f

গাড্ডাৰ কোন ? গুৱাহাটীত নহয়, দিল্লীত বিচাৰ হ'ব অসমৰ কংগ্ৰেছী বিধায়কৰ ...

ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ক্ৰছ ভোটিং কৰি দলক গাড্ডাৰি কৰা কংগ্ৰেছী বিধায়কক চিনাক্ত কৰিবলৈ আহিম বুলিও গুৱাহাটীলৈ নাহিল AICCৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং ৷ ইয়াৰ বিপৰীতে নতুন দিল্লীলৈ মাতি পঠিওৱা হৈছে অসমৰ কংগ্ৰেছৰ সকলো বিধায়কক ৷ নতুন দিল্লীতে অসমৰ গাড্ডাৰ কংগ্ৰেছী বিধায়কৰ বিচাৰ কৰিব হেনো অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙে ৷
২৭ আগষ্টতে দিল্লীলৈ ৰাওনা হ'ব অসমৰ কংগ্ৰেছী বিধায়ক-সাংসদ সকলৰ লগতে দলৰ শীৰ্ষ নেতৃত্ব ৷ ২৮ আগষ্টত AICCয়ে আহ্বান কৰা এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত ২৯ আগষ্টত অসমৰ বিধায়ক-সাংসদ সকলক একেলগে বহাই লোৱাৰ কথা জীতেন্দ্ৰ সিঙে ৷
২৯ আগষ্টৰ কাৰ্যসূচীৰ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দে পুৰুকায়স্থই News18ক ক'লে- “গাড্ডাৰৰ চিনাক্ত কৰাতো আমি বিচাৰিছোঁ ৷ ২৭ আগষ্টত আমি সকলো কংগ্ৰেছৰ বিধায়ক, সাংসদ আৰু দলৰ নেতৃত্ব দিল্লীলৈ যাবলৈ সাজু হৈছোঁ ৷ ২৮ আগষ্টৰ প্ৰতিবাদী কাৰ্যসূচীৰ পিছত হাইকামাণ্ডৰ সৈতে বিধায়ক-সাংসদ সকলৰ আলোচনা আছে ৷ সেই আলোচনাত যদি গাড্ডাৰৰ সন্দৰ্ভত আলোচনা হয়; আমি ভাল পাম ৷ এই বিষয়ত আনুষ্ঠানিকভাবে একো জনোৱা নাই ৷”



SOP For Examination : ২১ আৰু ২৮ আগষ্টত নাথাকিব ইণ্টাৰনেট সেৱা! ২৬ হাজাৰ চৰকাৰী চাকৰিৰ পৰীক্ষাক লৈ চৰকাৰৰ SOP

২৬ হাজাৰ চৰকাৰী চাকৰিৰ বাবে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিবলগীয়া পৰীক্ষাক লৈ জাৰি কৰিছে SOP। এই নিৰ্দেশনা মতে পৰীক্ষা অনুষ্ঠিত হৈ থকা সময়ত জিলাকেইখনত বন্ধ থাকিব ইণ্টাৰনেট সেৱা। ইয়াৰ লগতে কোনো পৰীক্ষাৰ্থীয়ে মোবাইল ফোন নিব নোৱাৰিব, বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে সকলো সুবিধা থাকিব, সকলো গেজেটেড অফিচাৰক নিয়োগ কৰা হ'ব, প্ৰতিটো পৰীক্ষা কেন্দ্ৰত থাকিব শীৰ্ষ আৰক্ষী বিষয়া, কিবা খেলিমেলি হ'লে দায়বদ্ধ হ'ব জিলাৰ উপায়ুক্ত। সম্পূৰ্ণ মেধাৰ ভিত্তিত নিযুক্তি দিয়াৰ বাবে ৰাজ্য চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰা হৈছে। এনে ব্যৱস্থাৰ দ্বাৰা চৰকাৰৰ ওপৰত নিবনুৱাসকলৰ আস্থা অটুট থাকিব বুলি প্ৰকাশ কৰা হৈছে। উল্লেখ্য, ২১ আৰু ২৮ আগষ্টত ২৬ হাজাৰ চৰকাৰী চাকৰিৰ বাবে চৰকাৰে ৰাজ্যৰ কেইবাখনো জিলাত পৰীক্ষা অনুষ্ঠিত কৰিব।



মণিপুৰত গ্ৰেপ্তাৰ আই-ই-ডি বিস্ফোৰণত জড়িত নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ ৫ জন কেডাৰ

আৰক্ষী সু্ত্ৰই জনোৱা অনুসৰি মঙলবাৰে মণিপুৰৰ থৌবাল জিলাত দুটা ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ (Improvised Explosive Device) বিস্ফোৰণত জড়িত নিষিদ্ধ উগ্ৰপন্থী সংগঠন পিপলছ লিবাৰেচন আৰ্মী (PLA)ৰ পাঁচজন ই কেডাৰক গ্ৰেপ্তাৰ কৰা হয়। থৌবালৰ আৰক্ষী অধীক্ষক এইচ যোগেশচন্দ্ৰই এখন সংবাদমেলত কয় যে অসম ৰাইফলছৰ পৰা নিৰ্ভৰযোগ্য তথ্য ৰখাৰ পিছত থৌবাল জিলাৰ দোষ্টা তুৱাবান্দত এটা বেষ্টনী আৰু তালাচী অভিযান চলোৱা হৈছিল, যি সময়ত থৌবাল জিলা আৰক্ষী আৰু অসম ৰাইফলছৰ এটা যুটীয়া দলে এগৰাকী মহিলাসহ নিষিদ্ধ সংগঠনটোৰ তিনিজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছিল।


"ফলো-আপ অভিযান হিচাপে, বিএছএফ কইৰেংগেইৰ তথ্যৰ ওপৰত আধাৰিত কৰি ১৬ টা এআৰ স্তম্ভৰে গঠিত এটা যুটীয়া দলে আৰু দুজন উগ্ৰপন্থীকো গ্ৰেপ্তাৰ কৰিছিল", বুলি যোগেশচন্দ্ৰই প্ৰকাশ কৰে।


প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে তেওঁলোক উপত্যকাটোৰ অনা-স্থানীয় লোকসকলক লক্ষ্য কৰি লোৱাত জড়িত আছিল আৰু ক্ৰমান্বয়ে ১৩ মে আৰু ৩০ মে'ত থৌবালৰ তেলিপতি আৰু খোংজোম চাপামত আইইডি বিস্ফোৰণত জড়িত আছিল, বুলি আৰক্ষী বিষয়াজনে কয়। খোংজম আৰক্ষী থানাক হস্তান্তৰ কৰা কেডাৰসকলৰ দখলৰ পৰা চাৰিটা হেণ্ড গ্ৰেনেডও উদ্ধাৰ কৰা হৈছে বুলি বিষয়াজনে উল্লেখ কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা