মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ, ঘগ্ৰাপাৰত যোগান বিভাগ মূৰ্দাবাদ ধ্বনি আছুৰ

মূল্যবৃদ্ধিৰ প্ৰতিবাদত ঘগ্ৰাপাৰত আছু ৰ অভিনৱ প্ৰতিবাদ
যোগান বিভাগ মূর্দাবাদ ধ্বনিৰে কপি উঠিল ঘগ্ৰাপাৰৰ ৰাজপথ@
কভিড কলিন পৰিবেশৰ মাজত পেট্ৰল, ডিজেলকে ধৰি ইন্ধন জাতীয় সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰনলোকক জলা কলা খুৱাই থকাৰ সময়তে আজি ঘগ্ৰাপাৰত ছাত্ৰ সন্থাই এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাই আজি দিনৰ এঘাৰ বজাত ঘগ্ৰাপাৰ ডাক বাংলা প্ৰাংগনৰ পৰা যোগান বিভাগৰ "শ্মশান যাত্ৰা" কৰে।  ছাত্ৰ কৰি সকলে  ধুতী পৰিধান কৰি সুসজ্বিত চাঙী কান্ধত লৈ তাল, বৰকাহ বজাই ঘগ্ৰাপাৰ চহৰ পৰিভ্ৰমণ কৰি ঘগ্ৰা নৈত উটুৱাই দিয়ে। আনহাতে ছাত্ৰ কৰ্মী সকলে যোগান বিভাগ হাই হাই, বজাৰত লাগিছে জুই চৰকাৰ আছে শুই, মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে ঘগ্ৰাপাৰ উত্তাল কৰি তোলে।

আজিৰ  কাৰ্য্যসূচীত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা মুখ্য সাংগঠনিক সম্পাদক হিৰক জ্যোতি শৰ্মা, ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ইলিয়াছ আলীৰ নেতৃত্বত হোৱা উক্ত মূল্যবৃদ্ধিৰ প্ৰতিবাদত হোৱা কাৰ্যসূচীত স্থানীয় ৰাইজে সহযোগ কৰে।

নলবাৰী পৰা শংকৰ দাস ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা