ৰঙিয়াত এক্সিস বেংকত চোৰৰ তাণ্ডৱ
*ৰঙিয়াত এক্সিস বেংকত চোৰৰ তাণ্ডৱ* প্ৰতিবেদক, ৰঙিয়াঃ ৫ ফেব্ৰুৱাৰীঃ অপৰাধীৰ ৰম্যভূমিত পৰ্যবসিত হৈছে ৰঙিয়া চহৰ । আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীয়ে গিজগিজাই থকা সত্বেও প্ৰায়ে সংঘটিত হৈ আহিছে চুৰি, ডকাইতি, ধন লুটৰ দৰে উদ্বেগজনক ঘটনা।আৰক্ষীয়ে এই সকল ঘটনাৰ লগত জড়িত প্ৰকৃত দুৰ্বৃত্তক আটক কৰিব নোৱাৰাৰ উপৰি এই ধৰণৰ ঘটনাবোৰ ৰোধ কৰিবও পৰা নাই। যোৱা নিশা ৰঙিয়া টাউন মাজমজিয়াৰ থানাৰ নাতিদূৰত অৱস্থিত এক্সিস বেংকৰ ৰঙিয়া শাখাৰ লোহাৰ চাটাৰ ভাঙি চুৰি ঘটনা সংঘটিত কৰে। চোৰে বেংকৰ পৰা ধন লুট কৰিব চেষ্টা চলাইছিল যদিও ব্যৰ্থ হৈ বেংকত থকা টিভি সহ অন্যান্য সা-সামগ্ৰী উঠাই লৈ উধাও হয় । পুৱাই বেংকৰ কৰ্মচাৰীয়ে বেংকত আহি বেংকৰ চাটাৰ ভঙা অৱস্থাত দেখি আৰক্ষীক খবৰ কৰে। ৰঙিয়া থানাৰ আৰক্ষীয়ে ঘট নাস্থলী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে কোনো দুৰ্বৃত্তক আটক কৰিব পৰা নাই। প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।