আমিনগাঁৱত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত কৰা সন্দৰ্ভত অৱগত কৰাৰ অৰ্থে জিলা আইন সেৱা প্ৰাধিকৰণৰ সংবাদ মেল

পঙ্কজ নাথ, চাংসাৰি, ২৩ আগষ্ট:

কামৰূপ জিলা আইন সেৱা প্ৰাধিকৰণে আজি কামৰূপ জিলাৰ ন্যায়িক দণ্ডাধীশৰ আদালতৰ সভাকক্ষত এক সংবাদমেলৰ আয়োজন কৰে।

সংবাদ মেলত অহা ১১ ছেপ্তেম্বৰত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত কৰি বিভিন্ন আপোচ যোগ্য গোচৰ নিষ্পত্তি কৰা হ'ব বুলি অৱগত কৰা হয়।  সংবাদ মেলত উপস্থিত থাকে কামৰূপ জিলাৰ দণ্ডাধীশ দাৰাক উল্লাহ আৰু জিলা আইন সেৱা প্ৰাধিকাৰী মৈত্ৰী ডেকা দলে।

সংবাদ মেলত জিলা দণ্ডাধীশগৰাকীয়ে মটৰ দুৰ্ঘটনা বিষয়ক মোকৰ্দমাত ১১ কোটি ৩০ লাখ ৫০ হেজাৰটা গোচৰ বাকী থকাৰ লগতে ১ হেজাৰ টা বিদ্যুৎ বিভাগৰ মোকৰ্দমা আৰু তিনি শতাধিক অন্যান্য মোকৰ্দমা  চলি থকাৰ কথা ব্যক্ত কৰে।
দণ্ডাধীশগৰাকীয়ে সংবাদ মেল যোগে বিভিন্ন আপোচ যোগ্য গোচৰ নিষ্পত্তি কৰিবলৈ ৰাইজ-অধিবক্তাৰ  সহযোগ বিচাৰে।

কামৰূপ জিলাৰ অন্তৰ্গত আমিনগাঁও ন্যায়িক আদালত, ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত, হাজো প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালত আৰু বকো প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালতত ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, চেক বাউন্চ, ৰাজহ, বেংকৰ ঋণ, বিদ্যুৎ বিল আদি গোচৰসমুহ নিষ্পত্তি কৰিবলৈ ৰাইজক আহ্বান জনাইছে জিলা আইন সেৱা প্ৰাধীকৰণে।

পংকজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা