Posts

নগাঁৱৰ এঘাৰ মাইলত ভয়ংকৰ অগ্নিকাণ্ড≈≈সাতখনকৈ দোকানৰ সত্তৰ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মিভূত

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৬ মে’: নগাঁও জিলাৰ দক্ষিণ-পূৱ প্ৰান্তৰ ৰাঙলু আৰক্ষী চকীৰ এলেকাধীন এঘাৰ মাইলত শনিবাৰে নিশা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও সাতখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ বিপৰীতে প্ৰায় ৭০ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় ৷ প্ৰাপ্ত খবৰ মতে, কৰ’নাৰ সংক্ৰমণ প্ৰতিহত কৰাৰ উদ্দেশ্যে চৰকাৰে জাৰি কৰা নৈশ সান্ধ্য আইনৰ মাজতে দোভাগ নিশা ৰহস্যজনকভাবে এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । জুইৰ লেলিহান শিখাই নিমিষতে আগুৰি ধৰাত ইলেক্ট্ৰনিকছৰ দোকান, কাপোৰৰ দোকান, কাঠৰ টিম্বাৰ, গেলামালৰ দোকানকে ধৰি মুঠ সাতখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জুইত জাহ যায় ৷ ফলত বিক্ৰীৰ বাবে মজুত কৰি থোৱা ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনৰ বিভিন্ন সামগ্ৰী, আচবাব আদি জুইত ভস্মীভূত হয় ৷ ঘটনাৰ আকস্মিকতাত সমগ্ৰ অঞ্চলটোত হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয় আৰু স্থানীয় বহুলোক সমবেত হৈ আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ কিন্তু খবৰ পোৱাৰ পিছতো স্থানীয় আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক প্ৰায় তিনি ঘণ্টা পলমকৈহে ঘটনাস্থলীত উপস্থিত...

বঙাইগাঁও জিলাৰ দেওহাটীত দুৰ্ঘটনাত আহত সোণালী বান্দৰ

Image
বঙাইগাঁও জিলাৰ দেওহাটীত দুৰ্ঘটনাত আহত সোণালী বান্দৰ  সোণালী বান্দৰৰ সুৰক্ষাৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ বঙাইগাঁওঃ১৫ মেঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নিকটৱৰ্তী দেওহাটীৰ ৰাজ্যিক ঘাইপথত আজি পুৱা প্ৰায় ১০-৩০ বজাত এটি সোণালী বান্দৰ দুৰ্ঘটনাত আহত হয়। তাৰ অলপ পিছতে সেই ঠাইত উপস্থিত হয় বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়া ৷ সেই সময়ত উপায়ুক্তগৰাকী উত্তৰ শালমাৰা মহকুমা এলেকাৰ ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী পৰিদৰ্শন কৰি উভতি আহি আছিল। পিছত ততালিকে বন বিভাগৰ বিষয়াক অৱগত কৰাত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ বাহনৰ খুন্দাত আঘাতপ্ৰাপ্ত সোণালী বান্দৰটো উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে বি টি এ ডিৰ চৰাইখোলাত থকা বন্য প্ৰাণী উদ্ধাৰ কেন্দ্ৰলৈ লৈ যায়। ইয়াৰ পিছতে এই ঘটনাৰ যাতে পুনাৰাবৃত্তি নহয় তাৰ বাবে জিলা প্ৰশাসন আৰু বন বিভাগে আলোচনা কৰি কেইটামান সিদ্ধান্ত গ্ৰহণ কৰে। সেই সিদ্ধান্ত অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথ-১১৭ ৰ হাপাচাৰাৰ পৰা টুলুঙীয়ালৈকে বন্যপ্ৰাণী( সোণালী বান্দৰ) ক'ৰিডৰ এলেকাৰ কেইবা ঠাইতো গাড়ীচালকৰ দৃষ্টিগোচৰ হোৱাকৈ কেবাখনো চাইনবোৰ্ড লগোৱা হ'ব যাতে গাড়ীচালকে সে...

কৰোণাতংক : ৰঙিয়াৰ ছেপ্টীত কৰ'ণাৰ আতংকত ছিপ লৈ আত্মহত্যা

Image
প্ৰতিবেদক , ৰঙিয়া ১৫ মেঃ ৰাজ্য চৰকাৰৰ লগতে ৰঙিয়া মহকুমা প্ৰশাসনে ৰাইজক কোভিডক কেন্দ্ৰ কৰি আতংকিত নহৈ সাৱধানতা অৱলম্বন কৰিবলৈ  বাৰংবাৰ আহ্বান জনাই আহিছে। চৰকাৰে কোভিড আক্ৰান্ত সকলক সকলো সময়তে নিৰ্ভয় প্ৰদান কৰাৰ উপৰিও তেওঁলোকৰ বাবে  উপযুক্ত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰাৰ কথাও বিভিন্ন প্ৰচাৰ মাধ্যমত অহৰহ প্ৰচাৰ কৰি আহিছে। তৎস্বত্তেও  একাংশ কোভিড আক্ৰান্তই অকল মানসিক চিন্তা আৰু আতংকৰ কাৰণে অকল যে স্বাস্থ্যৰ অৱনতি ঘটাইছে সেয়া নহয় অকালতে মৃত্যু মুখত পৰিছে। এনে সময়তে আজি ৰঙিয়াত এগৰাকী কোভিড আক্ৰান্ত লোকে একমাত্ৰ আতংকৰ বাবে আত্মঘাতী হোৱাত ৰঙিয়াত তীব্ৰ চাঞ্চল্য দেখা দিছে। পৰিয়ালৰ সূত্ৰ অনুসৰি ৰঙিয়াৰ চেপ্টি নিবাসী বিবেকানন্দ শৰ্মা আৰু তেওঁৰ পত্নী জ্বৰ কাঁহত ভুগী থকাত  যোৱা বুধবাৰে ৰঙিয়াত ৰেপিড এন্টিজেন টেস্ট কৰাত দুয়োজনৰ শৰীৰত কোভিডৰ সংক্ৰমণ ধৰা পৰে। তেওঁলোকে নিজৰ ঘৰতে আছুতীয়া কৈ থকাৰ ব্যৱস্থা কৰে যদিও শৰ্মাৰ অৱস্থাৰ অৱনতি হোৱাত  তেওঁক পৰিয়ালৰ অন্যান্য সদস্য তথা ওচৰ চুবুৰীয়াই চিকিৎসালয়ত ভৰ্তি হবলৈ পৰামৰ্শ দিয়ে যদিও তেওঁ ৰঙিয়াৰ বাহিৰলৈ যাৱলৈ কেতিয়াও মান্তি ন...

নগাঁৱত নৱনিযুক্ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

Image
সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাটো এতিয়া কৰ’নাভাইৰাছৰ দ্বিতীয় ঢৌৰ তাণ্ডৱ ৷ নিতৌ ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ বাঢ়িছে মৃত্যুৰ সংখ্যাও ৷ ফলত ৰাইজৰ মাজত সৃষ্টি হোৱা আতংকময় পৰিবেশৰ মাজতে শনিবাৰে নগাঁৱত উপস্থিত হয় নৱনিযুক্ত স্বাস্থ্যমন্ত্ৰী কেৱশ মহন্ত ৷ জিলাখনৰ ক’ভিড পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে উপস্থিত হয় মন্ত্ৰীগৰাকী ৷ মন্ত্ৰী গৰাকীয়ে প্ৰথমে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খনত কৰ’না পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে ৷ চিকিৎসালয়খন পৰ্যবেক্ষণ কৰাৰ অন্তত জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া, স্বাস্থ্য বিভাগৰ উৰ্ধ্বতম বিষয়া আৰু স্থানীয় বিধায়ক সকলৰ সৈতে জিলাখনত উদ্ভৱ হোৱা কৰ’না পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰে ৷ ইয়াৰ পিছতে মন্ত্ৰীজনে সংবাদ মাধ্যমৰ আগত নগাঁৱৰ কৰ’না পৰিস্থিতিৰ সন্দৰ্ভত অবগত কৰে ৷ ================  নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৫ মে’

ৰঙিয়া জংচনত ৰেল যাত্ৰীক প্ৰহাৰ আৰক্ষীৰ , তদন্তৰ দাবী

Image
ৰঙিয়া জংচনত আজি ৰেলযাত্ৰীক  আৰক্ষীৰ জোৱানে প্ৰহাৰ কৰা ঘটনাক লৈ ৰঙিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আৰক্ষীৰ প্ৰহাৰত  কেবাজনো ৰেলযাত্ৰী আহত হোৱাৰ লগতে  যাত্ৰী  এজনক উদণ্ড জোৱানজনে লাঠিৰে কোবাই মূৰ ফালি পেলায় । এই ঘটনাকলৈ যাত্ৰী সকলৰ মাজত এক তীব্ৰ   উত্তেজনাৰ  সৃষ্টি হয় । আজি পুৱাৰ ভাগত বাংগালুৰু , দিল্লী , কলকাতাকে ধৰি কেইবাখনো  বহিঃৰাজ্যৰ পৰা অহা চাৰিখন যাত্ৰীবাহী ৰেল ৰঙিয়া জংচনত উপস্থিত হয় । এই ৰেল কেইখনৰ পৰা ৰঙিয়া জংচনত শতাধিক যাত্ৰী নামে । মহামাৰী ক'ৰোনাই সংহাৰ মূৰ্তি ধাৰণ কৰাৰ পিছত   কভিড প্ৰট'কল অনুসৰি বহিঃৰাজ্যৰ পৰা অহা প্ৰত্যেক গৰাকী যাত্ৰীয়ে কভিড টেষ্ট কৰাটো বাধ্যতামূলক কৰিছে। কিন্তু ৰঙিয়া ষ্টেচন চৌহদত থকা কভিড পৰীক্ষা কেন্দ্ৰটোত অতি লেহেম গতিত কভিড পৰীক্ষা হৈ থকা বাবে বিভিন্ন ৰাজ্যৰ পৰা অহা যাত্ৰী সকল অতিষ্ঠ হৈ পৰে । এইলৈ যাত্ৰীসকলে প্ৰতিবাদ কৰাত কৰ্তব্যৰত জোৱানে জধে-মধে লাঠি চালনা কৰা বুলি অভিযোগ উত্থাপিত হৈছে । যাৰ ফলত কেবা গৰাকী ৰেলযাত্ৰী আহত হয় । আনকি এজন যাত্ৰীৰ মূৰত বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱাত তেওঁক চিকিৎসা কৰি...

অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নল’লে বাৰিষা ভয়ংকৰ ৰূপ ল’বঃ উল্টাখন্দাক লৈ শংকিত নলবাৰী ধমধমাৰ ৰাইজ

Image
 ক’ভিড ১৯ৰ ভয়াৱহতাই মানুহৰ মাজত ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়তে ধমধমাত আন এক বিপদে ৰাইজক শংকিত কৰি তুলিছে৷বাৰিষা আগমনৰ লগে লগে ধমধমাৰ গড়ভিত সৃষ্টি ক’ৰোনা ভাইৰাছ সমানেই ভয়াৱহ কৰি তুলিছে পৰিসতি* *কিয়নো বিগত বাৰিষা এই উল্টাখন্দাই ভংয়কৰ ৰূপ লৈ ধ্বংসলীলা চলাইছিল* নলবাৰী *ধমধমা চৈং নৈৰ পৰা সৃষ্টি  হোৱা  উল্টাখন্দাই ক্ষতিসাধন কৰি আহিছে* *এই উল্টাখন্দাই নলবাৰী  ধমধমা,ফুলগুৰিৰ আৰু গড়ভিতৰ গাঁৱৰ কেইবাটাও পৰিয়ালৰ ঘৰ-বাৰী উছন হোৱাৰ উপৰিও ছয় সাত গাঁৱৰ পথাৰৰ বিধ্বস্ত কৰিছিল* *এই বাৰ বাৰিষা অহাৰ লগে-লগেই এই উল্টাখন্দাক লৈ শংকিত হৈ পৰিছে  ।নলবাৰী ধমধমা,উজিৰখাট,গড়ভিতৰ,ফুলগুৰি,গোৱালবিল আদিৰ গাঁৱৰ ৰাইজ* *এই উল্টাখন্দাই পথাৰ কেইবা ফুট দকৈ খান্দি নিয়া ফলত কেইবাখনো পথাৰ খেতিৰ অনুপযোগী হৈ পৰিছে* *এই উল্টাখন্দাই ইমানে ভয়াৱহ ৰূপ লৈয় নিশা ভিতৰত খহাই নিয়ে বিস্তৃত পথাৰৰ,পথ আৰু মানুহৰ ঘৰ-বাৰী৷এসময়ত কেইখনমান পথাৰ পানী গৈ চৈং নৈত পৰিছিল সেই পানীৰ সূঁতিযে সৃষ্টি কৰা উল্টাখন্দাই বিগত বছৰসমুহত কাল ৰূপ ধাৰণ কৰা তদুপৰি পাগলদিয়াৰ নদী উন্মুক্ত অংশৰে সোমাই অহা সূঁতিযে আন এক মাত্ৰা দিছে উল্টাখ...

কোভিড পৰিস্থিতিৰ বুজ লবলৈ বৰপেটাত যোগান মন্ত্ৰী ৰঞ্জিৎ দাস* *অত্যাৱশ্যকীয় সামগ্ৰীৰ দামৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ প্ৰশাসনক নিৰ্দেশ

Image
সঞ্জীৱ দাস, বজালী, ১৫ মে' : সাম্প্ৰতিক কোভিডজনিত পৰিস্থিতিৰ সুযোগ লৈ কোনো ব্যৱসায়ীয়ে যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম অনৈতিকভাবে বৃদ্ধি কৰিব নোৱাৰে তাৰ বাবে জিলা প্ৰশাসনক সতৰ্ক দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে আজি বৰপেটা জিলাৰ কোভিড পৰিস্থিতিৰ বুজ লোৱাৰ বাবে অহা যোগান মন্ত্ৰী ৰঞ্জিৎ দাসে বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন পৰ্যালোচনা সভাত অংশলৈ এই নিৰ্দেশ দিয়ে। দাসে নিজৰ ঘৰত আছুতীয়াকৈ থকা কোভিড ৰোগীসকলক আশা কৰ্মী, স্বাস্থ্য কৰ্মী বা আন কোনো লোকৰ দ্বাৰা  টেলিফোনযোগে নিয়মীয়াকৈ খা-খবৰ ৰাখিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিছে। সভাত জিলা প্ৰশাসনৰ তৰফৰ পৰা অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপে পাৱাৰ প‌ইন্ট প্ৰেজেন্টেচনৰ দ্বাৰা জিলাখনৰ কোভিড পৰিস্থিতিৰ ছবিখন দাঙি ধৰে। সভাৰ আৰম্ভণিতে ভাৰপ্ৰাপ্ত উপায়ুক্ত তেজ প্ৰসাদ ভূষালে মন্ত্ৰী গৰাকীক গামোচা আৰু শৰাইৰে আদৰণি জনায়।  ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰ আৰু অধীক্ষক ডাঃ দিগন্ত দাসে  চিকিৎসালয়খনৰ আৰু যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তীৰ্থনাথ শৰ্মাই বৰপেটা অসামৰিক চিকিৎসালয়ৰ...