ৰক্ষকৰ ৰূপত ভক্ষক ঃ আচামীৰ সৈতে মিতিৰালিৰে ক্ষমতাৰ অপব্যৱহাৰ আৰক্ষীৰ**সামাজিক নিৰাপত্তা প্ৰদানৰ দাবীত সংবাদমেল : আৰক্ষী সঞ্চালক প্ৰধানলৈ স্মাৰক পত্ৰ
ষ্টাফৰিপোৰ্টাৰ, ১৯ ডিচেম্বঃ ৰক্ষকেই যেতিয়া ভক্ষকৰ ৰূপ লয়, তেতিয়া কিন্তু সাধাৰণ জনতা নিৰাপত্তা, ন্যায় আদিৰ পৰা বঞ্চিত হ’বলগীয়া হয়৷ তেনে ন্যায়-নিৰাপত্তাৰ পৰা বঞ্চিত বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ আৰু বৰভিঠা আৰক্ষী চকীৰ অন্তৰ্গত টাপেশ্বৰা গাঁৱৰ হাচেন আলীৰ পৰিয়ালবৰ্গই স্থানীয় আৰক্ষীৰ বিৰুদ্ধে উত্থাপন কৰিছে কেতবোৰ বিস্ফোৰক অভিযোগ৷ শনিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদ মেলৰ আয়োজন কৰি হাচেন আলীৰ পুত্ৰ আয়ুব উদ্দিনে ফটোসহ তথ্যপাতিৰে সৈতে কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰজ্যোতি দাস, উপ-আৰক্ষী বিষয়া হাশেম আলী, নুৰুল ইছলাম, বৰভিঠা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ দাস, উপ-আৰক্ষী বিষয়া দেৱান হায়াতৰ বিৰুদ্ধে ৰক্ষকৰ ৰূপত ভক্ষক হিচাপে কাম কৰি থকাৰ অভিযোগ তোলে৷ সংবাদ মেলত আয়ুব উদ্দিনে উল্লেখ কৰা অনুসৰি দীৰ্ঘদিন ধৰি একে গাঁৱৰে একাব্বৰ আলী পুত্ৰসকলৰ সৈতে তেওঁলোকৰ ভূমি কেন্দ্ৰিক বিবাদ চলি আছে৷ ভূমি বিবাদক কেন্দ্ৰ কৰি একাব্বৰ আলীৰ পুত্ৰসকলে খেতিৰ মাটি, পুখুৰী আৰু ঘৰ-বাৰী দখলৰ অপচেষ্টা চলাই আহিছে৷ কেতিয়াবা দখলো কৰিছে৷ একপক্ষীয়ভাৱে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি আয়ুব...