n

ৰাজ্যৰ দুই স্থানত গুলীচালনাৰ ঘটনা, বালিপৰাত এজন লোকলৈ লক্ষ্য কৰি গুলীয়ালে দুৰ্বৃত্তই
শোণিতপুৰৰ বালিপৰাৰ গুদামঘাট মিৰিতত গুলীচালনাৰ ঘটনা। এজন লোকলৈ লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ। চালেহ আহমেদ নামৰ লোকজনে গুলীয়ালে সুৰজ আলী নামৰ লোকজনক। আহত অৱস্থাতে সুৰজ আলীক চোকা অস্ত্ৰৰে আক্ৰমণ। চালেহৰ পৰা .22 পিষ্টল, ৪ জাঁই সজীৱ গুলী উদ্ধাৰ। দুয়োকে আটক কৰিছে চাৰিদুৱাৰ আৰক্ষীয়ে।
আনহাতে, গোৱালপাৰাৰ লক্ষীপুৰতো গুলীচালনাৰ ঘটনা। চোৰাং কাঠ ব্যৱসায়ীলৈ লক্ষ্য কৰি বনকৰ্মীৰ গুলীচালনা। নাও লৈ পলায়নৰ চেষ্টা কৰোতেই গুলীচালনা।





অনলাইন প্ৰৱঞ্চকৰ চক্ৰই গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ নাম লৈ অধ্যাপকৰ পৰা লুটিলে লক্ষাধিক টকা

ৰাজ্যত ক্ৰমাৎ সক্ৰিয় ৰূপ ধাৰণ কৰিছে অনলাইন প্ৰৱঞ্চকৰ চক্ৰই। এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ প্ৰতাপজ্যোতি সন্দিকৈৰ নাম লৈ প্ৰৱঞ্চকে পেলালে প্ৰৱঞ্চনাৰ জাল। বিশ্ববিদ্যালয়ৰ এগৰাকী জ্যেষ্ঠ অধ্যাপকক লক্ষ্য কৰি তেওঁৰ পৰা লুটি নিলে লক্ষাধিক টকা। ভুক্তভোগী অধ্যাপকগৰাকী হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অধ্যাপক প্ৰফেছৰ অনুপ শইকীয়া।জানিব পৰা মতে, অধ্যাপকগৰাকীৰ মোবাইললৈ ১৪ আগষ্টৰ দিনা উপাচাৰ্যৰ ফটোসম্বলিত 7722991836 নম্বৰৰ পৰা হোৱাটছএপযোগে এটা মেছেজ আহিছিল। উক্ত মেছেজত উপাচাৰ্যৰ নাম লৈ অধ্যাপকজনৰ পৰা প্ৰৱঞ্চক চক্ৰটোৱে সহায় বিচাৰিছিল। চক্ৰটোৱে তেওঁৰ পৰা লক্ষাধিক টকাৰ এমাজন পে'ৰ গিফ্ট কুপন বিচাৰিছিল। অধ্যাপকজনে উপাচাৰ্যই সহায় বিচৰা বুলি সেইমতেই কুপনসমূহ ক্ৰয় কৰি দিছিল। পৰৱৰ্তী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ পৰা লাভ কৰা এক সতৰ্কতামূলক মেইলৰ পৰাহে স্পষ্ট হয় সকলো কথা। ঘটনাটো সংঘটিত হোৱাৰ আগতেই অহা মেইলটোত কোনো দুষ্টচক্ৰই উপাচাৰ্যৰ নাম লৈ প্ৰৱঞ্চনাৰ জাল পেলোৱাৰ কথা পঞ্জীয়নকগৰাকীয়ে উল্লেখ কৰি এনে দুষ্ট চক্ৰৰ জালত নপৰিবলৈ মেইলযোগে সকলোকৈ সতৰ্ক কৰিছিল। কিন্তু ভুক্তভোগী অধ্যাপকজনে এই মেইলটো চোৱাৰ পূৰ্বেই প্ৰৱঞ্চক চক্ৰটোৱে তেওঁৰ পৰা ধন লুট কৰি নিয়ে।


জল জীৱন মিছন আচঁনিৰ যোগেদি অসমৰ প্ৰতিঘৰ মানুহে ২০২৪ চনৰ ভিতৰত বিশুদ্ধ খোৱা পানী পাব: জয়ন্ত মল্ল বৰুৱা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ জল জীৱন মিছন। জল জীৱন মিছন আচঁনিৰ যোগেদি অসমৰ প্ৰতিঘৰ মানুহে ২০২৪ চনৰ ভিতৰত বিশুদ্ধ খোৱা পানী পাব। এইক্ষেত্ৰত সোমবাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লগত এক বুজাবুজিৰ চুক্তিত সাক্ষৰ কৰে। 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ জল জীৱন মিছন। ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী। অসমত ইতিমধ্যে ২৪ লাখ বাসগৃহত সংযোগ কৰিছে। জল জীৱন মিছন আচঁনিৰ যোগেদি অসমৰ প্ৰতিঘৰ মানুহে ২০২৪ চনৰ ভিতৰত বিশুদ্ধ খোৱা পানী পাব বুলি জনাইছে বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। এইক্ষেত্ৰত সোমবাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লগত এক বুজাবুজিৰ চুক্তিতো সাক্ষৰ কৰে। এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে অসম গ্ৰামীণ জিৱিকা অভিজানে আত্মসহায়ক গোটৰ সহায়ত প্ৰতিখন গাঁৱলৈ গৈ পানীৰ প্ৰয়োজনীয়তা সম্পৰ্কত সজাগতা আনিব। অসমত ২৪ লাখ ঘৰত ইতিমধ্যে সংযোগ দিছে। প্ৰতিঘৰ মানুহৰ ঘৰলৈ গৈ পানীৰ বিশুদ্ধতাৰ ওপৰত পৰিক্ষা কৰিব আত্মসহায়ক গোটে। আত্মসহায়ক গোটক পৰিকল্পনা কৰিবলৈ চৰকাৰে কীট যোগান ধৰিব। প্ৰতিঘৰত তিনিটাকৈ পৰীক্ষা কৰিলে ৬০ টকা পাব আত্মসহায়ক গোটে। অসমৰ জল জীৱন মিছনক জন আন্দোলনলৈ লৈ যাম বুলি কয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ জল জীৱন মিছনৰ লগত জৰিত হোৱাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সৈতে হোৱা বুজা বুজিৰ চুক্তিকলৈ উৎফুল্লিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ। অৱশ্যে এইক্ষেত্ৰত অসমৰ জনসাধাৰণ বিশেষকৈ গ্ৰামাঞ্চলৰ ৰাইজে এই জল জীৱন মিছনক নিজৰ সম্পত্তি বুলি ভাবিব লাগিব বুলি কয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা