Posts

p

Image

আলফা স্বাধীনৰ শিবিৰৰ পৰা পলায়ন কৰা দুই যুৱকক ম্যানমাৰ - ভাৰত সীমান্তত আটক ।

Image
দৈনিক আমাৰ প্ৰণাম মাৰ্ঘেৰিটা:আলফা (স্বা)শিবিৰৰ পৰা পলায়ন কৰি অহা দুই সদস্য সুৰজিত গগৈ ওৰফে খেপৌ অসম আৰু শ্যামল বৰুৱা ওৰফে নিয়ৰ অসমক  আটক  । আন্তঃজাতিক সীমান্ত অতিক্ৰম  কৰি প্ৰবেশ কৰোতে আটক কৰে ৬ নং আসাম ৰাইফলচৰ এটি তহলদাৰী দলে । ভাৰত - ম্যানমাৰৰ সীমান্ত লাজুত  দুয়োজনক আটক । অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ খুনচাস্থিত আসাম ৰাইফলচৰ শিবিৰত ৰাখি সোধপোচৰ অন্তত আজি খুনচা আৰক্ষীক চমজাই দিয়ে ।  ২০২১ চনৰ নবেম্বৰ মাহত যোগদান কৰি প্ৰত্যাৱৰ্তন কৰা দুই সদস্যৰ সুৰজিৎ গগৈৰ ঘৰ পেঙেৰীৰ নলনিত আৰু শ্যামল বৰুৱাৰ ঘৰ ডিগবৈৰ মামৰণিত । শিবিৰত থাকি কষ্ট পোৱাৰ বাবে প্ৰত্যাবৰ্তন কৰা বুলি জনাইছে । আলফা স্বাধীনত যোগদান প্ৰত্যাবৰ্তন মৃত্যুদণ্ড ঘোষণা মৃত্যুদণ্ড বিহাৰ এক পৰিবেশৰ মাজতে পুনৰ দুগৰাকী সদস্য ম্যানমাৰৰ পৰা পলাই অহাটোৱে তাৎপৰ্য বহন  কৰিছে । মাৰ্ঘেৰিটাৰ পৰা আব্দুল আলিম

n

Image
ধুবুৰীত আৰক্ষীৰ জালত পৰিল বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধসহ এজন  ড্ৰাগচ সৰবৰাহকাৰী ধুবুৰী, ৩১ মে' আজি ধুবুৰীত আৰক্ষীৰ ড্ৰাগচ বিৰোধী অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধসহ এজন দাগী ড্ৰাগচ সৰবৰাহকাৰী জালত পৰাৰ এক ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে,  গোপন এক তথ্যৰ ভিত্তিত ধুবুৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পাৰ্থ প্ৰতীম গগৈৰ নেতৃত্বত  আৰক্ষীৰ এটি দলে আজি দুপৰীয়াৰ পিনে স্থানীয় ৰেল আস্থানৰ সমীপৰ ৰাজপথত এক অভিযান চলাইছিল। সেই অভিযানত  বৃহৎ পৰিমাণৰ নিছাযুক্ত ঔষধসহ জনৈক ৰাতুল হুছেইন মণ্ডল নামৰ ড্ৰাগছ সৰবৰাকাৰীক হাতেলোটে কৰায়ত্ব কৰে আৰক্ষীয়ে। ধৃত সেই যুৱকজনৰ পৰা  ১৪০ টা ৰচকফ নামৰ নিছাযুক্ত কফচিৰাপৰ বটল, ৪৭০০ টা পায়ীভ’ন স্পাচ প্লাচ  (Pyeevon Spas Plus capsules) আৰু ২০০টা নাইট্ৰ’চুন  (nitrosun 10(R)) নামৰ নিছাযুক্ত টেৱলেটউদ্ধাৰ হোৱা বুলি প্ৰকাশ।  ধৃত সেই ড্ৰাগচ সৰবৰাহকাৰীৰ ধুবুৰীৰ বিদ্যাপাৰা অঞ্চলৰ বুলি জানিব পৰা গৈছে। প্ৰেৰক- জিতু মণি দাস, ধুবুৰী তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত অঘটন খাদ্যত বিষক্ৰিয়া হৈ ১৪ গৰাকী ছাত্ৰীসহ ১৫ গৰাকী অসুস্থঃ নয়নজ্যোতি দাস, তামুলপুৰ...

sjtch

Image

বাতৰি

Image
# বৰপেটা চহৰ তথা জিলাৰ উন্নয়নৰ স্বাৰ্থত ৰাজনৈতিক নেতাৰ  একগোট হোৱাৰ দাবী ৰাইজৰ #  প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,৩১মেঃ সম্প্ৰতি ৰাজনৈতিক নেতা যি দলৰে নহওঁক কিয়, যি জাতি-ধৰ্মৰে নহওঁক ,দল মত বাদ দি বৰপেটা জিলাৰ ৰাজনৈতিক নেতা বা ৰাজনৈতিক কৰ্মী সকলে ৰাজ্যৰ একমাত্ৰ অৱহেলিত আৰু পিচপৰা চহৰ বৰপেটা আৰু সামগ্ৰিক ভাৱে জিলা খনৰ উন্নয়নৰ স্বাৰ্থত একগোট হৈ চৰকাৰৰ ওচৰত গৈ বিপ্লৱ গঢ়ি তুলিবলৈ বৰপেটা জিলবাসী ৰাইজে অাহ্বান জনাইছে।  লক্ষনীয়ভাৱে এই কথা এই কাৰণে কোৱা হৈছে যে, অসমৰ আন জিলা বা জিলাৰ সদৰ চহৰ সমুহৰ তুলনাত বৰপেটা তথা জিলাখন ৰাজ্য চৰকাৰৰ দ্বাৰা অনাদৃত, অৱহেলিত আৰু পদে পদে বঞ্চিত হৈ থকা পৰিলক্ষিত হৈছে। মন কৰিবলগীয়া যে,কংগ্ৰেছ চৰকাৰৰ সময়ত এখন মাত্ৰ চিকিৎসা মহাবিদ্যালয়-চিকিৎসালয় হৈছে। আৰু তাৰ পিছত কি হ'ল…? ৰাজ্যৰ আন চহৰ বা জিলাৰ ক্ষেত্ৰত উন্নয়নৰ যি বিপ্লৱৰ ধাৰা সূচনা হৈছে,তাৰ তুলনাত বৰপেটা চহৰ বা বৰপেটা জিলাৰ কি পৰিৱৰ্তনৰ সূচনা হৈছে তাক সকলোৱে প্ৰত্যক্ষ কৰিছে। পিছে কৰবাত এখন ওভাৰ ব্ৰীজ বা পথৰ উন্নয়ন কৰা হলেই উন্নয়ন নুবুজায় বুলি একাংশ ৰাইজে মতপোষ কৰে। ইপিনে যোৰহাট,ডিব্ৰুগড়, গোলাঘাট,...

পঞ্জীয়নভুক্ত অস্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহক নিৰ্দেশ জাৰি কৰাৰ এমাহৰ ভিতৰত বিত্তীয় প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ*

*প্ৰেছ বিজ্ঞপ্তি* মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়, অসম দিছপুৰ, গুৱাহাটী-০৬ --------------------------------------------------------------------------------- *পঞ্জীয়নভুক্ত অস্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহক নিৰ্দেশ জাৰি কৰাৰ এমাহৰ ভিতৰত বিত্তীয় প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ*  *দিছপুৰ, ৩০ মে’, ২০২২ঃ* ভাৰতৰ নিৰ্বাচন আয়োগে পঞ্জীয়নভুক্ত অস্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহক (RUPPs) তেওঁলোকৰ বিত্তীয় প্ৰতিবেদন যেনে ২০১৭-১৮, ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষৰ অনুদান প্ৰতিবেদন ( Contribution Report), গণনাকৃত বাৰ্ষিক হিচাব প্ৰতিবেদন (Audited Annual Accounts) আৰু নিৰ্বাচনী ব্যয়ৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে৷ এই সম্পৰ্কত আয়োগে যোৱা ২৫ মে’ তাৰিখে এক নিৰ্দেশনা জাৰি কৰিছে৷ দলসমূহে তেওঁলোকৰ বিত্তীয় প্ৰতিবেদন এই  নিৰ্দেশনা জাৰি কৰাৰ দিনাৰ পৰা ৩০ দিনৰ ভিতৰত দাখিল কৰিব লগিব৷ অন্যথা এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷  নিৰ্বাচন আয়োগৰ এই নিৰ্দেশৰ প্ৰতিলিপি অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ ৱেবছাইট http://ceoassam.nic.inত উপলব্ধ কৰা হৈছে৷ এই সংক্ৰান্তত অসমৰ মুখ্য নিবাৰ্চনী বিষয়া নীতিন...

বিশ্বনাথত এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত আহত অস্ত্ৰ সৰবৰাহকাৰী জাকিৰ হুছেইন

নিশা বিশ্বনাথত সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। অস্ত্ৰ সৰবৰাহকাৰীলৈ গুলীচালনা আৰক্ষীৰ৷ অস্ত্ৰ সৰবৰাহকাৰী জাগিৰ হুছেইন ওৰফে জাকিৰ হুছেইন আহত হয় আৰক্ষীৰ গুলীত। দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জাকিৰক৷ ধৃত জাকিৰৰ ঘৰ নগাঁও জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত ক'লাডোবাত৷ গঁড় হত্যাৰ লগত জড়িত জাকিৰ হুছেইন৷ বিশ্বনাথৰ ছোৱাগুৰিত অস্ত্ৰৰ ঘাটি দেখুৱাবলৈ নিওঁতে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয় জাকিৰক৷ জাকিৰৰ আক্ৰমণত আহত হৈছে আৰক্ষী কনিষ্টবল ইচমাইল আলী৷ ভৰিত গুলী লগা জাকিৰক নিশাই ভৰ্তি কৰা হয় বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত৷ পিছত উন্নত চিকিৎসাৰ বাবে জাকিৰক প্ৰেৰণ কৰা হয় তেজপুৰ মেডিকেল কলেজলৈ৷ আনহাতে, আহত আৰক্ষী কনিষ্টবল ইছমাইল আলীক চিকিৎসা গ্ৰহণৰ পিছত চিকিৎসকে ঘৰলৈ যাবলৈ দিয়ে৷