সমগ্ৰ অসমৰ লগতে গোলাঘাটতো কা বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক-ছাত্ৰ মুক্তিৰ উত্তাল প্ৰতিবাদ
সমগ্ৰ অসমৰ লগতে গোলাঘাটতো কা বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক-ছাত্ৰ মুক্তিৰ উত্তাল প্ৰতিবাদ। ২৮ জুলাই, ২০২০- কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত নাগৰিকত্ব সংশোধনী অাইন ২০১৯ বাতিল অাৰু অখিল গগৈৰ মুক্তিৰ দাবীত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি,ছাত্ৰ মুক্তি,চাহ শ্ৰমিক মুক্তি আৰু নাৰী মুক্তিয়ে। জাতিংধ্বংসী নাগৰীকত্ব সংশোধনী অাইন ২০১৯ বাতিলৰ দাবীত ,লগতে অখিল গগৈ মুক্তিৰ দাৱীত গোলঘাটৰ বিভিন্ন প্ৰান্তত মানৱ শৃখংল, সাংস্কৃতিক প্ৰতিবাদ, আদি বিভিন্ন কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি, ছাত্ৰ মুক্তি, চাহ শ্ৰমিক মুক্তি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে। পুৱা ৮ বজাত গোলাঘাটৰ ফৰকাটিং চাৰি আলিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসমৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া , চাহ শ্ৰমিক মুক্তিৰ জিলা সভাপতি বিৰেণ মুন্দাৰ নেতৃত্বত মানৱ শৃংখল , দেৰগাঁৱত কৃষক মুক্তি গোলাঘাট জিলাৰ সহকাৰী সাধাৰণ সম্পাদক ৰিপুন মহন্ত অাৰু ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক কাশ্যপ নন্দন কলিতা, জিলা সম্পাদক জ্যোতিষ্মান বৰাৰ নেতৃ...