মৰিগাঁৱত সন্ধানহীন নগাঁৱৰ যুৱক


নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১২ আগষ্টঃ নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত উদমাৰীৰ এজন যুৱক তিনি দিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃৃষ্টি কৰিছে ৷ নিৰুদ্দিষ্ট যুৱকজন হৈছে উদমাৰী নিৱাসী ছাইদুল ইছলামৰ পুত্ৰ শ্বৰিফ উদ্দিন ৷ জানিব পৰা মতে, কুৰিৰ উৰ্দ্ধৰ যুৱকজন মৰিগাঁও জিলাৰ লাহৰীঘাটৰ পৰা নিখোজ হয় । আচলতে, যোৱা দেওবাৰে নিজ গৃহৰ পৰা লাহৰীঘাটৰ ভূঞাবাৰীত থকা ককাকৰ ঘৰলৈ ফুৰিবলৈ গৈছিল যুৱকজন। কিন্তু পিছদিনা অৰ্থাৎ সোমবাৰে যুৱকজন ককাকৰ ঘৰৰ পৰা উদমাৰীৰ নিজ গৃহলৈ বুলি ৰাওনা হোৱাৰ পিছৰে পৰাই ৰহস্যজনকভাবে সন্ধানহীন হৈ পৰে। মানসিকভাৱে কিছু অসুস্থ যুৱকজন এনেদৰে হঠাতে নিখোজ হৈ পৰাত পৰিয়ালৰ মাজত হুৱাদুৱা লাগে ৷ ইতিমধ্যে পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ ঘৰৰ লগতে সম্ভাব্য সকলো ঠাইতে বিচাৰ-খোচাৰ কৰিছে যদিও বৰ্তমানলৈকে যুৱকজনৰ কোনো শুংসূত্ৰ নাপাই পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰিছে। গতিকে কোনো লোকে যুৱকজনৰ কিবা সম্ভেদ পালে ওচৰৰ আৰক্ষী থানা নাইবা ৯৯৫৭৮-০২৮৪৩ আৰু ৬০০০৪-২০৪০৯ ম’বাইল নম্বৰত যোগাযোগ কৰিবলৈ যুৱকজনৰ দুৰ্ভগীয়া পৰিয়ালবৰ্গই অনুৰুধ জনাইছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা