f

 'কা' সম্পৰ্কত অগপৰ কি স্থিতি ৰাইজ জ্ঞাত, আমি আন্দোলনত নাই: অগপ সভাপতি অতুল বৰা

আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে আঞ্চলিক দল অসম গণ পৰিষদ। নাগৰিকত্ব সংশোধনী আইন 'কা' সম্পৰ্কত ৰাজপথৰ আন্দোলনক কেতিয়াও সমৰ্থন নকৰে অগপই। "কা" সম্পৰ্কত আমাৰ স্থিতি স্পষ্ট। অসমৰ ৰাইজে জানে আমাৰ দলৰ কি স্থিতি। আন্দোলন মন গলে কৰিব, মন গলে আন্দোলন বন্ধ কৰিব তাত আমাৰ সমৰ্থন নাই। এই মন্তব্য অগপৰ সভাপতি মন্ত্ৰী অতুল বৰাৰ। শুকুৰবাৰৰ আমবাৰীৰ অগপ কাৰ্যালয়ত অনুষ্ঠিত কেন্দ্ৰীয় সমিটিৰ কাৰ্য্যনিৰ্বাহক বৈঠকৰ মাজতে সংবাদ মাধ্যমক এই কথা জনালে দলটোৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাই। আমবাৰীত অগপৰ কাৰ্যালয়ত কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক বৈঠক। কাৰ্য্যনিৰ্বাহক বৈঠকৰ প্ৰাকমুহুৰ্তত অন্য দলৰ কেবাজনো যুৱক যুৱতীয়ে আঞ্চলিক দলটোত আনুষ্ঠানিকভাৱে যোগ দিয়ে। বিভিন্ন দলৰ নেতা কৰ্মীক আদৰণি জনাই দলটোৰ সভাপতি অতুল বৰাই কয় আমাৰ দলত সকলোৰে বাবে দুৱাৰ খিৰিকী খোৱা আছে। অগপৰ লক্ষ্য আগন্তুক পঞ্চায়ত আৰু লোক সভা নিৰ্বাচন। কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক বৈঠকত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা, ভৱেন ভৰালী, ৰেনুপমা ৰাজখোৱা, প্ৰদীপ হাজৰিকাৰ লগতে আন কেবাজনো শীৰ্ষ নেতা উপস্থিত আছিল।



অহা ১৫ দিনৰ ভিতৰত অসমত প্ৰায় ৮৬ হাজাৰ গোচৰ প্ৰত্যাহাৰৰ ইংগিত মুখ্যমন্ত্ৰীৰ
অসমত অহা ১৫ দিনৰ ভিতৰত প্ৰায় ৮৬ হাজাৰ গোচৰ প্ৰত্যাহাৰৰ ইংগিত দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি বৰপেটা জিলা সত্ৰ ন্যায়াধীশৰ নতুন আদালত ভৱন উদ্বোধন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘স্বাধীনতা দিবসৰ দিনা উল্লেখ কৰিছো যে অহা ১৫ দিনৰ ভিতৰত যিমান তিনি বছৰৰ কাৰাদণ্ডৰ গোচৰ আছিল সেইবোৰ প্ৰত্যাহাৰ কৰাৰ বাবে আদালতৰ অনুমতি বিচাৰিম। ইয়াৰ ফলত ৮৬ হাজাৰ গোচৰ ততাতৈয়াকৈ প্ৰত্যাহাৰ কৰাৰ ৰাস্তা মুকলি হ’ব।’’
একেদৰে বছৰি ১০০ কোটিকৈ তিনি বছৰত ন্যায় পালিকাৰ বাবে ৩০০ কোটি টকা অনুমোদন দিয়া হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ধৰ্ষণকাৰী আৰু হত্যাকাৰীয়ে যাতে ৰেহাই নাপায় তাৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব বুলিও মন্তব্য কৰে ড০ শৰ্মাই৷ নিম্ন আদালত যেতিয়া শক্তিশালী হ’ব ধৰ্ষণ বা হত্যা গোচৰত অভিযুক্তই তেতিয়া আদালতৰ পৰা এটা দিনো ল’ব নোৱাৰাৰ ব্যৱস্থা হ’ব লাগিব। এইক্ষেত্ৰত চৰকাৰৰ যিখিনি দায়িত্ব সেইখিনি পালনৰ চেষ্টা কৰিম বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।




বিদ্যাঞ্জলিৰ বিদ্যালয়ৰ বাবে সহায় বিচাৰি বিধায়কলৈ শিক্ষা মন্ত্ৰীৰ পত্ৰক লৈ তোলপাৰ ৰাজ্য, চৰকাৰ বিত্তীয় সংকটত ভোগা বুলি বিৰোধীৰ সমালোচনা, ৰণোজ পেগুৰ স্পষ্টীকৰণ

বিধায়কলৈ শিক্ষামন্ত্ৰীৰ বিশেষ চিঠি। বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে সহায় বিচাৰি পত্ৰ শিক্ষা মন্ত্ৰীৰ। এই পত্ৰত বিদ্যালয়ৰ সামগ্ৰীৰ প্ৰয়োজন পূৰণৰ বাবে অনুৰোধ জনোৱা হৈছিল। ইয়াৰ বাবে চৰকাৰৰ পৰ্যাপ্ত পৰিমাণৰ পুঁজিৰ অভাৱ বুলিও পত্ৰত উল্লেখ কৰা হৈছে। চকী, মেজ, ফেন, পানীৰ ফিল্টাৰ বিচাৰি সহায়ৰ আহ্বান জনোৱা হৈছিল শিক্ষা মন্ত্ৰীৰ এই পত্ৰত।
বিধায়কসকলক সামগ্ৰী দান দিবলৈ অনুপ্ৰাণিত কৰিবলৈ অনুৰোধ কৰা হৈছিল পত্ৰত। সহায়ৰ বাবে পৰিচিত লোকক অনুপ্ৰাণিত কৰিবলৈ বিধায়কক অনুৰোধ জনাইছিল শিক্ষা মন্ত্ৰীয়ে। ‘বিদ্যাঞ্জলি 2.0’ৰ বাবে আৰ্থিক সাহায্য বিচাৰি প্ৰেৰণ কৰা হৈছিল এই পত্ৰ। প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিছে এই বিশেষ ‘বিদ্যাঞ্জলি আঁচনি’। বিদ্যাঞ্জলিত সকলোৱে ধন আগবঢ়াব পাৰে। বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ–ছাত্ৰীয়েও সাহায্য দিব পাৰে। সহযোগিতাৰে বিদ্যালয়ৰ উন্নতি এই আঁচনিৰ লক্ষ্য।
শিক্ষা মন্ত্ৰীৰ এই পত্ৰৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। আব্দুৰ ৰছিদ মণ্ডলে কয়, ‘‘চৰকাৰৰ কিমান বিত্তীয় সংকটত আছে সেয়া মন্ত্ৰী ৰণোজ পেগুৰ চিঠিৰ পৰাই ওলাই পৰিল৷ ইয়াৰ দ্বাৰা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ লাভৰ বাট মুকলি হ’ব৷’’
ৰফিকুল ইছলামে কয়, ‘‘শিক্ষামন্ত্ৰী সহজ-সৰল মানুহ৷ তেওঁ সচাঁ কথাবোৰ কৈ দিছে৷ চৰম বিত্তীয় অৱস্থাত থকাৰৰ বাবে চলাব পৰা নাই বিদ্যালয়সমূহ৷ সেয়ে বিচাৰিছে সহায় ভিক্ষা৷ জুমলাবাজী চলোৱা BJP, মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰত ঘূৰা বাহিৰত কেবিনেট পতা, সভা-সমিতিৰ নামত টকা খৰছ কৰাবোৰ বন্ধ কৰক৷ ইয়াৰ বাবে কেবিনেটত সিদ্ধান্ত লওক।’’
এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতে বিধায়কসকললৈ এক হোৱাট্ছএপ মেছেজ প্ৰেৰণ কৰে শিক্ষা মন্ত্ৰীয়ে। সাময়িকভাৱে পত্ৰখন গ্ৰহণ নকৰিবলৈ আহ্বান জনায় সকলো বিধায়কক। পত্ৰখনত কিছু পুনৰীক্ষণৰ প্ৰয়োজন আছে বুলি মেছেজত উল্লেখ কৰে পেগুৱে।
তাৰ পিছতে এক সংবাদমেল সম্বোধন কৰে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে। সংবাদমেলত পেগুৱে কয়, ‘‘বিদ্যাঞ্জলী পৰ্টেলৰ বাবে দিয়া চিঠি সত্য। ধন টকা পইচা বা বিত্তীয় সংকট অসত্য। কিন্তু মোৰ চিঠিখনৰ ভুল ব্যাখ্যা কৰা হৈছে। বিদ্যাঞ্জলী পৰ্টেলৰ স্কুলবোৰ ছেমী-চৰকাৰী। বিদ্যাঞ্জলীৰ বাবে দান বৰঙণি বিচৰা হয়। বিদ্যাঞ্জলীৰ বাবে শিক্ষকো বহু সময়ত স্বইচ্ছাই আগবাঢ়ি আহে।
‘‘বিদ্যাঞ্জলী কেন্দ্ৰীয় চৰকাৰৰ পৰ্টেল। ইয়াৰ জৰিয়তে জনসাধাৰণক শিক্ষানুষ্ঠানৰ লগত জড়িত কৰে। কিন্তু বিৰোধী বিধায়কে চৰকাৰৰ পুঁজি নাই বুলি সমালোচনা কৰিছে। ইয়াৰ জড়িয়তে কোনোবাই স্বইচ্ছাই বৰঙণি আগবঢ়াব পাৰে। মই কোৱা যি নাটনিৰ কথা কৈছিলোঁ সেয়া চৰকাৰৰ পুঁজি নাই নহয়। SMCৰ কেতিয়াবা নাটনি হোৱাৰ কথা কৈছিলোঁ। চৰকাৰৰ পুঁজিৰ নাটনিৰ কথা কোৱা নাছিলোঁ।’’ – ক’লে ৰণোজ পেগুৱে।
‘‘বিদ্যাঞ্জলী সমাজৰ মানুহৰ সৈতে জড়িত। শিক্ষানুষ্ঠানসমূহৰ সৈতে ৰাইজৰ সহযোগ থাকিবৰ বাবেই এই ব্যৱস্থা। কিন্তু কথাবোৰ বেলেগকৈ ওলাইছে। SMCৰ ধনৰ নাটনিৰহে কথা কোৱা হৈছে। শিক্ষা বিভাগৰ ধনৰ অভাৱ হোৱা নাই। কেবল দান বৰঙণিয়ে নহয়, স্বেচ্ছাই কোনোবাই শিক্ষকতাও কৰিব পাৰিব। ধনৰ নাটনি বাক্যটোত SMC শব্দটো থাকি গৈছে।’’

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা