বেবেজীয়াৰ সমাজ সংগঠক, প্ৰাক্তন খেলুৱৈ ৰাজু বৰদলৈৰ অকাল বিয়োগ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২২ আগষ্টঃ নগাঁও জিলাৰ বেবেজীয়াৰ অন্তৰ্গত খাটগুৰি নিৱাসী যুৱ সমাজ সংগঠক, প্ৰাক্তন খেলুৱৈ, সমাজকৰ্মী, উদ্যমী যুৱক ৰাজু বৰদলৈৰ দেওঁবাৰে নিজ বাসগৃহত দেহাৱসান ঘটে ৷ দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভূগি থকা বৰদলৈৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৪৯ বছৰ ৷ বৃহত্তৰ বেবেজীয়া অঞ্চলৰ সৰু-ডাঙৰ সবাৰে লগত সু-সম্পৰ্ক বৰ্তাই ৰখা বৰদলৈ একালৰ এজন সুদক্ষ ফুটবলাৰ আছিল ৷ অঞ্চলটোত ফুটবলৰ এক সুকীয়া পৰিবেশ গঢ়ি তোলাত অগ্ৰণী ভূমিকা পালন কৰা বৰদলৈ অঞ্চলৰ অগ্ৰণী বেচৰকাৰী শিক্ষানুষ্ঠান আৰ্য্য জাতীয় বিদ্যালয়ৰ লগত প্ৰতিষ্ঠা কালৰে পৰা জড়িত থাকি শিক্ষানুষ্ঠানখনক গতি প্ৰদান কৰাৰ ক্ষেত্ৰত বিশেষ অৰিহনা যোগাইছিল ৷ তেওঁ বেবেজীয়া প্ৰেছ ক্লাৱৰ দ্বাৰা অনুষ্ঠিত সকলো কাৰ্যসূচীতে ওতঃপ্ৰোতভাবে লাগি-ভাগি অহাৰ সমান্তৰালকৈ অঞ্চলৰ সকলো অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত থাকি সমাজৰ কল্যানৰ অৰ্থে নিজকে আত্মনিয়োগ কৰিছিল ৷ সদা হাস্যময়ী, অমায়িক আৰু পৰোপকাৰী গুণৰ অধিকাৰী বৰদলৈৰ এনে অকাল বিয়োগত বৃহত্তৰ অঞ্চলজুৰি শোকাকুল পৰিবেশৰ সৃষ্টি হোৱাৰ বিপৰীতে বহু অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে ৷ তেওঁ মৃত্যুৰ সময়ত এজন ভাতৃ, এগৰাকী ভগ্নীসহ অনেক আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায় ৷
====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা