Posts

গুৱাহাটীত এন আৰ এছ টেকন' শ্ব ৰুম মুকলি

Image
ষ্টাফ ৰিপোৰ্টাৰ,২১ ছেপ্টেম্বৰ।। দ্য প্ৰিমিয়াম ম'বাইল আৰু ইলেকট্ৰনিক ষ্টৰ এন আৰ এছ টেকন' গ্ৰাহকৰ বাবে মুকলি কৰা হয়। গুৱাহাটীৰ খ্ৰীষ্টানবস্তীস্থিত ছ'নি চেণ্টাৰ, গণেশগুৰিৰ গ'ল্ড জীমৰ স্বত্বাধিকাৰীয়ে এন আৰ এছ টেকন' ইলেকট্ৰনিকছৰ নতুন বিপনী মুকলি কৰে। উক্ত শ্ব'ৰুমটোত বিভিন্ন ব্ৰেণ্ডৰ ম'বাইল, বিশেষকৈ এপল, ছেমছাং অপ্প; ভিভো, ৰিয়েলমীকে আদি কৰি  লেপটপ, ঘৰুৱা সামগ্রী, গডৰেজ, ৰান্ধনী শালৰ বিভিন্ন বস্তু উপলব্ধ হ'ব। উক্ত শ্ব'ৰুমটো সামগ্রী সলনিৰ সামগ্রীৰ সুবিধা থকাৰ লগতে ইলেকট্ৰনিকছৰ যিকোনো সামগ্রী গ্ৰাহকে কিস্তিৰ জৰিয়তে ক্ৰয় কৰিব পাৰিব। এই সন্দৰ্ভত শ্ব'ৰুমটোৰ সঞ্চালক ৰাজীৱ জৈনে কয়'-গ্ৰাহক সকলে বিপনী খনৰ প্ৰতি সঁহাৰি জনাইছে। আমি মুকলি অনুষ্ঠানত গ্ৰাহকৰ বাবে এক বিশেষ ৰেহাইৰ ব্যৱস্থা কৰিছো"। উল্লেখযোগ্য যে, বিপনী খনত গ্ৰাহকে ১০ হজাৰতকৈ অধিক সামগ্রী ক্ৰয় কৰিলে লাকী ড্ৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব।

নলবাৰীৰ মৰোৱাৰ বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক তিলক বৈশ্যৰ দ্বিতীয়খন চুটি ছবি 'ভিক্ষাৰী ঈশ্বৰ'ৰ দৃশ্যগ্ৰহণ সমাপ্ত, অচিৰেই মুক্তিলাভ কৰিব

Image
*নলবাৰীৰ মৰোৱাৰ বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক তিলক বৈশ্যৰ দ্বিতীয়খন চুটি ছবি 'ভিক্ষাৰী ঈশ্বৰ'ৰ দৃশ্যগ্ৰহণ সমাপ্ত, অচিৰেই মুক্তিলাভ কৰিব* *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৬ চেপ্তেম্বৰ* নামনি অসমৰ নলবাৰী জিলাখনে অতীজৰে পৰা শিক্ষা আৰু কলা-সংস্কৃতিৰ পথাৰ চিৰসেউজ কৰি ৰাখিবলৈ সক্ষম হৈছে যিটো সৰ্বজনবিদিত ৷ বিশেষকৈ নাট প্ৰদৰ্শনৰ ক্ষেত্ৰত বিশেষভাবে আগবঢ়া সমগ্ৰ নলবাৰী জিলাখন ৷ নলবাৰীৰ মৰোৱাৰ শিক্ষক, বিশিষ্ট তথা জেষ্ঠ নাট্যকাৰ, পৰিচালক তিলক বৈশ্যৰ কাহিনী-চিত্ৰনাট্য-সংলাপ আৰু থিয়েটাৰ ভাগ্যদেবীৰ প্ৰযোজক সুবোধ মজুমদাৰৰ যুটীয়া পৰিচালনাৰে চুটি ছবি “ভিক্ষাৰী ঈশ্বৰ”ৰ ইতিমধ্যে দৃশ্যগ্ৰহণ সম্পূৰ্ণ হৈ যায় ৷ এচ এম প্ৰডাকচনৰ বেনাৰত 'ভাগ্যদেবী প্ৰডাকচনচ্' নামৰ ইউটিউব চেনেলযোগে অচিৰেই মুক্তিলাভ কৰিবলগীয়া এই হাস্যমধুৰ চুটি ছবিখন প্ৰযোজনা কৰিছে ডা৹ খয়বাৰ উল্লাহে ৷ ইতিমধ্যে যোৱা কিছুদিন পূৰ্বে পৰিচালক বৈশ্যৰ নিজা কাহিনী, চিত্ৰনাট্য, সংলাপ, পৰিচালনা তথা সামগ্ৰিক পৰিকল্পনাৰে একেটি ইউটিউব চেনেলযোগে মুক্তিলাভ কৰা 'সংগ্ৰাম, আন এটি নাম জীৱনৰ' নামৰ প্ৰথমখন চুটি ছবিয়ে ...

বঙাইগাঁৱত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিঠি লিখা কাৰ্যৰ যোগেদি লিখন দক্ষতা বৃদ্ধিৰ পদক্ষেপ

Image
বঙাইগাঁৱত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিঠি লিখা কাৰ্যৰ যোগেদি লিখন দক্ষতা বৃদ্ধিৰ পদক্ষেপ 'ডাক পখিলী' নামৰ পৰীক্ষামূলক প্ৰকল্পৰ শুভ উদ্বোধন   বঙাইগাঁওঃ১৯ ছেপ্টেম্বৰঃ বঙাইগাঁও জিলা প্ৰশাসনে জিলা প্ৰাথমিক শিক্ষা বিভাগৰ সহযোগত ক'ৰনা অতিমাৰীয়ে গতানুগতিক শিক্ষা ব্যৱস্থালৈ কঢ়িয়াই অনা প্ৰত্যাহ্বান অব্যাহত থকাৰ এই সময়ছোৱাত জিলাখনৰ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পঞ্চমৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিঠি লিখা কাৰ্যৰ যোগেদি লিখন দক্ষতা বৃদ্ধিৰ উদ্দেশ্যে আজি 'ডাকপখিলী' নামৰ এক পৰীক্ষামূলক প্ৰকল্প তথা উদ্ভাৱনীমূলক কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। এই কাৰ্যসূচীৰ জৰিয়তে শিক্ষক-শিক্ষয়ত্ৰীসকলে ছাত্ৰ-ছাত্ৰীলৈ বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰি পত্ৰ লিখিব বাৰু তাৰ প্ৰত্যুত্তৰত ছাত্ৰ-ছাত্ৰী সকলেও তেওঁলোকৰ শিক্ষক-শিক্ষয়ত্ৰীলৈ পত্ৰ লিখিব আৰু এই পত্ৰ সমূহ সংশ্লিষ্ট বিদ্যালয়ত থকা 'ডাক পখিলী’ নামৰ ডাকবাকচত ৰখাৰ ব্যৱস্থা কৰা হ'ব ৷ শিক্ষক-শিক্ষয়ত্ৰী সকলে ছাত্ৰ-ছাত্ৰী সকলৰ পত্ৰসমূহ পৰ্যালোচনা কৰি যোগাত্মক উক্তি আৰু মন্তব্যৰে তথা 'তৰা' চিহ্নৰে চিহ্নিত কৰি পৰৱৰ্তী পত...

ভাৰতীয় অভিলেখ পুথি (INDIAN BOOK OF RECORDS) ত নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে শিৱসাগৰ নাজিৰাৰ কন্যা চন্দ্ৰিকা নেওঁগে

Image
ভাৰতীয় অভিলেখ পুথি (INDIAN BOOK OF RECORDS) ত নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে শিৱসাগৰ নাজিৰাৰ কন্যা চন্দ্ৰিকা নেওঁগে : ফাষ্ট নিউজ ৰিপৰ্ট, নাজিৰা, ১৮ ছেপ্তেম্বৰ  নাজিৰাৰ বাহঁগড়া ঢেলিপুখুৰী গাঁওৰ নিবাসী কমল নেওঁগ আৰু শিক্ষয়িত্ৰী ৰুমি গগৈ নেওঁগৰ প্ৰথম কন্যা তথা নাজিৰা লিগিৰী পুখুৰী স্হিত "কলাংগন ফাইন আৰ্ট এণ্ড ক্ৰাফট একাডেমী"ৰ অন্তিম শিক্ষা বৰ্ষৰ ছাত্ৰী চন্দ্ৰিকা নেওঁগে নিজৰ সুপ্ৰতিভাৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । তেওঁ এটি সামান্য ৰঙালাও গুটিৰ ওপৰত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন অংকণ কৰি নিজৰ নাম Indian Book of Records ত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে । তেওঁৰ হাতৰ পৰশত ড' ভূপেন হাজৰিকাৰ দৰে মহৰ্ষি ব্যক্তিৰো ছবিয়ে প্ৰাণ পায় উঠিছে ।  ইয়াৰোপৰি তেওঁ এখন প্লাষ্টিক বটলৰ মুখনিত অসমৰ মানচিত্ৰ সুন্দৰকৈ অংকণ কৰিছে । শিৱসাগৰৰ জয়সাগৰ মহাবিদ্যালয়ত অধ্যয়ন কৰা এই ছাত্ৰী গৰাকীৰ যথেষ্ট প্ৰতিভা আছে আৰু এই নিজৰ প্ৰতিভাৰ  প্ৰতি থকা একাগ্ৰতাৰ বাবেই আজি চন্দ্ৰিকা নেওঁগে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । একাগ্ৰতা থাকিলে সকলো কামেই সম্ভৱ ইয়াৰে প্ৰশস্ত উদাহৰণ এই ছাত্ৰী গৰাকী । ছাত্ৰী...

নগাঁৱৰ জামুগুৰিত ছহীদ মনবৰ নাথক স্মৃৰণ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২০ ছেপ্টেম্বৰঃ ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰৰ ঐতিহাসিক দিনটোৰ স্মৃতি আজীৱন বুৰঞ্জীৰ বুকুত স্মৃতিস্তম্ভ হৈ জিলিকি থাকিব ৷ ভাৰত ত্যাগ আন্দোলনৰ ফলত হোৱা গণ বিপ্লৱৰ কোবাল ঢৌৱে সেই সময়ত নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতি কাষৰীয়া জামুগুৰি গাঁওখনতো তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছিল ৷এই জোকাৰণিয়ে জামুগুৰি গাঁৱৰ বিপ্লৱী বীৰ মনবৰ নাথকো উতলাই তুলি দেশ উদ্ধাৰৰৰ বাবে উদ্ধুদ্ধ কৰি তুলিছিল ৷ ২০ ছেপ্টেম্বৰৰ দিনটোতে ভাৰতীয় কংগ্ৰেছৰ সিদ্ধান্ত অনুসৰি জ্যোতিপ্ৰসাদৰ পৰিকল্পনা মতে ভাৰতৰ জাতীয় অধিকাৰ ৰক্ষাৰ্থে সাম্ৰাজ্যবাদী ইংৰাজৰ কোঠস্বৰুপ থানাসমূহত স্বৰাজৰ পতাকা উত্তোলনৰ কাৰ্যসূচী দৰং জিলাত ঘোষিত হৈছিল ৷ ঢেকীয়াজুলি থানাত বিশাল  সমদলৰ নেতৃত্ব লৈ পতাকা উত্তোলন কৰি ৰাষ্ট্ৰ বীৰৰ জ্বলন্ত স্ফুলিঙ্গ ৰূপে নিজক পৰিচয় কৰাই দিছিল মনবৰ নাথে ৷ সেয়ে দেশৰ হকে জীৱন আহুতি দিয়া বীৰ ছহীদ গৰাকীক সুঁৱৰি আজিৰ এই পবিত্ৰ দিনটোত ব্যাকুল হৈ উঠে জামুগুৰিৰ ৰাইজ আৰু ছহীদ গৰাকীক সোঁৱৰণৰ অৰ্থে অনুষ্ঠিত কৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৷ তেনেই সীমিত পৰিসৰত চৰকাৰী নীতি নিয়ম মানি অনুষ্ঠিত কৰা অনুষ্ঠানটিৰ পুৱা বেলা পতাকা উত...

একল অভিযান নগাঁও অঞ্চলৰ আচাৰ্য-আচাৰ্য্যাৰ সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন

Image
একল অভিযান নগাঁও অঞ্চলৰ আচাৰ্য-আচাৰ্য্যাৰ সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন# নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২০ ছেপ্টেম্বৰঃ একল অভিযান নগাঁও অঞ্চলৰ ১০ গৰাকী শ্ৰেষ্ঠ আচাৰ্য্যা সকলক দেওঁবাৰে নগাঁওস্থিত শ্ৰী গোপাল গো-শালাত সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এক সম্বৰ্ধনা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিৰ স্বাগতম ভাষণ প্ৰদান কৰে নগাঁও অঞ্চলৰ অধ্যক্ষ ৰাধা ৰমণ খটোৱালাই । নগাঁও অঞ্চলৰ ২০১৯-২০২০ বৰ্ষত হৈ যোৱা কাৰ্যক্ৰমৰ প্ৰতিবেদন পাঠ কৰে অঞ্চলৰ সম্পাদক ললিত কুমাৰ কুঠাৰীয়ে। কাৰ্যসূচীত মূখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি শিক্ষকৰ দ্বায়িত্ব আৰু কৰ্তব্যৰ ওপৰত বক্তব্য ৰাখে নগাঁও মাৰোৱাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চটেলাল গুপ্তাই। লংকা সঞ্চৰ সভাপতি দেৱব্ৰত বৰা, শ্ৰী হৰি সৎসংগ সমিতিৰ সভাপতি বিজয় কুমাৰ মংলোনীয়াই ভাষন প্ৰদান কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত একল অভিযানৰ নগাওঁ অঞ্চলৰ সকলো কাৰ্যকৰ্তা, ১০ গৰাকী আচাৰ্য আচাৰ্য্যাক লগতে ভাগ কেন্দ্ৰৰ বাবে নিৰ্বাচিত কৰা ১০ গৰাকী আৰু ২গৰাকী চেপ্টাৰৰ বাবে নিৰ্বাচিত কৰা আচাৰ্য আচাৰ্য্যাক প্ৰশস্তি পত্ৰ, গামোচা, মাস্ক আৰু বস্ত্ৰৰে সম্ব...

শিৱসাগৰত ২১ ছেপ্তেম্বৰৰ পৰা বিদ্যালয়ত পাঠদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা সন্দৰ্ভত সভা

Image
*শিৱসাগৰত ২১ ছেপ্তেম্বৰৰ পৰা বিদ্যালয়ত পাঠদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা সন্দৰ্ভত সভা* ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ, ১৯ ছেপ্টেম্বৰ: ক'ভিড-১৯ সম্পৰ্কীয় সম্পূৰ্ণ স্বাস্থ্য বিধি মানি অহা ২১ ছেপ্তেম্বৰৰ পৰা সমগ্র ৰাজ্যখনৰ লগতে শিৱসাগৰ জিলাৰ ১৫৭ খন বিদ্যালয়তো আৰম্ভ কৰা হ'ব নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান প্ৰক্ৰিয়া ৷ এই সন্দৰ্ভত ইতিমধ্যে ৰাজ্য চৰকাৰে প্ৰদান কৰা নিৰ্দেশনা সম্পৰ্কে অৱগত কৰাৰ উদ্দেশ্যে যোৱা ১৮ ছেপ্টেম্বৰ তাৰিখে অতিৰিক্ত উপায়ুক্ত জুনুমণি সোনোৱালৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত এখন সভা অনুষ্ঠিত হয়।  এই সভাত অতিৰিক্ত উপায়ুক্ত জুনুমণি সোনোৱালে বিদ্যালয় সমূহৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনা সম্পৰ্কে জিলাখনৰ বিদ্যালয় সমূহৰ প্ৰধান শিক্ষক সকলক অৱগত কৰে। তেওঁ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আগতে বিদ্যালয় সমূহৰ চেনিটাইজেচন প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে বিদ্যালয় সমূহত হাত ধুৱাৰ ব্যৱস্থা মজুত ৰখাৰ লগতে চাবোন আৰু হেণ্ড চেনিটাইজাৰৰ পৰ্যাপ্ত ব্যৱস্থা ৰাখিবলৈ কয়। তেওঁ কয় যে, চৰকাৰী নিৰ্দেশনা মৰ্মে নৱম আ...