ৰাইজৰ দলৰ কমল কুমাৰ মেধি, নিৰ্দলীয় প্ৰাৰ্থী সুবান আলীৰ নিৰ্বাচনী প্ৰচাৰ
সঞ্জীৱ দাস, বজালী, ২৪ মাৰ্চঃ বিধানসভা নিৰ্বাচনৰ ভোটদানৰ বাবে আৰু কেইটামান দিন বাকী। নতুন জিলা বজালীত অনুষ্ঠিত হ'ব অহা ৬ এপ্ৰিলত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন। সেয়ে, বজালী জিলাৰ অন্তৰ্গত সমষ্টি পাটাছাৰকুছি, ভৱানীপুৰত প্ৰাৰ্থীসকলে নিজৰ প্ৰচাৰ কৰাত ব্যস্ত দেখা গৈছে এতিয়া। আজি ভৱানীপুৰ চ'ক বজাৰত অসম জাতীয় পৰিষদ-ৰাইজৰ দলৰ প্ৰাৰ্থী কমল কুমাৰ মেধি আৰু নিৰ্দলীয় প্ৰাৰ্থী সুবান আলীক ৰাইজৰ লগত মত-বিনিময় কৰা দেখা গৈছে। মত-বিনিময় কৰাৰ মাজতে সাংবাদিকৰে হোৱা সাক্ষাতত কমল কুমাৰ মেধিয়ে কয় যে, যোৱা দহ বছৰ উন্নয়নৰ পৰা বঞ্চিত থকা ভৱানীপুৰ সমষ্টিৰ ৰাইজে জাতীয়তাবাদ সুৰক্ষা কৰাৰ বাবে তথা সমষ্টিটো উন্নয়নৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা ভণ্ড নেতাক ভৱানীপুৰৰ পৰা বাহিৰ কৰাৰ বাবে এজন দক্ষ প্ৰাৰ্থীক ভোট দিয়াতো উচিত বুলি ভোটাৰ ৰাইজক সঠিক ব্যক্তিক ভোট দিবলৈ আহ্বান জনাই। ইপিনে, নিৰ্দলীয় প্ৰাৰ্থী সুবান আলীয়ে কংগ্ৰেছ-এ আই ইউ ডি এফ-বি পি এফ-বিজেপি-অগপ সমৰ্থিত প্ৰাৰ্থীক পৰাভূত কৰি তেওঁৰ জয়ী নিশ্চিত বুলি মন্তব্য আগবঢ়ায়।