহপুৰীয়া লৈ থলপথ যোগাযোগৰ দুৰত্ব ১৬৫ কিলোমিটাৰ কিন্তু উক্ত দলংৰ পিছত মাজুলী কমলাবাৰীৰ পৰা দুৰত্ব হ'ব কেৱল ৩৫ কিলোমিটাৰ ফলত মাজুলী - কমলাবাৰীৰ পৰা গুৱাহাটীৰ দুৰত্ব  ৪৯২ কিলোমিটাৰৰ বিপৰীতে  মাত্ৰ ৩৬২ কিলোমিটাৰ হে হ'ব। চেলেক- ধুনাগুৰি দলং নিৰ্মাণ দাবী সমিতিৰ সভাপতি ,সম্পাদক ৰঞ্জিত দলে আৰু কমল দত্তই এক বাৰ্তাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এটা টুইট আৰু বিভাগীয় সুত্ৰৰ আঁতধৰি প্ৰকাশ কৰিছে ,দলং নিৰ্মাণৰ যাৱতীয় প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু কম দিনৰ ভিতৰতেই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মাজুলী বাসীৰ দীৰ্ঘদিনীয়া সপোন,আশা-আকাংখ্যা বাস্তৱ ৰূপ দি নিৰ্মাণৰ শুভাৰম্ভৰ কৰিব। কথা অনুসৰি মুখ্যমন্ত্ৰী গৰাকীয়ে দলং দুখন আৰু বালিচাপৰিৰ পৰা বঙালমৰালৈকে পথ নিৰ্মাণৰ কামৰ প্ৰয়োজনীয় প্ৰক্ৰিয়া সমূহ  আগুৱাই নিয়াত মাজুলী আৰু লখিমপুৰ দুয়োখন জিলাৰ লোকে সন্তোষ প্ৰকাশ কৰিছে।



বিশিষ্ট সমাজকৰ্মী জীবন চুতীয়ালৈ আদৰ্শ জননী আৰু অমৃত প্ৰবাহ কাকতৰ বিশেষ সন্মান - ২০২২ বঁটা


আদৰ্শ জননী শশীপ্ৰভা কলিতা স্মৃতিৰক্ষা সমিতি, সাপ্তাহিক কাকত অমৃত প্ৰবাহ আৰু অমৃত নিউজৰ সহযোগত প্ৰতি বছৰে ১৫ আগষ্টৰ দিনটোত ৰাজ্যখনৰ এগৰাকী বিশিষ্টা নাৰীক আদৰ্শ জননী ৰাজ্যিক বঁটা প্ৰদান কৰা হয়। তদুপৰি অসমীয়া সাপ্তাহিক অমৃত প্ৰবাহ কাকতৰ বৰ্ষপুৰ্তি উপলক্ষে ৰাজ্যখনৰ এজন বিশিষ্ট সাংবাদিকক অমৃত প্ৰবাহ বঁটা প্ৰদান কৰা হয়। সোমবাৰে কটন কলেজৰ এলুমিনি প্ৰেক্ষাগৃহত অনুষ্ঠিত এই প্ৰদানৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যৰ আগশাৰীৰ সমাজকৰ্মীসকল অন্যতম সৰুপথাৰ সমষ্টিৰ বিশিষ্ট যুৱ সমাজকৰ্মী জীৱন চুতীয়াক আদৰ্শ জননী শশীপ্ৰভা কলিতা স্মৃতিৰক্ষা সমিতি সৌজন্যত আৰু  বিশেষ সন্মান - ২০২২ বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে ৰাজ্যখনৰ বহুকেইগৰাকী ব্যক্তিয়ে উক্ত অনুষ্ঠানৰ শোভা বৰ্ধন কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা