Posts

তালিবানৰ সমৰ্থনত এ আই ইউ ডি এফৰ নেতা, কংগ্ৰেছৰ ৰহস্যজনক মৌনতা,দেশ আৰু ৰাজ্যৰ বাবে এক অশনি সংকেত- ৰাজ্যিক বিজেপি

Image
গুৱাহাটী, ২২ আগষ্ট, ২০২১ঃকংগ্ৰেছৰ মিত্রদল এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক মৌলানা ফজলুল কৰিম কাচিমীসহ সামাজিক মাধ্যমত সন্ত্রাসবাদী তালিবানক হিয়া উজাৰি সমর্থন দিয়াৰ অভিযােগত ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা আৰক্ষীয়ে মুঠ ১৫ জন লােকক গ্রেপ্তাৰ কৰিছে। গ্রেপ্তাৰ হােৱা লােকসকলৰ ভিতৰত কংগ্ৰেছৰ মিত্রদল এ আই ইউ ডি এফৰ নেতাৰ লগতে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষার্থী, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কৰ্মৰত শিক্ষক মৌলানা আৰু সাংবাদিকো আছে। আজি বিজেপি অসম প্রদেশৰ মুখ্য কার্যালয়ৰ পৰা প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত ৰাজ্যিক মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই অসমৰ গাঁৱে-ভূঞে তালিবানৰ সমর্থক ওলােৱাৰ ঘটনাত গভীৰ উদ্বেগ প্রকাশ কৰাৰ লগতে আৰক্ষীক এনে লােকৰ বিৰুদ্ধে ক্ষীপ্রতাৰে অভিযান অব্যাহত ৰখাৰ বাবে আহ্বান জনায়। আফগানিস্তান দখল কৰাৰ পাছত নৃশংসতা আৰু বৰ্বৰতাৰ সকলাে সীমা চেৰাই আফগান নাগৰিকৰ ওপৰত চলােৱা চৰম পৰ্যায়ৰ অত্যাচাৰক অসমৰ দৰে ৰাজ্যৰ একাংশ লােকে সামাজিক মাধ্যমৰ জৰিয়তে সমর্থন কৰি এক অৰাজক চিন্তাৰ পাতনি মেলিবলৈ কৰা প্ৰয়াস কলিতে মােহাৰি পেলাবলৈ ৰাজ্যৰ সচেতন মহলকো আগভাগ লবলৈ ৰাজ্যিক বিজেপিৰ মুখপাত্রজনে আগ...

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক অসম হকী, অসম যোগ সংস্থা, অসম জিমনাষ্টিকছ সন্থা আৰু অসম ৰেষ্টলিং সন্থাৰ পৰাও সম্বৰ্ধনা#

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২২ আগষ্টঃ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় বন্দৰ, জাহাজ, জল পৰিৱহন আৰু আয়ুস দপ্তৰৰ মন্ত্ৰীৰূপে দায়িত্ব লাভ কৰাৰ বাবে তেওঁক ৰাজ্যৰ বিভিন্ন ক্ৰীড়া সংগঠনসমূহৰ লগতে অসম হকী, অসম যোগ সংস্থা, অসম জিমনাষ্টিকছ সন্থা, অসম ৰেষ্টলিং সন্থা আৰু নগাঁও ক্ৰীড়া সংস্থায়েও বিশেষভাৱে সম্বৰ্ধনা জনায়। গুৱাহাটীৰ হোটেল ভিভাণ্টা বাই তাজত অসম অলিম্পিক সন্থাৰ দ্বাৰা শনিবাৰে সন্ধিয়া আয়োজিত এক অনুষ্ঠানত এই ক্ৰীড়া সংগঠনকেইটাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ফুলাম গামোচা, জাপি, ফুলৰ তোৰা, গ্ৰন্থ আৰু বিভিন্ন উপহাৰেৰে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ সংগঠন কেইটাৰহৈ অসম জিমনাষ্টিকছ সন্থাৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মা, অসম জিমনাষ্টিকছ সন্থাৰ সম্পাদক উজ্বল বৰুৱা, সৰ্বভাৰতীয় হকী ফেডাৰেছনৰ কোষাধ্যক্ষ তথা অসম হকীৰ সম্পাদক, বিশিষ্ট ক্ৰীড়া সংগঠক তপন কুমাৰ দাস, বিষয়ববীয়া মৃণাল চহৰীয়া, অসম যোগ সংস্থাৰ কাৰ্যকৰী সভাপতি তথা যোগাচাৰ্য শুভাশীষ ক'ৰ, ভাৰতীয় যোগ ফেডাৰেছনৰ মাণ্ডলিক সম্পাদক তথা যোগগুৰু প্ৰভাত চন্দ্ৰ বৰা, অসম যোগ সংস্থাৰ যুটীয়া সম্...

দলংঘাটত বিধায়িকা শিৱামনি বৰাৰ উপস্থিতিত অৰ্ধ শতাধিক শিক্ষাৰ্থীৰ NSUI ত যোগদান

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২২ আগষ্টঃ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত দলংঘাট ব্লক যুৱ কংগ্ৰেছ আৰু বটদ্ৰৱা সমষ্টি NSUI তৰফৰ পৰা বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয় ৷ দেওঁবাৰে সমষ্টিটোৰ জাজৰিৰ শিমলুতলত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুস্থানত বিধায়িকাগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে সংগঠন দুটাৰ নেতা-কৰ্মীসকলে ৷ উক্ত অনুষ্ঠানত দলংঘাট ব্লক কংগ্ৰেছৰ সভাপতি মঞ্জুল বৰদলৈ, নগাঁও জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক পাৰ্থ সাৰথি বৰা, তিৱা স্বায়ত্ত্ব পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য ধৰ্মেন্দ্ৰ নাথ বৰদলৈ, যুৱ কংগ্ৰেছৰ বটদ্ৰৱা সমষ্টি সাধাৰণ সম্পাদক পৰাগজ্যোতি কলিতা, দলংঘাট ব্লক যুৱ কংগ্ৰেছৰ সভাপতি পল্লৱ ডেকা, দলংঘাট ব্ল’ক ইয়ং ব্ৰিগেডৰ সভাপতি গৌতম শইকীয়া, বটদ্ৰৱা সমষ্টিৰ NSUI ৰ সভাপতি ত্ৰিনয়ন বৰুৱা, মহিলা কংগ্ৰেছৰ জোনালী শইকীয়াকে ধৰি বহুকেইজন নেতা উপস্থিত থাকে ৷ উক্ত অনুষ্ঠানতে বিধায়িকা শিৱামনি বৰাৰ উপস্থিতিত হাতীচোং অঞ্চলৰ অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আইত যোগদান কৰে বুলি জানিব পৰা গৈছে ৷  ====================

বেবেজীয়াৰ সমাজ সংগঠক, প্ৰাক্তন খেলুৱৈ ৰাজু বৰদলৈৰ অকাল বিয়োগ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২২ আগষ্টঃ নগাঁও জিলাৰ বেবেজীয়াৰ অন্তৰ্গত খাটগুৰি নিৱাসী যুৱ সমাজ সংগঠক, প্ৰাক্তন খেলুৱৈ, সমাজকৰ্মী, উদ্যমী যুৱক ৰাজু বৰদলৈৰ দেওঁবাৰে নিজ বাসগৃহত দেহাৱসান ঘটে ৷ দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভূগি থকা বৰদলৈৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৪৯ বছৰ ৷ বৃহত্তৰ বেবেজীয়া অঞ্চলৰ সৰু-ডাঙৰ সবাৰে লগত সু-সম্পৰ্ক বৰ্তাই ৰখা বৰদলৈ একালৰ এজন সুদক্ষ ফুটবলাৰ আছিল ৷ অঞ্চলটোত ফুটবলৰ এক সুকীয়া পৰিবেশ গঢ়ি তোলাত অগ্ৰণী ভূমিকা পালন কৰা বৰদলৈ অঞ্চলৰ অগ্ৰণী বেচৰকাৰী শিক্ষানুষ্ঠান আৰ্য্য জাতীয় বিদ্যালয়ৰ লগত প্ৰতিষ্ঠা কালৰে পৰা জড়িত থাকি শিক্ষানুষ্ঠানখনক গতি প্ৰদান কৰাৰ ক্ষেত্ৰত বিশেষ অৰিহনা যোগাইছিল ৷ তেওঁ বেবেজীয়া প্ৰেছ ক্লাৱৰ দ্বাৰা অনুষ্ঠিত সকলো কাৰ্যসূচীতে ওতঃপ্ৰোতভাবে লাগি-ভাগি অহাৰ সমান্তৰালকৈ অঞ্চলৰ সকলো অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত থাকি সমাজৰ কল্যানৰ অৰ্থে নিজকে আত্মনিয়োগ কৰিছিল ৷ সদা হাস্যময়ী, অমায়িক আৰু পৰোপকাৰী গুণৰ অধিকাৰী বৰদলৈৰ এনে অকাল বিয়োগত বৃহত্তৰ অঞ্চলজুৰি শোকাকুল পৰিবেশৰ সৃষ্টি হোৱাৰ বিপৰীতে বহু অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়া...

গোৰেশ্বৰৰ নিজঝাৰগাঁৱত ঈৰদা শিক্ষানুষ্ঠানৰ ভৱন মুকলি

Image
গোৰেশ্বৰৰ নিজঝাৰগাঁৱত ঈৰদা শিক্ষানুষ্ঠানৰ ভৱন মুকলি ,১৬ আগষ্টঃ- গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নাওকাটাৰ নিকটবৰ্তী নিজঝাৰগাঁৱত 'ঈৰদা' নামৰ এখন শিক্ষানুষ্ঠানৰ বিদ্যালয় ভৱন আনুষ্ঠানিক ভাবে কালি মুকলি কৰা হয় ৷ ভাৰতৰ ৭৫ তম্ বাৰ্ষিক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি শিক্ষানুষ্ঠানখন আনুষ্ঠানিক ভাবে মুকলি কৰে অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী বিপিন চন্দ্ৰ কেওটে ৷ অনুষ্ঠান উপলক্ষে দিনৰ ১১ বজাত পৰিচালনা সমিতিৰ সভাপতি খগেন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এখন আলোচনা চক্ৰ আৰু মত বিনিময় অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক দিগন্ত কলিতাই ৷ সভাখনত মূখ্য অতিথি হিচাপে ঈৰদা'ৰ সঞ্চালক মণ্ডলীৰ অন্যতম সঞ্চালক মাকনি বৰ্মনে ভাষণ প্ৰসঙ্গঁত কয় গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অন্তৰ্ভূক্ত বিশেষকৈ সমাজৰ প্ৰতিবন্ধী আৰু বিশেষ ভাবে সক্ষম ছাত্ৰ-ছাত্ৰী সকলৰ অধ্যয়ণৰ মূল শিক্ষানুষ্ঠান 'ঈৰদা' শিক্ষানুষ্ঠানখনত চলিত শিক্ষাবৰ্ষৰ পৰা সমাজৰ সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ণ কৰিব পৰাকৈ সাজু কৰি তোলা হৈছে ৷ উল্লেখ্যযে একাদশ আৰু স্নাতক মাধ্যমৰ ছাত্ৰ-ছাত্ৰী সকলে অধ্যয়ণ কৰিব পৰাকৈ শিক্ষানুষ্ঠানখন...

শালমাৰাবড়িত চাৰি বছৰীয়া শিশুৰ সলিল সমাধি

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৯ আগষ্টঃ নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তবৰ্তী টুকটুকীৰ সমীপস্থ আহোম গাঁও আৰক্ষী পহৰা চকীৰ এলেকাধীন শালমাৰাবড়িত বৃহস্পতিবাৰে দুপৰীয়া পুখুৰীত পৰি এটি দেৱ শিশুৰ সলিল সমাধি ঘটা ঘটনাই স্থানীয় অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মৃত শিশুটি শালমাৰাবড়িৰ আব্দুল ফাত্তাহৰ চাৰি বছৰীয়া পুত্ৰ মেহেদি আলম বুলি জানিব পৰা গৈছে ৷ আচলতে, কনমানী শিশুটিয়ে নিজৰ ঘৰৰ পিছফালে উমলি থাকোতে ওচৰতে থকা এটা পুখুৰীৰ পানীত পৰি যায় ৷ ফলত শিশুটিয়ে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হয় ৷ পিছত উমলি থকা শিশুটিক নেদেখি হুৱাদুৱা লাগে আৰু শিশুটিৰ পৰিয়ালৰ লোকে ওচৰ-চুবুৰীয়াৰ সৈতে মিলি কেউফালে বিচাৰ-খুচাৰ কৰাৰ বহু সময়ৰ পিছত পুখুৰীৰ পানীত শিশুটিৰ নিঠৰ দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।শিশুটিৰ এনে আকস্মিক অকাল মৃত্যুত অঞ্চলজুৰি শোকাকুল পৰিবেশৰ সৃষ্টি হয় ৷ ===================

লামডিঙৰ বিবেকানন্দ সেৱা সমিতিৰ ( N G O) এক প্ৰশংসনীয় পদক্ষেপ

Image
লামডিঙৰ বিবেকানন্দ সেবা সমিতিৰ ( N G O) এক প্ৰশংসনীয় পদক্ষেপ  হোজাই জিলাৰ অন্তৰ্গত লামডিঙ বিবেকানন্দ সেবা সমিতিৰ এটা বে চৰকাৰী সংগঠনৰ  ( N G O ) প্ৰশংসনীয় পদক্ষেপ । মহিলা সকলৰ স্বাভলম্বিতাৰ কাৰনে বিবেকানন্দ সেবা সমিতি নামৰ বে চৰকাৰী সংগঠনটোৱে হাতত লৈছে বিশেষ পদক্ষেপ।  নাবাৰ্ডৰ পৰা এটা দল আহি লামডিঙ বিবেকানন্দ সেবা সমিতিৰ জৰংদিসা স্হিত পাৰ্কত এখন স্কিল টেৰ্নিংৰ লগতে হাতে বনোৱা  ঘাঁহ দি তৈয়াৰ কৰা লেডিজ বেগ, ফ্লোৰ মেট, যুবকৰ কাৰনে সাইড বেগ, লেডিজৰ বিভিন্ন ধৰণৰ বেগ আদিকে ধৰি বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰাক লৈ এখন সভা অনুষ্ঠিত হয়। এই সভাত উপস্থিত থাকে বিবেকানন্দ সেবা সমিতিৰ সভানেত্ৰী গৌৰী  বৰ্ধন, অধিবক্তা নাৰায়ণ দাস,প্ৰাক্তন শিক্ষক বাবুল দেব, লংকা মাৰ্কেটিঙ কোপাৰেটিপৰ সাধাৰণ সম্পাদক বিষ্ণু দও,  A G M নাবাৰ্ড সঙ্কৰ দাস , D D M নাবাৰ্ড অলকেশ দে ,নাবাৰ্ডৰ বিষয় ববিয়াৰ  লগতে সমাজৰ বুদ্ধি জীবি আৰু টেনিং লোৱা মহিলা সকল  লামডিঙৰ পৰা অভিষেক সৰকাৰ ৰিপৰ্ট।